বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়
Bineswar Brahma Engineering College
স্থাপিত ২০০৮
ধৰণ ৰাজহুৱা
অধ্যক্ষ কমল কুমাৰ ব্ৰহ্ম
স্নাতক শিক্ষাৰ্থী ১২০
স্থান কোকৰাঝাৰ, অসম, ভাৰত ভাৰত
চৌহদ উপ-চহৰাঞ্চল
স্থানীয় নাম বিবিইচি ( BBEC )
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়, অসম
ৱেবছাইট www.bbec.ac.in

বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়(Bineswar Brahma Engineering College) অসম চৰকাৰৰ দ্বাৰা ২০০৮ চনত কোকৰাঝাৰ জিলাত প্ৰতিষ্ঠা কৰা হয় । ২০০৬ চনত অসম চৰকাৰে কোকৰাঝাৰত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব বুলি ঘোষণা কৰিছিল । সেইমৰ্মে ২০০৮ চনৰ ১৬ আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈ ডাঙৰীয়াই কোকৰাঝাৰ চহৰৰ পৰা ৫ কিঃমিঃ নিলগত চন্দ্ৰপাৰা গাঁৱত বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে । মহাবিদ্যালয়খনৰ নামাকৰণ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ নামত কৰা হয় । এই অভিযান্ত্ৰিক মহাবিদ্যালয়খন AICTE (All India Council for Technical Education )-অৰ মান্যতাপ্ৰাপ্ত[1]। এই প্ৰতিষ্ঠানটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ।

অৱস্থান আৰু পৰিবহণ[সম্পাদনা কৰক]

বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় কোকৰাঝাৰ চহৰৰ পৰা ৫ কিঃমিঃ নিলগৰ চন্দ্ৰপাৰা গাঁৱত অৱস্থিত ।

শিক্ষা[সম্পাদনা কৰক]

মহাবিদ্যালয়ত নিম্নোক্ত শাখাসমূহত শিক্ষা আৰু স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়

অভিযান্ত্ৰিক পাঠ্যক্ৰম[সম্পাদনা কৰক]

বিষয় সময় আসন
ৰসায়নিক অভিযান্ত্ৰিক ( Chemical Engineering) ৪ বছৰ ৬০
বৈদ্যুতিক অভিযান্ত্ৰিক ( Electrical engineering) ৪ বছৰ ৬০

| align="left" valign="top" |

উৎসৱ[সম্পাদনা কৰক]

ইয়াত " Technisia " নামৰ বাৰ্ষিক উৎসৱৰ আয়োজন কৰা হয়। ৰাজ্যৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াত মূলতঃ প্ৰযুক্তি আৰু কলা-সংস্কৃতিৰ লগত জড়িত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ উপৰিও ইয়াত নিয়মিতভাৱে "আলোচনাচক্ৰ", "ৰ'বটিক কৰ্মশালা" আৰু বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত হয় ।

ট্ৰেইনিং আৰু প্লেচমেন্ট[সম্পাদনা কৰক]

মহাবিদ্যালয়ৰ ট্ৰেইনিং আৰু প্লেচমেন্ট চেল-এ ছাত্ৰ-ছাত্ৰীৰ ইন্টাৰ্ণশ্বিপ ট্ৰেইনিং আৰু কেম্পাচ ইন্টাৰভিউসমূহ চোৱাচিতা কৰে। মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ সংস্থাপনৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য দেখুৱাইছে।

তথ্য সংযোগ[সম্পাদনা কৰক]

  1. "AICTE মান্যতা". http://bbec.ac.in/webworld/। আহৰণ কৰা হৈছে: August 12, 2012. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]