বাৰ্তা:অসমীয়া লিপিৰ বুৰঞ্জী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

তথ্য, প্রমাণ আৰু গাম্ভীৰ্য্য[সম্পাদনা কৰক]

শ্রীমান গীতাৰ্থ, সামান্য অলপ যোগ-বিয়োগ কৰি দিলোঁ, তোমাৰ মতে ঠিক ঠাক কৰি ল'বাঁ। প্রবন্ধটোৰ ভাষা আৰু উথ্থাপন শৈলী আৰু গম্ভীৰ আৰু অধ্যয়নপুষ্ট হোৱা উচিত। আশাকৰোঁ অসমৰ হেৰাই যোৱা বুৰঞ্জী আৰু সাম্প্রতিক কালত, বিশেষকৈ যোৱা ৩০ বছৰত দেখা পোৱা উপযুক্ত গৱেষক আৰু গৱেষণাৰ অভাৱৰ এই লজ্জানক অধ্যায়ৰ অন্ত সূচনা কৰক।

সকলো ওলাই আহক। "বাঘা বাঘা" "বিশেষজ্ঞই" বাদ দি যোৱা বিষয়তো যে সাধাৰণ অসমীয়া মানুহেও বিজ্ঞানসন্মত পদ্ধতিৰে গৱেষণা কৰি সত্য প্রতিস্থা কৰিব পাৰে, প্রমাণ কৰি দিয়ক। কাৰো বা কোনো বেলেগ জাতিৰ লগত জিদ কৰি বা বুৰঞ্জীৰ পথ পৰিবৰ্তন কৰিবলৈ নহয়, বিজ্ঞানৰ, অধ্যয়নৰ খাতিৰত।

প্রভাকৰ শৰ্মা নেওগ ০৯:২৮, ২ অক্টোবৰ ২০১১ (UTC)

লিপিৰ ভাগ[সম্পাদনা কৰক]

@Gitartha.bordoloi: লিপিৰ ভাগৰ ফটোকেইখন চাওকচোন, কাইথেলীটো পঢ়ি লাগিছে যেন আধুনিক বা মধ্য উজনি অসমৰ অসমীয়াত লিখা আছে (তাত ৰজাৰ কথা আছে)। আৰু গড়গঞাটো পুৰণি অসমীয়াৰ নিচিনা লাগিছে (তাত ধৰ্মৰ কথা আছে)। Msasag (talk) 17:39, 5 December 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]