সমললৈ যাওক

যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱেৰ পৰা পুনঃনিৰ্দেশিত)
যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে
অঞ্চল অসম
কাৰ্যকাল ১৮৮৩–১৯৪৩[1]
ট্ৰেক গজ ২ ফুট
দৈৰ্ঘ্য ২৮.৫ মাইল

যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’ (ইংৰাজী: Jorehaut Provincial Railway, চমুকৈ JPR) ব্ৰিটিছ অসমৰ শিৱসাগৰ জিলাৰ আৰু বৰ্তমানৰ যোৰহাট জিলাৰ এটা ২ ফুট বহল নেৰ’গজ ৰেলসেৱা আছিল। প্ৰথমে ককিলামুখ ট্ৰামৱে নামকৰণ কৰা এই ৰেলসেৱাৰ নাম পিছলৈ ককিলামুখ ষ্টেট ৰে’লৱে’, যোৰহাট ষ্টেট ৰে’লৱে’ আৰু যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’ হৈছিল। ১৮৮৪ চনৰ ৯ ডিচেম্বৰত গোহাঁইগাঁৱৰ পৰা যোৰহাট নগৰলৈ ৭ মাইল দৈৰ্ঘৰ পথ মুকলি কৰা হয়।[2] পৰৱৰ্তী পৰ্যায়ত ইয়াক তিতাবৰলৈ সম্প্ৰসাৰণ কৰা হয় আৰু এটা শাখা পথ চিনামৰাৰ পৰা মৰিয়নিলৈ নিৰ্মাণ কৰা হয়।[3]

