সমললৈ যাওক

যোৰহাট মহাবিদ্যালয় (একত্ৰিত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(যোৰহাট মহাবিদ্যালয়ৰ পৰা পুনঃনিৰ্দেশিত)
যোৰহাট মহাবিদ্যালয়
মূলমন্ত্ৰ বিদ্যা গুৰুণাং গুৰু
স্থাপিত ১৯৬২ চন
ধৰণ ৰাজহুৱা
ধৰ্মীয় ভুক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়
(পূৰ্বতে গুৱাহাটী বিশ্ববিদ্যালয়)
অধ্যক্ষ ড॰ দেৱব্ৰত শৰ্মা
স্থান যোৰহাট, অসম, ভাৰত
চৌহদ চহৰাঞ্চল
ৱেবছাইট www.jorhatcollege.org/

যোৰহাট মহাবিদ্যালয় (একত্ৰিত) (ইংৰাজী: Jorhat College(Amalgamated)) যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত কেৱল কলা শাখাৰ এখন স্নাতক মহাবিদ্যালয়। ইয়াত ছাত্ৰ-ছাত্ৰী উভয়ৰে পঢ়াৰ সুবিধা আছে। ১৯৬২ চনতে স্থাপিত যোৰহাট মহাবিদ্যালয় আৰু নতুন যোৰহাট মহাবিদ্যালয় নামৰ দুখন মহাবিদ্যালয়ে ১৯৭০ চনত একত্ৰীকৰণৰ জৰিয়তে নাম পায় যোৰহাট মহাবিদ্যালয় (একত্ৰিত)। ১৯৭১ চনত মহাবিদ্যালয়খন চৰকাৰী ঘাটি মঞ্জুৰীৰ অধীনলৈ আহে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়খন ইতিপূৰ্বে বিশ্ববিদ্যালয় অনুদান আয়োগ বিধিৰ ২ (এফ) আৰু ১২ (বি) অনুচ্ছেদৰ অধীনত অন্তৰ্ভুক্ত হ’বলৈ সক্ষম হৈছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ দ্বাৰা পুনৰ মূল্যায়িত তথা প্ৰত্যায়িত হৈছে। ইয়াত অসমীয়া, অৰ্থনীতি, শিক্ষা, ইংৰাজী, বুৰঞ্জী, দৰ্শন, ৰাজনীতি বিজ্ঞান আৰু সমাজ শাস্ত্ৰ – এই আঠোটা বিষয়ত উচ্চ মান পাঠ্যক্ৰম (Major Course)ৰ সুবিধা আছে। ইয়াৰ ওপৰঞ্চিভাৱে এটা আত্ম-নিৰ্ভৰ কম্পিউটাৰ পাঠ্যক্ৰমো (অফিচ, ডি.টি.পি.) চলাই থকা হৈছে। তদুপৰি “কেৰিয়াৰ কাউঞ্চেলিং এণ্ড এণ্ট্ৰাপ্ৰেনিউৰশ্বিপ ডিভেলপ্‌মেণ্ট চে’ল”ৰ তত্ত্বাৱধানত সময়ে সময়ে বিভিন্ন বৃত্তিমুখী পাঠ্যক্ৰমৰ প্ৰশিক্ষণ দিয়া হয়।[1]

