অসম সাহিত্য সভাই প্ৰদান কৰা বঁটা আৰু সন্মান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৯১৭ চনত অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে অসম সাহিত্য সভাৰ জন্ম হয়। বৰ্তমানে অসম আৰু বাহিৰৰ ঠাইত ইয়াৰ হাজাৰৰো অধিক শাখা আছে। যোৰহাটত অৱস্থিত চন্দ্ৰকান্ত সন্দিকৈ ভৱন হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়।[1] অসম সাহিত্য সভাই প্ৰদান কৰা বিভিন্ন বঁটা আৰু সন্মানসমূহৰ তালিকা আৰু বিৱৰণ তলত উল্লেখ কৰা হ’ল:

বঁটাৰ নাম বঁটা প্ৰদানৰ উদ্দেশ্য
সদস্য মহীয়ান, ৰসৰাজ আৰু কাব্যভাৰতী প্ৰাচ্যতত্ত্বৰ চৰ্চা আৰু গৱেষণাত মৌলিক আৰু একক বৰঙনি আগবঢ়োৱা শীৰ্ষস্থানীয় প্ৰতিভাসম্পন্ন বিভিন্ন ব্যক্তিক অসম সাহিত্য সভাৰ সৰ্বোত্তম উপাধি সদস্য মহীয়ান, ৰসৰাজ, কাব্যভাৰতী ৰূপে সন্মান জনায়[2]
সাহিত্যচাৰ্য অসমৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰলৈ মৌলিক বৰঙনি আগবঢ়োৱা শীৰ্ষস্থানীয় প্ৰতিভাসম্পন্ন ব্যক্তিক অসম সাহিত্য সভাই সাহিত্যচাৰ্য ৰূপে সন্মান কৰে।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা অসম সাহিত্য সভাই অসমীয়া ভাষাত প্ৰকাশ হোৱা, অসমৰ জাতীয় সমন্বয় সাধন আৰু উচ্চ আদৰ্শ প্ৰতিফলন কৰা শ্ৰেষ্ঠ বুলি বিবেচিত মৌলিক গ্ৰন্থৰ গ্ৰন্থকাৰক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰে।
অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা অসম সাহিত্য সভাই জাতীয় চেতনা আৰু মানৱীয় মূল্যবোধেৰে প্ৰকাশিত সৃষ্টিশীল আৰু আলোচনামূলক গ্ৰন্থৰ গ্ৰন্থকাৰক অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা প্ৰদান কৰে। এই বঁটাৰ লগত দহ হাজাৰ টকা বঁটা লাভ কৰা ব্যক্তিগৰাকীক দিয়া হয়।
গিৰিধৰ শৰ্মা বঁটা অসম সাহিত্য সভাই নতুন লেখক-লেখিকাৰ মাজত উপন্যাস প্ৰতিযোগিতা আয়োজন কৰি শ্ৰেষ্ঠ লেখকক এই বঁটাৰে পুৰস্কৃত কৰে।
সীতানাথ ব্ৰহ্মচৌধুৰী স্মাৰক বঁটা অসমীয়া জাতি-উপজাতিৰ সমন্বয় আৰু সংহতিৰ বিষয়ক কেন্দ্ৰ কৰি ৰচনা হোৱা গ্ৰন্থ বা আলোচনাক সীতানাথ ব্ৰহ্মচৌধুৰী স্মাৰক বঁটাৰে অসম সাহিত্য সভাই পুৰস্কৃত কৰে।
মোহন চন্দ্ৰ শৰ্মা বঁটা অসমীয়া ভাষাত প্ৰকাশিত বছৰৰ শ্ৰেষ্ঠ তত্ত্বগধূৰ মৌলিক গদ্য গ্ৰন্থৰ গ্ৰন্থকাৰক মোহন চন্দ্ৰ শৰ্মা বঁটা অসম সাহিত্য সভাই প্ৰদান কৰে।
