বংগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

বংগ (বাংলা ভাষাত: বঙ্গ/ বাংলা) এটি ভৌগোলিক, সাংস্কৃতিক আৰু ঐতিহাসিক অঞ্চল, যি দক্ষিণ এছিয়াৰ পূব দিশে স্থিত, বংগোপসাগৰৰ উত্তৰ দিশে। ই ঘাইকৈ বৰ্তমানৰ বাংলাদেশ আৰু ভাৰতপশ্চিম বংগ ৰাজ্য সামৰে। ভৌগোলিকভাৱে, ই গংগা-ব্ৰহ্মপুত্ৰ ব-দ্বীপ সামৰে, যি বিশ্বৰ সৰ্ববৃহৎ ব-দ্বীপ। তদুপৰি, নেপাল আৰু ভূটানৰ দক্ষিণ দিশৰ হিমালয়ৰ এটি অংশও এই অঞ্চলৰ অন্তৰ্গত। পাহাৰীয়া বৰ্ষাবনকে ধৰি ঘন অৰণ্য বংগৰ উত্তৰ আৰু পূব দিশে আছে। এই অঞ্চলৰ মধ্য ভাগত আছে উচ্চ মালভূমি: সৰ্বোচ্চ বিন্দু ৩৬৩৬ মিটাৰ উচ্চ চাণ্ডাকফু। দক্ষিণ-পশ্চিম দিশে আছে সুন্দৰবন, যি বিশ্বৰ সৰ্ববৃহৎ মেনগ্ৰোভ বন। অঞ্চলটোৰ জলবায়ু মৌচুমী, যাক পৰম্পৰাগত বাঙালী পঞ্জিকাত ৬ ঋতুত ভাগ কৰা হয়।

ইতিহাস[সম্পাদনা কৰক]

পূৰ্বতে গংগাঋদ্ধি (গ্ৰীক ভাষাত গংগাৰিডাই) নামেৰে জনাজাত ৰাজ্য প্ৰাচীন কালত এটি অগ্ৰণী শক্তি আছিল, য'ত আছিল বিস্তৃত বাণিজ্য-পথ, যি ৰোমান ইজিপ্তলৈকে বিয়পি আছিল। বাঙালী পাল সাম্ৰাজ্য আছিল এই অঞ্চলৰ অন্তিম বৌদ্ধ শাসক, যি ৭৫০ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিল। ই নৱম শতিকালৈ ভাৰতীয় উপমহাদেশৰ এক অগ্ৰণী শক্তি হৈ পৰিছিল।[1][2][3] দ্বাদশ শতিকাত হিন্দু সেন বংশ ক্ষমতালৈ আহিল।[4] পাল বংশৰ ৰাজতেই এই অঞ্চলত ইছলাম ধৰ্মই প্ৰৱেশ কৰিছিল, আব্বাছিদ কালিফেটৰ সৈতে বাণিজ্যৰ মাধ্যমেৰে।[5] দিল্লী সুলতানীৰ স্থাপনাৰ পাছত বংগত এই ধৰ্মৰ প্ৰভাৱ ব্যাপকভাৱে বাঢ়িবলৈ ধৰিল। আৰ্থিকভাৱে এই অঞ্চল শৃংগত আছিল বংগ সুলতানীৰ কালত, যি ১৩৫২ চনত স্থাপিত। সেই সময়ত ই বিশ্বৰ আতাইতকৈ ধনী বাণিজ্যিক জাতিৰ অন্যতম আছিল।[6]

