সমললৈ যাওক

আজলীতৰা নেওগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আজলীতৰা নেওগ
জন্ম ৫ ডিচেম্বৰ, ১৯১৩
মৃত্যু ১ নৱেম্বৰ, ১৯৪৯ (৩৫ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম আজলীতৰা ৰাজখোৱা
দাম্পত্যসঙ্গী ডিম্বেশ্বৰ নেওগ
পিতৃ-মাতৃ বেণুধৰ ৰাজখোৱা (পিতৃ)
ৰত্নকুমাৰী (মাতৃ)
সন্তান মাণিকী মাধুৰী (কেতেকী)
বসন্ত মংগল (চন্দন)
অমিয়া মাধুৰী (মলয়া)
সপোন মাধুৰী (নিজৰা)
জীৱন মাধুৰী (জোনাকী)
শৰৎ মংগল (নন্দন)
হেমন্ত মংগল (বন্দন)

আজলীতৰা নেওগ (১৯১৩–১৯৪৯) এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

১৯১৩ চনৰ ৫ ডিচেম্বৰত আজলীতৰা নেওগৰ জন্ম হৈছিল। তেওঁ বেণুধৰ ৰাজখোৱা আৰু ৰত্নকুমাৰীৰ পঞ্চম কন্যা আছিল।[1] তেওঁ ৰচিত শিশু গ্ৰন্থসমূহ হ'ল: ‘আলিবাবা আৰু দুকুৰি ডকাইত’, ‘সিন্দবাদ আৰু সাতোটি জলযাত্ৰা’, ‘আলাউদ্দিন আৰু এটি আচৰিত চাকি’, ‘আনন্দৰাম ঢেকিয়াল ফুকন’, ‘গুণাভিৰাম বৰুৱা’।[2]

১৯৩০ চনত ডিম্বেশ্বৰ নেওগৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ মুঠ সাতটা সন্তান (তিনিজন পুত্ৰ আৰু চাৰিগৰাকী জী) আছিল। ১৯৪৯ চনৰ ১ নৱেম্বৰৰ দিনা কেৱল ৩৫ বছৰ বয়সতে আজলীতৰা নেওগৰ মৃত্যু হয়।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "About Ajaleetora Neog". dimbeswarneog.com. Archived from the original on 2023-02-05. https://web.archive.org/web/20230205111855/https://dimbeswarneog.com/ajaleetora-neog/। আহৰণ কৰা হৈছে: 25 জানুৱাৰী 2014. 
  2. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]