১৯৬০-৬১ চনত প্ৰথমতে জগন্নাথ বৰুৱা কলেজৰ নৈশ শাখাত পঢ়ি থকা ছাত্ৰই অনুভৱ কৰিছিল যে, নৈশ শাখাৰ ছাত্ৰসকলে দিনৰ শাখাৰ ছাত্ৰসকলৰ তুলনাত ভালেমান বিষয়ত পাছ পৰি থাকে। তেওঁলোকৰ সুকীয়া কমনৰুম নাছিল। শিক্ষকৰ ভিতৰতো একাংশই দিনৰ ভাগত আন কলেজত কাম কৰি, গধূলি ভাগত আহি শ্ৰেণীৰ কোঠাত সোমাইছিল আৰু সন্ধ্যা বেছি হোৱাৰ কাৰণে লগে লগে ঘৰলৈ উলটি যাবলৈ আগ্ৰহী হৈ পৰিছিল। সেয়েহে এচাম পুৰণি ছাত্ৰই সুকীয়াকৈ এখন কলা বিষয়ৰ কলেজ বিচাৰিছিল। নৈশ শাখাৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকলে নিজৰ ভিতৰতে আলোচনা কৰি এখন কেৱল কলা বিষয়ৰ কলেজ পতাৰ কথা ইচ্ছা প্ৰকাশ কৰিছিল।[2] ১৯৬১ চনৰ পূজাৰ বন্ধত শংকৰদেৱ চেমিনাৰী সভাৰ আয়োজন কৰা হৈছিল। সেই সভাতে ‘যোৰহাট কলেজ’ নাম দি নতুন কলেজ স্থাপন কৰাৰ কথা সিদ্ধান্ত লোৱা হৈছিল।[3]

১৯৬২ চনত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত ‘যোৰহাট কলেজ’ৰ প্ৰস্তুতিৰ সভাখন অনুষ্ঠিত হৈছিল। যি উদ্দেশ্য আৰু শিক্ষাৰ আশাৰ পোহৰেৰে সভাখনৰ আয়োজন কৰা হৈছিল, সেই সভাত উদ্দেশ্য আৰু লক্ষ্যৰ বিষয়ে সদস্যসকলৰ মাজত মতানৈক্য হৈ নতুন কলেজ গঠন কলিতে কেৰোণ লাগিল। উদ্দেশ্য মৰহি নগ’ল যদিও সেই সভাতে দুখন মহাবিদ্যালয় গঠনৰ প্ৰস্তুতি আৰম্ভ হ’ল।[4] এটা দলৰ নেতৃত্ব দিলে সেই সময়ৰ যুৱনেতা দুলাল চন্দ্ৰ বৰুৱা আৰু আনটো দলৰ নেতৃত্বত থিয় দিলে বিশিষ্ট চাহ খেতিয়ক ডাঃ নীলকমল বেজবৰুৱা। সেই সভাতে জন্ম হ’ল দুলাল চন্দ্ৰ বৰুৱাৰ নেতৃত্বত ‘যোৰহাট কলেজ’ আৰু ডাঃ বেজবৰুৱাৰ নেতৃত্বত গঠন হ’ল এটি নতুন শৈক্ষিক সংগঠন যোৰহাট এডুকেশ্যন ছ’চাইটি। 'এই শৈক্ষিক সংগঠনে নিউ যোৰহাট কলেজ নামৰ আন এখন মহাবিদ্যালয় স্থাপন কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছিল।[2]

১৯৬৩ চনত দুয়োখন মহাবিদ্যালয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপন হোৱাৰ পিছত নিয়ম অনুসৰি দুয়োখন মহাবিদ্যালয় সেই বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছিল।[4]

যোৰহাট কলেজ

[সম্পাদনা কৰক]

পূৰ্বৰ উদ্দেশ্য আৰু লক্ষ্য ৰাখি যোৰহাট কলেজ নৈশ মহাবিদ্যালয় হিচাপে গঠন হ’ল। চাকৰিয়াসকলৰ সুবিধাৰ্থে কেৱল কলা বিভাগকহে পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হ’ল। যাৱতীয় কাম-কাজৰ বাবে মালৌ আলিৰ প্ৰবীণ শৰ্মাৰ বাসভৱনতে কাৰ্যালয় পতা হৈছিল।

