ডিম্বেশ্বৰ নেওগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিম্বেশ্বৰ নেওগ
জন্ম ৭ আগষ্ট, ১৮৯৯
কমাৰদফীয়া গাঁও, শিৱসাগৰ, অসম
মৃত্যু ১১ নৱেম্বৰ, ১৯৬৬ (৬৭ বছৰ)
পেচা সাহিত্যিক, সাহিত্য গৱেষক, সমালোচক আৰু শিক্ষক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
সাহিত্যিক বিপ্লৱ অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন
দাম্পত্যসংগী আজলীতৰা নেওগ
সন্তান ৭ (সাত)
আত্মীয়-স্বজন মাণিক চন্দ্ৰ নেওগ (পিতৃ)
চন্দ্ৰপ্ৰভা নেওগ (মাতৃ)
বেণুধৰ ৰাজখোৱা (শহুৰ)
ৱেবছাইট dimbeswarneog.com

ডিম্বেশ্বৰ নেওগ (ইংৰাজী: Dimbeswar Neog) (১৮৯৯ -১৯৬৬) অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক, নাট্যকাৰ, সমালোচক আৰু শিক্ষক আছিল।[1][2] মূলতঃ অসমীয়া ভাষাত সাহিত্য ৰচনা বাদেও তেখেতে ইংৰাজী ভাষাতো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। ১৯৬৫ চনৰ অসম সাহিত্য সভাৰ নলবাৰীত অনুষ্ঠিত অধিবেশনৰ সভাপতিত্ব কৰাৰ লগতে অসম সাহিত্য সভা পত্ৰিকাৰ সম্পাদক পদটো তেখেত নিয়োজিত হৈছিল। তেখেতক অসমীয়া সাহিত্যইন্দ্ৰধেনুৰ কবি বুলিও জনা যায়।[3]

জন্ম[সম্পাদনা কৰক]

ডিম্বেশ্বৰ নেওগৰ জন্ম ১৮৯৯ চনৰ ৭ আগষ্টত শিৱসাগৰ জিলাৰ কমাৰফদীয়া নামেৰে এখন গাঁৱত হৈছিল।[1] তেখেতৰ পিতৃৰ নাম আছিল মাণিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম চন্দ্ৰপ্ৰভা নেওগ।[3]

শিক্ষা আৰু কৰ্ম জীৱন[সম্পাদনা কৰক]

নেওগ এজন মেধাৱী ছাত্ৰ আছিল। সৰুকালৰেপৰাই পঢ়া শুনাত আগৰণুৱা নেওগক পাঁচ বছৰ বয়সত বিদ্যালয়ত নামভৰ্তি কৰি দিয়া হয়। শিক্ষাৰ্থী জীৱনৰ আৰম্ভণিৰ পৰাই তেখেতে নিয়মিত কাব্য চৰ্চা আৰম্ভ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯২৪ চনত তেখেতে সুখ্যাতিৰে বি.এছ.চি পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ দুবছৰৰ পাছতে তেওঁ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯২৫ চনৰ ১৯ এপ্ৰিলত তেখেতে শিৱসাগৰ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে।[2] তাৰ পাছতো তেখেতে চৰকাৰী শিক্ষক হিচাবে অসমৰ বিভিন্ন ঠাইত কাম কৰে। ১৯৩৬ চনত তেখেতে বি.টি. পাছ কৰে। তাৰ পাছতেই তেখেতে নৰ্মাল স্কুলত শিক্ষকতা কৰে। চাকৰিৰ মাজতেই তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম. এ. পাছ কৰে। অৱশেষত তেখেত নৰ্মাল স্কুলৰ অধ্যক্ষ হয় আৰু তাৰপৰাই অৱসৰ গ্ৰহণ কৰে।

বিবাহ, পৰিয়াল[সম্পাদনা কৰক]

ডিম্বেশ্বৰ নেওগৰ বিবাহ সেইসময়ৰ ডিব্ৰুগৰ জিলা ন্যায়াধীশ, তথা অসমৰ এজন প্ৰসিদ্ধ লেখক বেণুধৰ ৰাজখোৱাৰ জীয়েক আজলীতৰা ৰাজখোৱাৰ লগত সম্পন্ন হয়।[3] ডিম্বেশ্বৰ আৰু আজলীতৰা নেওগৰ সাতোটি সন্তান আছিল।[3]

