অৰুণোদই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অৰুণোদয়ৰ পৰা পুনঃনিৰ্দেশিত)
অৰুণোদয়
প্ৰকাৰ মাহেকীয়া আলোচনী
প্ৰতিষ্ঠাপক আমেৰিকান ব্যপ্টিষ্ট মিছনেৰীসকল
সম্পাদক নাথান ব্ৰাউন (প্ৰতিষ্ঠাপক সম্পাদক)
প্ৰতিষ্ঠা জানুৱাৰী, ১৮৪৬
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় শিৱসাগৰ

অৰুনোদই (ইংৰাজী: Orunodoi) অসমৰ প্ৰথম অসমীয়া ভাষাৰ সংবাদ পত্ৰ তথা আলোচনী।[1] এই সংবাদ পত্ৰখন ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰে’ছৰ পৰা প্ৰথম প্ৰকাশ পায়। এইখন সংবাদ পত্ৰই আধুনিক অসমীয়া ভাষাৰ বাটকটীয়া বুলি ক’ব পাৰি কাৰণ এই আলোচনীৰ দ্বাৰা অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এক নতুন যুগৰ সৃষ্টি কৰিছিল। অৰুণোদয়ৰ পাততে আনন্দৰাম ঢেকিয়াল ফুকন, পণ্ডিত হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদিৰ দৰে লোকে সাহিত্যিক ৰূপে ভূমুকি মাৰিছিল। মূলতঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কাৰণে এই সংবাদ পত্ৰ প্ৰকাশ কৰা হৈছিল যদিও গদ্য-পদ্য-ভূগোল-বুৰঞ্জী-নীতি কথা, দেশ-বিদেশৰ বতৰা, জীৱনী, কাহিনী আদি বিবিধ ৰচনা ইয়াত প্ৰকাশিত হৈছিল। ১৮৮৩ চনত ’অৰুণোদয়’ ছপোৱা ছপাকলটো বিক্ৰী কৰি দিয়া হয়৷[2] সেয়ে, মিছন প্ৰেছ বন্ধ হোৱাৰ লগে লগে এই আলোচনীখনৰ প্ৰকাশো স্তব্ধ হৈ পৰে।[3][4] অৰুণোদয় মাহেকীয়া সম্বাদ পত্ৰৰ শিৰোনামা আছিল ইংৰাজীত: "The Orunodoi, A Monthly Paper, devoted to Religion, Science and General Intelligence, is printed and Published at the Sivsagor Mission Press, by O.T. Cutter, for the American Baptist Mission in Assam.[5]

ইতিহাস[সম্পাদনা কৰক]

ইং ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ শাসনাধীস্থ হোৱাৰ পাছত অসমৰ ৰাজনৈতিক সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত এক পৰিবৰ্তনৰ সূচনা হ’ল। সাহিত্যতো ইয়াৰ স্পষ্ট প্ৰভাৱ পৰিস্ফুট হয়। [6]

