বাণিজ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৬ শতিকাৰ বণিক জৰ্জি গিজৰ ছবি

বাণিজ্য (ইংৰাজী: Commerce) হৈছে ব্যাপকভাৱে কৰা পণ্য সামগ্ৰী আৰু সেৱাৰ বিনিময়।[1] যি প্ৰক্ৰিয়াৰ দ্বাৰা পণ্য বা দ্ৰব্যৰ ক্ৰয়-বিক্ৰয়ৰ পৰা আৰম্ভ কৰি, দ্ৰব্যসমূহৰ পৰিবহণ, বীমাকৰণ, সঞ্চয়কৰণ, বিত্তীয়কৰণ, শ্ৰেণীকৰণ ইত্যাদি কাৰ্যবিলাক সম্পন্ন কৰি ভোক্তাক সন্তুষ্ট প্ৰদান কৰা হয়, সেই ব্যৱস্থাৱলী সমষ্টিটোক বাণিজ্য বোলা হয়।[2]

সংজ্ঞা[সম্পাদনা কৰক]

অধ্যাপক ষ্টিফেনচনৰ মতে বাণিজ্য হৈছে- “পণ্য বিনিময়ৰ ক্ষেত্ৰত সন্মুখীন হোৱা ব্যক্তি, স্থান, আৰু কাল সংক্ৰান্তিয় অসুবিধাসমূহ দূৰ কৰাৰ বাবে লোৱা প্ৰক্ৰিয়াৰ সমষ্টি।”[2] (“Commerce is the sum total of all those processes, which are engaged in the removal of hindrance of persons (trade), place (transport and insurance) and time (warehousing) in the exchange (banking) of commodities.”)[3]

ব্যুৎপত্তি[সম্পাদনা কৰক]

ইংৰাজী ভাষাৰ “commerce” (অসমীয়াত “বাণিজ্য”) শব্দটো লেটিন শব্দ “commercium” ৰ পৰা লোৱা হৈছে। যাৰ ইংৰাজী অৰ্থ হৈছে- com মানে "together" আৰু merx মানে "merchandise।" [4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "commerce". English: Oxford Living Dictionaries. Oxford University Press. n.d.. Archived from the original on February 24, 2016. https://web.archive.org/web/20160224202516/http://www.oxforddictionaries.com/definition/english/commerce। আহৰণ কৰা হৈছে: December 11, 2018. "1 The activity of buying and selling, especially on a large scale." 
  2. 2.0 2.1 শৰ্মা, ড° বিবেকানন্দ (জুন, ২০১৩). ব্যৱসায় অধ্যায়. প্ৰকাশক পাণবজাৰ, গুৱাহাটী: অসম বুক ডিপো. পৃষ্ঠা. ২১. ISBN 978-93-82384-52-6. 
  3. Agarwal, RC. "Essay on Commerce: Meaning, Nature and Other Details". Yourarticlelibrary.com. https://www.yourarticlelibrary.com/essay/essay-on-commerce-meaning-nature-and-other-details/42028#:~:text=James%20Stephenson%20has%20given%20an,(banking)%20of%20commodities.%E2%80%9D। আহৰণ কৰা হৈছে: 28 July 2021. 
  4. Chisholm, Hugh, ed. (1911). "Commerce". Encyclopædia Britannica. 6 (11th ed.). Cambridge University Press. p. 766.