বিশ্ববিদ্যালয় অনুদান আয়োগ
বিশ্ববিদ্যালয় অনুদান আয়োগ | |
---|---|
![]() | |
চমু নাম | ইউজিচি |
নীতিবাক্য | জ্ঞান বিজ্ঞান বিমুক্তয়ে |
প্ৰতিষ্ঠা | ডিচেম্বৰ ২৮, ১৯৫৩ |
প্ৰধান কাৰ্যালয় | নতুন দিল্লী |
অঞ্চল | ভাৰত |
চেয়াৰমেন | অধ্যাপক বেদ প্ৰকাশ[1] |
ভুক্তি | উচ্চশিক্ষা বিভাগ , মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়]] |
ৱেবছাইট | www.ugc.ac.in |
বিশ্ববিদ্যালয় অনুদান আয়োগ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা এটি বিধিবদ্ধ সংস্থা। ১৯৫৬ চনত বিশ্ববিদ্যালয় অনুদান আয়োগ গঠন কৰা হয়। ভাৰতৰ বিশ্ববিদ্যালয সমূহৰ মাজত সংহতি স্থাপন, মান নিৰ্ণয় আৰু পৰিচৰ্যা ইয়াৰ কাম। বিশ্ববিদ্যালয় অনুদান আয়োগে ভাৰতৰ বিশ্ববিদ্যালয় সমূহক অনুমোদন দিয়ে আৰু চৰকাৰী বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহক অৰ্থসাহায্য প্ৰদান কৰে। ইয়াৰ প্ৰধান কাৰ্য্যালয় নতুন দিল্লীত অৱস্থিত। পুনে, ভূপাল, কলকাতা, হায়দৰাবাদ, গুৱাহাটী আৰু বেংগালুৰুত ইয়াৰ ছয়টা আঞ্চলিক কাৰ্য্যালয় অৱস্থিত।[2]