মহানন্দ বৰুৱা-শশীপ্ৰভা বৰুৱা বঁটা পঁচিশ বছৰৰ অনূৰ্ধ্ব গল্প লেখক সকলৰ মাজত প্ৰতিযোগিতা আহ্বান কৰি শ্ৰেষ্ঠ বিবেচিত কেইজনক অসম সাহিত্য সভাই এই বঁটাৰে পুৰস্কৃত কৰে।
নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা ৬ ৰ পৰা ৯ বছৰ বয়স সীমাৰ শিশু-উপযোগী সাহিত্যৰ পাণ্ডুলিপি আহ্বান কৰি শ্ৰেষ্ঠ বুলি বিবেচিত হোৱা পাণ্ডুলিপিক নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটাৰে অসম সাহিত্য সভাই পুৰস্কৃত কৰে।
প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা অসম সাহিত্য সভাই বছৰৰ শ্ৰেষ্ঠ শিশুপুথিৰ গ্ৰন্থকাৰক প্ৰমধৰ দত্ত সোঁৱৰণী বঁটা প্ৰদান কৰে।
গোপাল চন্দ্ৰ গোস্বামী বঁটা বছৰটোৰ ভিতৰত প্ৰকাশিত বিজ্ঞান বিষয়ক পুথিৰ জনপ্ৰিয় আৰু শ্ৰেষ্ঠ পুথিখনক অসম সাহিত্য সভাই এই বঁটা প্ৰদান কৰে।
উত্তম চন্দ্ৰ বৰুৱা সোঁৱৰণী বঁটা অসম সাহিত্য সভাই অসমীয়া ভাষাত ৰচিত, ৩৫ বছৰ তলৰ নাট্যকাৰৰ পূৰ্ণাংগ শ্ৰেষ্ঠ নাটকৰ পাণ্ডুলিপিক উত্তম চন্দ্ৰ বৰুৱা সোঁৱৰণী বঁটা প্ৰদান কৰে।
হৰিপ্ৰসাদ নেওগ মুদ্ৰণ আৰু অলংকাৰণ বঁটা অসমীয়া ভাষাত প্ৰকাশিত মুদ্ৰণ আৰু অলংকৰণত শ্ৰেষ্ঠ গ্ৰন্থখনক প্ৰতিবছৰে অসম সাহিত্য সভাই এই বঁটাৰে পুৰস্কৃত কৰে।
হেম বৰুৱা সোঁৱৰণী বঁটা ৰাজনৈতিক পটভূমিত অসমীয়া ভাষাত ৰচিত শ্ৰেষ্ঠ মৌলিক ভ্ৰমণ সাহিত্যৰ বাবে প্ৰতি তিনি বছৰৰ মূৰে মূৰে অসম সাহিত্য সভাই এই বঁটা প্ৰদান কৰে।
বাসন্তী বৰদলৈ বঁটা মহিলা লেখিকাৰ দ্বাৰা ৰচিত গল্প-কবিতা, নাটক-উপন্যাস আদি মৌলিক সাহিত্য আৰু গৱেষণামূলক গ্ৰন্থৰ বাবে প্ৰতিবছৰে অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ মহিলা সাহিত্যিকক অসম সাহিত্য সভাই এই বঁটাৰে পুৰস্কৃত কৰে[2]
বনমালী শইকীয়া বঁটা চাহ-মজদুৰ সমাজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰি শ্ৰেষ্ঠ বিবেচিতজনক অসম সাহিত্য সভাই এই পুৰস্কাৰ প্ৰদান কৰে।
তিলক চন্দ্ৰ শৰ্মা সোঁৱৰণী বঁটা ৩০ বছৰৰ তলৰ নাট্যকাৰৰ দ্বাৰা ৰচিত জাতীয় চেতনা আৰু সমাজ সচেতনতা জাগ্ৰত কৰিব পৰা মৌলিক নাটকৰ পাণ্ডুলিপিক প্ৰতি দুবছৰৰ মূৰে মূৰে অসম সাহিত্য সভাই এই বঁটা প্ৰদান কৰে।
