ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়অসমৰ হোজাই জিলাৰ হোজাইত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ৰ অধীনত স্থাপন কৰিছে। হোজাইত অৱস্থিত হোজাই মহাবিদ্যালয়ক উন্নীত কৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।[1]
২০১৯ চনৰ ৭ জুন তাৰিখে অধ্যাপক ডঃ অমলেন্দু চক্ৰৱৰ্তীয়ে বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্যৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে।[2] এই বিশ্ববিদ্যালয়খন ভাৰতৰ প্ৰথম নোবেল বঁটা সাহিত্যিক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে নামকৰণ কৰা হৈছে।[3]