১৮৩৬ চনত ইংৰাজে প্ৰশাসনীয় সুবিধাৰ দোহাই দি অসমৰ বিদ্যালয়-মহাবিদ্যালয় আদি চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ পৰিবৰ্তে বঙালী ভাষা প্ৰচলন কৰে। ইয়াৰ কাৰণ আছিল ইংৰাজক শাসনত সহায় কৰা, পশ্চিমবংগৰ পৰা অহা বঙালী কাৰ্যবাহীসকলৰ যাতে সুবিধা হয়। বঙালী কৰ্মচাৰীসকলেও ইয়াৰ বাবে ইংৰাজ চৰকাৰক হেঁচা দিছিল। ইতিমধ্যে অসমৰ কমিছনাৰ কেপ্তেইন ফ্ৰেন্সিছ জনকিন্সৰ আমন্ত্ৰণ ক্ৰমে অসমৰ শদিয়াত এটা খ্ৰীষ্টান মিছন পতাৰ উদ্দেশ্যেৰে আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল অসমলৈ আহে।[7] জেনকিন্সে ঘাইকৈ শ্যান আৰু খামতি জাতিৰ বাবে এটি মিশ্যন স্থাপন কৰিবলৈ পৰামৰ্শ দিয়ে৷ সেইমৰ্মে, ৰেভাৰেণ্ড নাথান ব্ৰাউন আৰু অলিভাৰ টি কট্টৰে এটা “আখৰ চেপা কল’’ লৈ সপৰিয়ালে কলিকতাৰ পৰা অসমলৈ যাত্ৰা কৰে৷ তেওঁলোক দুয়োৰে পৰিবাৰে ল’ৰাৰ আৰু ছোৱালীৰ বাবে দুখন পঢ়াশালি পাতে৷ ১৮০৭ চনৰ ২২ জুনত আমেৰিকাত জন্মগ্ৰহণ কৰা নাথান ব্ৰাউন ন বছৰতে খ্ৰীষ্ট ধৰ্মত দীক্ষা লয় আৰু কুৰি বছৰত “উইলিয়ামচ্ কলেজ’ৰ পৰা গ্ৰেজুৱেট হয়৷ খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ অৰ্থে তেওঁ ১৮৩৩ চনত ব্ৰহ্মদেশলৈ আহে আৰু তেতিয়াৰ অসমৰ কমিচনাৰ জেনকিন্সৰ আমন্ত্ৰণত তেওঁ সপৰিয়ালে অসমলৈ আহে৷ ১৮৩৫ চনত তেওঁ অসম সোমায়৷ প্ৰথমে তেওঁ শদিয়াত ধৰ্ম প্ৰচাৰৰ চেষ্টা চলায়৷ শদিয়াত খামতিসকলৰ আক্ৰমণত থাকিব নোৱাৰি ব্ৰাউন আৰু কট্টৰৰ পৰিয়াল কেইবাঠাইতো ঘূৰি শেষত ১৮৪৩ চনত শিৱসাগৰলৈ যায় আৰু তাতে ছপাকল বহুৱাই ধৰ্মপ্ৰচাৰৰ লগতে অসমীয়া ভাষাত পুথি-পুস্তিকা আদি ছপাবলৈ ধৰে৷ ১৮৪৬ চনত অৰুনোদই প্ৰকাশৰ ক্ষেত্ৰত সহযোগিতা কৰে৷[8] অৰুনোদই দুটা ৰূপত প্ৰকাশ পাইছিল৷ ধৰ্ম, বিজ্ঞান আৰু সাধাৰণ খবৰ আৰু সাধাৰণ জ্ঞান বিষয়ক মাহেকীয়া কাকত বা সম্বাদপত্ৰ আৰু জ্ঞান-ভাণ্ডাৰ বা আলোচনীৰূপে অৰুনোদই ১৮৭৯ চনলৈকে চলি আছিল৷[9] ১৮৭২ চনত তেওঁ আমেৰিকালৈ উভতি যায় আৰু তাৰ পোন্ধৰ বছৰৰ পাছত ১৮৮৬ চনৰ ১ জানুৱাৰীত তেওঁৰ মৃত্যু ঘটে৷

