আসাম বেংগল ৰেলৱে
![]() | |
উদ্যোগ | ৰেলৱে |
---|---|
স্থাপিত | ১৮৯২ |
মুখ্য কাৰ্যালয় | কলিকতা, ব্ৰিটিছ ভাৰত |
দেশ/অঞ্চল | বংগ আৰু অসম |
পৰিসেৱা | ৰেল পৰিবহণ |
আসাম বেংগল ৰেলৱে (ইংৰাজী: Assam Bengal Railway, চমুকৈ ABR) ব্ৰিটিছ ভাৰতৰ আৰম্ভণি কালৰ এটা ৰেলৱে কোম্পানী আছিল। বেংগল এণ্ড আসাম ৰেলৱেৰ পূৰ্বসূৰী এই কোম্পানীটোৰ কাৰ্যকাল আছিল ১৮৯২ চনৰ পৰা ১৯৪২ চনলৈ।[1][2][3]
ইতিহাস[সম্পাদনা কৰক]
অসমৰ চাহ উদ্যোগৰ উন্নয়নৰ হকে অসম বেংগল ৰেলৱে কোম্পানী ১৮৯২ চনত গঠিত হয়।[4] আসাম বেংগল ৰেলৱেই অসমৰ চাহ বাগিছা আৰু কয়লা খনি অধ্যুষিত অঞ্চলবোৰক চিটাগং বন্দৰৰ সৈতে সংযোজিত কৰে; যাতে সহজে অসমৰ চাহ আৰু কয়লা বিদেশলৈ লৈ যাব পৰা যায়।
উত্তৰসূৰী[সম্পাদনা কৰক]
১৯৪২ৰ ১ জানুৱাৰীত আসাম বেংগল ৰেলৱেক ব্ৰিটিছ ভাৰত চৰকালৈ হস্তান্তৰ কৰি নতুনকৈ গঠিত বেংগল এণ্ড আসাম ৰেলৱেত (B&A Railway) অন্তৰ্ভূক্ত কৰা হয়। বেংগল-আসাম ৰেলৱেত ইষ্টাৰ্ণ বেংগল ৰেলৱে,'বেংগল-দুৱাৰ ৰেলৱে', যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে, চাপৰমুখ-শিলঘাট ৰেলৱে, 'কাটাখাল-লালাবজাৰ ৰেলৱে' আদি আন বহুকেইটা কোম্পানীকো চামিল কৰা হয়।[4][1][5][6]১৯৪৭ চনত ভাৰত বিভাজনৰ লগে-লগে বেংগল এণ্ড আসাম ৰেলৱেৰো বিভাজন হ'ল। এই ৰেলৱেৰ এটা বৃহত্তৰ অংশ, ২৬০৩.৯২ কিলোমিটাৰ পৰিল পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশত। এটা অংশ সংযুক্ত কৰা হ'ল পূব ৰেলৱেৰ সৈতে। বাকী অংশটোক আসাম ৰেলৱে নামকৰণ কৰি পাণ্ডুত মুখ্য কাৰ্যালয় স্থাপন কৰা হয়।[7]
১৯৪৭ চনত ভাৰত বিভাজনৰ ফলত ভাৰতত ভাগত পৰা ব্ৰড গ'জ ৰেলপথখিনি ইষ্ট ইণ্ডিয়া ৰেলৱেত অন্তৰ্ভূক্ত কৰা হয়। বেংগল-আসাম ৰেলৱেৰ অসম আৰু উত্তৰ বঙ্গত থকা মিটাৰ গ'জ ৰেলপথখিনিক লৈ আসাম ৰেলেৱে গঠন কৰা হয়। আসাম ৰেলৱেৰ মুখ্য কাৰ্যালয় পাণ্ডুত স্থাপন কৰা হয়।[8]
১৯৫২ চনত ভাৰতীয় ৰেলক প্ৰশাসনিক সুবিধাৰ বাবে ৬টা জ'নত বিভক্ত কৰা হয়। সেই সূত্ৰে অৱধ-তিৰহুট ৰেলৱে, বোম্বে বৰোডা এণ্ড চেণ্ট্ৰেল ইণ্ডিয়া ৰেলৱেৰ ফটেহপুৰ জিলা আদিকে ধৰি আসাম ৰেলৱেৰ ২৮৫৭ কিলোমিটাৰ পথ পূৰ্বোত্তৰ ৰেলৱে জ'নত অন্তৰ্ভূক্ত কৰা হয়। ১৯৫৮ চনত পূৰ্বোত্তৰ ৰেলৱেৰ বিভাজন ঘটাই উত্তৰ-পূব সীমান্ত ৰেলৱে গঠন কৰা হয়।[4][9][10][11] আনহাতে ইষ্ট ইণ্ডিয়া ৰেলৱেৰ অন্তৰ্ভূক্ত হোৱা পূৰ্বৰ বেংগল-আসাম ৰেলৱেৰ ব্ৰডগ'জ ৰেলপথখিনি পূব ৰেলৱে জ'নত (Eastern Railway Zone) চামিল হয়।[12]
আনহাতে পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশত অন্তৰ্ভূক্ত হোৱা ৰেলপথখিনিক ইষ্টাৰ্ণ বেংগল ৰেলৱে নাম দিয়া হয়। ১৯৬১ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে এই নাম সলাই পাকিস্তান ইষ্টাৰ্ণ ৰেলৱে কৰা হয়।[13] বাংলাদেশ গঠন হোৱাৰ পাছত ই হয়গৈ বাংলাদেশ ৰেলৱে।[14]
ৰেলপথ[সম্পাদনা কৰক]

আসাম বেংগল ৰেলৱেই ১৮৯১ চনত বঙ্গৰ পূব অঞ্চলত ৰেলপথ বহুওৱাৰ কাম আৰম্ভ কৰে। ১৮৯৫ চনত বৰ্তমান বাংলাদেশৰ চিটাগং আৰু কুমিল্লাৰ মাজত ১৫০ কিলোমিটাৰ দৈৰ্ঘৰ ৰেলপথচোৱা চলাচলৰ বাবে মুকলি কৰা হয়। কুমিল্লা-আখাউৰা-কুলাৰা-বদৰপুৰ শাখা মুকলি কৰা হয় ১৮৯৬-১৮৯৮ চনৰ ভিতৰত। পাছলৈ এই পথচোৱা লামডিঙলৈ সম্প্ৰসাৰণ কৰা হয়।[14][15][16] ১৯০০ চনত গুৱাহাটীলৈ এটা শাখা ৰেলপথ তৈয়াৰ কৰা হয়। ১৯০২ চনত এই পথটো তিনিচুকীয়ালৈ সম্প্ৰসাৰণ কৰা হয় আৰু ১৯০৩ চনত ইয়াক ডিব্ৰু-শদিয়া ৰেলপথৰ সৈতে সংযোজিত কৰা হয়। একেটা বছৰতে আসাম বেংগল ৰেলৱেই লকচমৰ পৰা নোৱাখালিলৈয়ো এটা শাখা ৰেলপথ নিৰ্মাণ কৰে।[4]
