শিল্প বিপ্লৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
শিল্প বিপ্লৱৰ সময়ত বয়ন শিল্প ব্যৱহাৰ হোৱা কাপোৰ বোৱা যন্ত্ৰ, ১৮৩৫ চনত

১৭৬০ চনৰ পৰা আৰম্ভ কৰি ১৮২০-ৰ পৰা ১৮৪০-ৰ মাজলৈ ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কাৰিকৰী, সামাজিক, আৰ্থিক তথা সংস্কৃতিক ক্ষেত্ৰত বহুতো পৰিবৰ্তন ঘটে। ইয়াকে শিল্প বিপ্লৱ (ইংৰাজী: Industrial Revolution) বা প্ৰথম শিল্প বিপ্লৱ নামেৰে জনা যায়। পৰিবৰ্তনসমূহৰ ভিতৰত উৎপাদন প্ৰক্ৰিয়াত হস্ত নিৰ্মিত পদ্ধতিৰ সলনি যন্ত্ৰ বা মেছিনৰ ব্যৱহাৰ, নতুন ৰাসায়নিক উৎপাদন আৰু লোহা উৎপাদন প্ৰক্ৰিয়া, বাষ্প শক্তি আৰু জলবিদ্যুতৰ ক্ৰমবৰ্ধমান ব্যৱহাৰ, যন্ত্ৰ সৰঞ্জামৰ বিকাশ আৰু যান্ত্ৰিক কাৰখানা ব্যৱস্থাৰ উত্থান উল্লেখযোগ্য। শিল্প বিপ্লৱৰ ফলস্বৰূপে জনসংখ্যা বৃদ্ধিৰ হাৰ অভূতপূৰ্বভাবে বৃদ্ধি পাইছিল।

কৰ্মসংস্থান, উৎপাদনৰ মূল্য তথা বিনিয়োগৰ মূলধনৰ ফালৰ পৰা শিল্প বিপ্লৱৰ সময়ত বয়ন শিল্প আছিল আটাইতকৈ প্ৰভাৱশালী উদ্যোগ। আধুনিক উৎপাদন পদ্ধতিৰ প্ৰথম ব্যৱহাৰো বয়ন শিল্পতে হৈছিল।[1]:40

শিল্প বিপ্লৱৰ আৰম্ভণি হয় যুক্তৰাজ্যত আৰু ব্ৰিটিছসকলে অনেক প্ৰযুক্তিগত উদ্ভাৱন কৰে।[2][3] ১৮ শতিকাৰ মাজভাগলৈ যুক্তৰাজ্য আছিল পৃথিৱীৰ শীৰ্ষস্থানীয় বাণিজ্যিক দেশ;[4] ই উত্তৰ আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলত ঔপনিবেশেৰে বিশ্বব্যাপক বাণিজ্য সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰিছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা ভাৰতীয় উপমহাদেশত ৰাজনৈতিক প্ৰভাব পেলাইছিল।[5][6][7][8] বেপাৰ-বাণিজ্যৰ বিকাশ আৰু ব্যৱসায়ৰ উত্থানেই আছিল শিল্প বিপ্লৱ ঘটাৰ প্ৰধান কাৰণ।[1]:15

শিল্প বিপ্লৱক ইতিহাসৰ এক প্ৰধান মাইলৰ খুঁটি হিচাপে বিবেচনা কৰা হয়; দৈনন্দিন জীৱনৰ প্ৰায় প্ৰতিটো দিশতেই শিল্প বিপ্লৱে কিবা নহয় কিবা ধৰণে প্ৰভাৱ পেলাইছিল। বিশেষকৈ গড় উপাৰ্জন আৰু জনসংখ্যাৰ অভূতপূৰ্ব বৃদ্ধি দেখা পোৱা গৈছিল। কিছু অৰ্থনীতিবিদৰ মতে শিল্প বিপ্লৱৰ সকলোতকৈ ডাঙৰ প্ৰভাবটো আছিল পশ্চিমীয়া বিশ্বৰ সাধাৰণ জনগণৰ জীৱন-যাপনৰ মানদণ্ড ইতিহাসত প্ৰথমবাৰ বাবে ধাৰাবাহিকভাবে বৃদ্ধি পোৱা আৰম্ভ কৰিছিল, পিছে আন কিছু অৰ্থনীতিবিদৰ মতে ইয়াৰ অৰ্থপূৰ্ণভাবে বৃদ্ধি কেৱল ১৯ শতিকাৰ শেষত আৰু ২০ শতিকাতহে হৈছিল।[9][10][11]

শিল্প বিপ্লৱ আৰু আধুনিক পুঁজিবাদী অৰ্থনীতিৰ উত্থানৰ পূৰ্বে জনমুৰি জিডিপি স্থিতিশীল আছিল, শিল্প বিপ্লৱৰ ফলত জনমুৰি জিডিপিৰ বিকাশৰ সুচনা হয়।[12] জন্তু আৰু উদ্ভিদৰ ঘৰচীয়াকৰণৰ পাছত অৰ্থনৈতিক ইতিহাসবিদসকল মতে শিল্প বিপ্লৱৰ সূচনা হৈছে মানৱ ইতিহাসৰ সবাটোতকৈ গুৰুত্বপূৰ্ণ ঘটনা।[13]