১৮৩৯ চনৰ ২৩ মাৰ্চত ব্ৰহ্মপুত্ৰইদি ড° মাইলছ্ ব্ৰন্সন আৰু ৰেভাৰেণ্ড জেকব থমাছো বষ্টন চহৰৰ পৰা অসমলৈ আহি অসম অভিমুখে আহে৷ দুয়ো ব্ৰাউন আৰু কট্টৰক অনুসৰণ কৰি শদিয়ালৈ যায়৷ বাটত দুয়োটা পৰিয়ালে অসুখত ভোগে৷ ব্ৰনছনৰ অসুখ টান হোৱাত থমাছে তেওঁলৈ ঔষধ আনিবলৈ যাওঁতে নাও বুৰি মৃত্যুমুখত পৰে৷ ১৮৩৭ চনৰ ৭ জুলাইত ব্ৰনছন আৰু বাকী মানুহ শদিয়া পায়গৈ৷ প্ৰথমতে ব্ৰনছনে জয়পুৰৰ চিংফৌসকলৰ মাজত ধৰ্মপ্ৰচাৰৰ কাম আৰম্ভ কৰে৷ কিন্তু “খামতি’’সকলৰ আক্ৰমণত তেওঁলোক নামচাঙলৈ যায়৷ কিন্তু পাহাৰীয়া ঠাইত ধৰ্মপ্ৰচাৰ কাৰ্য সুচল নোহোৱা দেখি তেওঁলোক ভৈয়ামলৈ আহে আৰু শিৱসাগৰ, তেজপুৰ, গুৱাহাটী, নগাঁও আদিত থিতাপি লয়৷[10] অসমত অসমীয়া ভাষা পুনৰুদ্ধাৰ আৰু অৰুনোদইৰ প্ৰকাশৰ আঁৰত নাথান ব্ৰাউন, মাইলছ ব্ৰনছন, ইলাইজা হুইট্ নি ব্ৰাউন, অ’ টি কট্টৰ আদি আমেৰিকান মিশ্যনেৰীৰ নাম স্মৰণীয়৷

অৰুনোদইৰ সম্পাদক[সম্পাদনা কৰক]

১৮৪৬ চনত ও,টি,কাট্টাৰ আৰু নাথান ব্ৰাউনৰ উদ্যোগতে ‘অৰুনোদই’ প্ৰকাশ কৰা হয়। ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰে'ছৰ পৰা মাহেকীয়া ‘অৰুনোদই সংবাদ পত্ৰ’ প্ৰথম প্ৰকাশ পায়। প্ৰথম সম্পাদক আছিল ও,টি কাট্টাৰ[11][12]অৱশ্যে প্ৰথম প্ৰকাশৰ পৰা ১৮৫০ চনলৈ কাকতত কেৱল মুদ্ৰক আৰু প্ৰকাশক হিচাপে ও,টি কাট্টাৰৰ নাম আছিল৷ সম্পাদক হিচাপে কাৰো নাম উল্লেখ নাছিল৷ ১৮৫০ চনৰ পৰাহে সম্পাদক হিচাপে নাথান ব্ৰাউনৰ নাম প্ৰকাশ কৰা হয়৷[13] ১৮৪৬ চনৰ পৰা ১৮৫০ চনৰ ফেব্ৰুৱাৰী মাহলৈ ও,টি, কাট্টাৰ সম্পাদক, মুদ্ৰক আৰু প্ৰকাশক আছিল৷ মাৰ্চ মাহৰ পৰা নাথান ব্ৰাউন সম্পাদক হ’ল৷[14] ইয়াৰ পিছত অৰুনোদইৰ সম্পাদক হিচাপে কেইবাগৰাকী আমেৰিকান লোকক পাওঁ৷ তেওলোক আছিল, এ,এইচ, ডেনফোৰ্থ, এছ,কে,হুইটটিং, মাইলচ ব্ৰনছন,[5] মিছেছ ৱাৰ্ড, ৰেভাৰেণ্ড ক্লাৰ্ক আৰু এ.কে. গাৰ্নি। বছৰেকীয়া বৰঙনি ক্ৰমে ১ টকা আৰু পাছলৈ ২ টকা আছিল। আলোচনীখনৰ সৰ্বোচ্চ গ্ৰাহকৰ সংখ্যা ৭০০জন হৈছিল। [15] ১৮৬৭ চনলৈ অৰুনোদই নিয়মিতভাৱেই প্ৰকাশ পাইছিল যদিও ইয়াৰ পিছত ১৮৮০ চনলৈ ই চেগা-চোৰোকাকৈ প্ৰকাশ পাইছিল৷ ১৮৫৬ চনৰ পৰা কাকতখনৰ ’সম্বাদ পত্ৰ’ অংশটি বাদ দি মাত্ৰ আলোচনী অংশহে ৰখা হৈছিল৷ ১৮৬১ চনৰ জানুৱাৰী সংখ্যাৰ পৰা ’অৰুনোদই’ নামৰ ঠাইত হেমচন্দ্ৰ বৰুৱাৰ বৰ্ণ-বিন্যাস আৰ্হি গ্ৰহণ কৰি কাকতখনৰ নাম “অৰুণোদয়’’ কৰা হয়৷[5]

