মটক স্বায়ত্ব শাসিত পৰিষদ হৈছে জাতিগত মটক জনগোষ্ঠীৰ বিকাশ আৰু সুৰক্ষাৰ বাবে ভাৰতৰ অসম ৰাজ্যৰ এক স্বায়ত্ব শাসিত প্ৰশাসনীয় বিভাগ। এইটো ২০২০ চনত গঠন কৰা হৈছিল।[1]
মটক জনগোষ্ঠী মূলতঃ অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া,শিৱাসাগৰ জিলা আৰু যোৰহাট জিলাত বাস কৰা জনজাতি। চৰকাৰী অনুমান অনুসৰি অসমত প্ৰায় ৭ লাখ মটক জনজাতীয় লোক বাস কৰে।[2] ২০২০ চনৰ ২৪ মাৰ্চত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে অসম বিধানসভাত মটক স্বায়ত্বশাসিত পৰিষদ বিল উত্থাপন কৰে আৰু বিৰোধী দলসমূহৰ কোনো আপত্তি নোহোৱাকৈ ২০২০ চনৰ ছেপ্টেম্বৰত ইয়াক গৃহীত কৰা হৈছিল।[1]
মটক স্বায়ত্বশাসিত পৰিষদত ২৫জন সদস্য আছে। ইয়াৰে ২২জন সদস্য পোনপটীয়াকৈ নিৰ্বাচিত হয় আৰু ৩জন সদস্যক ৰাজ্যপালে মনোনীত কৰে।[3]
২০২১ চনৰ জানুৱাৰী মাহত অসম ৰাজ্য চৰকাৰে জনাইছিল যে নৱগঠিত মটক স্বায়ত্বশাসিত পৰিষদ, কামতাপুৰ স্বায়ত্বশাসিত পৰিষদ, মৰাণ স্বায়ত্বশাসিত পৰিষদ আৰু বড়ো-কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদে অন্তৱৰ্তীকালীন পৰিষদ গঠন কৰিব। যিহেতু ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই স্বায়ত্বশাসিত পৰিষদসমূহৰ নিৰ্বাচন সম্ভৱ হোৱা নাছিল, চৰকাৰে মটক স্বায়ত্বশাসিত পৰিষদ আৰু মটক স্বায়ত্বশাসিত পৰিষদৰ বাবে ২৫ জন, কামতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ বাবে ৩০জন আৰু বড়ো-কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ বাবে ৪০জন সদস্য মনোনীত কৰিব।[4]
|
---|
| ৬ষ্ঠ অনুসূচী অঞ্চল (ভাৰতৰ সংবিধান) |
|
---|
| ৬ষ্ঠ অনুসূচী বহিৰ্ভূত অঞ্চল (ৰাজ্যিক বিধায়িনী) |
|
---|
|