অসমীয়া লিপিৰ বুৰঞ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অসমীয়া ভাষা অসমীয়া লিপিত লিখা হয়। লিপিবিদসকলে অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰা সম্পৰ্কে দুইধৰণৰ মত পোষণ কৰে। সেই দুটা হ’ল-[1]

ওপৰোক্ত দুই মতকে একত্ৰিত কৰি ড॰ মহেন্দ্ৰ বৰাই কৈছে-

"Assamese script is a direct descendant of the Brahmi, branching itself off from the so called Gupta alphabet or the Northern Indian Script, which progressed on its way by acquiring for itself certain basic traits of the Kutila Style of writing in course of its journey through the long corridors of history"

উৎপত্তি আৰু বিকাশ[সম্পাদনা কৰক]

নগাজৰী খনিকৰ গাঁৱৰ শিলালিপি
‘কানাই বৰশীবোৱা তুৰুষ্ক-ক্ষয়ৰ শিলৰ ফলি’
বামুণীয়া লিপিত লিখা এখিলা পাত (সংস্কৃত গীতাৰ পৰা)
কাইথেলী লিপি (নামঘোষাৰ পৰা)
গড়গঞা লিপি (বুৰঞ্জীৰ পৰা)

ভাৰতীয় লিপিৰ ক্ৰমবিকাশৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে প্ৰাচীন ভাৰতীয় লিপিমালাই প্ৰধানত দুটা শাখাৰ মাজেদি বিকাশ লাভ কৰিছিল, যথা– খৰোষ্ঠী লিপি আৰু ব্ৰাহ্মী লিপি। খৰোষ্ঠী লিপি প্ৰথমতে সোঁফালৰ পৰা বাঁও ফাললৈ লিখাৰ নিয়ম আছিল যদিও পৰৱৰ্তীকালত বাঁওফালৰ পৰা সোঁফালৈ লিখাৰ নিয়ম চলিল। উল্লেখ্য যে এই লিপি অত্যন্ত ঘঁহাই লিখা হৈছিল আৰু ইয়াক পূৰ্ণলিপি বুলি বিবেচনা কৰা নহয়। ব্ৰাহ্মী লিপি বাঁওফালৰ পৰা সোঁফাললৈ লিখা হয় আৰু সকলো আধুনিক ভাৰতীয় লিপি ব্ৰাহ্মী লিপিৰ পৰাই বিকাশ ঘটিছে বুলি লিপিবিদসকল একমত।

অসমীয়া লিপিৰ ৫ম খৃষ্টাব্দৰ পৰাই নিজ স্বকীয়তা প্ৰতিপন্ন হৈছে নগাজৰী-খনিকৰ গাঁৱৰ প্ৰস্তৰখণ্ডৰ লিপিৰ মাধ্যমেৰে। অসমীয়া ভাষা বহু পুৰণি বুলি বিখ্যাত চীনা-ভ্ৰমণকাৰী হিউৱেন-চাঙে বহু আগেয়েই কৈ গৈছে। তেওঁ নিজৰ ভ্ৰমণ বৃত্তান্তত লিখিছে যে কামৰূপৰ ভাষা উত্তৰ-মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ। ৫ম খৃষ্টাব্দৰ নগাজৰী-খনিকৰ গাঁৱৰ প্ৰস্তৰখণ্ডৰ লিপিয়ে ইয়াকো প্ৰতিপন্ন কৰে যে অসমীয়া লিপি কুটিল বা সূক্ষ্মকোণী বা সিদ্ধমাতৃকা লিপিৰ মধ্যমেৰে বিকশিত হৈ অহা নাই। বৰঞ্চ ই ব্ৰাহ্মী লিপিৰ পৰাই বিকশিত, হয়তো কিঞ্চিতমান গুপ্ত লিপিৰ অৱদান সাঙুৰি প্ৰাচীন কামৰূপী লিপিৰ মাজেৰে বিকাশ লাভ কৰিছে। অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰাটোক মূলতঃ তিনিটা ভাগত ভাগ কৰা হয় :

  • পুৰণি অসমীয়া লিপি বা কামৰূপী লিপি (খ্ৰীষ্টীয় চতুৰ্থ-পঞ্চম শতিকাৰ পৰা ত্ৰয়োদশ শতিকাৰ)
  • মধ্যযুগীয় অসমীয়া লিপি (খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ পাছৰ পৰা ঊনিবংশ শতিকাৰ মাজভাগলৈ, অৰুণোদয় কাকতৰ জন্মৰ আগলৈকে), আৰু
  • আধুনিক অসমীয়া লিপি (ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা অৰ্থাৎ অৰুণোদয় কাকতৰ জন্মৰপৰা বৰ্তমানলৈ)

খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথমাৰ্ধত খোদিত উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা তুৰুষ্ক-ক্ষয়ৰ শিলৰ ফলিত আখৰেই হ’ল মধ্যযুগীয় অসমীয়া লিপিৰ আদি নিদৰ্শন। খ্ৰীষ্টীয় ষোড়শ-অষ্টাদশ শতিকাত অসমত বহুলভাৱে দুবিধ লিপিৰ প্ৰচলন আছিল— প্ৰথম বিধ "আহোম বা টাই লিপি" বা অসমাক্ষৰ আৰু আনবিধ "পুৰণি অসমীয়া", ই ‘হেন্দুৱান’ বা ‘হিন্দু অক্ষৰ’ ৰূপেও জনাজাত। মধ্যযুগৰ অসমীয়া লিপিক থোৰতে তিনি ভাগ কৰা হয়। প্ৰকৃততে এই তিনিটা ভাগ হৈছে মধ্যযুগীয় অসমীয়া লিপিৰ তিনিটা প্ৰধান ৰীতি বা শৈলী, সেই কেইটা হ’ল–

  • কাইথেলী/লহকৰি লিপি (কায়স্থসকলৰ দ্বাৰা পুথি ৰচনা, নকল কৰাৰ বাবে ব্যৱহৃত লিপি আৰু এই নামকৰণ সাম্প্ৰদায় ভিত্তিকহে)
  • গড়গঞা লিপি (আহোমসকলৰ দ্বাৰা প্ৰথমে বুৰঞ্জীৰ নকলৰ বাবে ব্যৱহৃত হৈছিল আৰু পৰৱৰ্তীকালত পদ পুথি আৰু অভিলেখলৈও ই সম্প্ৰসাৰিত হয়। এই নামকৰণটি পিছে ভৌগোলিক নামকৰণহে) আৰু
  • বামুণীয়া লিপি (সংস্কৃত ভাষা-সাহিত্য চৰ্চা চলা টোলবোৰক কেন্দ্ৰ কৰি পুথি-পাঁজি নকল কৰাৰ বাবে গা কৰি উঠা এক শৈলী)

কিন্তু এই তিনিটি শৈলীৰ মাজত বেছি গাঁথনিক ব্যৱধান নাছিল। মাধৱ কন্দলী, শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী, ভট্টদেৱ, শ্ৰীধৰ কন্দলী আদিৰ পিছত (অৰ্থাৎ শংকৰোত্তৰ যুগৰ শেষৰ ফালে) মানৰ আক্ৰমণৰ বাবেই অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত এক স্থবিৰতা আহি পৰে। সেই সময়তে অসমলৈ ব্ৰিটিছসকলৰ আগমন ঘটে।

আধুনিক যুগ[সম্পাদনা কৰক]

যি সময়ত অসমলৈ ব্ৰিটিছসকল আহে, সেই সময়ত অসমৰ সমাজ জীৱনত এক স্থবিৰতা বিৰাজ কৰিছিল। অসমৰ ভাষা-সাহিত্যৰ ক্ষেত্ৰখনত বিৰাজ কৰা এই স্থবিৰতাই ব্ৰিটিছসকলক অসমীয়া ভাষাৰ স্বকীয়তাৰ আভাস দিবলৈ ব্যৰ্থ হয় আৰু বঙালী বাবুসকলৰ (বিভিন্ন কাৰ্যালয়ত মকৰল হোৱা) প্ৰৰোচনাত পৰি ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ অসমীয়া ভাষাৰ ব্যৱহাৰ লোপ পায়।[উদ্ধৃতিৰ প্ৰয়োজন] সেই সময়তে ধৰ্ম প্ৰচাৰৰ বাবে ১৮৩৬-৩৭ চনত কেইবাগৰাকীও আমেৰিকান বেপ্টিষ্ট মিছনেৰী অসমত উপস্থিত হয়হি। তেখেতসকলে অৰুণোদয় (১৮৪৬ চন) কাকত প্ৰকাশ কৰাৰ লগতে বিভিন্ন পুথি ৰচনা কৰি অসমীয়া ভাষাক পাহৰণিৰ গৰ্ভৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়।