১৮৭৯ চনত ডব্লিঊ. ডব্লিঊ. হাণ্টাৰৰ 'A Statistical Account of Assam'ত যোৰহাট নগৰৰ বাণিজ্যিক গুৰুত্বৰ ওপৰত এক আলোকপাত প্ৰকাশিত হয়। ১৮৬৫ চনত যোৰহাট নগৰত ১৬০খন দোকান আছিল, তাৰে ২৮খন মাৰোৱাৰী ব্যৱসায়ীসকলৰ। তেওঁলোকে কপাহী আৰু ঊণীবস্ত্ৰ, নিমখ, সৰিয়হৰ তেল, ধঁপাত, গুড়, শুকান মটৰমাহ, মাখন, সোণ, প্ৰবাল, পিতলৰ বাচন-বৰ্তন, ৰন্ধন সৰঞ্জাম, , কাঁচৰ অলংকাৰ ইত্যাদি কলিকতা, চিৰাজগঞ্জ আৰু গোৱালপাৰাৰ পৰা আমদানি কৰিছিল আৰু ইয়াৰ পৰা পাটকাপোৰ, সৰিয়হৰ বীজ, আৰু হাতীদাঁত ৰপ্তানি কৰিছিল। কেইখনমান মুছলমান লোকৰদ্বাৰা পৰিচালিত দোকানত ইউৰোপীয় বস্তু-বাহানিৰ বেচা-কিনাও চলিছিল। কিন্তু যোগাযোগ ব্যৱস্থা সেই অনুৰূপে উন্নত নাছিল। নগৰৰপৰা ককিলামুখ ঘাটলৈকে দ ঠাইৰ মাজেৰে পাৰ হৈ যোৱা দহমাইল কেঁচাপথছোৱা পাৰ কৰা এক কঠিন কাৰবাৰ আছিল। বিশেষকৈ বাৰিষা কালত পথৰ দুৰৱস্থাই মানুহক বাৰুকৈয়ে জীয়াতু ভোগাইছিল। কিন্তু সেই পথেৰে যাতায়াতৰ বাৰংবাৰতা অসমৰ আন যিকোনো ঠাইতকৈ ঘন আছিল। ৰেলপথৰ উপযোগিতা সেই সময়ত ডিব্ৰু-শদিয়া ৰেলপথচোৱাই প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট বাকী আছিল। যোৰহাট চাহ কোম্পেনীৰ হাতী-গাড়ী আৰু নাৱৰ বাহিৰে আন পৰিবহণ ব্যৱস্থাৰ কথা যোৰহাটত কোনো বেৰী হোৱাইট নাছিল। ৰেলপথৰ ওপৰত গুৰুত্ব দিবলৈ ওচৰে-পাজৰে কোনো খনিও নাছিল। গতিকে নতুন ৰেলপথ এটাৰ আৱিৰ্ভাৱ হোৱাটো প্ৰান্তীয় শাসন ব্যৱস্থাৰ মুৰব্বীসকলৰ অনুভৱৰ ওপৰতে নিৰ্ভৰ কৰিছিল। ইতিমধ্যে দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ৰ সোৱাদ পাই অভিভূত হোৱা চীফ কমিচনাৰ ষ্টুৱাৰ্ট বেইলীয়ে (Steuart Bayley) ১৮৮২ চনত ভাৰত চৰকাৰৰ অনুমতি অবিহনেই যোৰহাটত এটা ৰেলপথ বহুৱাৰ কাৰণে ১,১১,৩২০ টকা অসমৰ প্ৰভিঞ্চিয়েল ৰেভিনিউৰ পৰা মোকলাই দিয়ে। তাৰ কাৰণে তেওঁ জবাবদিহী হ’বলগীয়া হ’লেও ভাৰত চৰকাৰে প্ৰকল্পটোত অনুমোদন কৰে। কিন্তু বেইলীৰ প্ৰকল্পটো যথেষ্ট যুগান্তকাৰী আছিল - ককিলামুখৰ সমীপৱৰ্তী গোঁহাইগাঁৱৰপৰা যোৰহাট নগৰলৈ ৭ মাইল দৈৰ্ঘৰ এক ৰেলপথ। অদূৰ ভৱিষ্যতত ১৮৮৩ চনত ৰেলপথছোৱা ককিলামুখ ঘাটলৈকে সম্প্ৰসাৰণ কৰাত ই সহায়ক হৈ পৰিছিল। সেইবছৰ ছেপ্টেম্বৰ মাহত দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ৰ দৰেই ২ ফুট গজৰ ৰেলপথ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়, যিহেতু প্ৰধানকৈ নগৰ আৰু ঘাটৰ মাজত চাহপাত আৰু অন্যান্য পণ্য সামগ্ৰী পৰিবহণহে ইয়াৰ লক্ষ্য আছিল। সামান্য মূলধনেৰে সৈতে ২ ফুট গজ এক সঠিক সিদ্ধান্তই আছিল। ডিব্ৰু-শদিয়া ৰেলপথৰ প্ৰতি মাইল নিৰ্মাণ কাৰ্যত ১.২ লাখ টকা খৰচ হোৱাৰ বিপৰীতে ককিলামুখ ট্ৰামৱেৰ প্ৰতি মাইল নিৰ্মাণত ২৯,০০০ টকাহে খৰচ হৈছিল।

History of Indian Railways-ত দিয়া তথ্য অনুসৰি ককিলামুখ ট্ৰামৱেৰ মুকলি হোৱা তাৰিখ ৯ ছেপ্টেম্বৰ, ১৮৮৩ যদিও ১৮৯০-৯১ সংখ্যাৰ Indian Railways Administrative Report অনুসৰি এই ৰেলপথছোৱা ১৮৮৪ চনৰ ১৫ ডিচেম্বৰ তাৰিখে মালবাহী যাতায়াতৰ কাৰণে আৰু যাত্ৰীবাহী সেৱাৰ কাৰণে ১৮৮৫ চনৰ ১৭ অক্টোবৰ তাৰিখে মুকলি হয়। কিন্তু চৰকাৰী পুৰণি নথিত পোৱা তথ্য অনুসৰি ৰেলপথছোৱা মুকলি কৰা হয় ১৮৮৪ চনৰ ৯ ডিচেম্বৰত।

