অসমৰ ৰাজ্যপালসকলৰ তালিকা
![]() | এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
অসমৰ ৰাজ্যপাল | |
---|---|
সম্বোধন | His Excellency |
চৰকাৰী বাসগৃহ | ৰাজ ভৱন; গুৱাহাটী |
নিয়োগকৰ্তা | ভাৰতৰ ৰাষ্ট্ৰপতি |
কাৰ্যকাল | ৫ বছৰ |
প্ৰথম পদাধিকাৰী | নিক'লাছ ড'ড্ বে'ল |
গঠন | ১৫ আগষ্ট ১৯৪৭ |
ভাৰতবৰ্ষৰ ৰাজ্য একোখনৰ ৰাজ্যপালজন হৈছে ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি আৰু লগতে ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। অসমৰ বৰ্তমানৰ ৰাজ্যপাল হৈছে গুলাব চান্দ কটাৰিয়া। কটাৰিয়াই ৩১ সংখ্যক অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰি বৰ্তমানেও শাসনভাৰ গ্ৰহণ কৰি আছে।
ক্ষমতা আৰু কাৰ্য্যাৱলী[সম্পাদনা কৰক]
ৰাজ্যপাল এজনৰ ওচৰত নিম্নোক্ত বিভিন্ন ক্ষমতা সমূহ নিহিত থাকে:
- কাৰ্যপালকৰ ক্ষমতা : প্ৰশাসন, নিযুক্তি আৰু বৰ্খাস্তকৰণৰ ক্ষমতা
- বিধানমণ্ডলীয় ক্ষমতা : আইন প্ৰণয়ন সম্পৰ্কীয় আৰু বিধানমণ্ডল (অৰ্থাত, বিধান সভা আৰু বিধান পৰিষদৰ সৈতে যুক্ত ক্ষমতা) আৰু
- বিবেকাধীন ক্ষমতা : ৰাজ্যপালৰ নিজস্ব চিন্তাধাৰা আৰু বিবেকেৰে চালিত কাৰ্যসমূহ
অধীকৃত অসমত ব্ৰিটিছ সামৰিক কমাণ্ডাৰ (১৮২৪-১৮২৬)[সম্পাদনা কৰক]
১৮২৪ খ্ৰীঃত ব্ৰিটিছ সামৰিক বাহিনীয়ে অসম অধিকাৰ কৰিছিল। ইয়াৰ আগেয়ে অসম কাহিনীও ভাৰত নাইবা বাৰ্মা (বৰ্তমান ম্যানমাৰ)ৰ অংশ নাছিল। জৰ্জ মেক্ ম'ৰিন, ১৮২৪
- আৰ্থাৰ ৰিচাৰ্ডছ্, ১৮২৪-১৮২৬
অসমৰ ব্ৰিটিছ ৰাজনৈতিক প্ৰতিনিধি (১৮২৬-১৮২৮)[সম্পাদনা কৰক]
১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমৰ অংশ বাৰ্মাৰ পৰা বৃটেইনলৈ হস্তান্তৰিত হৈছিল।
- ডেভিদ স্কট, ১৮২৬-১৮২৮
অসমৰ আয়ুক্তসকল (১৮২৮-১৮৭৪)[সম্পাদনা কৰক]
১৮২৮ চনত নামনি অসমক বংগ প্ৰভিন্সৰ লগত সংযুক্ত কৰা হয়, পৰৱৰ্ত্তী কালত ১৮৩৩ চনত অসমৰ বাকী অংশও বংগদেশৰ সৈতে সংযুক্ত হয়। বংগৰ গৱৰ্ণৰৰ অধীনত অসমৰ বাবে এজন আয়ুক্ত বা কমিছনাৰ নিযুক্তি দিয়া হৈছিল।
- ডেভিদ স্কট, ১৮২৮–২০ আগষ্ট ১৮৩১, ক্ৰমশঃ