উল্লেখ্য যে আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল অসমত উপস্থিত হোৱাৰ আগতেই ১৮১৩ চনত শ্ৰীৰামপুৰত প্ৰতিষ্ঠিত ব্ৰিটিছ মিছনেৰীসকলে তেখেতসকলৰ প্ৰেছৰ পৰা বাইবেলখন অসমীয়া ভাষাত প্ৰকাশ কৰে। উইলিয়াম কেৰী চাহাবৰ তত্ত্বাৱধানত নগাঁৱৰ আত্মাৰাম শৰ্মাবাইবেলৰ "নতুন নিয়ম" (New Testament)-খন ‘ধৰ্মপুস্তক’ নামেৰে অনুবাদ কৰি প্ৰকাশ কৰিছিল। সেই সময়ৰ কিছু আগেয়ে তেওঁলোকে পঞ্চানন কৰ্মকাৰ নামৰ এজন লোকক ছপাশালত ব্যৱহাৰ কৰাৰ উদ্দেশ্যে এক বৃহৎ ভৌগোলিক পৰিসীমা (বঙ্গদেশ, বৃহত্তৰ অসম আদি) সাঙুৰি, উমৈহতীয়া ব্যৱহাৰ বাবে আখৰসমূহ সাজিবলৈ নিৰ্দেশ দিয়ে। পঞ্চানন কৰ্মকাৰে বঙ্গ, অসম আৰু আন দাঁতিকাষৰীয়া অঞ্চল ভ্ৰমণ কৰি শ্ৰীৰামপুৰৰ ছপাশালত তেওঁ ভ্ৰমণ কৰা সকলো ঠাইতে ব্যৱহাৰৰ উপযোগী আখৰ সাজি উলিয়ায়। এই আখৰসমূহত বঙ্গদেশৰ আখৰৰ প্ৰভাৱ বেছি আছিল বুলি নিশ্চিতভাৱে ঠাৱৰ কৰিব পাৰি। কিন্তু প্ৰথম অসমীয়া বাইবেল প্ৰকাশ হোৱাৰ আগেয়ে কৰ্মকাৰৰ মৃত্যু ঘটে। আত্মাৰাম শৰ্মাই বাইবেলখনৰ বাবে পঞ্চানন কৰ্মকাৰে সজা আখৰ ব্যৱহাৰ কৰাত পুৰণি অসমীয়া লিপিৰ ব্যৱহাৰ সিমানতে অন্ত পৰে। অৱশ্যে পঞ্চানন কৰ্মকাৰে সজা আখৰ আৰু পুৰণি অসমীয়া লিপিৰ মাজত বেছি ব্যৱধান নাছিল যদিও সেই ব্যৱধানখিনিৰ বাবেই অসমীয়া লিপিৰ এক স্বকীয় ইতিহাস আছিল বুলি লিপিবিদসকলে মন্তব্য কৰে।

লগতে পঢ়ক[সম্পাদনা কৰক]

টোকা[সম্পাদনা কৰক]

"সাহিত্য ডট অৰ্গ"ত প্ৰকাশিত মূল প্ৰবন্ধৰ পৰা সত্যকাম দত্ত আৰু মৃণাল জ্যোতি গোস্বামীৰ অনুমতিসাপেক্ষে সংগ্ৰহিত।

সম্পৰ্কীয় গ্ৰন্থাৱলী[সম্পাদনা কৰক]

  1. কটকী, সৰ্বেশ্বৰ (১৯৭৯); অসমীয়া প্ৰাচীন লিপি; গুৱাহাটী
  2. গোস্বামী, উপেন্দ্ৰনাথ (১৯৮৯); অসমীয়া লিপি; অসম প্ৰকাশন পৰিষদ, গুৱাহাটী
  3. গোস্বামী, যতীন্দ্ৰনাথ (১৯৯৪); অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী; মণি-মাণিক প্ৰকাশ, পাণবজাৰ, গুৱাহাটী।
  4. গোস্বামী, হেমচন্দ্ৰ (১৯২৪); অসমীয়া সাহিত্যৰ চানেকি; কলিকতা বিশ্ববিদ্যালয়, কলিকতা।
  5. নেওগ, মহেশ্বৰ (২০০০); অসমীয়া সাহিত্যৰ ৰূপৰেখা; চন্দ্ৰ প্ৰকাশ, পাণবজাৰ, গুৱাহাটী।
  6. নেওগ, মহেশ্বৰ (১৯৭৪); প্ৰাচ্য-শাসনাৱলী; অসম প্ৰকাশন পৰিষদ, গুৱাহাটী।
  7. দাস, নাৰায়ণ (১৯৯৭); বিশ্বলিপিৰ ভূমিকা; ডেকো পাবলিকেচনচ, কলেজ হোষ্টেল ৰোড, পাণবজাৰ।
  8. বৰুৱা, বিৰিঞ্চি কুমাৰ (১৯৯৭); অসমীয়া কাথা সাহিত্য; জাৰ্ণাল এম্পৰিয়াম, পি. এন. চি. ৰোড, নলবাৰী।
  9. শৰ্মা, সত্যেন্দ্ৰনাথ (২০০৬); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত; সৌমাৰ প্ৰকাশ, ৰিহাবাৰী, গুৱাহাটী –৮।
  10. হাজৰিকা, বিশ্বেশ্বৰ (২০০৩); অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড); আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসম।
  11. Baruah, Birinchi Kumar (1978); History of Assamese Literature; Sahitya Akademi, New Delhi.
  12. Baruah, Hem (1965), Assamese Literature; NBT, New Delhi.
  13. Bora. M. (1981).The Evolution of Assamese Script. Assam Sahitya Sabha, Chandrakanta Handique Bhawan, Jorhat.
  14. Bhuyan, Surya Kumar (1956), Studies in the Literature of Assam; Lawyers Books Stall, Guwahati.
  15. Kakati, Banikanta (1962), Assamese: Its Formation and Development; Lawyers Books Stall, Guwahati.
  16. Kakati, Banikanta (1959), Aspects of Early Assamese Literature; Gauhati University.
  17. Verma, T.P.(1976), Development of Script in Ancient Kamrupa. Assam Sahitya Sabha, Chandrakanta Handique Bhawan, Jorhat.

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]