কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
(Krishna Kanta Handiqui State Open University)
मुक्त विश्वविद्यालय

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ মোহৰ
মূলমন্ত্ৰ প্ৰতিবন্ধকতাক নেওচি শিক্ষা (Education Beyond Barriers)
স্থাপিত ২০০৬
ধৰণ ৰাজহুৱা, মুক্ত বিশ্ববিদ্যালয়
উপাচাৰ্য ড॰ নৃপেন্দ্ৰ নাৰায়ণ শৰ্মা (ভাৰপ্ৰাপ্ত)
প্ৰশাসনিক কৰ্মচাৰী ১৫০ (প্ৰশিক্ষকৰ সৈতে)
স্থান গুৱাহাটী, অসম, ভাৰত
চৌহদ দূৰবৰ্তী / নিয়মিত / অন-লাইন
পাঠ্যক্ৰম ৪২
ভুক্তি UGC , DEC
ৱেবছাইট www.kkhsou.in

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (ইংৰাজী: Krishna Kanta Handiqui State Open University) হৈছে অসমগুৱাহাটীত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। ইয়েই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম আৰু ভাৰতৰ ভিতৰত ১৪তম মুক্ত বিশ্ববিদ্যালয়। অসম বিধানসভাAct XXXVII of 2005 জৰিয়তে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল[1]। ২০০৫ চনৰ ৭ ছেপ্তেম্বৰত অসমৰ ৰাজ্যপালে এই আইনক সন্মতি প্ৰদান কৰে। ডিচটেন্স এডুকেশ্বন কাউন্সিল (ইংৰাজী: Distance Education Council)য়ে ২০০৭ চনত আৰু ২০০৯ চনত ইউনিভাৰ্ছিটি গ্ৰাণ্টছ কমিছন (ইংৰাজী: University Grants Commission)য়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক স্বীকৃতি দিয়ে[2]

মূলমন্ত্ৰ[সম্পাদনা কৰক]

সাম্প্ৰতিক কালৰ শৈক্ষিক ব্যৱস্থা ব্যৱহাৰ কৰি distance and open educationৰ জৰিয়তে সকলো শ্ৰেণীৰ লোককে উন্নত মানদণ্ডৰ উচ্চ শিক্ষা প্ৰদান কৰাৰ লক্ষ্য লৈ এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। বিশ্ববিদ্যালয়খনৰ মূলমন্ত্ৰ হৈছে বয়স, ভৌগোলিক সীমাৰ প্ৰতিবন্ধকতাক নেওচি শিক্ষা (ইংৰাজী: Education Beyond Barriers) প্ৰদান কৰা।

স্বীকৃতি[সম্পাদনা কৰক]

অসম বিধানসভাৰ Act XXXVII of 2005 জৰিয়তে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। ২০০৫ চনৰ ২৯ ছেপ্তেম্বৰত ডিচটেন্স এডুকেশ্বন কাউন্সিল আৰু ২০০৯ চনত ইউনিভাৰ্ছিটি গ্ৰাণ্টছ কমিছন[3]-য়ে এই মুক্ত বিশ্ববিদ্যালয় খনক স্বীকৃতি দিয়ে[4]

বিদ্যালয়সমূহ[সম্পাদনা কৰক]

২০০৮ চনত বিশ্ববিদ্যালয়খনত প্ৰথম নামভৰ্তি আৰম্ভ হয়। প্ৰথম বৰ্ষত মুঠ ৪২০০ জন ছাত্ৰ-ছাত্ৰী আছিল। দুবছৰৰ পাছত, ২০০৯ চনত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২৪,০০০ লৈ বৃদ্ধি পায়। বৰ্তমান বিশ্ববিদ্যালয়খনত প্ৰায় ৪০টা পাঠ্যক্ৰম আছে। Humanities , বিজ্ঞান, সমাজ বিজ্ঞান আদি বিভাগত পি.এইচ.ডি, স্নাতকোত্তৰ, স্নাতক ডিগ্ৰী, ডিপ্ল’মা আৰু চাৰ্টিফিকেট – এই পাঠ্যক্ৰম সমূহ ইয়াত প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, ৰাজ্যৰ পলিটেকনিক আৰু ইনডাচট্ৰিয়েল ট্ৰেনিং ইনষ্টিটিউট (Industrial Training Institute , I.T.I s.) ৰ সহায়ত ইয়াত বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰা হয়[5]