অসমৰ এই দ্বিতীয় ৰেলপথছোৱাই অতিশীঘ্ৰেই ইয়াৰ কাৰ্যকাৰিতা প্ৰতিষ্ঠা কৰে। চাহশিল্পই সোনকালেই এই অকণমানি ৰেলসেৱাটিৰ উপযোগিতা অনুধাৱন কৰি উঠে। ঘটনাক্ৰমত শীঘ্ৰেই সকলো চাহবাগিছাকে সংযোগ কৰি ৰেলপথৰ সম্প্ৰসাৰণৰ এখ সামূহিক দাবীও উত্থাপিত হয়। ৩,৯৬,৫০০ টকা ব্যয় সাপেক্ষ মূল ৰেলপথছোৱাক তিতাবৰলৈকে সম্প্ৰসাৰণ কৰাৰ লগতে এক শাখাপথ মৰিয়নিলৈ সম্প্ৰসাৰণৰ এক প্ৰস্তাৱ ভাৰত চৰকাৰৰ ওচৰত দাখিল কৰা হয়। প্ৰস্তাৱটোত এক টিপ্পনীও যোগ দিয়া হৈছিল যে এই সম্প্ৰসাৰণে অঞ্চলটোত যোগান আৰু বিনিয়োগ বৃদ্ধি কৰাৰ লগতে প্লাৱনভূমিৰ আশে-পাশে পতিত মাটিৰ কৰ্ষণত উদগনি যোগাব। ১৮৮৩ চনৰ ছেপ্টেম্বৰ মাহত লৰ্ড ৰিপনে এই প্ৰস্তাৱত অনুমোদন জনায় কিন্তু এক চৰ্ত সংলগ্ন কৰি দিয়ে যে ৰেলপথছোৱাৰ নাম পূৰ্বৰ "ককিলামুখ ট্ৰামৱে"ৰ পৰা "ককিলামুখ ষ্টেট ৰে’লৱে’"লৈ সলনি কৰা উচিত।

১৮৮৪ চনৰ নৱেম্বৰলৈ ধলী নদীলৈকে ৰেলপথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হয় আৰু সেই বছৰৰে ১৫ ডিচেম্বৰৰ পৰা মালবাহী ৰেলৰ চলাচল আৰম্ভ হয়। কিন্তু ১৮৮৬ চনৰ ২৬ ফেব্ৰুৱাৰীলৈকে ৰেলপথছোৱা যাত্ৰীবাহী ৰেলৰ চলাচলৰ উপযোগী হিচাপে গণ্য কৰা হোৱা নাছিল যদিও মালবাহী ৰেলৰ চলাচল তেতিয়ালৈকে সুচাৰুৰূপেই পৰিচালিত হৈছিল।

ইতিমধ্যে ১৮৮৪ চনৰ ৯ ডিচেম্বৰত গোঁহাইগাঁও আৰু যোৰহাটৰ মাজৰ ৰেলপথছোৱাৰ "ককিলামুখ ষ্টেট ৰে’লৱে’" হিচাপে পুনঃনামকৰণ কৰা হয় আৰু অসমৰ চীফ কমিছনাৰ ছাৰ চি. এ. এলিয়টে আনুষ্ঠানিকভাৱে পথছোৱা মুকলি কৰে।