যোৰহাট কলেজৰ পাঠদানৰ বাবে শ্ৰেণী বা কাৰ্যালয়ৰ স্থানৰ বাবে সমস্যাৰ সৃষ্টি হৈছিল। শেষত যোৰহাট চৰকাৰী হাইস্কুলৰ সমীপতে থকা, পৰিচালনা সমিতিৰ উপ-সভাপতি দেৱানন্দ ভৰালীৰ ‘ভকেশ্যনেল কলেজিয়েট হাইস্কুল’তে মহাবিদ্যালয়ৰ পাঠদানৰ ব্যৱস্থা কৰা হৈছিল। প্ৰথম বছৰতে প্ৰাক্‌ বিশ্ববিদ্যালয় আৰু স্নাতকৰ প্ৰথম বাৰ্ষিকৰ নৈশ শাখা আৰম্ভ হয়। কেইগৰাকীমান ছাত্ৰৰে আৰম্ভ কৰা মহাবিদ্যালয়খনত ইংৰাজী, অসমীয়া, অসমীয়া (দ্বিতীয় ভাষা), অৰ্থনীতি বুৰঞ্জী, শিক্ষা, ৰাজনীতি বিজ্ঞান আৰু তৰ্ক শাস্ত্ৰ বা দৰ্শন বিষয় অন্তৰ্ভুক্ত কৰা হৈছিল। নৈশ মহাবিদ্যালয়ত চাকৰিয়াল শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাত, ১৯৬৪ চনত বেজবৰুৱা হাইস্কুললৈ স্থানান্তৰিত কৰা হয়। প্ৰসংগক্ৰমে উল্লেখ কৰা হ’ল যে মহাবিদ্যালয়খনত বিভিন্ন বিষয়ত পাঠদান কৰিবলৈ স্ব-ইচ্ছাৰে আগবাঢ়ি আহিছিল কেইজনমান স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক। অতি নিষ্ঠাৰে নৱগঠিত মহাবিদ্যালয়খনৰ ভৱিষ্যত চিন্তা কৰি তেওঁলোকে বিনা পাৰিশ্ৰমিকেৰে সেৱা আগবঢ়াইছিল। কেইজনমানে দিনত কোনোবা বিদ্যালয়ত শিক্ষকতা কৰিলেও নৈশ মহাবিদ্যালয়খনতো সেৱা আগবঢ়াইছিল। উপকণ্ঠৰ গাঁওবোৰৰ চাকৰিয়াল ডেকাসকলেও প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কৰ্ম সংস্থাপন হোৱাত উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈছিল যদিও নৈশ মহাবিদ্যালয়ে তেওঁলোকৰ মনৰ বাসনা পূৰণ কৰিছিল।

নিউ যোৰহাট কলেজ

[সম্পাদনা কৰক]

ডাঃ নীলকমল বেজবৰুৱাৰ নেতৃত্বত স্থাপন কৰা মহাবিদ্যালয়খনত কলা আৰু বাণিজ্য – দুয়োটা পাঠ্যক্ৰমৰ বিষয় লৈ দিবা-নৈশ শ্ৰেণী সুৰেন্দ্ৰ ভৱনত আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ডাঃ বেজবৰুৱাৰ নিজা সম্পত্তি বাবে সুৰেন্দ্ৰ ভৱনত কাম-কাজ চলোৱাত সুবিধা আছিল। বাণিজ্য শাখাটো পিছত সুকীয়া কৰি পুনৰ চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় নামে এখন মহাবিদ্যালয় স্থাপন কৰিলে।

কলেজৰ দুৰ্যোগ

[সম্পাদনা কৰক]