বিষয়-বস্তু[সম্পাদনা কৰক]

অৰুনোদইত সেই সময়ৰ সামাজিক আৰু শৈক্ষিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি নানা বিষয়ৰ লেখা সন্নিৱিষ্ট কৰা হৈছিল৷ এই আলোচনীখনেই অসমীয়া মানুহক আধুনিক যুগৰ ভাবধাৰাৰ লগত পৰিচয় কৰাই দিছিল৷ পৃথিৱীৰ বিভিন্ন দেশৰ ৰাজনীতি আৰু ভৌগোলিক পৰিচয়, ভাৰতবৰ্ষৰ বুৰঞ্জী আৰু নানা অঞ্চলৰ সমসাময়িক ৰাজনৈতিক ঘটনা আদিৰে অসমীয়া মানুহক স্বদেশ আৰু পৃথিৱীৰ ৰাজনীতি আৰু ভূগোলৰ সৈতে পৰিচয় কৰাই দিছিল৷ প্ৰাণীবিদ্যা, উদ্ভিদ-তত্ত্ব, পদাৰ্থ-বিদ্যা, জ্যোতিৰ্বিদ্যা আদিৰ উপৰি খৃষ্টধৰ্ম সম্পৰ্কীয় সাহিত্য, সাধুকথা, উপকথা, বুৰঞ্জী আদি বিষয় সামৰি প্ৰকাশ কৰিছিল৷ পুৰণি অসম বুৰঞ্জী, কামৰূপ বুৰঞ্জী, চুতীয়া বুৰঞ্জী-এই তিনিখন বুৰঞ্জী অৰুণোদয়ত প্ৰকাশ পাইছিল৷ অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে নানা লেখা আৰু কানিৰ ভয়াৱহতাৰ বিষয়ে বহুতো লেখা প্ৰকাশ হৈছিল৷[5] বিভিন্ন বিষয়বস্তুৰ লগতে পঢ়ুৱৈক আকৃষ্ট কৰিবলৈ The Illustrated London News কাকতৰ পৰা লোৱা ছবিৰ লগতে এই দেশৰ মানুহ আৰু বস্তুৰ ছবিও অসমীয়া বাঢ়ৈৰ লগত ব্ৰাউনে কাঠত কাঠত ব্লক কৰি ’অৰুনোদই’ত ছপাইছিল৷[2] বিষয়বস্তুৰ বৈশিষ্টলৈ লক্ষ্য কৰি অৰুনোদইত প্ৰকাশ পোৱা ৰচনাৰাজিক অন্ধবিশ্বাস-কুসংস্কাৰ, জ্ঞান বিতৰণ, সাধাৰণ জ্ঞান, ভ্ৰমণ বৃত্তান্ত, সাধুকথা, খবৰ-বাতৰি, ধৰ্ম-প্ৰচাৰ, শিক্ষা সম্বন্ধীয়, স্ত্ৰী-শিক্ষা, ৰাজনৈতিক আৰু সামাজিক ঘটনা আদি ভাগত ভাগ কৰিব পাৰি৷

অৰুনোদইত খৃষ্টিয়ান লেখক আৰু ৰচনা[সম্পাদনা কৰক]

