বৰাক উপত্যকা

বৰাক উপত্যকা (দক্ষিণ অসম বুলিও জনাজাত)[1] ভাৰতৰ অসম ৰাজ্যৰ দক্ষিণ অঞ্চলত অৱস্থিত। এই উপত্যকাৰ মুখ্য চহৰ হৈছে শিলচৰ। এই অঞ্চল বৰাক নদীৰ নামেৰে নামাকৰণ কৰা হৈছে। বৰাক উপত্যকা অসমৰ তিনিখন প্ৰশাসনিক জিলা: কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰে গঠিত। এই তিনি জিলাৰ ভিতৰত কাছাৰ আৰু হাইলাকান্দি ব্ৰিটিছ ভাৰতৰ কাছাৰ জিকা আৰু কৰিমগঞ্জ ছিলেট জিলাৰ অন্তৰ্গত আছিল। ১৯৪৭ চনত ছিলেট জিলাৰ পৰা কৰিমগঞ্জ পৃথক কৰা হয়। বৰ্তমান ছিলেট জিলা বাংলাদেশৰ অন্তৰ্গত।
নামৰ উৎপত্তি[সম্পাদনা কৰক]
বৰাক নাম ডিমাছা শব্দ 'ব্ৰা' আৰু'ক্ৰ' ৰ পৰা উৎপত্তি হৈছে। 'ব্ৰা' মানে বিভক্ত আৰু 'ক্ৰ' মানে ওপৰৰ অংশ বা সোঁত। কৰিমগঞ্জ জিলাৰ হাৰিতাকীত বৰাক নদী সুৰমা আৰু কুছিয়াৰা নদীত বিভক্ত হৈছে। এই বিভক্ত স্ৰোতক ডিমাছা সকলে 'ব্ৰাক্ৰ' বুলি কৈছিল। কালক্ৰমত 'ব্ৰাক্ৰ' শব্দৰ পৰাই বৰাক নামৰ উৎপত্তি হল।[2]
জনবসতি[সম্পাদনা কৰক]
২০১১ চনৰ লোকপিয়ল মতে বৰাক উপত্যকাৰ ধৰ্মীয় জনবসতি এনেধৰণৰ:
- হিন্দু - ৫০.০% (১৮,১২,১৪১ জন)
- মুছলমান - ৪৮.১% (১৭,৪৪,৯৫৮ জন)
- খ্ৰীষ্টান - ১.৬% (৫৮,৬৭৫ জন)
- অন্যান্য- ০.২%
ভাৰতৰ মুছলমান সংখ্যাগুৰু আৰু হিন্দু সংখ্যালঘূ অঞ্চলৰ ভিতৰত কাশ্মীৰৰ পিছতে বৰাক উপত্যকা দ্বিতীয় স্থান অধিকাৰ কৰিছে। কাছাৰ জিলাত হিন্দু সংখ্যাগুৰু(প্ৰায় ৬০%) আৰু আন দুখন জিলা হাইলাকান্দি(প্ৰায় ৬০%) আৰু কৰিমগঞ্জ(প্ৰায় ৫৬.২৬%) মুছলমান সংখ্যাগুৰু অঞ্চল।[3] ছিলটী সকলৰ বাহিৰে এই অঞ্চলত বঙালী, ডিমাছা-কছাৰী, হামাৰ, মণিপুৰী( বিষ্ণুপুৰীয়া আৰু মেইতেই), ৰংমেই নাগা, অসমীয়া সকলে এই অঞ্চলত বাস কৰে।
ভাষা[সম্পাদনা কৰক]
অসমৰ ৰাজ্যভাষা অসমীয়া আৰু ইংৰাজী হলেও বঙালীক বৰাক উপত্যকাৰ চৰকাৰী ভাষা হিচাপে স্বীকীৰ্তি দিয়া হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন] এই অঞ্চলৰ বেছিভাগ লোকে ছিলঠীয়া ভাষা কয়। ইয়াৰ লগতে বিভিন্ন স্থানীয় জনগোষ্ঠী সমূহে নিজৰ ভাষা কয়। এই অঞ্চলত অসমীয়া ভাষী লোকৰ সংখ্যা কম।
যাতায়ত[সম্পাদনা কৰক]
যাতায়তৰ ক্ষেত্ৰত এই অঞ্চল অলপ পিছপৰা। বানপানী, ভূমিস্খলন, অতিপাত বৰষুণ তথা ভূমিকম্পয়ে এই অঞ্চলৰ যাতায়তৰ প্ৰচুৰ ক্ষতি কৰে।
বিমান সেৱা[সম্পাদনা কৰক]
এই অঞ্চলৰ একমাত্ৰ বিমান বন্দৰ শিলচৰ বিমানবন্দৰ, কুম্ভীৰগ্ৰামত অৱস্থিত। ইয়াৰ পৰা কলকাতা, গুৱাহাটী, ইম্ফলৈ নিয়মীয়া বিমান সংযোগ আছে।
ৰেল সেৱা[সম্পাদনা কৰক]
বৰাক উপত্যকা উত্তৰ পূব সীমান্ত ৰেলৰ অধীনত। উপত্যকাখন কেৱল লামডিং ৰেল ষ্টেচন সংযোগী কেৱল এটাহে ১৭০km দীঘল ব্ৰডগেজ ৰেলপথ আছে। বৰ্তমান দুটা ৰেল এই অঞ্চলত চলাচল কৰে।
- 55615/6 গুৱাহাটী - শিলচৰ বিজি ফাষ্ট পেচেঞ্জাৰ
- 25657/8 কাঞ্চনজংঘা এক্সপ্ৰেছ
স্থলপথ[সম্পাদনা কৰক]
৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বৰাক উপত্যকা গুৱাহাটীৰ লগত সংযোগিত। এইপথ গুৱাহাটীৰ পৰা মেঘালয়ৰ মাজেৰে পাৰ হৈ শিলচৰ সোমাইছে। ব্যক্তিগত আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ এই অঞ্চলত নিয়মীয়াকৈ চলাচল কৰে। লগতে বৰাক উপত্যকাক গুৱাহাটী, ছিলং,ইম্ফল, আৰু আগৰতলা সংযোগ কৰিছে।
প্ৰশাসন[সম্পাদনা কৰক]
বৰাক উপত্যকাত দুখন লোকসভা আসন আছে।
শিক্ষা[সম্পাদনা কৰক]
বৰাক উপত্যকাত কেইবাখনো বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠান আছে। তাৰেই ভিতৰত উল্লেখযোগ্য কেইখন হল:
তথ্য উৎস[সম্পাদনা কৰক]
- ↑ (Tunga 1995, পৃষ্ঠা 1)
- ↑ Barman Saroj Kr.(1995):Reminiscence Of The Past.Silchar:Kasturi Barman
- ↑ Indian CensusArchived 14 May 2007 at the Wayback Machine
|