দুয়োখন মহাবিদ্যালয়ে বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰিলেও ঘাটি মঞ্জুৰীৰ আওতালৈ বহু বছৰ পৰ্যন্ত অহা নাছিল। তদুপৰি চৰকাৰী অনুদানো সামান্য আছিল। বিশ্ববিদ্যালয় অনুদান আয়োগে ঘাটি মঞ্জুৰী নিদিয়াত দুয়োখন মহাবিদ্যালয়ৰ শিক্ষকসকলকো উচিত পাৰিতোষিক অথবা দৰমহা দিব পৰা নাছিল। সামান্য দৰমহাতে শিক্ষকসকলে নিজৰ কৰ্তব্য পালন কৰি গৈছিল। বিত্তীয় সংকটে দিনক দিনে জুৰুলা কৰা মহাবিদ্যালয় দুখনৰ শিক্ষকসকলে সংকট মোচনৰ উপায় চিন্তা কৰিবলগীয়াত পৰিছিল। বিশেষকৈ ‘নিউ যোৰহাট কলেজ’খন যিকোনো সময়তে বন্ধ হৈ যোৱাৰো উপক্ৰম হৈছিল।[5]

একত্ৰীকৰণ

[সম্পাদনা কৰক]

দুয়োখন মহাবিদ্যালয়ৰ দুৰ্যোগৰ সময়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যোৰহাটৰ নৱগঠিত মহাবিদ্যালয় দুখনৰ অৱস্থা বুজি বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় পৰিদৰ্শক ড॰ প্ৰসন্ন কুমাৰ গোস্বামীক মহাবিদ্যালয় দুখন পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিল কৰিবৰ বাবে পৰামৰ্শ দিছিল। ড॰ গোস্বামীয়ে দুয়োখন মহাবিদ্যালয় পৰিদৰ্শন কৰি মহাবিদ্যালয় আৰু শিক্ষকসকলৰ কল্যাণৰ অৰ্থে একত্ৰীকৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল।[5] যোৰহাট কলেজৰ শিক্ষকৰ এটা সঁজাতী দলে মহাবিদ্যালয়খনক ঘাটি মঞ্জুৰী অনুদানৰ আওতালৈ নিবৰ বাবে, সেই সময়ৰ অসমৰ শিক্ষাধিকাৰ গোপাল শৰ্মা বৰুৱাক সাক্ষাৎ কৰি স্মাৰক-পত্ৰ প্ৰদান কৰিছিল। লগতে শিক্ষামন্ত্ৰী জয়ভদ্ৰ হাগজেৰকো সাক্ষাৎ কৰিছিল। শিক্ষামন্ত্ৰীজনাই দুয়োখন মহাবিদ্যালয়ে একত্ৰীকৰণ কৰাত গুৰুত্ব দি সোনকালে দুয়োখন মহাবিদ্যালয়ৰ পৰা উত্তৰ বিচাৰিছিল। এই আলোচনাৰ পিছতে প্ৰথমে দুয়োখন মহাবিদ্যালয়ে শিক্ষক গোত্ৰ একত্ৰে আলোচনা কৰি শিক্ষামন্ত্ৰীৰ প্ৰস্তাৱ গ্ৰহণ, শিক্ষকসকলে পৰিচালনা সমিতিৰ পৰাও ইতিবাচক সমৰ্থন বিচাৰিছিল। শেষত দুয়োখন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়েও যুগ্ম সভা অনুষ্ঠিত কৰি মহাবিদ্যালয়ৰ একত্ৰীকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰি যোৰহাট মহাবিদ্যালয় (একত্ৰিত) নামকৰণ কৰি সেই প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিছিল। নতুন ভৱন, কাৰ্যালয় আৰু পাঠদানৰ বাবে উপযুক্ত হৈ নুঠা পৰ্যন্ত মহাবিদ্যালয়খনৰ কাম-কাজ সুৰেন্দ্ৰ ভৱনতে আৰম্ভ কৰাৰো সিদ্ধানত লোৱা হৈছিল। যোৰহাট মহাবিদ্যালয় (একত্ৰিত)ৰ অধ্যক্ষ হিচাপে বিদ্যাকান্ত বৰুৱা আৰু উপাধ্যক্ষা হিচাপে শ্ৰীমতী সাৰদা বেজবৰুৱাক নিযুক্তি দিয়া হৈছিল।[2][5]

