সমললৈ যাওক

বেংগল প্ৰেচিডেঞ্চি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰেচিডেঞ্চি অফ ফোৰ্ট উইলিয়াম ইন বেংগল
(১৬৯৯-১৯৩৫)[1]
Province of Bengal
(1935–1947)[2]
বঙ্গ প্ৰদেশ (১৯৩৫-১৯৪৭)
১৬৯৯-১৯৪৭
Flag of বেংগল প্ৰেচিডেঞ্চি
Flag
The extent of the Bengal Presidency at its peak 1853 in green, and rest of British India in grey.
The extent of the Bengal Presidency at its peak 1853 in green, and rest of British India in grey.
ৰাজধানীকলকাতা
Official languages
Governor 
• 1699–1701 (first)
Sir Charles Eyre
• 1946–1947 (last)
Sir Frederick Burrows
Premier 
• 1937–1943 (first)
A. K. Fazlul Huq
• 1946–1947 (last)
H. S. Suhrawardy
LegislatureLegislature of Bengal
Bengal Legislative Council (1862–1947)
Bengal Legislative Assembly (1935–1947)
ইতিহাস 
• মোগল সাম্ৰাজ্যৰদ্বাৰা বংগ চুবাহত বাণিজ্যৰ অনুমতি
১৬১২
১৯৫৭
• ভাৰত বিভাজনৰ সময়ত সংঘটিত বংগ বিভাজন
১৯৪৭
Population
• 1770
30,000,000[4]
Currencyভাৰতীয় টকা, পাউণ্ড ষ্টাৰলিং, ষ্ট্ৰেইট ডলাৰ
পূৰ্বৱৰ্তী
পৰৱৰ্তী
বংগ চুবাহ
Konbaung Dynasty
Dutch Malacca
Kedah Sultanate
Dutch Bengal
French India
Danish India
Ahom Kingdom
Dimasa Kingdom
Matak Kingdom
Jaintia Kingdom
1853:
Punjab Province
1861:
Ajmer-Merwara Province
1862:
Burma Province
1867:
Straits Settlements
1871:
Central Provinces
1874:
North-East Frontier
1887:
North-Western Provinces and Oudh
1905:
Eastern Bengal and Assam
1912:
Bihar and Orissa Province
1947:
East Bengal
West Bengal
১৮৬০ৰ দশকত বেংগল প্ৰেচিডেঞ্চি

বেংগল প্ৰেচিডেঞ্চি, আনুষ্ঠানিকভাৱে প্ৰেচিডেঞ্চি অৱ ফ'ৰ্ট ৱিলিয়াম আৰু পাছলৈ বেংগল প্ৰদেশ, ব্ৰিটিছ ভাৰতৰ এটি ভাগ আছিল। ভৌগোলিকভাৱে নিজৰ আটাইতকৈ প্ৰসাৰিত অৱস্থাত বেংগল প্ৰেচিডেঞ্চিত দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বৃহৎ অঞ্চল অন্তৰ্ভুক্ত আছিল। কিন্তু প্ৰকৃত বেংগলত বংগ অঞ্চলহে সামৰা হয়, যি বৰ্তমানৰ পশ্চিম বংগ আৰু বাংলাদেশফ'ৰ্ট ৱিলিয়ামৰ আশে-পাশে বিকশিত মহানগৰ কলিকতা আছিল বেংগল প্ৰেচিডেঞ্চিৰ ৰাজধানী। এসময়ত বেংগলৰ ৰাজ্যপালেই আছিল ভাৰতভাইচেৰয় আৰু কলিকতা ১৯১১ চনলৈকে ভাৰতৰ অনানুষ্ঠানিক ৰাজধানী আছিল।[5]

বেংগল প্ৰেচিডেঞ্চি‌ৰ উৎস মোগল সম্ৰাট জেহাংগীৰৰ শাসনত ১৬১২ চনত বংগ চুবাহত স্থাপিত কিছুমান বাণিজ্য কেন্দ্ৰ।[6] ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আন আন ইউৰোপীয় কোম্পানীৰ মাজত বংগ অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিবলৈ প্ৰতিযোগিতাৰ সূচনা হৈছিল। ১৭৫৭ চনৰ পলাশীৰ যুদ্ধত বংগৰ নৱাবৰ ক্ষমতাৰ অন্ত[7][8] আৰু ১৭৬৪ চনৰ বক্সৰৰ যুদ্ধৰ[9] পাছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিয়ন্ত্ৰণ প্ৰায় সমগ্ৰ ভাৰতীয় উপমহাদেশত বিস্তাৰ হ'ল। ই ভাৰতত কোম্পানীৰ শাসনৰ আৰম্ভণি আছিল, আৰু ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতীয় উপমহাদেশৰ আটাইতকৈ শক্তিশালী সামৰিক শক্তি হৈ পৰিল। ব্ৰিটিছ সংসদে লাহে লাহে ইষ্ট ইণ্ডিয়া কোম্পানীৰ একাধিকাৰ আঁতৰাবলৈ ধৰিলে। ১৮৫০ৰ দশকত কোম্পানীটোৰ বিত্তীয় সমস্যা বাঢ়িবলৈ ধৰিলে।[10] তেনেতে ১৮৫৭ চনত চিপাহী বিদ্ৰোহ ঘটিল,[11][12] যাৰ পাছত ব্ৰিটিছ চৰকাৰে নিজেই ভাৰতৰ শাসনৰ ভাৰ গ্ৰহণ কৰিলে। বেংগল প্ৰেচিডেঞ্চিক পুনৰ্গঠিত কৰা হ'ল, আৰু বিংশ শতিকাৰ আগ ভাগত ই হৈ পৰিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ মূল কেন্দ্ৰ।[13] তদুপৰি, বেংগল প্ৰেচিডেঞ্চিয়েই বংগৰ নৱ-জাগৰণৰো স্থল।[14]

