চন্দ্ৰকান্ত সন্দিকৈ ভৱন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দ্ৰকান্ত সন্দিকৈ ভৱন
Chandrakanta Handique Bhavan
সাধাৰণ তথ্য
প্ৰকাৰ ভৱন
অৱস্থিতি যোৰহাট, অসম

চন্দ্ৰকান্ত সন্দিকৈ ভৱন (ইংৰাজী: Chandrakanta Handique Bhavan) হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়।[1] এই ভৱনটো যোৰহাট জিলাত অৱস্থিত। অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষাসমূহৰ উন্নতিৰ কাম-কাজৰ লগত এই ভৱনটো জড়িত হৈ আছে। ১৯২৬ চনত ৰাধাকান্ত সন্দিকৈয়ে তেওঁৰ পুত্ৰ চন্দ্ৰকান্ত সন্দিকৈৰ স্মৃতিত এই ভৱনটো দান বৰঙণি হিচাপে আগবঢ়াইছিল।[1]

পুনৰ নিৰ্মাণ[সম্পাদনা কৰক]

পুৰণি ভৱনটোৰ কিছু অংশ ক্ষতি হোৱাত ইয়াক পুনৰ নিৰ্মাণ কৰা হয়। অসম চৰকাৰে এই ভৱনটোৰ পুনৰ নিৰ্মাণ কৰাৰ দায়িত্ব লৈছিল। পূৰ্বৰ ভৱনটোৰ স্থানতে নতুন ভৱনটোৰ নিৰ্মাণ কৰা হয়।[1][2]

উদ্বোধন[সম্পাদনা কৰক]

চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ ভিতৰত থকা অসম সাহিত্য সভাৰ পূৰ্বৰ সভাপতিসকলৰ ছবি।

২০১১ চনৰ ১১ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে।[2] লগতে অসম চৰকাৰে এই ভৱনটোক চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱন বুলি নামাকৰণ কৰে।[2] তৰুণ গগৈয়ে লগতে কয় যে, ৰাধাকান্ত সন্দিকৈয়ে সেই সময়তে অসমীয়া সংস্কৃতি আৰু সাহিত্যৰ প্ৰয়োজনীয়তাৰ কথা বুজিছিল। সেয়েহে, ১৯২৬ চনতে ৰাধাকান্ত সন্দিকৈয়ে অসম সাহিত্য সভাক এই ভৱনটো দান দিছিল।[2]

চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ এক দৃশ্য


লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Buildings and Monuments in Jorhat". Pan India Internet Private Limited. http://www.jorhatonline.in/About/Tourism/Buildings-and-Monuments.html। আহৰণ কৰা হৈছে: January 09, 2013. [সংযোগবিহীন উৎস]
  2. 2.0 2.1 2.2 2.3 "Chandrakanta Handique Bhavan inaugurated". assam tribune. January 12, 2011. Archived from the original on March 4, 2016. https://web.archive.org/web/20160304124514/http://www.assamtribune.com/scripts/detailsnew.asp?id=jan1211%2Fstate06। আহৰণ কৰা হৈছে: January 09, 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]