টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ পৰা পুনঃনিৰ্দেশিত)
টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান
ইংৰাজী: Tocklai Tea Research Institute
প্ৰতিষ্ঠা ১৯১১
পূৰ্বৰ নাম টোকোলাই চাহ গৱেষণা কেন্দ্ৰ
অৱস্থিতি টোকোলাই, যোৰহাট, অসম
ৱেবছাইট http://www.tocklai.org

টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান (ইংৰাজী: Tocklai Tea Research Institute) ১৯১১ চনত যোৰহাটৰ টোকোলাই নৈৰ পশ্চিম পাৰত অসমৰ গৰ্ব সেউজীয়া সোণ চাহৰ উৎপাদন আৰু প্ৰস্তুতকৰণ পদ্ধতিৰ ওপৰত বিস্তাৰ ভাৱে গৱেষণা চলাবৰ বাবে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চাহ বাগিচাসমূহক সামৰি বৰ্তমানৰ টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল। ড॰ পি এইচ কাৰ্পেণ্টাৰক মুৰব্বী বিষয়া হিচাপে নিযুক্তি দিয়া হয়। অসম আৰু বংগ চৰকাৰ আৰু চাহ উদ্যোগে ইয়াৰ প্ৰতিষ্ঠাৰ খৰচ বহন কৰিছিল। ১৯৬৪ চনৰ পহিলা জানুৱাৰীৰ পৰা বৈজ্ঞানিক আৰু উদ্যোগিক অনুসন্ধান পৰিষদ, চাহ ব'ৰ্ড আৰু সদস্য বাগিচাসমূহৰ এটা সমবায় ভিত্তিক গৱেষণা প্ৰতিষ্ঠান হিচাপে 'চাহ গৱেষণা সন্থা' গঠন কৰা হয় আৰু ই টোকোলাই গৱেষণা প্ৰতিষ্ঠানৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে।

টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানত চাহ গছ ৰোৱা, প্ৰতিপাল কৰা, পাত তোলা, সাৰ প্ৰয়োগ কৰা, জলসিঞ্চন, গছক পোক আৰু বেমাৰৰ পৰা ৰক্ষা কৰা আদি বিভিন্ন বিষয়ত গৱেষণা চলাই থকাৰ উপৰিও আধুনিক চাহৰ কলাকৰ্ষণ (tissue culture) আৰু ইয়াৰ ঔষধি গুণৰ ওপৰত বিশেষ গুৰুত্ব সহকাৰে গৱেষণা চলি আছে।[1]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. চিত্ৰ-বিচিত্ৰ অসম; প্ৰদীপ বৰুৱা (২০০৩). টোকোলাই চাহ গৱেষণা কেন্দ্ৰ. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]