পুনৰ্গঠন

[সম্পাদনা কৰক]

বেংগল আছিল ব্ৰিটিছ ৰাজৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু শৈক্ষিক কেন্দ্ৰ। আদ্য-ঔদ্যোগীকৰণৰ সময়ত বংগই ঔদ্যোগিক বিপ্লৱত বিশেষ ভূমিকা পালন কৰিছিল, যদিও শীঘ্ৰে তিপু চুলতানমাইচুৰ ৰাজ্যই আটাইতকৈ দমনীয় অৰ্থনৈতিক শক্তিৰ খিতাপ ল'লে।[15] বেংগলৰ পুনৰ্গঠনত পেনাং, চিংগাপুৰ আৰু মালাক্কাক আঁতৰ কৰা হ'ল ১৮৬৭ চনত।[16] ব্ৰিটিছ বাৰ্মা প্ৰথমে ব্ৰিটিছ ভাৰতৰ এক পৃথক প্ৰদেশ হ'ল আৰু পাছলৈ এক পৃথক উপনিৱেশ। পশ্চিমত চিডেড এণ্ড কংকুৱাৰ্ড টেৰিট'ৰিজ (উত্তৰ প্ৰদেশ, কুমাঊঁ, গঢ়ৱাল আদি) তথা পাঞ্জাবক পুনৰ্গঠিত কৰা হ'ল। উত্তৰ-পূবৰ অঞ্চল হ'লগৈ পৃথক ঔপনিৱেশিক অসম। ১৯৪৭ চনৰ ভাৰত বিভাজনত বেংগলকো দুভাগ কৰা হ'ল ধাৰ্মিক আধাৰত।[17]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. সাঁচ:Cite act
  2. সাঁচ:Cite act
  3. "Battle of Plassey | National Army Museum". Nam.ac.uk. https://www.nam.ac.uk/explore/battle-plassey. 
  4. Visaria, Leela; Visaria, Praveen (1983), "Population (1757–1947)", in Dharma Kumar (ed.), The Cambridge Economic History of India: Volume 2, C.1757-c.1970. Appendix Table 5.2.
  5. মিণ্টেজ ৱৰ্ল্ড https://www.mintageworld.com/history/detail/72-Bengal-Presidency-Notes/
  6. Vaugn, James (September 2017). "John Company Armed: The English East India Company, the Anglo-Mughal War and Absolutist Imperialism, c. 1675–1690". Britain and the World খণ্ড 11 (1).
  7. Harrington, p. 9
  8. Mahon, p. 304
  9. Parshotam Mehra (1985). A Dictionary of Modern History (1707–1947). Oxford University Press. ISBN 0-19-561552-2.
  10. William Dalrymple (10 September 2019).
  11. Marshall 2007, p. 197
  12. David 2003, p. 9
  13. Panikkar, K N (3 March 2017). "Three phases of Indian renaissance". Frontline. The Hindu Group (Publishing Private Limited).
  14. Dasgupta, Subrata (2011). Awakening: The Story of the Bengal Renaissance. প্ৰকাশক India: Random House Publishers. পৃষ্ঠা. 2.
  15. Parthasarathi, Prasannan (2011), Why Europe Grew Rich and Asia Did Not: Global Economic Divergence, 1600–1850, Cambridge University Press, ISBN 978-1-139-49889-0, https://books.google.com/books?id=1_YEcvo-jqcC 
  16. "The Straits Settlements becomes a residency - Singapore History". Eresources.nlb.gov.sg. http://eresources.nlb.gov.sg/history/events/bd541c73-58ef-4bb1-9de7-173f00913286। আহৰণ কৰা হৈছে: 2020-03-30. 
  17. Mukherjee 1987, p. 230.