- থমাছ কেম্পবেল ৰবাৰ্টছন, ১৮৩১-১৮৩৪
- ফ্ৰান্সিছ জেনকিনছ্, ১৮৩৪-১৮৬১
- হে'নৰী হপকিনছন, ১৮৬১-১৮৭৪
অসমৰ মুখ্য আয়ুক্তসকল(১৮৭৪-১৯০৫)[সম্পাদনা কৰক]
১৮৭৪ খ্ৰীঃত অসমক বংগ প্ৰেছিডেন্সীৰ পৰা পৃথক কৰা হয় আৰু মুখ্য আয়ুক্তৰ প্ৰভিন্সৰ মৰ্য্যদা দিয়া হয়।
- ৰিচাৰ্ড হাৰটে কীটিঙে, ১৮৭৪-১৮৭৮
- ষ্টুৱাৰ্ট কলৱিন বে'য়লে', ১৮৭৮-১৮৮১
- ছাৰ চাৰ্লছ আলফ্ৰেড ইলিয়ট, ১৮৮১-১৮৮৫
- উইলিয়াম আৰ্ছকিন ৱাৰ্ড, ১৮৮৫–১৮৮৭, 'প্ৰথম বাৰ
- ছাৰ ডেনিছ ফিটজ্ পে'ট্ৰিক, ১৮৮৭-১৮৮৯
- জেমছ ৱালেছ কুইণ্টন, ১৮৮৯-১৮৯১
- উইলিয়াম আৰ্ছকিন ৱাৰ্ড, ১৮৯১–১৮৯৬, দ্বিতীয় বাৰ
- ছাৰ হেনৰী ষ্টাডমেন কটন, ১৮৯৬–১৯০২
- ছাৰ জোছেফ বেম্পফ্লাইড্ ফুল্যাৰ, ১৯০২–১৯০৫
পূৰ্ব বংগ আৰু অসমৰ লেফটেনেণ্ট গৱৰ্ণৰসকল (১৯০৫–১৯১২)[সম্পাদনা কৰক]
১৯০৫ চনত বংগদেশক দ্বি-বিভক্ত কৰি পূৰ্ব বংগ আৰু অসম গঠন কৰা হয়। ইয়াৰ শাসন চলাবৰ বাবে এজন লেফটেনেণ্ট গৱৰ্ণৰ নিযুক্তি দিয়া হয়।
- ছাৰ জোছেফ বেম্পফ্লাইড্ ফুল্যাৰ, ১৯০৫–১৯০৬
- লেনছল'ট হাৰে, ১৯০৬–১৯১১
- চাৰ্লছ ষ্টুৱাৰ্ট বে'য়লে', ১৯১১-১৯১২
অসমৰ মুখ্য আয়ুক্তসকল (১৯১২–১৯২১)[সম্পাদনা কৰক]
১৯১২ খ্ৰীঃত পূৰ্ব বংগক পুনৰ বংগ প্ৰেছিডেন্সীৰ অন্তৰ্ভুক্ত কৰা হয়। অসমৰ প্ৰশাসনৰ বাবে আকৌ মুখ্য আয়ুক্ত নিযুক্ত হয়।
- ছাৰ আৰ্কডে'ল আৰ্লে', ১৯১২-১৯১৮
- ছাৰ নিক'লাছ ড'ড্ বে'ল, ১৯১৮–৩ জানুৱাৰী ১৯২১
অসমৰ গৱৰ্ণৰসকল (১৯২১-১৯৪৭)[সম্পাদনা কৰক]
১৯২১ চনত মুখ্য আয়ুক্তৰ পদবীটোক গৱৰ্ণৰলৈ উন্নিতি কৰা হয়।
- ছাৰ নিক'লাছ ড'ড্ বে'ল, ৩ জানুৱাৰী ১৯২১–২ এপ্ৰিল ১৯২১, ক্ৰমশঃ
- ছাৰ উইলিয়াঅম ছিনক্লেয়াৰ ম্যাৰিছ, ৩ এপ্ৰিল ১৯২১–১০ অক্টোবৰ ১৯২২
- ছাৰ জন হে'নৰী ক্যাৰ, ১০ অক্টোবৰ ১৯২২-২৮ জুন ১৯২৭
- ছাৰ এ'গবাৰ্ট্ লৌৰী লুক্যাছ হাম্ম'ণ্ড, ২৮ জুন ১৯২৭–১১ মে' ১৯৩২
- ছাৰ মাইকে'ল কিয়েনে, ১১ মে' ১৯৩২–৪ মাৰ্চ ১৯৩৭
- ৰবাৰ্ট নেয়ল ৰে'ইদ্, ৪ মাৰ্চ ১৯৩৭–৪ মে' ১৯৪২
- হেনৰী জোছেফ টুয়ন্যাম, ১৮ ফেব্ৰুৱাৰী ১৯৩৮–৪ অক্টোবৰ ১৯৩৯, ৰে'ইদ্-ৰ স্থানত কাৰ্যবাহী
- ছাৰ এন্দ্ৰিউ গৌড়লে' ক্ল', ৪ মে' ১৯৪২–৪ মে' ১৯৪৭
- মুটাগুচি ৰেন্যা, মাৰ্চ ১৯৪৪–জুলাই ১৯৪৪, (জাপান অধীকৃত)
- এ' চি চেটাৰ্জী,মাৰ্চ ১৯৪৪–জুলাই ১৯৪৪, (মুক্ত ভাৰতৰ সাময়িক অস্থায়ী চৰকাৰৰ)
- ৰেদ্ৰিক চালমাৰ্চ বাউৰ্ণ, ৪ এপ্ৰিল ১৯৪৬–?, ক্ল'ৰ ভাৰপ্ৰাপ্ত
- হেনৰী ফ'লে নাইট, ৪ ছেপ্টেম্বৰ ১৯৪৬–২৩ ডিচেম্বৰ ১৯৪৬, ক্ল'ৰ স্থানত কাৰ্যবাহী
- ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী, ৪ মে' ১৯৪৭–১৫ আগষ্ট ১৯৪৭
অসমৰ ৰাজ্যপালসকল (১৯৪৭—)[সম্পাদনা কৰক]
ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰা অসমৰ ৰাজ্যপালসকল ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত হৈ আহিছে।
- ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী, ১৫ আগষ্ট ১৯৪৭-২৮ ডিচেম্বৰ ১৯৪৮
- ৰ'নাল্ড্ ফ্ৰান্সিছ ল'ড্জ্ , ৩০ ডিচেম্বৰ ১৯৪৮–১৬ ফেব্ৰুৱাৰী ১৯৪৯,কাৰ্যবাহী
- শ্ৰী প্ৰকাশা, ১৬ ফেব্ৰুৱাৰী ১৯৪৯-২৭ মে' ১৯৫০
- জয়ৰাম দাস দৌলতৰাম, ২৭ মে' ১৯৫০-১৫ মে' ১৯৫৬
- ছৈয়দ ফজল আলি, ১৫ মে' ১৯৫৬-২২ আগষ্ট ১৯৫৯
- চন্দ্ৰেশ্বৰ প্ৰসাদ সিনহা, ২৩ আগষ্ট ১৯৫৯–১৪ অক্টোবৰ ১৯৫৯
- জেনেৰেল (অৱসৰপ্ৰাপ্ত) সত্যৱন্ত্ মল্লানা শ্ৰীনাগেশ, ১৪ অক্টোবৰ ১৯৫৯–১২ নবেম্বৰ ১৯৬০, প্ৰথম বাৰ
- বিষ্ণু সাহায়, আই চি এছ (অৱসৰপ্ৰাপ্ত), ১২ নবেম্বৰ ১৯৬০–১৩ জানুৱাৰী ১৯৬১, প্ৰথম বাৰ
- জেনেৰেল (অৱসৰপ্ৰাপ্ত) সত্যৱন্ত্ মল্লানা শ্ৰীনাগেশ, ১৩ জানুৱাৰী ১৯৬১–৭ ছেপ্টেম্বৰ ১৯৬২, দ্বিতীয় বাৰ
- বিষ্ণু সাহায়, আই চি এছ (অৱসৰপ্ৰাপ্ত), ৭ ছেপ্টেম্বৰ ১৯৬২-১৭ এপ্ৰিল ১৯৬৮, দ্বিতীয় বাৰ, second time
- ব্ৰজ্ কুমাৰ নেহৰু, আই চি এছ (অৱসৰপ্ৰাপ্ত), ১৭ এপ্ৰিল ১৯৬৮–১৯ ছেপ্টেম্বৰ ১৯৭৩
- ন্যায়াধীশ পি. কে. গোস্বামী, ৮ ডিচেম্বৰ ১৯৭০–৪ জানুৱাৰী ১৯৭১, নেহৰুৰ স্থানত কাৰ্যবাহী
- লাল্লান প্ৰসাদি সিং, আই চি এছ (অৱসৰপ্ৰাপ্ত), ১৯ ছেপ্টেম্বৰ ১৯৭৩–১০ আগষ্ট ১৯৮১
- প্ৰকাশ চন্দ্ৰ মেহৰ'ত্ৰা, ১০ আগষ্ট ১৯৮১–২৮ মাৰ্চ ১৯৮৪
- ন্যায়াধীশ টি. এছ্. মিশ্ৰ, ২৮ মাৰ্চ ১৯৮৪–১৫ এপ্ৰিল ১৯৮৪
