চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়
চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় | |
---|---|
![]() | |
মূলমন্ত্ৰ | তমসো মা জ্যোতিৰ্গময় |
স্থাপিত | ৬ ফেব্ৰুৱাৰী, ১৯৬৫ |
ধৰণ | চৰকাৰী |
অধ্যক্ষ | ড° ৰঞ্জিত কুমাৰ শৰ্মা |
স্থান | যোৰহাট, অসম, ![]() |
চৌহদ | নগৰাঞ্চল |
ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
ৱেবছাইট | www.ckbcc.in |
চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় বা চিকেবি কমাৰ্চ কলেজ যোৰহাটত অৱস্থিত এখন চৰকাৰী পোষকতা লাভ কৰা মহাবিদ্যালয়। ১৯৬৫ চনৰ ৬ ফেব্ৰুৱাৰীত যোৰহাট ফাউণ্ডেচন ছচাইটীৰ সহযোগত বাণিজ্যৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যৰে মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰতিষ্ঠাপক অধ্যক্ষ মাধৱ চন্দ্ৰ চক্ৰৱৰ্তীৰ সৈতে দ্বিজেন্দ্ৰ নাথ শৰ্মা, অনিল চন্দ্ৰ শৰ্মা আৰু খগেন্দ্ৰ নাথ শৰ্মা বৰুৱাৰ অধ্যাপনাৰে মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ কৰা হৈছিল।[1] ২০১৬ চনত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নাকে (NAAC) মহাবিদ্যালয়খনক B+ গ্ৰেডেৰে মূল্যাংকন কৰে।[2]
ইতিহাস[সম্পাদনা কৰক]
১৯৬৫ চনত ১২৮ জন ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ কৰা মহাবিদ্যালয়খনে ১৯৭৪ চনত বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি লাভ কৰে। ২০০৫ চনত অসম চৰকাৰে চিকেবি কমাৰ্চ কলেজক চৰকাৰী মহাবিদ্যালয়ৰ মৰ্যদা প্ৰদান কৰে।[2]
বিভাগসমূহ[সম্পাদনা কৰক]
|
|
সন্মানীয় বিষয়সমূহ[সম্পাদনা কৰক]
- একাউণ্টিং এণ্ড ফাইনেঞ্চ
- মাৰ্কেটিং
- বেংকিং এণ্ড মানিটেৰী মেনেজমেণ্ট
- মানৱ সম্পদ ব্যৱস্থাপনা
পাঠ্যক্ৰমসমূহ[সম্পাদনা কৰক]
সাধাৰণ পাঠ্যক্ৰম
|
বৃত্তিমুখী পাঠ্যক্ৰম
|
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "CKB Commerce College, Jorhat". Collegedunia. https://collegedunia.com/college/15678-ckb-commerce-college-jorhat। আহৰণ কৰা হৈছে: 2019-01-07.
- ↑ 2.0 2.1 "আনুষ্ঠানিক ৱেবছাইট". চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়. https://ckbcc.org/index.php/welcome-to-chandra-kamal-bezbaruah-commerce-college। আহৰণ কৰা হৈছে: 12 July 2020.