শৰৎচন্দ্ৰ গোস্বামী
শৰৎচন্দ্ৰ গোস্বামী | |
---|---|
জন্ম | ১২ মে', ১৮৮৭ নলবাৰী |
মৃত্যু | ১৯ ডিচেম্বৰ, ১৯৪৪ (৫৭ বছৰ) |
পেচা | সাহিত্যিক, শিক্ষাবিদ, গৱেষক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শৰৎচন্দ্ৰ গোস্বামী (ইংৰাজী: Sarat Chandra Goswami; ১৮৮৭ - ১৯৪৪)[1] অসমৰ এজন শিক্ষাবিদ, সাহিত্যিক, গৱেষক আৰু সুসংগঠক আছিল।
পৰিয়াল[সম্পাদনা কৰক]
শৰৎচন্দ্ৰ গোস্বামীৰ জন্ম নলবাৰীৰ নাৰায়নপুৰ সত্ৰত (বৰ্তমান নলবাৰী সত্ৰ) ১৮৮৭ চনৰ ১২ মে' তাৰিখে হৈছিল। তেখেতৰ পিতৃ ললিতচন্দ্ৰ গোস্বামী অসমীয়া পদ-পুথি ‘কেলি-ৰহস্য’ৰ প্ৰণেতা আছিল। আৰু মাতৃৰ নাম মুকুন্দপ্ৰিয়া দেৱী।
শিক্ষাজীৱন[সম্পাদনা কৰক]
সৰুতে মাটিৰাম দাস নামৰ এজন ব্যক্তিৰ অধীনত ঘৰতে প্ৰাথমিক শিক্ষা লাভ কৰি ১৮৯৭ চনত মজলীয়া স্কুলত ভৰ্তি হয়। ১৯০০ চনত মজলীয়া স্কুলৰ বৃত্তি পৰীক্ষা দি অসম উপত্যাকাৰ ভিতৰত প্ৰথম স্থান লাভ কৰে। ১৯০৪ চনত কটন কলেজিয়েট স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত ভৰ্তি হয়। ১৯০৬ চনত এফ-এ মহলাত উঠি কলিকতাৰ মেট্ৰোপলিটান কলেজৰ (বৰ্তমান বিদ্যাসাগৰ কলেজ) বি.এ. শ্ৰেণীত নাম লগাই। ১৯০৮ চনত বি.এ. উত্তীৰ্ণ হৈ কলিকতা বিশ্ববিদ্যালয়ৰ এম.এ. (সংস্কৃত) শ্ৰেণীত ভৰ্তি হয়।
চাকৰি জীৱন[সম্পাদনা কৰক]
১৯০৮ চনত নগাঁৱত অস্থায়ীভাৱে ডেপুটী ইন্সপেক্টৰ পদত নিয়োজিত হয়। পিছত সেই পদত স্থায়ী নিযুক্তি লাভ কৰি মঙ্গলদৈ চহৰলৈ বদলি হয়। ১৯১১ চনত ঢাকা ট্ৰেইনিং কলেজৰপৰা বি.টি. পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে। ১৯১২ চনত যোৰহাটলৈ বদলি হয়। ১৯১৩ চনত অস্থায়ীভাৱে সহকাৰী পৰিদৰ্শক পদ লাভ কৰে। ১৯১৫ চনত যোৰহাটৰ নৰ্মাল স্কুলৰ অধীক্ষকৰ পদত নিয়োজিত হয় আৰু সেই পদটো ‘প্ৰভিন্সিয়েল্ চাৰ্ভিচ’লৈ উন্নীত কৰে। ১৯২৮ চনত অসম উপত্যকাৰ বিদ্যালয়সমূহৰ ইন্সপেক্টৰ পদত নিয়োজিত হয়। তেখেতে জনশিক্ষাৰ বিশেষ বিষয়াৰূপেও কাৰ্যনিৰ্বাহ কৰে। কৰ্মক্ষেত্ৰতত যথেষ্ট সুখ্যাতি অৰ্জন কৰি ১৯৪৩চনৰ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে।[2]