শীঘ্ৰেই ধলী নদীৰ ওপৰেৰে দলং নিৰ্মাণ কৰা হয় আৰু ১৮৮৭ চনৰ ১৬ জুলাইত ১.৭৫ মাইল দূৰৰ তিতাবৰলৈকে ৰেলপথছোৱাৰ সম্প্ৰসাৰণ ঘটে। অৱশ্যে এই অংশৰ পুনৰীক্ষণ আৰু অঞ্চল বিশেষে পুনৰ্স্থাপনৰ পিচত ১৮৮৮ চনৰ ২৬ ফেব্ৰুৱাৰীত প্ৰথম যাত্ৰীবাহী ৰেলৰ চলাচল হয়। চিনামৰাৰ পৰা মৰিয়ণিলৈকে ৭ মাইল দৈৰ্ঘৰ ৰেল উপপথচোৱাৰ নিৰ্মাণ কাৰ্য ১৮৮৪ চনৰ ডিচেম্বৰত সম্পূৰ্ণ হয় আৰু ১৮৮৫ চনৰ জানুৱাৰীৰ ৭ তাৰিখে প্ৰথম মালবাহী ৰেলৰ চলাচল আৰম্ভ হয়। কিন্তু যাত্ৰীবাহী ৰেলৰ চলাচলৰ কাৰণে ১৮৮৮ চনৰ ২৬ ফেব্ৰুৱাৰীলৈকে আৰু তিনিবছৰ বাট চাব লগীয়া হয়। মৰিয়নি সংযোগকাৰী ৰেলপথছোৱা সম্পূৰ্ণ হোৱাৰ লগে লগে চিনামৰা অসমৰ ৰেলপথৰ ইতিহাসত মাকুমৰ পিচত দ্বিতীয়টো ৰেল জংছন হিচাপে পৰিগণিত হয়।

গোঁহাইগাঁও ৰেলপথছোৱাৰ টাৰ্মিনাছ হিচাপে গণ্য কৰা হ’লেও খৰালি কালৰ বিকল্প হিচাপে ৩.২৫ মাইলৰ আন এক সম্প্ৰসাৰণ ১৮৮৯ চনৰ নৱেম্বৰৰ ১১ তাৰিখে মুকলি কৰা হয়। ইয়াৰ লগে লগে সমগ্ৰ ৰেলপথছোৱাৰ সৰ্বমুঠ দৈৰ্ঘ্য ২৮.৫ মাইল হয়।

উত্তৰসূৰী

[সম্পাদনা কৰক]

ব্ৰহ্মপুত্ৰৰ গতিৰ লগত সংগতি ৰাখি জাহাজঘাটৰ অৱস্থান সঘনে সলনি হোৱাৰ লগে লগে ৰেলপথছোৱাৰো মাজে সময়ে সালসলনি ঘটাবলগীয়া হৈছিল আৰু প্ৰত্যেক সালসলনিতে নতুন নামকৰণেও ঠাই পাইছিল। পূৰ্বৰ ককিলামুখ ষ্টেট ৰে’লৱে’ (KSR) ৰপৰা ১৮৮৬ চনত যোৰহাট ষ্টেট ৰে’লৱে’ (Jorhat State Railway – JSR) আৰু পৰৱৰ্তী পৰ্যায়ত ১৯১৫ চনত আসাম-বেংগল ৰে’লৱে’ৰ (Assam Bengal Railway – ABR) মূলপথক সংলগ্ন কৰাৰ পিচত অধিক আভিজাত্যপূৰ্ণ যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’[3] (Jorhat Provincial railway – JPR)লৈ নাম পৰিৱৰ্তন হয়। ১৯৩৭ চনত ভাৰত চৰকাৰৰদ্বাৰা এই ৰেলপথছোৱা ৰাষ্ট্ৰীয়কৃত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰেক্ষাপটত অসম আৰু বংগৰ ৰেলপথৰ জালিকাখনত যথেষ্ট সালসলনি ঘটোৱা হয়। ১৯৪২ চনত আসাম বেংগল ৰে’লৱে’ আৰু ইষ্টাৰ্ণ বেংগল ৰে’লৱে’ক লগলগাই চৰকাৰে বেংগল এণ্ড আসাম ৰে’লৱে’ (Bengal & Assam Railway) গঠন কৰে। ইয়াত বহুতো সৰু সৰু ৰেল কোম্পানীকে ধৰি ১৯৪৩ চনত যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’কো[1] চামিল কৰা হয়।

যদিও সেই ৰেলসেৱা নিঃশেষ হৈ পৰাৰ আধা শতিকাতকৈও বেছি কাল পাৰ হৈ গ’ল, তথাপি শেষৰ নামটো বৰ্তমানলৈকে যোৰহাটবাসীৰ মাজত প্ৰচলিত হৈ আছে।

