ঋতু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাৰিটা মুখ্য ঋতু বসন্ত, গ্ৰীষ্ম, শৰৎ, আৰু শীত

ঋতু (ইংৰাজী: Season) বছৰৰ এটি খণ্ডবিশেষ। সচৰাচৰ স্থানীয় বতৰ আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি ঋতু বিভাজন কৰা হয়। বিশ্বৰ অধিকাংশ দেশত বসন্ত (Spring), গ্ৰীষ্ম (Summer), শৰৎ (Autumn-ব্ৰিটিছ, Fall-আমেৰিকান) আৰু শীত (Winter) - এই চাৰিটা প্ৰধান ঋতু দেখা যায়। বিষুৱ ৰেখাৰ ওচৰৰ অঞ্চলত দুটা, কৰ্কট আৰু মকৰ ক্ৰান্তি ৰেখাৰ ওচৰৰ অঞ্চলত ছয়টা, নাতিশীতোষ্ণ মণ্ডলত চাৰিটা আৰু শীত প্ৰধান মেৰু অঞ্চলত দুটা ঋতু দেখা যায়। এটা অঞ্চলৰ ঋতু বিভিন্ন কাৰণৰ ওপৰত নিৰ্ভৰশীল, যেনে ঠাই খনৰ অৱস্থান, পাহাৰ-পৰ্বত, সাগৰ, নদ-নদী ভূ-তাত্ত্বিক গঠন, বতাহৰ চলাচল, অৰণ্য আৰু গছ-গছনি। সেয়ে কোনো অঞ্চলৰ ঋতু অধ্যয়ন নকৰাকৈ পূৰ্বানুমান কৰিব নোৱাৰি।

লক্ষণ[সম্পাদনা কৰক]

জলবায়ু আৰু জৈৱবৈচিত্ৰৰ পৰিবৰ্তনৰ মাজেৰে ঋতুৰ উপস্থিতি অনুভৱ কৰিব পাৰি। দিনৰ পোহৰৰ বঢ়া-টুতা আৰু দিন-ৰাতিৰ দৈৰ্ঘৰ পৰিৱৰ্তনে ঋতুৰ পৰিৱৰ্তন সূচায়। সূৰ্যৰ চাৰিও ফালে পৃথিৱীয়ে কৰা পৰিভ্ৰমনৰ লগতো ঋতুৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। তদুপৰি ঋতু সমূহৰ প্ৰত্যেকৰে সুকীয়া প্ৰাকৃতিক তথা পৰিৱেশিক বৈশিষ্ট আছে। যেনে বসন্ত কালত গছত কুঁহি পাত মেলে, ফুল ফুলে, গ্ৰীষ্মত গৰম বেছি হয়, বৰ্ষাত বৰষুণ হয়, শৰৎ কালত শেৱালি ফুলে, হেমন্তত নিয়ৰ কুঁৱলী পৰে, শীতত বহুতো জীৱয়ে শীতনিদ্ৰাত মগ্ন হয় ইত্যাদি।

ঋতুৰ প্ৰকাৰ[সম্পাদনা কৰক]

গ্রীষ্মমণ্ডলীয় অঞ্চলত দুই প্ৰকাৰৰ ঋতু থাকে,

  • বৰ্ষাকাল আৰু
  • শুষ্ককাল।

শীতমণ্ডলীয় অঞ্চলত দুই ঋতু প্ৰকাৰৰ থাকে,

  • মেৰু দিন(Polar Day) (বসন্ত আৰু গ্ৰীষ্ম)
  • মেৰু ৰাতি(Polar Night) (শৰৎ আৰু শীত)।

নাতিশীতোষ্ণ মণ্ডলীয় অঞ্চলত চাৰি প্ৰকাৰৰ ঋতু থাকে,

  • বসন্ত
  • গ্ৰীষ্ম
  • শৰৎ
  • শীত

ভাৰতকে আদি কৰি ক্ৰান্তীয় অঞ্চলত ছয় প্ৰকাৰৰ ঋতু দেখা যায়,

  • বসন্ত
  • গ্ৰীষ্ম
  • বৰ্ষা
  • শৰৎ
  • হেমন্ত
  • শীত।

সময়কাল[সম্পাদনা কৰক]

ভাৰত উপমহাদেশত ছয়টা ঋতু দেখা যায়। প্ৰতি দুই মাহৰ মূৰে মূৰে নতুন ঋতুৰ আগমন লক্ষ্য কৰা যায়।

ঋতুৰ নাম আৰম্ভ শেষ মাহৰ নাম
গ্ৰীষ্ম মধ্য-এপ্ৰিল মধ্য-জুন জেঠ, আহাঢ়
বৰ্ষা মধ্য-জুন মধ্য-আগষ্ট শাওন, ভাদ
শৰৎ মধ্য-আগষ্ট মধ্য-অক্টোবৰ আহিন, কাতি
হেমন্ত মধ্য-অক্টোবৰ মধ্য-ডিচেম্বৰ আঘোণ, পুহ
শীত মধ্য- ডিচেম্বৰ মধ্য-ফেব্ৰুৱাৰী মাঘ, ফাগুন
বসন্ত মধ্য- ফেব্ৰুৱাৰী মধ্য-এপ্ৰিল চ'ত, বহাগ

ঋতু বিৱৰণ[সম্পাদনা কৰক]

গ্ৰীষ্মকাল[সম্পাদনা কৰক]