দুৰ্গাধৰ বৰকটকী সোঁৱৰণী বঁটা পুৰণি পুথিৰ সম্পাদনা, পুৰণি সাহিত্য সম্পৰ্কে ৰচিত গৱেষণামূলক বা সমালোচনামূলক গ্ৰন্থ বা পুৰণি সাহিত্য সম্পৰ্কে তত্ত্বমূলক গ্ৰন্থৰ গ্ৰন্থকাৰক প্ৰতি দুবছৰৰ মূৰে মূৰে অসম সাহিত্য সাভাই এই বঁটাৰে পুৰস্কৃত কৰে।
কুমাৰ কিশোৰ সোঁৱৰণী বঁটা অসমীয়া ভাষাত ৰচিত শ্ৰেষ্ঠ মৌলিক উপন্যাসক প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে অসম সাহিত্য সভাই এই বঁটা প্ৰদান কৰে।
ছগনলাল জৈন বঁটা প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে এই বঁটা আৰু দহ বছৰৰ ভিতৰত অসমীয়া ভাষাত প্ৰকাশিত মৌলিক গ্ৰন্থৰ শ্ৰেষ্ঠ গ্ৰন্থকাৰক অসম সাহিত্য সভাই এই বঁটা প্ৰদান কৰে।
কমলা দেৱী বঁটা অসম সাহিত্য সভাই বছৰৰ শ্ৰেষ্ঠ শিশুপুথিক এই বঁটা দিয়া হয়। এই বঁটাৰ পুঁথিৰ ধন শিশু উপযোগী গ্ৰন্থ প্ৰকাশত ব্যয় কৰে।
উগ্ৰতৰা ন্যাস বঁটা অসম সাহিত্য সভাই বছৰৰ শ্ৰেষ্ঠ মৌলিক কাব্যগ্ৰন্থখক (প্ৰকাশিত) এই বঁটাৰে পুৰস্কৃত কৰে।
ডিগবৈ সাহিত্য সেৱা সমিতি বঁটা শ্ৰেষ্ঠ অসমীয়া, মৌলিক পূৰ্ণাংগ নাটকৰ নাট্যকাৰক দুবছৰৰ মূৰে মূৰে অসম সাহিত্য সভাই এই বঁটা প্ৰদান কৰে।
অসম সংঘ (আমেৰিকা) বঁটা অসম সাহিত্য সভাই বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা আয়োজন কৰি শ্ৰেষ্ঠ প্ৰতিযোগীক বঁটা আৰু নগদ দহ হাজাৰ টকাৰে পুৰস্কৃত কৰে।
ৰামদেউ শৰ্মা বঁটা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমীয়া বিষয়ত সৰ্ব্বোচ নম্বৰ পাওঁতা পৰীক্ষাৰ্থীক অসম সাহিত্য সভাই এই বঁটা প্ৰদান কৰে।
শৰৎ চন্দ্ৰ গোস্বামী বঁটা অনা-অসমীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা আয়োজন কৰি শ্ৰেষ্ঠ বিবেচিত ৰচনাক অসম সাহিত্য সভাই এই বঁটা প্ৰদান কৰে[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Buildings and Monuments in Jorhat". Pan India Internet Private Limited. http://www.jorhatonline.in/About/Tourism/Buildings-and-Monuments.html। আহৰণ কৰা হৈছে: January 09, 2013. [সংযোগবিহীন উৎস]
  2. 2.0 2.1 2.2 গ্ৰন্থ: পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ, লিখক: ত্ৰিদিপ গোস্বামী, পৃষ্ঠা নং:২১৫, প্ৰকাশক: অনন্ত হাজৰিকা, বনলতা প্ৰকাশন