সমললৈ যাওক

ভাৰতৰ স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতৰ স্বায়ত্বশাসিত পৰিষদসমূহ
উত্তৰ-পূব ভাৰতৰ স্বায়ত্বশাসিত পৰিষদসমূহ

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীয়ে স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ গঠনৰ অনুমতি দিয়ে, যাৰ দ্বাৰা বিভাগবোৰে নিজ-নিজ ৰাজ্যৰ ভিতৰত স্বায়ত্বশাসনৰ অধিকাৰ লাভ কৰে।[1] বেছিভাগ স্বায়ত্বশাসিত জিলা পৰিষদ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত। আন দুখন আছে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত। বৰ্তমান সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠিত স্বায়ত্বশাসিত পৰিষদৰ সংখ্যা ১০খন; ইয়াৰে ৩খন অসমত, ৩খন মেঘালয়ত, ৩খন মিজোৰামত আৰু ১খন ত্ৰিপুৰা ৰাজ্যত। অন্য পৰিষদবোৰ বিভিন্ন আইনৰ অধীনত গঠন কৰা হৈছে।[2]

ক্ষমতা আৰু কাৰ্যাৱলী

[সম্পাদনা কৰক]

কাৰ্যবাহী আৰু বিধায়িনী ক্ষমতা

[সম্পাদনা কৰক]

ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ ব্যৱস্থাৱলীৰ অধীনত স্বায়ত্বশাসিত জিলা পৰিষদবোৰে নিম্নোল্লেখিত বিষয়সমূহত আইন আৰু বিধি-বিধান তৈয়াৰ কৰিব পাৰে।[3]

  • ভূমি ব্যৱস্থাপনা
  • অৰণ্য ব্যৱস্থাপনা
  • জলসম্পদ
  • কৃষি
  • গাঁও পৰিষদ গঠন
  • জনস্বাস্থ্য
  • অনাময়
  • গাঁও আৰু নগৰ পৰ্যায়ৰ পুলিচিং
  • পৰম্পৰাগত প্ৰধান আৰু গাওঁবুঢ়া নিযুক্তি
  • সম্পত্তিৰ উত্তৰাধিকাৰ
  • বিবাহ আৰু বিচ্ছেদ
  • সামাজিক প্ৰথা
  • ঋণ আৰু বাণিজ্য
  • খনি আৰু খনিজ সম্পদ

ন্যায়িক ক্ষমতা

[সম্পাদনা কৰক]

কোনো মোকৰ্দমাৰ উভয় পক্ষই যদি অনুসূচীত জনজাতিৰ লোক হয়, তেন্তে স্বায়ত্বশাসিত জিলা পৰিষদে গোচৰৰ শুনানীৰ বাবে আদালত গঠনৰ আৰু সৰ্বোচ্চ পাঁচ বছৰতকৈ কম দিনৰ বাবে কাৰাদণ্ড বিহাৰ ক্ষমতা আছে।[4]

কৰ আৰু ৰাজহ

[সম্পাদনা কৰক]

স্বায়ত্বশাসিত জিলা পৰিষদে গৃহ আৰু ভূমি, জন্তু, যান-বাহন, নাও, অঞ্চলটোলৈ সৰবৰাহ কৰা পণ্য, ৰাষ্টা, ফেৰীঘাট, দলং, নিয়োগ আৰু আয়, বিদ্যালয় আৰু ৰাস্তাৰ ৰক্ষণাবেক্ষণৰ বাবে কৰ, মাচুল আৰু টোল ধাৰ্য কৰিব পাৰে।[5]

