অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন (২০২০)
দিনাংক | ১-৪ ফেব্ৰুৱাৰী, ২০২০ |
---|---|
স্থান | শুৱালকুছি, কামৰূপ জিলা, অসম |
ৱেবছাইট | asomsahityasabhakaliaborsession |
অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম (৭৫-তম) দ্বিবাৰ্ষিক অধিৱেশন |
অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম (৭৫-তম) দ্বিবাৰ্ষিক অধিৱেশন কামৰূপ জিলাৰ শুৱালকুছিত ২০২০ চনৰ ১, ২, ৩ আৰু ৪ ফেব্ৰুৱাৰী, তাৰিখে অনুষ্ঠিত হৈছিল। এই অধিৱেশনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় তিনি হাজাৰ প্ৰতিনিধি আৰু শতাধিক বিশিষ্ট লেখক, সাহিত্য-সমালোচক, গৱেষক সমবেত হোৱাৰ লগতে প্ৰায় বিছ লাখ জনসাধাৰণে অংশগ্ৰহণ কৰিছিল। এই সভাত ড° কুলধৰ শইকীয়াই সভাপতিত্ব কৰিছিল।[1]
কাৰ্যক্ৰম
[সম্পাদনা কৰক]বাংলা সাহিত্যিক তথা শান্তিনিকেতনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰামকুমাৰ মুখোপাধ্যায়ে মুখ্য অতিথিৰূপে উপস্থিত থাকি ২ ফেব্ৰুৱাৰীৰ মুকলি সভা উদ্বোধন কৰে। ৩ ফেব্ৰুৱাৰী তাৰিখে অসমৰ তদানীন্তন ৰাজ্যপাল অধ্যাপক জগদীশ মুখী মুখ্য অতিথিৰূপে উপস্থিত থাকে।[1]
চাৰিদিনীয়া অধিৱেশনৰ অনুষ্ঠানসমূহ ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় ডেৰশ বিঘা মাটি আৱৰি অস্থায়ীভাৱে নিৰ্মাণ কৰা পাঁচখন মঞ্চত অনুষ্ঠিত হয়।[1] অধিৱেশনত অনুষ্ঠিত হোৱা উল্লেখযোগ্য অনুষ্ঠানসমূহ হৈছে[1]:
- কবি সন্মিলন
- ‘ৰামধেনু’ (যুৱ প্ৰতিভাৰ সন্মিলন)
- নাট্যকাৰ সন্মিলন
- গল্পকাৰ সন্মিলন
- ব্যংগ লিখক সন্মিলন
- বিজ্ঞান-সাহিত্য লিখক সন্মিলন
- সাংবাদিক সন্মিলন
- ‘কুঁহি’ (শিশু সন্মিলন)
- অনুবাদ সন্মিলন
- ‘আকাশ’ (মহিলা প্ৰতিভা সন্মিলন)
- জনজাতীয় লিখক, জনজাতীয় ছাত্ৰ আৰু যুৱ সংগঠনৰ সন্মিলন
- জনজাতীয় সাহিত্য সংগঠনৰ সন্মিলন
- প্ৰকৃতি, পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰ্মীৰ সন্মিলন
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "শুৱালকুছি অধিৱেশন". অসম সাহিত্য সভা. Archived from the original on 15 August 2022. https://web.archive.org/web/20220815132859/https://asamsahityasabha.org/assamese/sualkuchi-adhiveshon.php। আহৰণ কৰা হৈছে: 15 August 2022.
|