১৫৭৬ চনত ই মোগল সাম্ৰাজ্যত মিলিল। বংগ চুবাঃ আছিল সাম্ৰাজ্যখনৰ আতাইতকৈ ধনী প্ৰান্ত, আৰু এক মহত্বপূৰ্ণ বৈশ্বিক ৰপ্তানিকাৰী।[7] কপাহ, পাত আৰু জাঁহাজ আদি নিৰ্মাণৰ ই কেন্দ্ৰ আছিল।[8] বংগৰ মুঠ ঘৰুৱা উৎপাদন আছিল বিশ্বৰ ১২%, যি পশ্চিম ইউৰোপতকৈও অধিক আছিল।[9][10] বংগবাসীৰ জীৱনৰ স্তৰ আছিল বিশ্বৰ ভিতৰতেই আতাঅতকৈ চহকী।[11][9] এই কালতেই বংগৰ অৰ্থনীতিৰ আদ্য-ঔদ্যোগীকৰণ দেখা গৈছিল।[12] ১৭৫৭ চনত পলাশীৰ ৰণব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ বংগৰ শাসন গ'ল। ব্ৰিটিছ ৰাজৰ অন্তৰ্গত, ই হৈ পৰিল বেংগল প্ৰেচিডেঞ্চি। বিশ্বৰ প্ৰথম ঔদ্যোগিক বিপ্লৱত বংগৰ বিশেষ ভূমিকা আছিল, কিন্তু পাছলৈ এই অঞ্চলৰ নিজৰেই অ-ঔদ্যোগীকৰণ দেখা গ'ল।[13] ইষ্ট ইণ্ডিয়া কোম্পানীৰ নীতিৰ ফলত, যেনে বৰ্ধমান কৃষি কৰ (১০%ৰ পৰা ৫০%লৈ), আৰু লগতে অকাল, মহামাৰী আদিৰ ফলত, ১৭৭০ চনত দ্য গ্ৰে'ট বেংগল ফেমিন হ'ল, য'ত ১ নিযুতৰ পৰা ১০ নিযুত বাঙালীৰ মৃত্যু হ'ল।[14][15]

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানে বংগ আক্ৰমণ কৰিছিল। এই সময়ত ভাৰতীয় স্বাধীনতা আন্দোলনৰ অনেক বিপ্লৱী গোট এই অঞ্চলত সক্ৰিয় আছিল। ভাৰত বিভাজনৰ সময়ত বংগক দুভাগ কৰা হ'ল হিন্দু প্ৰধান পশ্চিম বংগ আৰু মুছলিম প্ৰধান পূব বংগত। মাজতে এক স্বাধীন, ঐক্যবদ্ধ বংগ সৃষ্টিৰ পৰিকল্পনা কৰা হৈছিল যদিও ধাৰ্মিক বিবাদৰ বাবে সেই পৰিকল্পনা বাদ দিয়া হ'ল।[note 1] পশ্চিম বংগ ভাৰতৰ ভাগ হ'ল, আৰু পূব বংগ পাকিস্তানৰ। পাছলৈ পূব বংগ পাকিস্তানৰ পৰা পৃথক হৈ এক স্বাধীন দেশ হ'ল, যাৰ নাম বাংলাদেশ। যদিও বৰ্তমানে বংগই বাংলাদেশ আৰু পশ্চিম বংগ সূচায়, এসময়ত বংগই বৰ্তমানৰ ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু অসম ৰাজ্য, তথা বৰ্তমানৰ ম্যানমাৰৰাখাইন ৰাজ্যও সামৰিছিল।[16][17]