স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগৰ তালিকা

[সম্পাদনা কৰক]
ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চল স্বায়ত্বশাসিত পৰিষদ মুখ্য কাৰ্যালয় জিলা / মহকুমা গঠন হোৱা চন ৬ষ্ঠ অনুসূচীৰ অধীনত গঠিত নে
অসমবড়োলেণ্ডকোকৰাঝাৰবাকচা, চিৰাং, কোকৰাঝাৰ আৰু ওদালগুৰি জিলা২০০৩হয়
দেউৰী স্বায়ত্বশাসিত পৰিষদনাৰায়ণপুৰলখিমপুৰ জিলা২০০৫নহয়
ডিমা হাচাওহাফলংডিমা হাচাও জিলা১৯৫১হয়
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদডিফুকাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা১৯৫২হয়
মৰাণ স্বায়ত্বশাসিত পৰিষদ**তিনিচুকীয়া জিলা২০২০নহয়
মিচিং স্বায়ত্বশাসিত পৰিষদধেমাজীধেমাজী জিলা১৯৯৫নহয়
ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদদুধনৈকামৰূপ আৰু গোৱালপাৰা জিলা১৯৯৫নহয়
সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদডিব্ৰুগড়২০০৫নহয়
ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদতিতাবৰ২০০৫নহয়
তিৱা স্বায়ত্বশাসিত পৰিষদ মৰিগাঁও মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ মহানগৰ জিলা১৯৯৫নহয়
মটক স্বায়ত্বশাসিত পৰিষদ ** ২০২০ নহয়
বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ ** ২০২০ নহয়
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ ** ২০২০ নহয়
লাডাখলাডাখ স্বায়ত্বশাসিত পাৰ্বত্য উন্নয়ন পৰিষদ, কাৰ্গিলকাৰ্গিলকাৰ্গিল জিলা২০০৩নহয়
লাডাখ স্বায়ত্বশাসিত পাৰ্বত্য উন্নয়ন পৰিষদ, কাৰ্গিল, লেহলেহলেহ জিলা১৯৯৫নহয়
মণিপুৰচান্দেল স্বায়ত্বশাসিত জিলা পৰিষদচান্দেলনহয়
চুৰাচান্দপুৰ স্বায়ত্বশাসিত জিলা পৰিষদচুৰাচান্দপুৰনহয়
সদৰ হিলচ্ স্বায়ত্বশাসিত জিলা পৰিষদKangpokpiSaikul, Saitu and Sadar Hills West subdivisions of Kangpokpi districtনহয়
সেনাপতি স্বায়ত্বশাসিত জিলা পৰিষদSenapatiনহয়
তামেংলং স্বায়ত্বশাসিত জিলা পৰিষদতামেংলংনহয়
উখ্ৰুল স্বায়ত্বশাসিত জিলা পৰিষদUkhrulনহয়
মেঘালয়গাৰো হিলচ্ স্বায়ত্বশাসিত জিলা পৰিষদTuraEast Garo Hills, West Garo Hills, South Garo Hills, North Garo Hills and South West Garo Hills১৯৭৩হয়
জয়ন্তীয়া হিলচ্ স্বায়ত্বশাসিত জিলা পৰিষদJowaiEast Jaintia Hills, West Jaintia Hills১৯৭৩হয়
খাচী হিলচ্ স্বায়ত্বশাসিত জিলা পৰিষদShillongWest Khasi Hills, East Khasi Hills and Ri Bhoi১৯৭৩হয়
মিজোৰামচাকমা স্বায়ত্বশাসিত জিলা পৰিষদKamalanagarTuichawng subdivision১৯৭২হয়
লাই স্বায়ত্বশাসিত জিলা পৰিষদLawngtlaiLawngtlai subdivision, Sangau subdivision১৯৭২হয়
মাৰ স্বায়ত্বশাসিত জিলা পৰিষদSiahaSiaha subdivision, Tipa subdivision১৯৭২হয়
ত্ৰিপুৰাত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্বশাসিত জিলা পৰিষদKhumulwngWest Tripura১৯৮২হয়
পশ্চিমবংগগোৰ্খালেণ্ডDarjeelingDarjeeling, Kurseong and Mirik subdivisions of Darjeeling district, Kalimpong district২০১২নহয়

ডি ফেক্টো স্ব-শাসিত অঞ্চল

[সম্পাদনা কৰক]

উত্তৰ চেণ্টিনেল দ্বীপ

[সম্পাদনা কৰক]

উত্তৰ চেণ্টিনেল দ্বীপ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অন্তৰ্গত এক দ্বীপ। এই দ্বীপটো সমগ্ৰ পৃথিৱীৰ পৰা বিচ্ছিন্ন শেষ নৃগোষ্ঠীবোৰৰ অন্যতম চেণ্টেনেলী লোকসকলৰ গৃহভূমি। তেওঁলোকে অন্য লোকসকলৰ সৈতে সংস্পৰ্শত আহিব নিবিচাৰে আৰু বাস্তৱিকতে তেওঁলোক আধুনিক সভ্যতাৰ পৰা শত যোজন দূৰত বাস কৰে। এই জনগোষ্ঠীটোৰ সৈতে কেতিয়াও কোনো চুক্তি হোৱা নাই বা অধিগ্ৰহণ কৰিব বিচৰাৰো কোনো তথ্য নাই।

আন্দামান নিকোবৰৰ স্থানীয় চৰকাৰৰ মতে চেণ্টিনেলী লোকসকলৰ জীৱন-ধাৰা আৰু বাসস্থানত হস্তক্ষেপ কৰাৰ কোনো উদ্দেশ্য তেওঁলোকৰ নাই। [6] ২০০৪ চনৰ ডিচেম্বৰত হোৱা চুনামীত দ্বীপটো মাৰাত্মকভাবে ক্ষতিগ্ৰস্থ হলেও চেণ্টেনেলী লোকসকলৰ সহজাত দক্ষতাৰ গুণত প্ৰাণহানি হোৱা নাছিল। দুৰ্যোগ সংঘটিত হোৱাৰ কেইদিনমান পিছত চৰকাৰী হেলিকপ্টাৰেৰে কৰা পৰ্যবেক্ষণত এই কথা নিশ্চিত কৰা হৈছিল। বৰঞ্চ হেলিকপ্টাৰখনলৈ চেণ্টিনেলী লোকসকলে শত্ৰু গণ্য কৰি ধনুকাড় নিক্ষেপ কৰিছিল।

যদিও এই সংক্ৰান্তত কোনো আনুষ্ঠানিক চুক্তি কৰা হোৱা নাই, ন্যূনতম হস্তক্ষেপৰ চৰকাৰী নীতিয়ে কেন্দ্ৰীয় আৰু স্থানীয় চৰকাৰৰ পৰিগাঁথনিৰ মাজত উত্তৰ চেণ্টেনেল দ্বীপৰ বাসিন্দাসকলে কাৰ্যতঃ স্বায়ত্বশাসন আৰু সাৰ্বভৌমত্ব লাভ কৰাটো নিশ্চিত কৰিছে। [7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]