কাৰিকৰী দিশ

[সম্পাদনা কৰক]

দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ৰ আৰ্হিৰ ২ ফুট গজৰ নেৰোগজ সেৱাৰেই এই ৰেলপথত প্ৰচলন আছিল। কাৰিকৰী দিশৰপৰা এই ৰেলপথছোৱা সাজি উলিওৱা মুঠেই টান কাম নাছিল। ইয়াত ৰেলপথৰ তলত কোনো শিলৰ বালাষ্ট ব্যৱহাৰ কৰা নাছিল, সূক্ষ্মতম ভাঁজটো ৪৮০ ফুট আছিল, আৰু কাৰ্যকৰী ঢাল আছিল ১:৮০০। অৱশ্যে যোৰহাট আৰু চিনামৰাৰ মাজত এই ঢাল ১:৪০০ আছিল। প্ৰাৰম্ভণিতে ককিলামখ ষ্টেট ৰে’লৱে’ই পুৰণি ব্যৱহৃত ইঞ্জিন কিনাটোৱেই সস্তা আৰু লাভজনক অনুভৱ কৰিছিল। দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ এনে বহুতো সামগ্ৰীৰ এক ভঁৰাল আছিল। পুৰণি লোহাৰ ঘোঁৰাবোৰ পুৰণি সৈনিকৰ দৰেই, সহজে মৃত্যু নহয়, কিন্তু মূল কাৰ্যস্থলৰপৰা দূৰত নীৰৱে লোকচক্ষুৰ আঁৰত নোহোৱা হৈ যায়। তেনে এক লৌহ সৈনিকৰ উদাহৰণ আছিল দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ৰ পুৰণি ষ্টীম ইঞ্জিন 'টাইনি' (Tiny)। শিলিগুড়িত দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ নিৰ্মাণৰ সময়ত ঠিকাদাৰে ব্যৱহাৰৰ কাৰণে অনোৱা সেইটো প্ৰথম ইঞ্জিন আছিল। আৰম্ভণিতে তাৰ নাম 'সূতাৰাম' দিয়া হৈছিল যদিও শিলিগুড়িত আহি উপস্থিত হোৱালৈ তাৰ নাম 'টাইনি' হৈ পৰে। সঠিক তাৰিখ জনা নগ’লেও টাইনিয়ে ১৮৮০ দশকৰ আৰম্ভণিতে সেৱা আগবঢ়োৱাৰ তথ্য পোৱা যায় কাৰণ তাক ভাইচৰয়ৰ প্ৰথম দাৰ্জিলিং যাত্ৰাৰ দায়িত্বত নিয়োগ কৰা হৈছিল। টাইনিক দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ৰ ইঞ্জিন নম্বৰ দিয়া হোৱা নাছিল বৰঞ্চ অধিক সময় ই শিলিগুড়িত শ্বাণ্টিং কাৰ্যত অতিবাহিত কৰিছিল। ১৮৮৬ চনত তাক যোৰহাট ষ্টেট ৰে’লৱে’ৰ ইঞ্জিন নম্বৰ ৪ হিচাবে চাহবাগানসমূহত সেৱাবৃত্ত কৰা হয়। নিশ্চিতভাৱে ইয়াৰ সেৱাক আদৰণি জনোৱা হৈছিল, কাৰণ পূৰ্বৰ তিনিটা ইঞ্জিন সহজে লাইনচ্যূত হোৱা দেখা গৈছিল। ২-ফুট গজৰ ইঞ্জিনবোৰ সাধাৰণতে ভাৰতবৰ্ষৰ ৰেলপথসমূহৰ মাজত পাৰস্পৰিক আদান-প্ৰদানৰ মাজেৰে নিয়োজিত হৈছিল। উদাহৰণস্বৰূপে ১৯৪২ চনত দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ৰ টিনধাৰিয়া কাৰ্যশালাৰ মেনেজাৰ জিমি শ্বই (Jimmy Shaw) জে. পি. আৰ. পৰিদৰ্শন কৰি ইয়াৰপৰা চাৰিটা ইঞ্জিন কিনাৰ প্ৰস্তাৱ দিয়ে। কিন্তু পৰিচালন সমিতিয়ে সেই প্ৰস্তাৱত অনুমোদন নজনালে। আনহাতে দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ৰ কেইবাটাও ইঞ্জিনে আসাম ৰে’লৱে’ ট্ৰেডিং কোম্পানীৰ অদীনত অসমলৈ আহি অদ্যাপি মাৰ্ঘেৰিটা আৰু টিপংপানীৰ কয়লাখনিত সেৱা আগবঢ়াই আছে। অনুৰূপে জে. পি. আৰ.ৰ দুটা ইঞ্জিন এতিয়াও দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ৰ সেৱাত ব্ৰতী হৈ আছে।