‘অৰুনোদই’তেই প্ৰথম ‘দেওধাই অসম বুৰঞ্জী’, কামৰূপ বুৰঞ্জী, গুণাভিৰাম বৰুৱাৰ আধুনিক নাট ‘ৰাম নৱমী’ প্ৰকাশ হৈছিল। [16]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. সাঁচ:Https://www.google.com/amp/s/niyomiyabarta.com/amp/special-writing/arunodoi-paper/
  2. 2.0 2.1 নেওগ, ডক্টৰ মহেশ্বৰ (১৯৮৬). অসমীয়া সাহিত্যৰ ৰূপৰেখা. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ২২৭. 
  3. "Orunoidoi/Arunodoi". Onlinesivasagar.com. http://onlinesivasagar.com/media/arunodoi.htm। আহৰণ কৰা হৈছে: 28 March 2010. 
  4. "Special Postage Stamp on 150 years of Newspapers in Assam". PIB. http://pib.nic.in/archieve/lreleng/l0299/r010299.html। আহৰণ কৰা হৈছে: 30 March 2010. 
  5. 5.0 5.1 5.2 5.3 মহন্ত, লক্ষ্মীকান্ত (১৯৯১). অসমীয়া সাহিত্যৰ অধ্যয়ন. বনলতা. পৃষ্ঠা. ১৯৯. ISBN 81-7339-021-5. 
  6. প্ৰকাশ, মাৰ্চ সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰী, পৃষ্ঠা-৪
  7. প্ৰকাশ, মাৰ্চ সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰী
  8. চেতিয়া, উমেশ (২০১৬). সাহিত্যৰত্ন : এশ একুৰি সাহিত্যিকৰ জীৱনী. কিৰণ প্ৰকাশন. 
  9. নেওগ, ডক্টৰ মহেশ্বৰ (১৯৮৬). অসমীয়া সাহিত্যৰ ৰূপৰেখা. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ২২৭. 
  10. নেওগ, ডিম্বেশ্বৰ (১৯৯৯(অষ্টম প্ৰকাশ)). নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী. শুৱনী প্ৰকাশন. পৃষ্ঠা. ২৮১. 
  11. নেওগ, ডিম্বেশ্বৰ (১৯৯৯). নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী. শুৱনী প্ৰকাশ. পৃষ্ঠা. ২৮৯. 
  12. শ্ৰমা, ড° হেমন্তকুমাৰ (১৯৬১(১ম প্ৰকাশ), ২০০৫(১০ম প্ৰকাশ)). অসমীয়া সাহিত্যত দৃষ্টিপাত. বীণা লাইব্ৰেৰী. পৃষ্ঠা. ২১৫. 
  13. "অৰুনোদই যুগৰ অসমীয়া সহিত্য". https://kkhsou.ac.in/eslm/E-SLM_Main/2nd%20Sem/Master%20Degree/MA%20Ass/2nd-Sem-MA-Course-1/block%201/2nd-Sem-MA-Course-1-(B-1)-Unit-। আহৰণ কৰা হৈছে: 2 April 2023. [সংযোগবিহীন উৎস]
  14. বৰুৱা, ড° বিৰিঞ্চি কুমাৰ (২০০৮). অৰুনোদইৰ ঢলফাট. প্ৰদীপ ভূঞা, অসম সাহিত্য সভা. পৃষ্ঠা. ৬৫. 
  15. প্ৰকাশ, মাৰ্চ সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰ, পৃষ্ঠা-১০
  16. প্ৰকাশ, মাৰ্চ সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰী

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • অৰুনোদই প্ৰকাশৰ এশ পঁইসত্তৰ বছৰ হোৱা উপলক্ষে প্ৰকাশ আলোচনী বিশেশ সংখ্যা হিচাপে প্ৰকাশ কৰা হয়৷ এই সংখ্যাটোত অৰুনোদই আলোচনীখনৰ বিষয়ে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ আছে৷ প্ৰকাশ, মাৰ্চ সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰী