কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়
Kumar Bhaskar Varma Sanskrit and Ancient Studies University
স্থাপিত ২০১১
ধৰণ ৰাজহুৱা
আচাৰ্য অসমৰ ৰাজ্যপাল
উপাচাৰ্য অধ্যাপক (ডঃ) দীপক কুমাৰ শৰ্মা
স্থান নলবাৰী, অসম, ভাৰত
চৌহদ চহৰীয়া
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ
ৱেবছাইট www.kbvsasun.ac.in

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয (ইংৰাজী: Kumar Bhaskar Varma Sanskrit and Ancient Studies University, স্থাপিত: ২০১১) অসমৰ নলবাৰীত অৱস্থিত সংস্কৃত শিক্ষা আৰু কামৰূপৰ ইতিহাসৰ লগতে কলা, মানবিকী আৰু পেশাদাৰী শিক্ষাৰ এখন ৰাজ্যিক বিশ্ববিদ্যালয়।[1][2] প্ৰাচীন কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰে এই বিশ্ববিদ্যালয়ৰ নামকৰণ কৰা হৈছে।

শিক্ষা[সম্পাদনা কৰক]

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল -

  • সংস্কৃত (সৰ্বদৰ্শন) - আসনৰ সংখ্যা ৫৫
  • সংস্কৃত (সাহিত্য) - আসনৰ সংখ্যা ৩০খন
  • সংস্কৃত (বেদিক অধ্যয়ন) - আসনৰ সংখ্যা ৩০ খন
  • শিক্ষা - আসনৰ সংখ্যা ৪০
  • ৰাজনীতি বিজ্ঞান - আসনৰ সংখ্যা ৪০
  • অসমীয়া - আসনৰ সংখ্যা ৪০খন
  • দৰ্শন - আসনৰ সংখ্যা ৪০খন
  • পাঁচ বছৰীয়া সংযুক্ত সংস্কৃত স্নাতকোত্তৰ পাঠ্যক্ৰম - আসনৰ সংখ্যা ৩০

তদুপৰি বিশ্ববিদ্যালয়খনে শক্তি আৰু তন্ত্ৰ শাস্ত্ৰ, বৌদ্ধ দৰ্শন, প্ৰকৃতি উপাসনা, গান্ধীবাদ আদিৰো শিক্ষা আগবঢ়ায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]