মৃত্যু[সম্পাদনা কৰক]

দীৰ্ঘসময় শাৰীৰিক অসুস্থতাত ভোগাৰ পাছত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ১৯৬৬ চনৰ ১১ নৱেম্বৰত তেখেতৰ মৃত্যু হয়।[1][3]

সাহিত্য জগতত তেখেতৰ অৱদান[সম্পাদনা কৰক]

নেওগ এজন কবি, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষক আছিল। সাহিত্যিকগৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতি,[4] প্ৰধান সম্পাদক আৰু অসম সাহিত্য সভা পত্ৰিকাৰ সম্পাদক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছিল। সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি যোৱা প্ৰয়াত ডিম্বেশ্বৰ নেওগৰ ৰচিত ভালে সংখ্যক কিতাপ আছে, সেইবোৰৰ লেখত ল’বলগীয়া পুথিসমূহ হ’ল:[1]

  • আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯৩৭)
  • অসমীয়া সাহিত্যৰ জিলিঙনি (১৯৩৮)
  • অসমীয়া সাহিত্যৰ জেউতি (১৯৩৮)
  • বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি (১৯৪১)
  • বৈষ্ণৱ ধৰ্মৰ ভক্তিতত্ত্ব (১৯৪২)
  • ইণ্ট্ৰডাকচন টু আসাম (১৯৪৭)
  • অসমীয়া কথা প্ৰতিভা (১৯৫০)
  • অসমীয়া ভাষা আৰু লিপিৰ কাহিনী (১৯৫১)
  • হিষ্টৰী অব্ অছমীয়া লিটাৰেচাৰ (১৯৫৫)

ডিম্বেশ্বৰ নেওগে কিছু পৰিমাণে কবিতাৰ জগততো অৰিহনা আগবঢ়াইছিল। তেওঁৰ ৰচিত কেইখনমান উল্লেখযোগ্য কবিতা পুথি হৈছে ‘মালিকা’, ‘থুপিতৰা’, ‘মালতী’, ‘ইন্দ্ৰধনু’, ‘মুকুতা’, ‘মেঘদূত’, ‘অসমা’, ‘বিচিত্ৰা’ ইত্যাদি। তাৰে ভিতৰত উল্লেখযোগ্য দুটিমান কবিতা হ’ল ‘শাপমুক্তা’, ‘মোৰ গাঁও’, ‘শেষ গায়ক’ ইত্যাদি।

অন্যান্য কৰ্মৰাজি[সম্পাদনা কৰক]

সমাজ সচেতন নেওগ দেৱৰ স্বদেশপ্ৰীতিও আছিল অতুলনীয়। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ সময়ত তেওঁৰ “মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন?” বাক্যশাৰীয়ে জাতীয়তাবাদী ভাবধাৰা প্ৰসাৰত বিশেষ অৰিহণা আগবঢ়াইছিল। ডিম্বেশ্বৰ নেওগৰ মাতৃভাষাৰ প্ৰতি থকা অপাৰ প্ৰেমৰ বাবেই ১৯২৪ চনত ‘শেষ গায়ক’ কবিতাত লিখিছিল:[1]

“দাসত্ত্ব মলিন নাছিল অসম, আজিও নহয়, দাসত্ত্ব অন্ধ লুইতৰ দৰে। স্বাধীনতা সোঁত বয় সিৰে সিৰে অপ্ৰতিবন্ধ।”

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 ভৱানন্দ ডেকা. "His Life and Works". ডিম্বেশ্বৰ নেওগ স্মৃতি ন্যাস. Archived from the original on 2012-03-25. https://web.archive.org/web/20120325230600/http://dimbeswarneog.com/index.php/7-home/1-dimbeswar-neog-his-life-and-works। আহৰণ কৰা হৈছে: ২০১২-১২-১৯. 
  2. 2.0 2.1 Pranavsvarup Neog. "Scholar Par Excellence: Dembeswear Neog". Archived from the original on May 7, 2012. https://web.archive.org/web/20120507234435/http://www.bipuljyoti.in/authors/dimbeswar.html। আহৰণ কৰা হৈছে: December 19, 2012. 
  3. 3.0 3.1 3.2 3.3 3.4 "Biography of Dimbeswar Neog". poemhunter.com website. http://www.poemhunter.com/dimbeswar-neog/biography/। আহৰণ কৰা হৈছে: December 19, 2012. 
  4. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]