সাহিত্য কৰ্ম[সম্পাদনা কৰক]
শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল, ১৯২০ চনৰ পৰা ১৯২৭ চনলৈকে তেখেতে সম্পাদকৰ পদত অধিষ্ঠিত আছিল[1]। ছাত্ৰজীৱনৰ পৰাই সাহিত্য কৰ্মত জড়িত আছিল। বিষ্ণুৰাম মেধি, গৌৰীকান্ত তালুকদাৰ আদিৰ সৈতে লগ হৈ এখন সাদিনীয়া সাহিত্য আলোচনা সভা পাতে। ইয়াত প্ৰবন্ধ, চুটিগল্প, কবিতা আদি পাঠ কৰা হয়। এফ.এ. পঢ়ি থকা অৱস্থাত ‘অংকুৰ’ নামৰ এখন মাহেকীয়া হাতে-লিখা আলোচনী সম্পাদনা কৰে। ১৯০৫ চনত ‘জোনাকী’ত তেখেতৰ প্ৰথমটো চুটিগল্প প্ৰকাশিত হয়। তেখেতে নাটক, গীত, কবিতা, শিশু সাহিত্য আদিও ৰচনা কৰে। তেখেতৰ একমাত্ৰ উপন্যাস ‘পানিপথ’। এই উপন্যসখন লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত দ্বিতীয়-তৃতীয় বছৰৰ বাঁহীত (১৯১০,১৯১১) খণ্ড-খণ্ডকৈ প্ৰকাশ হৈছিল।[3]। তেখেতৰ দ্বাৰা ৰচিত নাটক হ'ল 'পৰীক্ষা' আৰু 'বুদ্ধদেৱ'। গোস্বামীদেৱে ১১টা কবিতা,৫টা ব্যংগ কবিতা আৰু ৪৩টা কণিকা কবিতা ৰচি থৈ গৈছে। ইয়াৰ উপৰিও তেওঁ ইংৰাজী ভাষাতো বিভিন্ন প্ৰবন্ধ-পাতি ৰচনা কৰিছিল।[2]
ৰচনাৱলী[সম্পাদনা কৰক]
- গল্পাঞ্জলি (১৯১৪)[1]
- ময়না (১৯২০)
- বাজিকৰ (১৯৩০)
- পৰিদৰ্শন (১৯৫৬) (মৰণোত্তৰভাৱে প্ৰকাশিত)
- গল্পমালা (১৯৮৭) (মৰণোত্তৰভাৱে প্ৰকাশিত)
- পানিপথ (১৯৩০)
- অসমীয়া সাধুকথা (১৯২৯)
- পেৰিক্লিচ্ (১৯২৫)
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
![]() |
ৱিকিউৎসত শৰৎচন্দ্ৰ গোস্বামীৰ দ্বাৰা লিখা মূল পাঠ্য আছে। |
- ↑ 1.0 1.1 1.2 Encyclopaedia of Indian Literature: devraj to jyoti, Volume 2, আহৰণ: ১৯-১১-২০১২
- ↑ 2.0 2.1 অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা আৰু প্ৰতিষ্ঠাপক সম্পাদক শৰৎচন্দ্ৰ গোস্বামীৰ অৱদান, লেখক: ড॰ উপেন্দ্ৰজিৎ শৰ্মা, আমাৰ অসম, পূৰ্বাচল, ১ ফেব্ৰুৱাৰী ২০১৫
- ↑ ‘পানিপথ’ উপন্যাসৰ ‘গ্ৰন্থ-সম্পাদকৰ বক্তব্য’, দ্বিতীয় সংস্কৰণ, ১৯৮৯ যতীন্দ্ৰনাথ গোস্বামী, ১৩/১১/৮৯,
|