সমললৈ যাওক

ধোদৰ আলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ধোদৰ আলিয়েদি সোণাৰি পাৰ হৈ নামৰূপলৈ যোৱাৰ পথত, কাষত শালকাঠনি চাহ বাগিছা দেখা পোৱা গৈছে
Major junctions
From কমাৰগাঁও, গোলাঘাট জিলা
To জয়পুৰ, ডিব্ৰুগড় জিলা
Location
Statesঅসম
Primary
destinations
কমাৰগাঁও - কমাৰবন্ধা - তিতাবৰ - মৰিয়নি - আমগুৰি - নাজিৰা - সোণাৰি - জয়পুৰ
Highway system
ভাৰতীয় পথ নেটৱৰ্ক
ৰাষ্ট্ৰীয় ঘাইপথ  এক্সপ্ৰেছ পথ  ৰাজ্যিক

ধোদৰ আলি (ইংৰাজী: Sluggards' Road) পথটো গোলাঘাট জিলাৰ খুমটাই কমাৰগাঁৱৰ পৰা দক্ষিণ-পূৱলৈ গৈ গোলাঘাট নগৰৰ মাজেদি কমাৰ-বন্ধা হৈ তিতাবৰ, মৰিয়নি মাজেৰে নামৰূপৰ ওচৰৰ জয়পুৰত সংযুক্ত হৈছে[1]। এই আলিটোৰ দৈৰ্ঘ্য প্ৰায় ২১২ কিঃমিঃ।[1] এই পথটো উজনি অসমৰ চাৰিখন জিলা (গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড়)ৰ মাজেৰে পাৰ হৈ গৈছে |

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

কথিত আছে যে, ৰজাঘৰীয়া দায়িত্বৰপৰা হাত সাৰিবৰ বাবে ধোদৰ ভাও ধৰা গোঁসাই আৰু ভকতক ধৰি আনি এই পথটো সজোৱা হৈছিল। সেয়ে এই পথটোৰ নাম ধোদৰ আলি দিয়া হয়[2]

নিৰ্মাণ

[সম্পাদনা কৰক]

১৬৮১-১৬৯৫ চনৰ সময়ছোৱাত আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত এই আলিবাটটো নিৰ্মাণ কৰা হৈছিল[1]। পিছলৈ আহোম ৰজা প্ৰতাপ সিংহই পথটোত ডৰিকা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰোৱায়। দলংখন ৯০৪ ফুট দীঘল (২৭৬ মিটাৰ), ১৮ ফুট বহল (৪.৯ মিটাৰ), আৰু ১৬ ফুট ওখা (৪.৯ মিটাৰ)। ডৰিকাৰ দলংখনে শিৱসাগৰক ওচৰৰ সোণাৰি নগৰৰ লগত সংযোগ কৰিছে।[3]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 "List of Mediaeval Monuments Of Jorhat". http://jorhat.nic.in/places_of_interest.htm#historical%20places আহৰণ কৰা হৈছে: December 02, 2012.
  2. Muirhead Thomson, R. C.. "Village Life". Assam Valley - Beliefs and Customs of the Assamese Hindus. পৃষ্ঠা. 77. http://books.google.co.in/books?id=-HrAiLZE9lwC&pg=PA77&dq=BOOK+ON+DHODAR+ALI,+ASSAM&cd=1#v=onepage&q=BOOK%20ON%20DHODAR%20ALI%2C%20ASSAM&f=false আহৰণ কৰা হৈছে: April 9, 2010.
  3. Kharkhuwa (May 12, 2003). "Sibsagar - Monuments of Unageing Intellect". IgoUgo. http://www.igougo.com/journal-j20115-Assam-Sibsagar_-_Monuments_of_Unageing_Intellect.html আহৰণ কৰা হৈছে: 31 March 2010.