অসমীয়া খবৰ
Jump to navigation
Jump to search
![]() | |
প্ৰকাৰ | দৈনিক বাতৰিকাকত |
---|---|
ফৰমেট | ডাঙৰ পৃষ্ঠা |
প্ৰকাশক | ফ্ৰণ্টিয়াৰ পাব্লিকেশ্বনছ প্ৰাইভেট লিমিটেড, গুৱাহাটী |
সম্পাদক | শংকৰ লস্কৰ |
প্ৰতিষ্ঠা | ১১ নৱেম্বৰ ২০০১ |
ভাষা | অসমীয়া |
মুখ্য কাৰ্যালয় | গুৱাহাটী |
ৱেবছাইট | assamiyakhabor.com |
অসমীয়া খবৰ (ইংৰাজী: Asomiya Khobor) হৈছে এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। গুৱাহাটী আৰু যোৰহাটৰ পৰা একেসময়তে এই বাতৰি কাকতখন প্ৰকাশ পায়। শংকৰ লস্কৰ হৈছে এই কাকতখনৰ সম্পাদক আৰু বিশ্বজিৎ দাস কাৰ্যবাহী সম্পাদক।[1]
সমল[সম্পাদনা কৰক]
এই অসমীয়া দৈনিক কাকতখনে অসমক কেন্দ্ৰ কৰি সমগ্ৰ উত্তৰ পূব ভাৰতৰ বিষয়ে লগতে কিছু পৰিমাণে আন্তৰ্জাতিক বা-বাতৰি, আলোকচিত্ৰ আদি পৰিবেশন কৰি আহিছে। এই কাকতখনে ইণ্টাৰনেট সংস্কৰণো মুকলি কৰিছে। কাকতখনত মূলতঃ ১২খন পৃষ্ঠা সন্নিবিষ্ট থাকে, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়। পৃষ্ঠাসমূহ সাধাৰণতে আঞ্চলিক বাতৰি, সম্পাদকীয় শিতান, সাহিত্য, আন্তৰ্জাতিক বাতৰি, ক্ৰীড়া-জগত আদি বিভিন্ন ভাগত বিভক্ত থাকে। ইয়াৰোপৰি কাকতখনৰ সাপ্তাহিক পৰিপূৰিকা দেওবৰীয়া খবৰ প্ৰতি দেওবাৰে প্ৰকাশ হয়।
লগতে চাওক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Asomiya Khobor Epaper". NE Now. https://assam.nenow.in/asomiya-khobor-epaper/। আহৰণ কৰা হৈছে: ১৭ মে' ২০২০.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|