সমললৈ যাওক

ঈছপৰ সাধু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইটালীৰ পেৰুজিয়াত ফ'ণ্টানা মেজিঅ'ৰেত "কুকুৰনেছীয়া বাঘ আৰু বগলী" আৰু "কুকুৰনেছীয়া বাঘ আৰু ভেঁৰা"ৰ ভাস্কৰ্য

ঈছপৰ সাধু (Aesop's Fables, বা Aesopica) নীতিকথাৰ এক সংকলন। খ্ৰীষ্টপূৰ্ব ৬২০ৰ পৰা ৫৬৪ চনৰ ভিতৰত প্ৰাচীন গ্ৰীচত বাস কৰা দাস আৰু কাহিনীকাৰ ঈছপক এইসমূহ ৰচনাৰ কৃতিত্ব দিয়া হয়।[1] বিভিন্ন উৎসৰ পৰা তেওঁৰ নামৰ সৈতে জড়িত কাহিনীবোৰ কেইবাটাও উৎসৰ জৰিয়তে আধুনিক সময়লৈ আহিছে আৰু বিভিন্ন মৌখিক কথন প্ৰক্ৰিয়া আৰু জনপ্ৰিয় তথা কলাত্মক মাধ্যমত ইয়াৰ পুনঃব্যাখ্যা অব্যাহত আছে।

এই নীতিকথাবোৰ মূলতঃ মৌখিক পৰম্পৰা আছিল আৰু ঈছপৰ মৃত্যুৰ পাছত প্ৰায় তিনি শতিকা ধৰি সংগ্ৰহ কৰা হোৱা নাছিল। সেই সময়লৈকে আন বিভিন্ন কাহিনী, কৌতুক আৰু প্ৰবাদবাক্য তেওঁৰ সৈতে সংযুক্ত কৰা হৈছিল, কিন্তু সেই সামগ্ৰীৰ কিছু অংশ তেওঁতকৈ আগৰ উৎসৰ পৰা বা গ্ৰীক সাংস্কৃতিক ক্ষেত্ৰৰ বাহিৰৰ পৰা আহিছিল। অন্তৰ্ভুক্তকৰণৰ প্ৰক্ৰিয়া বৰ্তমানলৈকে অব্যাহত আছে। কিছুমান নীতিকথা মধ্যযুগৰ শেষৰ ফালে আৰু আন কিছুমান ইউৰোপৰ বাহিৰৰ পৰা আহিছিল। এই প্ৰক্ৰিয়াটো অবিৰতভাৱে চলি আছে আৰু এতিয়াও কিছুমান নতুন কাহিনী বা পৰিচিত লেখকৰ সৃষ্টিও ঈছপৰ সাধু বুলি যোগ কৰা হৈছে।

লেটিন আৰু গ্ৰীক ভাষাত লিখা পাণ্ডুলিপিবোৰ সম্প্ৰচাৰৰ গুৰুত্বপূৰ্ণ পথ আছিল যদিও ইউৰোপীয় স্থানীয় ভাষাত কৰা কাব্যিক ব্যৱহাৰে অৱশেষত আন এটা পথ সৃষ্টি কৰিছিল। ছপাশালৰ আগমনৰ সময়ত ঈছপৰ নীতিকথাৰ সংগ্ৰহসমূহ বিভিন্ন ভাষাৰ প্ৰাৰম্ভিক গ্ৰন্থসমূহৰ ভিতৰত আছিল। পৰৱৰ্তী সংকলনসমূহৰ যোগেদি, আৰু সেইবোৰৰ অনুবাদ বা অভিযোজনৰ জৰিয়তে এজন কল্পকাহিনীকাৰ হিচাপে ঈছপৰ খ্যাতি সমগ্ৰ বিশ্বতে প্ৰচাৰিত হৈছিল।

প্ৰথম অৱস্থাত এই নীতিকথাবোৰত প্ৰাপ্তবয়স্কসকলক সম্বোধন কৰি ধৰ্মীয়, সামাজিক আৰু ৰাজনৈতিক বিষয়সমূহক সামৰি লোৱা হৈছিল। এইবোৰক নৈতিক পথ প্ৰদৰ্শক হিচাপেও ব্যৱহাৰ কৰা হৈছিল আৰু ঘাইকৈ নৱজাগৰণৰ পিছৰে পৰা শিশুৰ শিক্ষাৰ বাবে বিশেষভাৱে ব্যৱহাৰৰ কৰা হয়। ভাস্কৰ্য, চিত্ৰকলা আৰু অন্যান্য চিত্ৰণমূলক উপায়ৰ লগতে লগতে নাটক আৰু গীতৰ সৈতে অভিযোজনৰ জৰিয়তে প্ৰাপ্তবয়স্কৰ বাবে সেইবোৰৰ নৈতিক মাত্ৰা শক্তিশালী কৰা হৈছিল। ইয়াৰ উপৰিও, নীতিকথাৰ অৰ্থৰ পুনৰ ব্যাখ্যা আৰু সময়ৰ লগে লগে গুৰুত্ব দিয়াৰ পৰিৱৰ্তন হৈছে।

সত্যৰ দিশে আঙুলিয়াই দিয়া কল্পকাহিনী

[সম্পাদনা কৰক]
Aesopus Moralisatusৰ ১৪৮৫ চনৰ ইটালীয় সংস্কৰণৰ আৰম্ভণি অংশ

এটা ধাৰা হিচাপে কল্পকাহিনী

[সম্পাদনা কৰক]

খ্ৰীষ্টীয় প্ৰথম শতিকাৰ দাৰ্শনিক টিয়ানাৰ এপোলোনিয়াছে ঈছপৰ বিষয়ে কোৱা বুলি লিপিবদ্ধ কৰা হৈছে:

সাধাৰণ ব্যঞ্জনবোৰৰ পৰা ভালদৰে আহাৰ গ্ৰহণ কৰা লোকসকলৰ দৰে, তেওঁ মহান সত্যবোৰ শিকাবলৈ সৰু সৰু ঘটনাবোৰ ব্যৱহাৰ কৰিছিল, আৰু এটা কাহিনী পৰিৱেশন কৰাৰ পিছত তেওঁ তাত এটা কাম কৰিবলৈ বা নকৰিবলৈ পৰামৰ্শ যোগ কৰিছিল। তেতিয়াও তেওঁ কবিসকলতকৈ সত্যৰ অধিক ওচৰ চপা আছিল; কাৰণ কবিসকলে তেওঁলোকৰ নিজৰ কাহিনীবোৰক সম্ভাৱ্য কৰি তুলিবলৈ হিংসাৰ আশ্ৰয় লয় কিন্তু সকলোৱে সঁচা নহয় বুলি জনা কাহিনী এটা ঘোষণা কৰি বাস্তৱ ঘটনাৰ সৈতে সম্পৰ্কিত বুলি দাবী কৰা নাছিল বুলি তেওঁ সত্যটোৱেই কৈছিল।[2]

ইয়াৰ পূৰ্বে গ্ৰীক ইতিহাসবিদ হেৰোডটাছে উল্লেখ কৰিছিল যে "নীতিকথা লেখক ঈছপ" (Aeispongopοy τού λογοποιού) প্ৰাচীন গ্ৰীচত খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত বাস কৰা এজন দাস আছিল।[3] আন লেখকসকলৰ উল্লেখৰ ভিতৰত এৰিষ্ট'ফেনিছে তেওঁৰ কমেডী দ্য ৱেছ্‌পছত নায়ক ফিলোক্লিয়নক কোৱাইছিল যে তেওঁ ভোজৰ কথোপকথনৰ পৰা ঈছপৰ "অযৌক্তিকতা" শিকিছিল। প্লেটোৱে ফেইডোত লিখিছিল যে ছক্ৰেটিছ কাৰাগাৰত থকা সময়খিনিত তেওঁ জনা ঈছপৰ কিছুমান নীতিকথাক পদ্যলৈ ৰূপান্তৰিত কৰিছিল। তথাপিও ঈছপৰ উল্লিখিত আখ্যানৰ ভিতৰত থকা অসংখ্য নৈতিক শিক্ষা স্ববিৰোধিতা, আৰু ঈছপৰ জীৱনৰ প্ৰাচীন বিৱৰণবোৰৰ বিৰোধিতাৰ বাবে আধুনিক দৃষ্টিভংগীটো হ'ল যে ঈছপ তেওঁক কৃতিত্ব দিয়া সকলো আখ্যানৰ উৎস নাছিল। ইয়াৰ পৰিৱৰ্তে কোনো জ্ঞাত বিকল্প সাহিত্যিক উৎস নাথাকিলে যিকোনো আখ্যানত ঈছপৰ নাম সংযুক্ত কৰাৰ প্ৰৱণতা আছিল।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. The Editors of Encyclopaedia Britannica. "Aesop". Britannica. https://www.britannica.com/biography/Aesop। আহৰণ কৰা হৈছে: 31 March 2024. 
  2. Philostratus, Life of Apollonius of Tyana, Book V.14
  3. The Histories of Herodotus of Halicarnassus. trans. George Rawlinson, Book I, p. 132 Archived 19 August 2006 at the Wayback Machine
  4. Christos A. Zafiropoulos (2001). Ethics in Aesop's Fables, Leiden, pp. 10–12
  • Anthony, Mayvis, 2006. The Legendary Life and Fables of Aesop
  • Caxton, William, 1484. The history and fables of Aesop, Westminster. Modern reprint edited by Robert T. Lenaghan (Harvard University Press: Cambridge, 1967)
  • Clayton, Edward. "Aesop, Aristotle, and Animals: The Role of Fables in Human Life" Archived 17 March 2023 at the Wayback Machine. Humanitas, Volume XXI, Nos. 1 and 2, 2008, pp.  179–200. Bowie, Maryland: National Humanities Institute.
  • Gibbs, Laura (translator), 2002, reissued 2008. Aesop's Fables. Oxford University Press
  • Gibbs, Laura, "Aesop Illustrations: Telling the Story in Images"
  • Rev. Thomas James M.A., Aesop's Fables: A New Version, Chiefly from Original Sources, 1848. John Murray (includes many pictures by John Tenniel)
  • McKendry, John, ed (1964). Aesop, Five Centuries of Illustrated Fables. প্ৰকাশক New York: The Metropolitan Museum of Art. http://libmma.contentdm.oclc.org/cdm/ref/collection/p15324coll10/id/203213.  – online version
  • Perry, Ben Edwin (editor), 1952, 2nd edition 2007. Aesopica: A Series of Texts Relating to Aesop or Ascribed to Him. Urbana: University of Illinois Press
  • Perry, Ben E. (editor), 1965. Babrius and Phaedrus, (Loeb Classical Library) Cambridge: Harvard University Press, 1965. English translations of 143 Greek verse fables by Babrius, 126 Latin verse fables by Phaedrus, 328 Greek fables not extant in Babrius, and 128 Latin fables not extant in Phaedrus (including some medieval materials) for a total of 725 fables
  • Ruben, Emile, Poésies en patois limousine, Paris 1866
  • Temple, Olivia; Temple, Robert (translators), 1998. Aesop, The Complete Fables, New York: Penguin Classics. (আই.এচ.বি.এন. 0140446494)