সকলো জল্পনা-কল্পনা, অনিশ্চয়তা, শংকা দূৰ কৰি ১৯৭২ চনৰ ১ ডিচেম্বৰৰ দিনা অসম চৰকাৰৰ পৰা যোৰহাট মহাবিদ্যালয়ে (একত্ৰিত) ঘাটি মঞ্জুৰী অনুদানৰ আওতালৈ অহা মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিলে। আৰম্ভণিৰে পৰা অংশকালীনভাৱে শিক্ষকতা কৰা শিক্ষকসকলেও তেওঁলোকৰ স্থায়ী চাকৰি ইস্তাফা দি মহাবিদ্যালয়ত পূৰ্ণকালীন শিক্ষক হিচাপে আত্মপ্ৰকাশ কৰিছিল।[5]

দিবা শাখা

[সম্পাদনা কৰক]

একত্ৰীকৰণৰ পাছতো বেজবৰুৱা হাইস্কুলতে যোৰহাট কলেজৰ পাঠদান চলি আছিল। যোৰহাটৰ সচেতন মহলে মহাবিদ্যালয়খনৰ দিবা শাখা আৰম্ভ কৰিবলৈ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিক অনুৰোধ কৰিছিল। পৰিচালনা সমিতিয়েও শিক্ষকসকলৰ সৈতে আলোচনা কৰি নিয়মীয়াভাৱে যুক্তি দিয়া শিক্ষকসকলক লৈ দিব শাখা খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সিদ্ধান্ত অনুযায়ী মাত্ৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰী লৈ যোৰহাট কলেজৰ দিবা শাখা আৰম্ভ হয় নৱনিৰ্মিত মহাবিদ্যালয়খনৰ ভৱনৰ কাষতে থকা যোৰহাট আইন মহাবিদ্যালয়ত। সেই সময়ত নিজা ভৱন থকা সত্ত্বেও আইন মহাবিদ্যালয়ৰ পাঠদানো হৈছিল নৈশ ভাগতহে।[5]

অধ্যক্ষসকলৰ তালিকা

[সম্পাদনা কৰক]
ক্ৰমিক নং অধ্যক্ষ কাৰ্যকাল
স্বৰ্গীয় বিদ্যাকান্ত বৰুৱা ২৮-০২-১৯৭০ ৰপৰা ২৯-০২-১৯৭১
শ্ৰীমতী সাৰদা বেজবৰুৱা ০১-০৩-১৯৭১ ৰপৰা ৩১-১০-১৯৮৫
শ্ৰী মহেশ চন্দ্ৰ দত্ত (ভাৰপ্ৰাপ্ত) ০১-১১-১৯৮৫ ৰপৰা ২৬-০৬-১৯৮৯
শ্ৰী সুৰেন্দ্ৰ নাৰায়ণ ৰাজকুমাৰ ২৭-০৬-১৯৮৯ ৰপৰা ৩০-০১-১৯৯০
শ্ৰী মহেশ চন্দ্ৰ দত্ত (ভাৰপ্ৰাপ্ত) ৩১-০১-১৯৯০ ৰপৰা ১১-০৮-১৯৯১
ড॰ অমূল্য চন্দ্ৰ শৰ্মা ১২-০৮-১৯৯১ ৰপৰা ২৮-০২-১৯৯৪
মহেশ চন্দ্ৰ দত্ত (ভাৰপ্ৰাপ্ত) ০১-০৩-১৯৯৪ ৰপৰা ০১-০৬-১৯৯৪
ড॰ ভোলা গগৈ (Interim) ০২-০৬-১৯৯৪ ৰপৰা ২০-০২-১৯৯৫
শ্ৰী মহেশ চন্দ্ৰ দত্ত (ভাৰপ্ৰাপ্ত) ২১-০২-১৯৯৫ ৰপৰা ৩০-০৪-১৯৯৮
১০ ড॰ প্ৰভাত চন্দ্ৰ সভাপণ্ডিত ০১-০৫-১৯৯৮ ৰপৰা ৩০-০৬-২০০২
১১ শ্ৰী ঈশান বৰুৱা (ভাৰপ্ৰাপ্ত) ০১-০৭-২০০২ ৰপৰা ১৫-০৯-২০০২
১২ শ্ৰী ঘনশ্যাম নেওঁগ (ভাৰপ্ৰাপ্ত) ১৬-০৯-২০০২ ৰপৰা ৩১-০৮-২০০৩
১৩ শ্ৰী প্ৰবীৰ চন্দ্ৰ বৰা (ভাৰপ্ৰাপ্ত) ০১-০৯-২০০৩ ৰপৰা ১৯-১০-২০০৪
১৪ ড॰ পবিত্ৰপ্ৰাণ গোস্বামী ২০-১০-২০০৪ ৰপৰা বৰ্তমানলৈকে

