প্লেটো
প্লেটো | |
| সম্পূৰ্ণ নাম |
|
|---|---|
| জন্ম | ৪২৮/৪২৭ খ্ৰীষ্টপূৰ্ব এথেন্স, গ্ৰীচ |
| মৃত্যু | ৩৪৮/৩৪৭ খ্ৰীষ্টপূৰ্ব (আনুমানিক বয়স ৮০ বছৰ) এথেন্স |
| যুগ | প্ৰাচীন দৰ্শন |
| অঞ্চল | পাশ্চাত্য দৰ্শন |
| ধাৰা | গ্ৰীক দৰ্শন |
| উল্লেখযোগ্য কৰ্ম | এলিগৰী অৱ দ্য কেভ, আত্মাৰ গুণ আৰু বিভাজন, শিক্ষাতত্ত্ব, দাৰ্শনিক ৰজা, পৰিয়াল আৰু সম্পত্তিৰ সমূহ |
প্লাত’ন[টোকা 1] (Ancient Greek: Πλάτων, pronounced [plátɔːn]; Latin: Platōn, pronounced [ˈpɫatoːn]; প্ৰায় ৪২৮/৪২৩ খ্ৰীঃপূঃ – ৩৪৮/৩৪৭ খ্ৰীঃপূঃ), আফ্লাতুন[টোকা 2] বা প্লেটো এজন ধ্ৰুপদী গ্ৰীক দাৰ্শনিক আছিল। তেওঁৰ জন্ম হৈছিল ৪২৮ বা ৪২৭ খ্ৰীষ্টপূৰ্বত গ্ৰীচৰ এথেন্স চহৰত। তেওঁৰ শিক্ষক আছিল বিখ্যাত দাৰ্শনিক চক্ৰেটিছ। প্লেটোৰ জীৱনত চক্ৰেটিছৰ প্ৰভাৱ আছিল অনন্য। সেইদৰে প্লেটোৰ জনপ্ৰিয় শিষ্য আছিল এৰিষ্টটল।[1] উল্লেখযোগ্য যে প্লেটোৰ প্ৰকৃত নাম আছিল এৰিষ্টক্লচ, চন অৱ এৰিষ্টন, অফ দ্য ডীম কলাইটাছ আৰু প্লেটো নামটো এটা উপনাম হিচাপেহে ব্যৱহাৰ কৰা হৈছিল। প্লেটোৰ শাৰীিৰক শিক্ষাৰ শিক্ষকজনে তেওঁৰ বহল শৰীৰৰ বাবে তেওঁক প্লেটো নামটো প্ৰদান কৰিছিল বুলি জনা যায়। অৱশ্যে এইক্ষেত্ৰত আৰু এটা মতামতো প্ৰণিধানযোগ্য। কিছুসংখ্যক গৱেষকৰ মতে প্লেটোৰ কপালৰ অংশটো যথেষ্ট বহল আছিল আৰু সেইবাবে তেওঁ প্লেটো নামটো পালে। উল্লেখ্য যে গ্ৰীক ভাষাত Platus শব্দটোৱে 'বহল' অৰ্থ বুজায়।[2] যি কি নহওক, চক্ৰেটিছৰ মৃত্যুৰ পাছত প্লেটোৱে মনৰ দুখত গ্ৰীচ আৰু ভূমধ্য অঞ্চলত ঘূৰি ফুৰোতে তেওঁক এবাৰ সাগৰীয় ডকাইতৰ দলে অপহৰণ কৰিছিল। প্লেটোক উদ্ধাৰ কৰিবলৈ তেওঁৰ বন্ধুসকলে টকা-পইচা গোটাইছিল যদিও ডকাইতৰ দলটোৱে প্লেটোক তাৰ আগেয়েই মুকলি কৰি দিয়ে। তাৰ পাছত বন্ধুসকলে মিলি প্লেটোক এখন বিদ্যালয় খুলি দিয়ে। প্লেটোৰ এই বিদ্যালয়খনৰ নাম হৈছে একাডেমী।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ http://webspace.ship.edu/cgboer/athenians.html আহৰণ কৰা হৈছেঃ ২৪-০৭-২০২৩
- ↑ https://www.plato-dialogues.org/faq/faq005.htm, আহৰণ কৰা হৈছেঃ ২৪-০৭-২০২৩
- ↑ Ancient Greek: Πλάτων, pronounced [plátɔːn]; Latin: Platōn, pronounced [ˈpɫatoːn]; English: Plato, /ˈpleɪtoʊ/ play-toe।
- ↑ Arabic: أفلاطون, Arabic pronunciation: [ʔaflaːtˤuːn]।
<ref> টেগ্সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্ পোৱা নগ'ল- Articles containing Ancient Greek (to 1453)-language text
- Lang and lang-xx using deprecated ISO 639 codes
- Pages with Greek IPA
- Articles containing Latin-language text
- Pages with Latin IPA
- Articles containing English-language text
- Articles containing Arabic-language text
- Pages with Arabic IPA
- গ্ৰীচৰ ব্যক্তি
- দাৰ্শনিক