দেৱৰাজ ৰয় মহাবিদ্যালয়
দেৱৰাজ ৰয় মহাবিদ্যালয় | |
---|---|
![]() প্ৰশাসনিক ভৱন | |
মূলমন্ত্ৰ | বিদ্যা দদাতি বিনয়ম |
ইংৰাজীত মূলমন্ত্ৰ | "Education gives Humility" |
স্থাপিত | ১ ছেপ্টেম্বৰ, ১৯৪৯ |
ধৰণ | চৰকাৰী |
অধ্যক্ষ | ড° পুতুল চন্দ্ৰ শইকীয়া |
শৈক্ষিক কৰ্মচাৰী | ৬০+ |
শিক্ষাৰ্থী | ২৫০০+ |
ডক্টৰেট শিক্ষাৰ্থী | ১০ |
স্থান | গোলাঘাট, ![]() |
চৌহদ | নগৰাঞ্চল |
ৰং | শুকুলা আৰু গভীৰ নীলা |
ভুক্তি | মুখ্য: ডিব্ৰুগড় বিশ্ববিদ্যালয় অন্যান্য: ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
দেৱৰাজ ৰয় মহাবিদ্যালয় বা ডি আৰ কলেজ হৈছে গোলাঘাটৰ জোনাকী নগৰত অৱস্থিত এখন চৰকাৰী মহাবিদ্যালয়। ১৯৪৯ চনত স্থাপিত এই মহাবিদ্যালয়খনত কলা আৰু বিজ্ঞান উভয় শাখাৰে মুঠ ১৫ টা বিভাগ আছে। ২০১১ চনত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নাকে (NAAC) মহাবিদ্যালয়খনক A গ্ৰেডেৰে মূল্যাংকন কৰে। মহাবিদ্যালয়খনত বৰ্তমান ২৫০০ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জীয়ন কৰিছে। ২০১০ আৰু ২০১৪ চনত বিশ্ববিদ্যালয় অনুদান আয়োগে মহাবিদ্যালয়খনক 'উৎকৰ্ষৰ সম্ভাৱনীয়তাপুষ্ট মহাবিদ্যালয়'(College with Potential for Excellence) হিচাপে চিহ্নিত কৰিছে।
ইতিহাস[সম্পাদনা কৰক]
১৯৪৯ চনৰ ১ছেপ্টেম্বৰত সেই সময়ৰ ছাত্ৰনেতা অযোধ্যা প্ৰসাদ গোস্বামী, স্বাধীনতা সংগ্ৰামী নেতা গোলাপ চন্দ্ৰ গোস্বামী, ড° প্ৰমোদাভিৰাম দাস, যদুনাথ শইকীয়া আদি ব্যক্তিৰ প্ৰচেষ্টাত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। দেৱৰাজ ৰয় মহাবিদ্যালয় আছিল গোলাঘাট জিলাৰ (সেই সময়ৰ অবিভক্ত শিৱসাগৰ জিলা) প্ৰথমখন মহাবিদ্যালয়। ১৯৬৫ চনলৈকে গৌহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়খন সেই বছৰত অসম চৰকাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনলৈ আনে।[1]
বিভাগসমূহ[সম্পাদনা কৰক]
মহাবিদ্যালয়খনত তলত উল্লিখিত ১৫ টা বিভাগ আছে।
কলা শাখা
|
বিজ্ঞান শাখা
|
পাঠ্যক্ৰমসমূহ[সম্পাদনা কৰক]
সাধাৰণ পাঠ্যক্ৰম
|
ব্যৱহাৰিক পাঠ্যক্ৰম
|
অন্যান্য
|
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "College History". DR College. 2019-02-09. http://www.drcollege.ac.in/page-details.php?name=College-History&pgurl=09335a5393037ef672a117ef8। আহৰণ কৰা হৈছে: 17 July 2020.