সোণালী জয়ন্তী

[সম্পাদনা কৰক]

২০১২ চনত যোৰহাট মহাবিদ্যালয়ে ৫০ বছৰ পূৰ্ণ কৰে। ২০১২ চনত ১৩ আৰু ১৪ অক্টোবৰত ইয়াৰ সোণালী জয়ন্তী অনুষ্ঠান পালন কৰা হয়।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "মহাবিদ্যালয়ৰ চমু পৰিচয়". অভিজ্ঞান : যোৰহাট মহাবিদ্যালয় (একত্ৰিত); সোণালী জয়ন্তী (১৯৬২-২০১২) স্মাৰক গ্ৰন্থ (যোৰহাট মহাবিদ্যালয় উন্নয়ন সমিতি): ২২২ পৃ্ষ্ঠা. ১৩, ১৪ অক্টোবৰ, ২০১২. 
  2. 2.0 2.1 2.2 "ABOUT JORHAT COLLEGE". kaydee. jorhatcollege.org.in. http://www.jorhatcollege.org.in/about_us.html। আহৰণ কৰা হৈছে: 30 ডিচেম্বৰ 2013. 
  3. "যোৰহাট কলেজ সম্পৰ্কে". অভিজ্ঞান : যোৰহাট মহাবিদ্যালয় (একত্ৰিত); সোণালী জয়ন্তী (১৯৬২-২০১২) স্মাৰক গ্ৰন্থ (যোৰহাট মহাবিদ্যালয় উন্নয়ন সমিতি): ১০১, ১০২, ১০৩, ১০৪, ১০৫ পৃ্ষ্ঠা. ১৩, ১৪ অক্টোবৰ, ২০১২. 
  4. 4.0 4.1 ড॰ অমল ৰাজখোৱা (১৩, ১৪ অক্টোবৰ, ২০১২). "যোৰহাট মহাবিদ্যালয় (একত্ৰিত) : পঞ্চাশ বছৰ". অভিজ্ঞান : যোৰহাট মহাবিদ্যালয় (একত্ৰিত); সোণালী জয়ন্তী (১৯৬২-২০১২) স্মাৰক গ্ৰন্থ (যোৰহাট মহাবিদ্যালয় উন্নয়ন সমিতি): ১১৬, ১১৭ পৃ্ষ্ঠা. 
  5. 5.0 5.1 5.2 5.3 5.4 "যোৰহাট মহাবিদ্যালয় (একত্ৰিত) : পঞ্চাশ বছৰ". অভিজ্ঞান : যোৰহাট মহাবিদ্যালয় (একত্ৰিত); সোণালী জয়ন্তী (১৯৬২-২০১২) স্মাৰক গ্ৰন্থ (যোৰহাট মহাবিদ্যালয় উন্নয়ন সমিতি): ১২০, ১২১ পৃ্ষ্ঠা. ১৩, ১৪ অক্টোবৰ, ২০১২. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]