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনত বংগৰ জনসংখ্যা আছিল ২৫০ নিযুত, যাৰে ১৬০ নিযুত বাংলাদেশ আৰু ৯১.৩ নিযুত ভাৰতৰ নাগৰিক।[18] ই বিশ্বৰ আতাইতকৈ ঘন-বসতিপূৰ্ণ অঞ্চলসমূহৰ অন্য়তম।[16] এই অঞ্চলৰ মুখ্য ভাষা বাংলা। বংগৰ উপৰিও, বাংলাভাষী লোক ভালেমান সংখ্যাত ত্ৰিপুৰা, অসম, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু উত্তৰাখণ্ড আদি ৰাজ্যত থাকে।[19]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Sailendra Nath Sen (1999). Ancient Indian History and Civilization. New Age International. পৃষ্ঠা. 277–287. ISBN 978-81-224-1198-0. https://books.google.com/books?id=Wk4_ICH_g1EC&pg=PA278. 
  2. R. C. Majumdar (1977). Ancient India. Motilal Banarsidass. পৃষ্ঠা. 268–. ISBN 978-81-208-0436-4. https://books.google.com/books?id=XNxiN5tzKOgC&pg=PA268. 
  3. Sailendra Nath Sen (1999). Ancient Indian History and Civilization. New Age International. পৃষ্ঠা. 280–. ISBN 978-81-224-1198-0. https://books.google.com/books?id=Wk4_ICH_g1EC&pg=PA280. 
  4. Sailendra Nath Sen (1999). Ancient Indian History and Civilization. New Age International. পৃষ্ঠা. 277–287. ISBN 978-81-224-1198-0. https://books.google.com/books?id=Wk4_ICH_g1EC&pg=PA278. 
  5. Raj Kumar (2003). Essays on Ancient India. Discovery Publishing House. পৃষ্ঠা. 199. ISBN 978-81-7141-682-0. https://books.google.com/books?id=qvnjXOCjv7EC. 
  6. Nanda, J.N. (2005). Bengal: The Unique State. Concept Publishing Company. পৃষ্ঠা. 10. ISBN 978-81-8069-149-2. "Bengal [...] was rich in the production and export of grain, salt, fruit, liquors and wines, precious metals and ornaments besides the output of its handlooms in silk and cotton. Europe referred to Bengal as the richest country to trade with." 
  7. Giorgio Riello, Tirthankar Roy (2009). How India Clothed the World: The World of South Asian Textiles, 1500–1850. Brill Publishers. পৃষ্ঠা. 174. ISBN 9789047429975. https://books.google.com/books?id=niuwCQAAQBAJ&pg=PA174. 
  8. Ray, Indrajit (2011). Bengal Industries and the British Industrial Revolution (1757–1857). Routledge. পৃষ্ঠা. 174. ISBN 978-1-136-82552-1. https://books.google.com/books?id=CHOrAgAAQBAJ&pg=PA174. 
  9. 9.0 9.1 M. Shahid Alam (2016). Poverty From The Wealth of Nations: Integration and Polarization in the Global Economy since 1760. Springer Science+Business Media. পৃষ্ঠা. 32. ISBN 978-0-333-98564-9. https://books.google.com/books?id=suKKCwAAQBAJ&pg=PA32. 
  10. . প্ৰকাশক Dhaka. 31 July 2015. http://www.thedailystar.net/op-ed/politics/which-india-claiming-have-been-colonised-119284. 
  11. Harrison, Lawrence E.; Berger, Peter L. (2006). Developing cultures: case studies. Routledge. পৃষ্ঠা. 158. ISBN 9780415952798. https://books.google.com/books?id=RB0oAQAAIAAJ. 
  12. Lex Heerma van Voss; Els Hiemstra-Kuperus; Elise van Nederveen Meerkerk (2010). "The Long Globalization and Textile Producers in India". The Ashgate Companion to the History of Textile Workers, 1650–2000. Ashgate Publishing. পৃষ্ঠা. 255. ISBN 9780754664284. https://books.google.com/books?id=f95ljbhfjxIC&pg=PA255. 
  13. Ray, Indrajit (2011). Bengal Industries and the British Industrial Revolution (1757–1857). Routledge. পৃষ্ঠা. 7–10. ISBN 978-1-136-82552-1. https://books.google.com/books?id=CHOrAgAAQBAJ&pg=PA7. 
  14. , 2019, pp. 117–, ISBN 978-3-030-17708-9, https://books.google.com/books?id=XBWZDwAAQBAJ&pg=PA117,+"The 1769-1770 famine in Bengal followed two years of erratic rainfall worsened by a smallpox epidemic." 
  15. Datta, Rajat (2000). Society, economy, and the market : commercialization in rural Bengal, c. 1760-1800. প্ৰকাশক New Delhi: Manohar Publishers & Distributors. পৃষ্ঠা. 262, 266. ISBN 81-7304-341-8. OCLC 44927255. https://www.worldcat.org/oclc/44927255. 
  16. 16.0 16.1 Arijit Mazumdar (27 August 2014). Indian Foreign Policy in Transition: Relations with South Asia. Routledge. পৃষ্ঠা. 86. ISBN 978-1-317-69859-3. https://books.google.com/books?id=DHJeBAAAQBAJ&pg=PA86. 
  17. Lewis, David (31 October 2011). Bangladesh: Politics, Economy and Civil Society. Cambridge University Press. পৃষ্ঠা. 44, 45. ISBN 978-1-139-50257-3. https://books.google.com/books?id=5lH40gT7xvYC&pg=PA44. 
  18. "Bengalis". Facts and Details. http://factsanddetails.com/india/Minorities_Castes_and_Regions_in_India/sub7_4b/entry-4198.html। আহৰণ কৰা হৈছে: 15 May 2017. 
  19. "50th Report of the Commissioner for Linguistic Minorities in India". Ministry of Minority Affairsnclm.nic.in. http://nclm.nic.in/shared/linkimages/NCLM50thReport.pdf। আহৰণ কৰা হৈছে: 2 November 2018. 


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "note" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="note"/> টেগ্‌ পোৱা নগ'ল