অসমীয়া বৰ্ষপঞ্জী অনুসৰি জেঠ আৰু আহাঢ় মাহ মিলি গ্ৰীষ্মকাল গঠিত। এই সময়ত সূৰ্যৰ উত্তাপ বাঢ়ি যায়। জবায়ুত আদ্ৰতাৰ পৰিমাণ বাঢ়ি যায়। কেতিয়াবা মাজে সময়ে ধাৰাসাৰ বৰষুণ হোৱা দেখা যায়। এই সময়ত জীৱ-জন্তুয়ে গছৰ ছাঁ বা আন ঠাণ্ডা ঠাইত আশ্ৰয় লয়। এই সময়ত গছ সমূহত বিভিন্ন প্ৰকাৰৰ ফল পকা দেখা যায় ফল দেখা যায়, যেনে: আম, কঁঠাল, লিচু, জামু ইত্যাদি।

বৰ্ষা কাল[সম্পাদনা কৰক]

গ্ৰীষ্মকালৰ পিছৰ ঋতু হৈছে বৰ্ষা কাল। এই সময়ত প্ৰচুৰ পৰিমাণে বৰ্ষাপাত হোৱা দেখা যায়। খাল-বিল, নদ-নদী পানীৰে উপচি পৰে। মাছ-কাছ উভৈনদী হয়। বাট-পথ বোকাৰে ভৰি পৰে। ভেকুলীৰ টোৰ-টোৰণি শুনা যায়। এই সময় কৃষকৰ খেতি কৰা সময়। শাওন আৰু ভাদ মাহত এই ঋতু বিদ্যমান হয়।

শৰৎ কাল[সম্পাদনা কৰক]

শৰৎ ঋতুৰ বৈশিষ্ট শেৱালী ফুল

আহিন কাতি মাহত শৰৎ ঋতু অনুভৱ হয়। এই ঋতু নাতিশীতোষ্ণ ধৰণৰ। এই ঋতুত বৰষুণৰ পৰিমাণ কমে আৰু বতৰ ফৰকাল হয়। শেৱালী, বকুল আদি ফুল কেৱল শৰৎ কালত ফুলে। নদীৰ পাৰত কঁহুৱা বন ফুলা দেখা যায়। শৰৎ কালত ভাৰতত বিভিন্ন ধৰণৰ উৎসৱ-পাৰ্বন যেনে দুৰ্গা পূজা, লক্ষ্মী পূজা, দেৱালী, কালী পূজা আদি অনুষ্ঠিত হয়। এই সময়ত খেতিয়কৰ অভাৱ অনাটন হয়। অসমত এই সময়ত কাতি বিহু পালন কৰা হয়। প্ৰকৃতিৰ অবৰুপা ৰূপৰ বাবে শৰৎ ঋতুক ঋতু ৰাণী বুলি অভিভিত কৰা হয়।

কাতি বিহুত ধাননি পথাৰত জ্বলোৱা চাকি

হেমন্ত কাল[সম্পাদনা কৰক]

আঘোণ আৰু পুহ মাহত এই ঋতু বিদ্যমান হয়। নিয়ৰ-কুঁৱলী পৰা এই ঋতুৰ প্ৰধান লক্ষণ। এই ঋতুত শীতৰ প্ৰকোপ লাহে লাহে বাঢ়ি আহে আৰু গছৰ পাত সৰিবলৈ ধৰে। খেতিয়ক সকল এই সময়ত খেতি ছপোৱাত ব্যস্ত থাকে। নানা বিধ খাদ্য সম্ভাৰ উভৈনদী হয়।

শীত কাল[সম্পাদনা কৰক]

পুহ আৰু মাঘ এই দুই মাহ মিলি শীতকাল গঠিত। এই সময়ত শীতৰ প্ৰকোপ চৰম পৰ্য্যায়ত উপনীত হয়। খাদ্য বস্তু যেনে পিঠা-পনা আদিৰ সমাহাৰ হয়। এই সময়ত খেতি ছপোৱা প্ৰায় শেষ হোৱা বাবে কৃষিৰ লগত জড়িত ব্যক্তি সকলৰ আজৰি সময়। বিভিন্ন ধৰণৰ খেল-ধেমালিৰ আয়োজন কৰা হয়। বিভিন্ন ঠাইত কৃষি ভিত্তিক উৎসৱ পালন কৰা হয়। অসমত এই সময়ত মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়। এই সময় বনভোজৰ বাবে উত্তম। জীৱ-জন্তু সমূহে এই সময়ত শীতনিদ্ৰাত মগ্ন হয়।

বসন্ত কাল[সম্পাদনা কৰক]

বিহু নাচনী

চ'ত আৰু বহাগ মাহত বসন্ত কাল অনুভূত হয়। এই সময়ত উত্তাপ লাহে লাহে বৃদ্ধি হয় আৰু দুই এজাক পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হয়। এই ঋতুত গছত কুঁহি পাত ওলায় আৰু বিভিন্ন ধৰণৰ ফুল ফুলে। গছ-গছনি ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে। শীতনিদ্ৰাৰ পৰা জীৱ সমূহ সাৰ পায়। চৰাই-চিৰিকটিৰ মাতেৰে সকলো মুখৰিত হয় থাকে। এই সময় জীৱ-জন্তুৰ প্ৰণয় মিলনৰ সময়। কুলি-কেতেকীৰ মাত আৰু কপৌ ফুল এই ঋতুৰ অন্যতম বৈশিষ্ট্য। বিভিন্ন অঞ্চলত এই সময়ত বসন্ত উৎসৱ পালন কৰা দেখা যায়। অসমত এই সময়ত বহাগ বা ৰঙালী বিহু পালন কৰা হয়। প্ৰকৃতিৰ মনোমোহা ৰূপৰ বাবে এই ঋতুক ঋতুৰাজ বসন্ত বুলিও কোৱা হয়।[1]

কপৌ ফুল

তথ্য উৎস[সম্পাদনা কৰক]