সমললৈ যাওক

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ
মূলমন্ত্ৰ तेजस्वीनावधीतमस्तू
('tejaswinavadhitamastu')
(English: God Bless All)
স্থাপিত ১৯৬৭
ধৰণ ৰাজহুৱা
সঞ্চালক ড॰ এন ভি দেশপাণ্ডে, সঞ্চালক
শৈক্ষিক কৰ্মচাৰী ২০০
স্নাতক শিক্ষাৰ্থী ২০০০ (আনুমানিক)
স্নাতকোত্তৰ শিক্ষাৰ্থী ৪০০ (আনুমানিক)
স্থান শিলচৰ, অসম, ভাৰত
চৌহদ ৫৪০ একৰ (২.২ বৰ্গ কি.মি.)[1]
ৱেবছাইট www.nits.ac.in
NIT Silchar on Map
NIT Silchar on Map
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ (ভাৰত)

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ (ইংৰাজী: National Institute of Technology Silchar) অসমৰ শিলচৰ চহৰত অৱস্থিত এখন অভিযান্ত্ৰিক শিক্ষাৰ প্ৰতিষ্ঠান। ১৯৬৭ চনত আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয় (Regional Engineering College) হিচাপে প্ৰতিষ্ঠিত এই মহাবিদ্যালয়খন ২০০২ চনত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ উন্নীত কৰা হয়। ২০০৭ চনৰ 'ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আইন' (National Institutes of Technology Act, 2007) ৰ অধীনত ইয়াক 'ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান' (Institute of National Importance) হিচাপে ঘোষণা কৰা হয়। ভাৰতৰ ৩০খন ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অন্যতম এই মহাবিদ্যালয়খন শিলচৰ চহৰৰ কাষৰত প্ৰায় ৫৪০ একৰ আৱাসিক চৌহদত প্ৰতিস্থিত।[2]

অৱস্থিতি

[সম্পাদনা কৰক]

এই প্ৰতিষ্ঠানখনৰ অক্ষাংশ ২৪.৭৫° উত্তৰ আৰু দ্ৰাঘিমাংশ ৯২.৭৯° পূৱ। শিলচৰ-হাইলাকান্দি পথত অৱস্থিত এই প্ৰতিষ্ঠাখন শিলচৰ চহৰৰ পৰা ১২ কি:মি: দূৰত অৱস্থিত।

ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যুটীয়াভাৱে, প্ৰযুক্তিৰ ক্ষেত্ৰত মানৱ সম্পদৰ অভাৱ পূৰণৰ বাবে ১৯৬৭ চনত এই প্ৰতিষ্ঠানখন ৰিজিঅ'নেল ইঞ্জিনিয়াৰিং কলেজ হিচাপে শিলচৰত স্থাপন কৰিছিল। ইয়াক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে পৰিচালনা কৰিছিল। প্ৰশাসনীয় ক্ষেত্ৰত ইয়াক স্বায়িত্তশাসিত মহাবিদ্যালয় হিচাপে স্বীকৃতি দিয়া হৈছিল। ২০০২ চনত ইয়াক মান্যতাপ্ৰাপ্ত বিশ্ববিদ্যালয়লৈ উন্নীত কৰি নামটো সলনি কৰি ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা সংস্থান, শিলচৰ (National Institute of Technology, Silchar) ৰখা হয়। ২০০৭ চনত এন আই টি আইনৰ অধীনত ইয়াক ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হয়।

শৈক্ষিক ক্ষেত্ৰ

[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰে অভিযান্ত্ৰিক, বিজ্ঞান আৰু মানৱীয়তাৰ ১১ বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰে। ইয়াত এখন কেন্দ্ৰীয় বিদ্যালয়ো আছে।

বিভাগসমূহ

[সম্পাদনা কৰক]
অভযান্ত্ৰিক বিভাগসমূহ
ক্ৰমিক নংবিভাগ[3]
১অসামৰিক অভিযন্ত্ৰণ বিভাগ
২কম্পিউটাৰ বিজ্ঞান আৰু অভিযন্ত্ৰণ বিভাগ
৩ইলেকট্ৰ্নিকচ আৰু দূৰসংযোগ অভিযন্ত্ৰণ বিভাগ
৪ইলেকট্ৰনিকচ আৰু উপকৰণ অভিযন্ত্ৰণ বিভাগ
৫ইলেকট্ৰিকেল অভিযন্ত্ৰণ বিভাগ
৬যান্ত্ৰিক অভিযন্ত্ৰণ বিভাগ
অনাভিযান্ত্ৰিক বিভাগসমূহ
ক্ৰমিক নংবিভাগ
১ৰসায়ন বিজ্ঞান
২মানৱীয়তা আৰু সমাজ বিজ্ঞান
৩মেনেজমেণ্ট
৪গণিত
৫পদাৰ্থ বিজ্ঞান

স্নাতক ডিগ্ৰী

[সম্পাদনা কৰক]

এই প্ৰতিষ্ঠানখনে ৬টা বিষয়ত বি টেক ডিগ্ৰী প্ৰদান কৰে। এই বিষয়সমূহত নামভৰ্তি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE) ৰ দ্বাৰা অয়োজিত জে ই ই (JEE-Main) পৰীক্ষাৰ জৰিয়তে কৰা হয়। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিৰ্দেশিত সংৰক্ষণ ব্যৱস্থা মানি চলা হয়। এই অনুসৰি ২৭% আসন অন্যান্য পিছপৰা জাতি, ১৫% আসন অনুসূচীত জাতি আৰু ৭.৫% আসন অনুসূচীত জনজাতি সমূহৰ বাবে সংৰক্ষিত।

আন এক পৃথক ব্যৱস্থা 'ডাচা '(DASA= Direct Admission to Students Abroad) ৰ দ্বাৰা, ভাৰত চৰকাৰৰ পৰা জলপানি প্ৰাপ্ত বিদেশী ছাত্ৰ আৰু প্ৰৱাসী ভাৰতীয় ছাত্ৰ সমূহৰ নামভৰ্তি কৰা হয়।

স্নাতকোত্তৰ ডিগ্ৰী

[সম্পাদনা কৰক]

প্ৰতিষ্ঠানখনে তলত দিয়া ধৰণে এম টেক ডিগ্ৰী আগবঢ়ায়:

ক্ৰৰ্মিক নংবিভাগবিষয়
১অসামৰিক অভিযান্ত্ৰিক বিভাগ
  1. Water Resource Engineering
  2. Structural Dynamics and Earthquake Engineering
  3. Transportation Engineering
  4. Structural Engineering
  5. Geotechnical Engineering
২যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ
  1. Thermal Engineering
  2. Design & Manufacturing
  3. Materials and Manufacturing
  4. CAD/CAM
৩ইলেকট্ৰিকেল অভিযান্ত্ৰিক বিভাগ
  1. Power System Engineering
  2. control and industrial automation
৪ইলেকট্ৰনিকচ আৰু দূৰসংযোগ অভিযান্ত্ৰিক বিভাগ
  1. Microelectronics and VLSI design
৫ৰসায়ন বিজ্ঞান
  1. M.Sc. in Applied Chemistry

প্ৰতিষ্ঠানখনে 'এম বি এ' আৰু 'পি এইচ ডি' ডিগ্ৰীও প্ৰদান কৰে।

আৱাসিক জীৱন

[সম্পাদনা কৰক]

ছাত্ৰাৱাস

[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় প্ৰাদ্যোগিক প্ৰতিষ্ঠান, শিলচৰ এখন সম্পূৰ্ণৰূপে আৱসিক প্ৰতিষ্ঠান। ছাত্ৰৰ বাবে আঠটা ছাত্ৰাৱাস আৰু ছাত্ৰীৰ বাবে দুটা ছাত্ৰীৱাস আছে। ইয়াৰ উপৰিও স্নাতকোত্তৰ শ্ৰেণীৰ বাবে অন্য তিনিটা সুকীয়া ছাত্ৰাৱাস আছে। প্ৰতিটো ছাত্ৰাৱাসৰ প্ৰতিটো কোঠাই লেন প্ৰযুক্তিৰ দ্বাৰা অতি উচ্চ দ্ৰুতিৰ ইণ্টাৰনেটৰ লগতে প্ৰতিষ্ঠানৰ অভ্যন্তৰীণ নেটৱৰ্কৰৰ লগতো জড়িত।

ছাত্ৰাৱাসনাম
ছাত্ৰাৱাস ১Genesis
ছাত্ৰাৱাস ২Second Harmonic
ছাত্ৰাৱাস ৩Ecstasy
ছাত্ৰাৱাস ৪Fourth Frolic
ছাত্ৰাৱাস ৫Penta Zeppelin
ছাত্ৰাৱাস ৬Rollicksome
ছাত্ৰাৱাস ৭L'Arc en Ciel
ছাত্ৰাৱাস ৮Octoregia
ছাত্ৰীৱাসনাম
ছাত্ৰীৱাস ১Dei Gratia
ছাত্ৰীৱাস ২Rêve Maison

স্নাতকোত্তৰ শ্ৰেণীৰ বাবে থকা সুকীয়া ছাত্ৰাৱাস তিনিখন হ'ল-

  1. এ পি জে আব্দুল কালাম ছাত্ৰাৱাস
  2. চি ভি ৰমণ ছাত্ৰাৱাস
  3. ভূপেন হাজৰিকা ছাত্ৰাৱাস

ইয়াৰ উপৰিও ১০০০ সামৰ্থ্যৰ ছাত্ৰাৱাস ৯ আৰু পি এইচ ডি সকলৰ বাবে সুকীয়া ছাত্ৰাৱাস ১০ নিৰ্মাণ কাৰ্য চলি আছে।

চিত্ৰভঁৰাল

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]