আউনীআটী বিশ্ববিদ্যালয়
আউনীআটী বিশ্ববিদ্যালয় | |
---|---|
![]() | |
মূলমন্ত্ৰ | ज्ञानदानं विशिष्यते |
স্থাপিত | ৮ নৱেম্বৰ ২০২৩ |
ধৰণ | ব্যক্তিগত |
বৃত্তিদান | আউনীআটী সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক উন্নয়ন ন্যাস |
আচাৰ্য | পীতাম্বৰ দেৱ গোস্বামী[1] |
স্থান | কলীয়াপানী, টীয়ক অসম, ভাৰত |
ৱেবছাইট | auniv |
আউনীআটী বিশ্ববিদ্যালয় (ইংৰাজী: Auniati University) অসম যোৰহাট জিলাৰ এখন ব্যক্তিগত খণ্ডৰ ৰাজ্যিক বিশ্ববিদ্যালয়।[2] এই বিশ্ববিদ্যালয়খন অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন ২০০৭ৰ অধীনত সৃষ্টি হোৱা আউনীআটী বিশ্ববিদ্যালয় আইন, ২০২২ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল। মাজুলীৰ মূল আউনীআটী সত্ৰৰ তত্ত্বাৱধানত যোৰহাটৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত টীয়কৰ কলীয়াপানী শাখা সত্ৰৰ ৬৩ বিঘা মাটিত আউনীআটী সামাজিক- সাংস্কৃতিক আৰু শৈক্ষিক উন্নয়ন ন্যাসৰ সহায়ত এই বিশ্ববিদ্যালখন নিৰ্মাণ কৰা হৈছে।
ইতিহাস
[সম্পাদনা কৰক]২০২১ চনৰ ২১ নৱেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ে বিশ্ববিদ্যালয় খনৰ আধাৰশিলা স্থাপন কৰিছিল।[3] ২০২২ চনৰ ১৬ ছেপ্টেম্বৰ তাৰিখে অসম বিধানসভাত আউনীআটী বিশ্ববিদ্যালয় বিধেয়ক উত্থাপন কৰা হয়।[4] বিধেয়কখন অসমৰ ৰাজ্যপালৰ অনুমোদনৰ পিছত আউনীআটী বিশ্ববিদ্যালয় অসম চৰকাৰৰ ২০২২ চনৰ XXXIX আউনিআটী বিশ্ববিদ্যালয় আইন, ২০২২ অনুসৰি আউনীআটী সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক উন্নয়ন ন্যাস আশ্ৰয়ত ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰা হয়। মাজুলীত অৱস্থিত অসমৰ চাৰি ৰাজসত্ৰৰ অন্যতম আউনীআটী সত্ৰ এই বিশ্ববিদ্যালখন গঢ় লৈ উঠিছে। বিশ্ববিদ্যালয়খনৰ মুখ্য কাৰ্যালয় অসমৰ মাজুলী অৱস্থিত। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য অধ্যাপক ডম্বৰুধৰ নাথক আউনীআটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হয়। বৰ্তমানে বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ড° প্ৰকাশজ্যোতি বৰঠাকুৰ আৰু পঞ্জীয়ক ড° মাধুৰ্যমণ্ডিত বৰুৱা।
শিক্ষা
[সম্পাদনা কৰক]বিভাগসমূহ
[সম্পাদনা কৰক]বৰ্তমান বিশ্ববিদ্যালয়খনত তলত উল্লেখ কৰা বিভাগসমূহ আছে:
- পৰিৱেশ্য কলা বিভাগ
- সাংবাদিকতা আৰু গণসংযোগ বিভাগ
- শাৰীৰিক শিক্ষা বিভাগ
- সমাজবিজ্ঞান বিভাগ
- ইংৰাজী বিভাগ
- অসমীয়া বিভাগ
- চাহ আৰু কৃষি অধ্যয়ন বিভাগ
- কম্পিউটাৰ বিজ্ঞান বিভাগ
পাঠ্যক্ৰম
[সম্পাদনা কৰক]বিশ্ববিদ্যালখনৰ বিভাগ সমূহে বৰ্তমান সময়ত নিম্নোক্ত পাঠ্যক্ৰম সমূহ আগবঢ়ায়:
পৰিৱেশ্য কলা
[সম্পাদনা কৰক]পৰিবেশন কলাত সংহত স্নাতকোত্তৰ
সাংবাদিকতা আৰু গণসংযোগ
[সম্পাদনা কৰক]- গণসংযোগ আৰু সাংবাদিকতাত ডিপ্লমা
- গণসংযোগ আৰু সাংবাদিকতাৰ প্ৰমাণ পত্ৰ
শাৰীৰিক শিক্ষা
[সম্পাদনা কৰক]- শাৰীৰিক শিক্ষাত ডিপ্লমা
- শাৰীৰিক শিক্ষাৰ প্ৰমাণ পত্ৰ
সমাজবিজ্ঞান
[সম্পাদনা কৰক]- সমাজবিজ্ঞানত পি এইচ ডি
- সমাজবিজ্ঞানত স্নাতকোত্তৰ
- সমাজবিজ্ঞানত সংহত এম.এ.
অসমীয়া
[সম্পাদনা কৰক]- অসমীয়াত পি এইচ ডি
- অসমীয়াত স্নাতকোত্তৰ
- অসমীয়াত সংহত এম.এ.
চাহ আৰু কৃষি অধ্যয়ন
[সম্পাদনা কৰক]- চাহ আৰু কৃষি অধ্যয়নত ডিপ্লমা
- চাহ আৰু কৃষি অধ্যয়নৰ প্ৰমাণপত্ৰ
কম্পিউটাৰ বিজ্ঞান
[সম্পাদনা কৰক]- কম্পিউটাৰ এপ্লিকেচনত ডিপ্লমা
- কম্পিউটাৰ এপ্লিকেচনত প্ৰমাণপত্ৰ
ৰাজনীতি বিজ্ঞান
[সম্পাদনা কৰক]- ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ
ইতিহাস
[সম্পাদনা কৰক]- ইতিহাসত পি এইচ ডি
তদুপৰি বিশ্ববিদ্যালয়খনে গায়ন শৈলী (নাম লগোৱা, পাঠক), বায়ন শৈলী, নৃত্য শৈলী, মুখা শৈলী, নাট্য (ভাওনা) শৈলী, কুটিৰ শিল্প, চিত্ৰ/বয়ন শিল্প, পৰিকলন শিক্ষা, ইংৰাজী কথন আদিত ছয়মহীয়া প্ৰমাণ পত্ৰ পাঠ্যক্ৰম আগবঢ়ায়।
অৱস্থান
[সম্পাদনা কৰক]বিশ্ববিদ্যালয় চৌহদ যোৰহাট জিলাৰ টীয়কৰ সমীপৱৰ্তী কলীয়াপানী গাঁৱত অৱস্থিত শ্ৰী শ্ৰী আউনীআটী সখা সত্ৰৰ ওচৰত অৱস্থিত। ই টীয়ক চহৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ পূবে আৰু যোৰহাট চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ৰ কাষত অৱস্থিত।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Chancellor's Profile". Auniati University. Archived from the original on 2024-04-16. https://web.archive.org/web/20240416105116/https://auniv.in/chancellor.php। আহৰণ কৰা হৈছে: 2024-04-27.
- ↑ "State-wise List of Private Universities". University Grants Commissionwww.ugc.ac.in. http://www.ugc.ac.in/oldpdf/Private%20University/Consolidated%20List%20Private%20Universities%20as%20on%2029.06.2017.pdf। আহৰণ কৰা হৈছে: 17 December 2022.
- ↑ "আউনীআটী বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে". Northeast Now. https://assam.nenow.in/foundation-stone-of-auniati-university-laid-by-cm/?amp=1.
- ↑ "বিধানসভাত একেদিনাই উত্থাপন ৮ খনকৈ বিধেয়ক". ETV Bharat. https://www.etvbharat.com/assamese/assam/city/guwahati/eight-bills-tabled-in-assam-assembly/assam20220916205923854854439.