মৰিয়নি জংচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মৰিয়নি
ভাৰতীয় ৰেল জংচন
Station statistics
ঠিকনা ধোদৰ আলি, মৰিয়নি, অসম
ভাৰত
স্থানাংক 26°39′11″N 94°18′32″E / 26.653°N 94.309°E / 26.653; 94.309স্থানাংক: 26°39′11″N 94°18′32″E / 26.653°N 94.309°E / 26.653; 94.309
উচ্চতা 117 মিটাৰs (384 ফুট)
লাইন লামডিং-ডিব্ৰুগড় শাখা
ফৰকাটিং-যোৰহাট-মৰিয়নি শাখা পথ
গঠনৰ প্ৰকাৰ ভূমিৰ ওপৰত, মানক
প্লে'টফৰ্ম ৪টা
পাৰ্কিং আছে
Other information
ষ্টেচন ক'ড MXN
Division(s) তিনিচুকীয়া
অধিকাৰিত্ব ভাৰতীয় ৰেল
অ'পাৰেটৰ উত্তৰ-পূব সীমান্ত ৰেলৱে
ষ্টেচন স্থিতি কাৰ্য্যৰত
Location
মৰিয়নি জংচন is located in Assam
{{{alt}}}
মৰিয়নি জংচন
অসমৰ মানচিত্ৰত

মৰিয়নি জংচন হৈছে যোৰহাট জিলাত অৱস্থিত এটা গুৰুত্বপূৰ্ণ ৰেল জংছন।

ইতিহাস[সম্পাদনা কৰক]

মৰিয়নিক ৰেলসেৱাই স্পৰ্শ কৰাৰ পিছতে কাটনীবাৰী অঞ্চলত ইংৰাজসকলে এটি জংচন পাতিছিল। প্ৰধানকৈ ককিলামুখৰ জাহাজঘাটলৈ চাহপাত কঢ়িওৱাৰ উদ্দেশ্যৰে এই জংচনটো স্থাপন কৰা হৈছিল। পৰৱৰ্তীকালত বৰ্তমানৰ স্থানলৈ অনা হয়।[1] ১৮৮৫ চনত যোৰহাট প্ৰ’ভিন্সিয়েল ৰেল লাইনটি খোলাৰ পাছত মৰিয়নি ৰেল জংচনলৈ ৰূপান্তৰ হয়।[2] তেতিয়াৰ হাবিতলীয়া মৰিয়নিক মূল ৰেলপথ আৰু ফৰকাটিং-মৰিয়নি বাঞ্চ লাইনে সামৰি লোৱা পিছতে ১৯৩৮ চনত মৰিয়নিত এটা ল’ক' শ্বেড স্থাপন কৰা হয়। কিন্তু কোনো কাৰণতে উক্ত ল’ক' শ্বেডটো কিছু বছৰৰ পাছতে বন্ধ হৈ যায় আৰু ঠাইখিনি পুনৰ হাবিয়ে ঘেৰি ধৰে। জনৈক ‘পাঠেক’ উপাধিৰ জ্যেষ্ঠ ৰেলৱে পৰিদৰ্শক এজনে মৰিয়নিলৈ পৰিদৰ্শনৰ উদ্দেশ্য আহোতে হাবিৰ মাজত লুকাই পৰা শ্বেডটো দেখে আৰু ইয়াৰ সম্প্ৰসাৰণৰ বাবে পৰামৰ্শ আগবঢ়ায়। ফলত ১৯৪৪ চনত যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱেৰ (জে.পি.আৰ) ৱৰ্কশ্বপটো মৰিয়নিলৈ তুলি অনা হয়। সেই চনতেই সৈন্যবাহিনীয়ে (১৩১-আই.আৰ.এম.চি) মৰিয়নিৰ সুবৃহৎ ল’ক' শ্বেডটো নিৰ্মাণ কৰি উলিয়ায়। ১৯৪৮ চনত ফৰকাটিঙৰ ল’ক' শ্বেডটোও চৈধ্যটা ভাপ ইঞ্জিনেৰে সৈতে মৰিয়নিলৈ তুলি অনা হয়। ইয়াৰ পূৰ্বে ইয়াত চাৰিটা চাণ্টাৰ ইঞ্জিনহে আছিল।[1] সৰ্বমুঠ ওঠৰটাৰো অধিক ইঞ্জিনৰ হিচ্‌হিচনী আৰু উকিৰ শব্দই ৰেল নগৰীখনক অহৰ্নিশে মুখৰিত কৰি তুলিলে। ল’কছেদ স্থাপন কৰা পিছতেই মৰিয়নিত স্থাপিত হয় ৰেলৱেৰ গুৰুত্বপূৰ্ণ কেইবাটাও বিভাগ। ট্ৰেফিক, কেৰেজ, ট্ৰেইন লাইটিং, ট্ৰইন ক্লিনিং, দুটাকৈ অগ্নি নিৰ্পাপক কেন্দ্ৰ, পাৱাৰ হাউচ, ফিল্টাৰ হাউচ, ফিল্টাৰ হাউচ, উন্নত চিকিৎসালয়, টেলিফোন কাৰ্যালয় আদিত নিয়োজত কেইবাহাজাৰ ৰেলকৰ্মচাৰীৰ আবাসিক এলেকাৰূপে প্ৰায় দহখন ৰেলৱে কলনি গঢ় লৈ উঠে।[1]

বৰ্তমান[সম্পাদনা কৰক]

ব্যয় বহুলতা আৰু উৎপাদনহীনতাৰ বাবে ১৯৯৭ চনৰ ২৮ ফেব্ৰুৱাৰীত তিনিচুকীয়া ৰেলৱে ডিভিজনৰ বৃহত্তম ল’ক' শ্বেড – মৰিয়নি ল’ক' শ্বেডটো বন্ধ কৰি দিয়া হ’ল। এই জংছনৰ মাজেদি কেইবাখনো উল্লেখযোগ্য ৰেল চলাচল কৰে। ৰাজধানী এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইলৰ দৰে কেইবাখনো গুৰুত্বপূৰ্ণ ৰেল ইয়াত ৰয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 মনোজ কুমাৰ শৰ্মা, সম্পাদক: মুকুল বৰা (৬,৭,৮ ফেব্ৰুৱাৰী ২০০৬ চন). "ৰেল নগৰী মৰিয়নি অতীত আৰু বৰ্তমান". জ্যোতিদৰ্পণ, যোৰহাট জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা (চতুৰ্থ প্ৰকাশ): ৪৬,৪৭,৪৮ পৃষ্ঠা. 
  2. প্ৰীতম কুমাৰ শইকীয়া, সম্পাদক: মুকুল বৰা (৬,৭,৮ ফেব্ৰুৱাৰী ২০০৬ চন). "ইতিহাসৰ বুকুত মৰিয়নিৰ জন্ম পত্ৰিকা বিচাৰি". জ্যোতিদৰ্পণ, যোৰহাট জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা (চতুৰ্থ প্ৰকাশ): ৪৯,৫০ পৃষ্ঠা. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]