- ভীষ্ম নাৰায়ন সিং, ১৫ এপ্ৰিল ১৯৮৪–১০ মে' ১৯৮৯
- হৰিদেউ জোশী, ১০ মে' ১৯৮৯–২১ জুলাই ১৯৮৯
- ন্যায়াধীশ অনিছেত্তী ৰঘূৱীৰ, ২১ জুলাই ১৯৮৯–২ মে' ১৯৯০
- ন্যায়াধীশ দেৱী দাস ঠাকুৰ, ২ মে' ১৯৯০–১৭ মাৰ্চ ১৯৯১
- লোকনাথ মিশ্ৰ, ১৭ মাৰ্চ ১৯৯১–১ ছেপ্টেম্বৰ ১৯৯৭
- লেফটেনেণ্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) শ্ৰীনিবাস কুমাৰ সিনহা, PVSM, ১ ছেপ্টেম্বৰ ১৯৯৭-২১ এপ্ৰিল ২০০৩
- অৰৱিন্দ্ দাৱে, আই পি এছ্ (অৱসৰপ্ৰাপ্ত), ২১ এপ্ৰিল ২০০৩–৫ জুন ২০০৩
- লেফটেনেণ্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) অজয় সিং, ৫ জুন ২০০৩–৪ জুলাই ২০০৮
- শিৱ চৰণ মাথুৰ, ৪ জুলাই ২০০৮—২৫ জুন ২০০৯
- কে শংকৰনাৰায়ণন,২৬ জুন্ ২০০৯–২৭ জুলাই ২০০৯
- ছৈয়দ ছিবটে ৰাযি, ২৭ জুলাই ২০০৯ - ১০ নবেম্বৰ ২০০৯
- জানকী বল্লভ পাটনায়ক, ১১ নবেম্বৰ ২০০৯ - ১১ ডিচেম্বৰ ২০১৪
- পদ্মনাভন বালকৃষ্ণ আচাৰ্য্য, ১২ ডিচেম্বৰ ২০১৪ - ১৭ আগষ্ট ২০১৬[1]
- বানৱাৰীলাল পুৰোহিত , ২২ আগষ্ট ২০১৬ - ৩০ ছেপ্টেম্বৰ ২০১৭[2]
- জগদীশ মুখী, ৩০ ছেপ্টেম্বৰ ২০১৭ - ২২ ফেব্ৰুৱাৰী ২০২৩
- গুলাব চান্দ কটাৰিয়া,২২ ফেব্ৰুৱাৰী ২০২৩ -ৰ পৰা বৰ্তমানলৈকে
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "P B Acharya to assume additional charge as Assam Governor". The Indian Express. 11 December 2014. http://indianexpress.com/article/india/india-others/p-b-acharya-to-assume-additional-charge-as-assam-governor/। আহৰণ কৰা হৈছে: 9 January 2015.
- ↑ http://www.business-standard.com/article/news-ians/najma-heptulla-mukhi-appointed-governors-116081700886_1.html
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- List of Governors from assamassembly.nic.in
- http://www.worldstatesmen.org/India_states.html#Assam
- http://www.worldstatesmen.org/India_BrProvinces.htm#Assam
- http://www.oxforddnb.com/public/themes/93/93241.html
লগতে চাওক[সম্পাদনা কৰক]
|