এই বিশ্ববিদ্যালয়খনৰ অধীনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মুঠ শৈক্ষিক কেন্দ্ৰ (study centre) ২২০টা আছে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ, যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ আৰু অভয়াপুৰী কাৰাগাৰত তিনিটা শৈক্ষিক কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে, কাৰাগাৰৰ কয়দীসকলক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা হয়[5]

বিভাগসমূহ[সম্পাদনা কৰক]

  • Director of Schools
  • School of Professional Studies
  • School of Science
  • School of Humanities
  • School of Social Sciences
  • Research Scholars

জ্ঞান তৰংগ[সম্পাদনা কৰক]

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কমিউনিটী ৰেডিঅ’ স্থাপন কৰা হয়। সকলো প্ৰতিবন্ধকতা অতিক্ৰম কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক শিক্ষা প্ৰদান কৰাৰ হৈছে ইয়াৰ মূল উদ্দেশ্য। জ্ঞান তৰংগ নামৰ এই কমিউনিটী ৰেডিঅ’টো ২০০৯ চনৰ ২৮ জানুৱাৰীত উদ্বোধন কৰা হয়। প্ৰথমতে, Assam Administrative Staff College, Guwahatiৰ পৰা 90.4 MHzত এই কেন্দ্ৰটোৰ পৰীক্ষামূলকভাৱে কাৰ্য্যক্ৰম সমূহ প্ৰচাৰ কৰি থকা হৈছিল। এই কেন্দ্ৰটোয়ে ২০১০ চনৰ ২০ নৱেম্বৰৰ পৰা নিয়মিতভাৱে কাৰ্য্যক্ৰম সমূহ প্ৰচাৰ কৰি আহিছে[6]

ই-বিদ্যা[সম্পাদনা কৰক]

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ই-বিদ্যা ৱেবছাইটটৱে ডিজিটেল পদ্ধতিৰ জৰিয়তে শিক্ষা প্ৰদান কৰে[7]

পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপন[সম্পাদনা কৰক]

২০১১ চনৰ ২০ জুলাইত গুৱাহাটীৰবীন্দ্ৰ ভৱনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অসমৰ ৰাজ্যপাল জানকী বল্লভ পাটনায়কৰ সভাপতিত্বত এই অনুষ্ঠানটো অনুষ্ঠিত হৈছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "KKHSOU". kkhsou.in. http://www.kkhsou.in/main/about.html। আহৰণ কৰা হৈছে: 27 June 2011. 
  2. "List of State Universities" (PDF). 27 May 2011. http://www.ugc.ac.in/inside/StateUniv_total.pdf। আহৰণ কৰা হৈছে: 2011-06-06. 
  3. "কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক UGCৰ স্বীকৃতি". KKHSOU. http://www.kkhsou.in/main/download/UGC%20Recognition.pdf। আহৰণ কৰা হৈছে: ৮ ছেপ্তেম্বৰ, ২০১২. 
  4. "কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ স্বীকৃতি". KKHSOU. ২০১১. http://www.kkhsou.in/main/recognition.html। আহৰণ কৰা হৈছে: ৮ ছেপ্তেম্বৰ, ২০১২. 
  5. 5.0 5.1 "কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়". KKHOU. 2011. http://www.kkhsou.in/main/about.html। আহৰণ কৰা হৈছে: September 06, 2012. 
  6. "জ্ঞান তৰংগ". KKHOU. 2011. http://www.kkhsou.in/crs/community_radio_in_north_east.html। আহৰণ কৰা হৈছে: September 06, 2012. 
  7. "কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ই-বিদ্যা". KKHOU. ২০১১. http://www.kkhsou.in/main/ebidya.html। আহৰণ কৰা হৈছে: September 06, 2012. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]