মালৌপথাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

মালৌপথাৰ হৈছে যোৰহাট জিলাৰ এখন ঐতিহাসিক ঠাই। এই অঞ্চলৰ খুটীয়াপোতা নামৰ ঠাইটুকুৰা মোৱামৰীয়া বিদ্ৰোহৰ পীঠস্থান আছিল।

নামৰ উৎপত্তি[সম্পাদনা কৰক]

ড° বিকাশ বৰাৰ ‘মালৌপথাৰৰ ইতিহাস’ত পোৱা বিৱৰণ এনেধৰণৰ – স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭৬৮ খ্ৰীষ্টাব্দত মণিপুৰী ৰজা জয়সিংহক মান খেদোৱাত সহায় কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰীতিৰ চিন যুগমীয়া কৰিবৰ বাবে সেই সময়ৰ ৰীতি অনুযায়ী ৰাজকন্যা কুৰংগনয়নীক উপঢৌকন দিয়াৰ লগতে অনেক লগুৱা লিকচৌ দিছিল। আহোম ৰজাসকলৰ প্ৰতিগৰাকী ৰাণীৰ নিজাববীয়াকৈ খেল আৰু ফৈদ আছিল। এই খেল আৰু ফৈদবোৰে খেতি কৰি নিজ নিজ ৰাণীক শস্য যোগান ধৰিছিল। ঠিক সেইদৰে উক্ত প্ৰথা অনুযায়ী কুৰংগনয়নীৰ লগত অহা মণিপুৰী ফৈদেও বৰ্তমানৰ মইনামাজীৰ নামনিৰ উত্তৰ-পশ্চিমৰ এটা ডাঙৰএলেকাত খেতি-বাতি কৰা কুৰংগনয়নীক যোগান ধৰিছিল। এই মণিপুৰীসকলে বা মগলুসকলে তেওঁলোকে খেতি –খোলা কৰা সমগ্ৰ অঞ্চলটোক ‘ইমালৌ’ বুলি কৈছিল। মণিপুৰী ভাষাত ‘ইমা’ মানে ‘মাতৃ’ আৰু ‘লৌ’ শব্দই খেতি কৰা ঠাই বুজাইছিল। এই ইমালৌ কালক্ৰমত মানুহৰ মুখত বাগৰি এটা সময়ত সেই ঠাই ‘মালৌ’ বুলি জনাজাত হয়।[1]

ইতিহাস[সম্পাদনা কৰক]

মালৌপথাৰ অঞ্চলৰ খুটীয়াপোতাক মোৱামৰীয়া বিদ্ৰোহৰ পীঠস্থান বুলি ক’ব পাৰি। ইয়াতে সমাৱেশ হৈছিল মোৱামৰীয়াসকল শক্তি পৰীক্ষাৰ বাবে আহোমৰ বিৰুদ্ধে। শক্তি প্ৰমাণ কৰিছিল মালৌৰ দ-ঠাইত ভেটি বান্ধি। মালৌৰ পশ্চিমত দেৰগাঁৱৰ পূবত শিৱদৌল নিৰ্মাণ কৰাইছিল শাক্ত ধৰ্মী ৰজা প্ৰতাপ সিংহই। বৰ্তমানৰ যি ঠাইত শিৱদৌল আছে সেই স্থানত দ্বিতীয় বাৰৰ বাবে ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল।[1]

পৰিবহন[সম্পাদনা কৰক]

স্বাধীনতাৰ আগে-পাছে যোৰহাট নগৰৰ পৰা এই অঞ্চললৈ কেইবাটাও নিৰ্মাণ কৰা হৈছিল। পথকেইটা হৈছে – সৰুচৰাই, চেঙ্গেলীআটি, ঢেকৰগঢ়া, শ’লমৰা আৰু যোৰহাট নগৰহৈ মালৌ আলি

অৰ্থনীতি[সম্পাদনা কৰক]

ভোগদৈ নদীয়ে প্ৰত্যেক বছৰে পলস পেলাই মালৌক উৰ্বৰা ভূমিলৈ ৰূপান্তৰ কৰিলে। অতীতৰ পৰাই কৃষিয়ে মালৌৰ অৰ্থনীতি সবল কৰি ৰাখিছিল। মালৌৰ উত্তৰ অংশত মাহ, সৰিয়হ, কুঁহিয়াৰ খেতি প্ৰচুৰ পৰিমাণে হৈছিল। কিন্তু অঞ্চলটোত জনসংখ্যা বৃদ্ধি পোৱাৰ বাবে কৃষি ভূমি দিনক দিনে কমি অহাত কৃষি অৰ্থনীতিও দুৰ্বল হৈ আহিছে।[1]

শিক্ষা[সম্পাদনা কৰক]

মালৌপথাৰৰ বিভিন্ন গাঁৱত অঞ্চলটোৰ শিক্ষিত লোকে শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিলে। এতিয়া মালৌৰ গাঁৱত প্ৰাথমিক পৰ্যায়ৰ পৰা স্নাতক পৰ্যায়লৈকে শিক্ষানুষ্ঠান স্থাপন হ’ল। ইয়াৰে কিছু সংখ্যক চৰকাৰে নিজৰ অধীনলৈ নিয়ে যদিও কিছু সংখ্যক বিদ্যালয় বেচৰকাৰী পৰ্যায়ত আছে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 সুৰেন্দ্ৰ নাথ বৰা (মাৰ্চ ১৯৯৯ চন). "মোৱামৰীয়া বিদ্ৰোহৰ পীঠস্থান: ঐতিহাসিক মালৌপথাৰ এতিয়া সমস্যাৰে ভৰপূৰ". সংযোগ: চিন্তা-চৰ্চাৰ মাহেকীয়া উৎস খণ্ড প্ৰথম বছৰ (দ্বিতীয় সংখ্যা): ৪৯,৫০ পৃষ্ঠা.