যেতিয়া বয়ন শিল্পত শিল্প বিপ্লৱৰ উদ্ভাৱনসমূহৰ ব্যৱহাৰ আৰু যান্ত্ৰিকীকৰণ পৰিপক্ক হৈ পৰে আৰু ইয়াৰ বজাৰো পৰিপক্ক হয়, সেইসময়ত ১৮৩০ দশকৰ শেষৰ ফালৰ পৰা ১৮৪০ দশকৰ আৰম্ভণিলৈ অৰ্থনৈতিক মন্দাৱস্থা দেখা দিছিল। সেই সময়ত হোৱা উদ্ভাৱনসমূহ, যেনে ল'ক'মটিভ, বাষ্প চালিত নাও তথা ভাষ্প চালিত জাহাজ, বৈদ্যুতিক টেলিগ্ৰাফ আদি উচ্চ হাৰত বাণিজ্যিক বিকাশৰ বাবে যথেষ্ট নাছিল। কিছু নতুন উদ্ভাৱনৰ সলত ১৮৭০ৰ পৰা দ্ৰুত অৰ্থনৈতিক বিকাশ পুণৰ আৰম্ভ হয়; এই সময়চোৱাক দ্বিতীয় শিল্প বিপ্লৱ নামেৰেও জনা যায়। এই নতুন উদ্ভাৱনসমূহৰ ভিতৰত তীখা উৎপাদনৰ নতুন প্ৰক্ৰিয়া, বৃহৎ পৰিমাণৰ উৎপাদন, এচেম্বলি লাইন, বৈদ্যুতিক গ্ৰিড চিষ্টেম, মেছিন সৰঞ্জামৰ বৃহৎ পৰিমাণে উৎপাদন আৰু বাষ্প চালিত কাৰখানাত ক্ৰমবৰ্ধমান উন্নত যন্ত্ৰপাতিৰ ব্যবহাৰ উল্লেখযোগ্য।[1][14][15][16]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 David S. Landes (1969). The Unbound Prometheus. Press Syndicate of the University of Cambridge. ISBN 978-0-521-09418-4. 
  2. Horn, Jeff; Rosenband, Leonard; Smith, Merritt (2010). Reconceptualizing the Industrial Revolution. প্ৰকাশক Cambridge MA, London: MIT Press. ISBN 978-0-262-51562-7. 
  3. E. Anthony Wrigley, "Reconsidering the Industrial Revolution: England and Wales." Journal of Interdisciplinary History 49.01 (2018): 9–42.
  4. Reisman, George (1998). Capitalism: A complete understanding of the nature and value of human economic life. Jameson Books. পৃষ্ঠা. 127. ISBN 978-0-915463-73-2. 
  5. Junie T. Tong (2016). Finance and Society in 21st Century China: Chinese Culture Versus Western Markets. CRC Press. পৃষ্ঠা. 151. ISBN 978-1-317-13522-7. https://books.google.com/books?id=_UQGDAAAQBAJ&pg=PA151. 
  6. The Islamic World: Past and Present. Volume 1: Abba - Hist.. Oxford University Press. 2004. পৃষ্ঠা. 174. ISBN 978-0-19-516520-3. https://books.google.com/books?id=KZcohRpc4OsC&pg=PT190. 
  7. Indrajit Ray (2011). Bengal Industries and the British Industrial Revolution (1757-1857). Routledge. পৃষ্ঠা. 7–10. ISBN 978-1-136-82552-1. https://books.google.com/books?id=CHOrAgAAQBAJ&pg=PA7. 
  8. Landes, David (1999). The Wealth and Poverty of Nations. W.W. Norton & Company. ISBN 978-0-393-31888-3. https://archive.org/details/wealthpovertyofn00land_0. 
  9. Lucas, Robert E., Jr. (2002). Lectures on Economic Growth. প্ৰকাশক Cambridge: Harvard University Press. পৃষ্ঠা. 109–10. ISBN 978-0-674-01601-9. 
  10. Feinstein, Charles (September 1998). "Pessimism Perpetuated: Real Wages and the Standard of Living in Britain during and after the Industrial Revolution". Journal of Economic History খণ্ড 58 (3): 625–58. doi:10.1017/s0022050700021100. http://journals.cambridge.org/action/displayAbstract?fromPage=online&aid=4123540। আহৰণ কৰা হৈছে: 6 May 2014. 
  11. Szreter & Mooney; Mooney (February 1998). "Urbanization, Mortality, and the Standard of Living Debate: New Estimates of the Expectation of Life at Birth in Nineteenth-Century British Cities". The Economic History Review খণ্ড 51 (1): 104. doi:10.1111/1468-0289.00084. 
  12. 12.0 12.1 Robert Lucas, Jr. (2003). "The Industrial Revolution". Federal Reserve Bank of Minneapolis. Archived from the original on 27 November 2007. https://web.archive.org/web/20071127032512/http://minneapolisfed.org/pubs/region/04-05/essay.cfm। আহৰণ কৰা হৈছে: 14 November 2007. "it is fairly clear that up to 1800 or maybe 1750, no society had experienced sustained growth in per capita income. (Eighteenth century population growth also averaged one-third of 1 percent, the same as production growth.) That is, up to about two centuries ago, per capita incomes in all societies were stagnated at around $400 to $800 per year." 
  13. 13.0 13.1 McCloskey, Deidre (2004). "Review of The Cambridge Economic History of Modern Britain (edited by Roderick Floud and Paul Johnson), Times Higher Education Supplement, 15 January 2004". http://deirdremccloskey.org/articles/floud.php. 
  14. Taylor, George Rogers (1951). The Transportation Revolution, 1815–1860. ISBN 978-0-87332-101-3. 
  15. 15.0 15.1 Roe, Joseph Wickham (1916), English and American Tool Builders, প্ৰকাশক New Haven, Connecticut: Yale University Press, https://books.google.com/books?id=X-EJAAAAIAAJ&printsec=titlepage . Reprinted by McGraw-Hill, New York and London, 1926); and by Lindsay Publications, Inc., Bradley, Illinois, (আই.এচ.বি.এন. 978-0-917914-73-7).
  16. Hunter 1985