লগতে চাওক[সম্পাদনা কৰক]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 Assam Bengal Railway, Banglapedia: The National Encyclopedia of Bangladesh, Asiatic Society of Bangladesh, Dhaka, Retrieved: 2007-01-11
- ↑ Eastern Bengal Railway, Banglapedia: The National Encyclopedia of Bangladesh, Asiatic Society of Bangladesh, Dhaka, Retrieved: 2007-01-11
- ↑ East Indian Railway, Banglapedia: The National Encyclopedia of Bangladesh, Asiatic Society of Bangladesh, Dhaka, Retrieved: 2007-01-11
- ↑ 4.0 4.1 4.2 4.3 R.P.Saxena. "Indian Railway History timeline". http://irse.bravehost.com/IRHTML.htm। আহৰণ কৰা হৈছে: 2012-02-24.
- ↑ History, Bangladesh Railway, People's Republic of Bangladesh, Retrieved: 2007-01-11
- ↑ Rao, M.A. (1988). Indian Railways, New Delhi: National Book Trust, p.37
- ↑ http://www.nfr.railnet.gov.in/engir/History1.htm
- ↑ Rao, M.A. (1988). Indian Railways, New Delhi: National Book Trust, p.39
- ↑ "History". Northeast Frontier Railway. http://www.nfr.railnet.gov.in/engir/History1.htm। আহৰণ কৰা হৈছে: 2012-02-24.
- ↑ "Chapter 1 - Evolution of Indian Railways-Historical Background". Ministry of Railways, India website. http://www.indianrailways.gov.in/financecode/ADMIN_FINANCE/AdminFinanceCh1_Data.htm.
- ↑ Rao, M.A. (1988). Indian Railways, New Delhi: National Book Trust, pp.42-3
- ↑ "Sealdah division-Engineering details". The Eastern Railway, Sealdah division. http://www.easternrailwaysealdah.gov.in/WebForm/FrameContent/Engineering.html.
- ↑ "Hstory". Bangladesh Railways. http://www.railway.gov.bd/history.asp। আহৰণ কৰা হৈছে: 2012-02-24.
- ↑ 14.0 14.1 "Railway". Banglapaedia. http://www.banglapedia.org/httpdocs/HT/R_0048.HTM। আহৰণ কৰা হৈছে: 2012-02-24.
- ↑ "Report on the administration of North East India (1921-22)". p. 46. Google Books/ Mttal Publishers Distributors. http://books.google.co.in/books?id=pL_GfLfK3lYC&pg=PA46&lpg=PA46। আহৰণ কৰা হৈছে: 2011-12-16.
- ↑ S.N.Singh, Amarendra Narain, Purnendu Kumar. "Socio Economic and Political Problems of Tea Garden Workers: A Study of Assam, Published 2006, ISBN 81-8324-098-4". p. 105. Mittal Publications, New Delhi. http://books.google.co.in/books?id=7OsLGZKYP5MC&pg=PA105। আহৰণ কৰা হৈছে: 2011-12-16.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- উত্তৰ-পূব সীমান্ত ৰেলৱে ৱেবছাইট
- ভাৰতীয় ৰেল অনলাইন
- ভাৰতীয় ৰেল গুণমুদ্ধ ক্লাৱ
- বাংলাদেশ ৰেলৱে সময়ৰেখা