বিশ্বনাথ মহাবিদ্যালয়
অৱয়ব
বিশ্বনাথ মহাবিদ্যালয় | |
---|---|
ইউনিফৰ্ম পিন্ধা ছাত্ৰ-ছাত্ৰীৰ সৈতে বিশ্বনাথ মহাবিদ্যালয়ৰ সন্মুখভাগ | |
স্থাপিত | ৭ ছেপ্তেম্বৰ, ১৯৬০ চন |
ধৰণ | মহাবিদ্যালয় |
অধ্যক্ষ | ড° চিন্তা মনি শৰ্মা[1] |
শিক্ষাৰ্থী | ১৭০৩ |
স্থান | শোণিতপুৰ, অসম, ভাৰত |
ৱেবছাইট | www |
বিশ্বনাথ মহাবিদ্যালয় বিশ্বনাথ জিলাৰ লগতে উত্তৰ অসমৰ এখন অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান ৷ ২০১০ বৰ্ষত ৫০ বছৰ সম্পূৰ্ণ কৰা মহাবিদ্যালয়খনে সমগ্ৰ বিশ্বনাথ জিলাৰ লগতে দাঁতিকাষৰীয়া শোণিতপুৰ আৰু লক্ষীমপুৰ জিলাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ৷
অন্যান্য তথ্য
[সম্পাদনা কৰক]১৯৬০ চনৰ ৭ ছেপ্তেম্বৰত বিশ্বনাথ মহাবিদ্যালয় স্থাপন কৰা হয়৷ বৰ্তমান মহাবিদ্যালয়খনত ১৭০৩ জন ছাত্ৰ-ছাত্ৰী, ৬৭ গৰাকী শিক্ষক আৰু ৫২ গৰাকী অন্যান্য কৰ্মচাৰী আছে৷
শিক্ষা
[সম্পাদনা কৰক]মহাবিদ্যালয়খনত তলত দিয়া বিভাগসমূহত শিক্ষা প্ৰদান কৰা হয়:
- উচ্চতৰ মাধ্যমিক কলা শাখা
- উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা
- স্নাতক কলা শাখা
- স্নাতক বিজ্ঞান শাখা
- স্নাতক বাণিজ্য শাখা (বৰ্তমানলৈকে অপ্ৰাদেশীকৃত)
মহাবিদ্যালয়ৰ সুবিধাসমূহ
[সম্পাদনা কৰক]গ্ৰন্থাগাৰ
[সম্পাদনা কৰক]১৯৬০ চনত প্ৰতিষ্ঠা হোৱা গ্ৰন্থাগাৰটোত বৰ্তমান ২০ হাজাৰৰো অধিক কিতাপ-আলোচনী আছে৷
অধ্যক্ষসকল
[সম্পাদনা কৰক]- ড° কমল নাৰায়ণ দাস (১৭.১১.১৯৬০-২২.১০.১৯৬৩) (প্ৰতিষ্ঠাপক অধ্যক্ষ)
- ললিত চন্দ্ৰ বৰা (২৩.১০.১৯৬৩-১৫.০১.১৯৬৪) পুনৰ ১৯৮৬-১৯৮৭
- সদানন্দ চলিহা (১৬.০১.১৯৬৪-৩০.০৩.১৯৮৬)
- ভূবন চন্দ্ৰ চুতিয়া (৩১.০৩.১৯৮৬-১০.০৮.১৯৮৬ পুনৰ ১৯৮৭-১৯৯০ পুনৰ ১৯৯০-১৯৯৫)
- মাধৱ চন্দ্ৰ তালুকদাৰ (০১.০৩.১৯৯৫-৩০.০৯.১৯৯৬)
- ৰাজেন্দ্ৰ নাথ বৰঠাকুৰ (০১.১০.১৯৯৬-২৮.০২.১৯৯৭)
- প্ৰভাত চন্দ্ৰ গগৈ (০১.০৩.১৯৯৭-৩১.০৫.১৯৯৯) পুনৰ (০১.০৬.১৯৯৯-৩১.০৩.২০০০)
- পূৰ্ণ হাজৰিকা (০১.০৪.২০০০-৩০.১১.২০০৩)
- ৰাজাবালা দাস (২০০৩-২০০৫ পুনৰ ২০০৬-২০০৭)
- ড° যতীন বৰুৱা (২০০৫-২০০৬)
- মেহ্তাব উদ্দিন আহমেদ (২০০৭-২০০৭)
- ড° নিত্যানন্দ গগৈ (২০০৭-২০১০)
- মহেশ চন্দ্ৰ শৰ্ম্মা (২০১০-২০১১)
- ড°বলীন হাজৰিকা (২০১২-২০১৪)
- মীৰা মুদৈ বৰা (২০১৪-২০১৬ পুনৰ ২০১৯-২০১৯)
- কুলেন্দ্ৰ চন্দ্ৰ শৰ্মা (২০১৬-২০১৬)
- অমৰজ্যোতি বৰঠাকুৰ (২০১৭-২০১৭)
- ড°মৃণাল কুমাৰ বৰা(২০১৭-২০১৯)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "principals Msg". Biswanathcollege.in. Archived from the original on 19 July 2020. https://web.archive.org/web/20200719063514/https://www.biswanathcollege.in/principalsMsg.php। আহৰণ কৰা হৈছে: 19 July 2020.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মহাবিদ্যালয়ৰ ৱেবচাইট Archived 2020-10-24 at the Wayback Machine