হামিদাবাদ মহাবিদ্যালয়, সাতশিয়া
হামিদাবাদ মহাবিদ্যালয়, সাতশিয়া | |
---|---|
![]() | |
স্থাপিত | ১৯৭৯ |
ধৰণ | চৰকাৰী |
আচাৰ্য | মৰহুম মৌলনা পীৰ আব্দুল হামিদ খাঁন ভাষানী |
অধ্যক্ষ | শাহাদত আলী (এম. এ.) |
স্থান | ধুবুৰী, অসম, ভাৰত |
উপনাম | সাতশিয়া কলেজ |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী |
ৱেবছাইট | https://www.hamidabadcollege.in/[1] |
হামিদাবাদ মহাবিদ্যালয়, সাতশিয়া (ইংৰাজী: Hamidabad College, Satsia) খন ১৯৭৯ চনৰ ১৬ নৱেম্বৰ তাৰিখত প্ৰতিষ্ঠিত হৈছিল। অসমৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰৰ জামাদাৰহাট নামৰ ঠাইখনত এই মহাবিদ্যালয়খন অৱস্থিত। মহাবিদ্যালয়খন পোৰাভিটা বজাৰৰ পৰা আধা কিলোমিটাৰ দূৰৈত সাতশিয়া গাঁৱত অৱস্থিত। ফকিৰগঞ্জ থানাৰ পৰা প্ৰায় ১০ কিলোমিটা দূৰৈত (উত্তৰ-পশ্চিম মেৰুত) অৱস্থিত, টিক্ৰিকিল্লা বজাৰ (মেঘালয়)ৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত, লক্ষিপুৰ নগৰৰ পৰা পশ্চিম-উত্তৰ মেৰুত প্ৰায় ২৫ কিলোমিটাৰ দূৰত। হামিদাবাদ মহাবিদ্যালয়ৰ মুঠ আসনৰ সংখ্যা ৯০০ খন। মহাবিদ্যালয়খনত আৰ্টচ ষ্ট্ৰিম (কলা শাখা) কোৰ্চবোৰ পঢ়ুৱা হয়। লগতে এটা মেজৰ বিষয়ো বাছি ল’ব পাৰে। আৰ্টচৰ বাহিৰে এই মহাবিদ্যালয়খনত বিজ্ঞান তথা বাণিজ্য শাখাৰ বিষয়সমূহ লোৱাৰ সুবিধা নাই। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীন।
ইতিহাস[সম্পাদনা কৰক]

এই মহাবিদ্যালয়খন ১৯৭৯ চনৰ ১৬ নৱেম্বৰ তাৰিখত মৰহুম মৌলনা পীৰ আব্দুল হামিদ খাঁন ভাষানী চাহাবে এই অঞ্চলৰ শিক্ষাৰ উন্নতিৰ হকে স্থাপন কৰিছিল। কলেজখন স্থাপন হোৱাৰ পিছৰ পৰাই দীৰ্ঘদিন ধৰি চৰকাৰীকৰণ হোৱা নাছিল। অৱশেষত দীৰ্ঘদিন পিছত মহাবিদ্যালয়খন ০১/০১/২০১৩ চনৰ পৰা অসম চৰকাৰৰ কৰ্তৃক প্ৰৱৰ্তিত হৈছে, এয়া মহাবিদ্যালয়ৰ শুভাকাংক্ষীৰ বাবে অপৰিসীম আনন্দ আৰু গৌৰৱৰ কথা।[2]
তথ্য উৎস্য[সম্পাদনা কৰক]
- ↑ "hamidabad college, satsia". https://www.hamidabadcollege.in/। আহৰণ কৰা হৈছে: 10 July 2020.
- ↑ LIST OF COLLEGES AFFILIATED TO THE GAUHATI UNIVERSITY (AS ON to 31.10. 2016) Page No: 5