বৰ্তমান

[সম্পাদনা কৰক]

পূৰ্বৰ নেৰোগ’জ সেৱাক উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ মিটাৰগজ সেৱাই প্ৰতিষ্ঠাপিত কৰাৰ লগে লগে তিতাবৰ-চিনামৰা আৰু গোঁহাইগাওঁ-ককিলামুখৰ মাজৰ পথ দুছোৱা অকামিলা হৈ পৰে। মিটাৰগজসেৱা নিমাতীঘাটলৈকে প্ৰসাৰিত কৰা হৈছিল। ইতিমধ্যে ফৰকাটিং জংছনৰপৰা আন এক শাখা আহি যোৰহাট টাউন ষ্টেশ্যন (ৰে’লৱে’ ক’ড JTTN) হৈ যোৰহাট জংছনত (ৰে’লৱে’ ক’ড JT) লাগেহি। কিন্তু শেহলৈ মিটাৰগজ সেৱাৰ যোৰহাট জংছন আৰু নিমাতীঘাটৰ মাজৰ সেৱাও বাতিল কৰা হয়। ১৯৯৭ চনত মৰিয়নি-যোৰহাট টাউন-ফৰকাটিং শাখাৰ ব্ৰডগ’জ সেৱালৈ উন্নীতকৰণ হয়। যোৰহাট জংছন ষ্টেশ্যন বৰ্তমান মাৰ্শ্বেলিং য়াৰ্ড হিচাপে ব্যৱহাৰ হৈ আহিছে। যোৰহাট জংছন এতিয়াও স্থানীয় লোকৰ মাজত জে. পি. আৰ. নামেৰেই প্ৰসিদ্ধ।

লগতে চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "NFR History". NF Railway. Archived from the original on 2014-05-02. https://web.archive.org/web/20140502032906/http://www.nfr.railnet.gov.in/engir/History1.htm। আহৰণ কৰা হৈছে: 5 এপ্ৰিল 2014. 
  2. http://jorhat.nic.in/history-of-jorhat.html
  3. 3.0 3.1 ৰবীন্দ্ৰ চন্দ্ৰ বৰুৱা (চেপ্তেম্বৰ-অক্টোবৰ ২০০৭). "ব্ৰহ্মপুত্ৰ উপত্যকাত ৰেলগাড়ী". মন্থন: ২০, ২১. 
  1. Dutta, A.K. Indian Railways: The Final Frontier. 2002. (Published by NFR)
  2. Griffiths, P. The History of Indian Tea Industry, 1967
  3. Mahanta, A. P. Railway Transport and Its Impact on Resource Utilisation in the Brahmaputra Valley, 1992 (Ph.D. Thesis, Gauhati University.
  4. Sinclair, Boyd. Running on Time In a Timeless Land in Ex-CBI Roundup, November 1950 Issue.
  5. Tour Diary of the Deputy Commissioner, Sibsagar. Archived in Jorhat D.C’s Office