নাৰায়ণপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
নাৰায়ণপুৰ
—  উন্নয়ণ খণ্ড  —
নাৰায়ণপুৰ
নাৰায়ণপুৰৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°59′47″N 93°53′49″E / 26.99639°N 93.89694°E / 26.99639; 93.89694
দেশ  ভাৰত
ৰাজ্য অসম
জিলা লখিমপুৰ জিলা
সময়াঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স. +০৫:৩০)

নাৰায়ণপুৰ (ইংৰাজী: Narayanpur) ভাৰতৰ উত্তৰ পূৰ্বীয় ৰাজ্য অসমলখিমপুৰ জিলাৰ এটা উন্নয়ণ খণ্ড। [1] নাৰায়ণপুৰ অসমৰ বিহপু্ৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত।

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

নাৰায়ণপুৰৰ ভৌগোলিক স্থানাংক ২৬°৫৯'৪৭উ: আৰু ৯৩°৫৩'৪৯পূ:, ই জিলা সদৰ উত্তৰ লখিমপুৰ পৰা প্ৰায় ৫৪ কি: মি: পশ্ছিমে অৱস্থিত। নৰায়ণপুৰৰ পূবে বিহপুৰীয়া, উত্তৰে বান্দৰদেৱা আৰু পশ্চিমে গহপুৰ, দক্ষিণ দিশত মহাবাহু ব্ৰহ্মপুত্ৰ

যোগাযোগ[সম্পাদনা কৰক]

নাৰায়ণপুৰ ইয়াৰ মাজেৰে যোৱা ৫২ নং ৰাষ্টীয় ঘাইপথেৰে জিলা সদৰ উত্তৰ লখিমপুৰ (৫৪ কি:মি:), ৰাজ্যিক সদৰ গুৱাহাটী(৩৩৭কি:মি:) আৰু কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ (প্ৰায় ৫০ কি:মি:) ৰ লগত সংযুক্ত। উত্তৰ লখিমপুৰ আৰু গুৱাহাটীৰ লগত ই উত্তৰ-পূব সীমান্ত ৰেলৱেৰেও সংযুক্ত। তাতিবহাৰ ইয়াৰ নিকতৱৰ্তী ৰেল আস্থান। নিকতৱৰ্তী বিমানকোঠ হৈছে লীলাবাৰী (৫৮ কি:মি:)।

বুৰঞ্জী[সম্পাদনা কৰক]

নাৰায়ণপুৰক বৰ নাৰায়ণপুৰ হিচাপেও জনা যায়। নাৰায়ণপুৰ আহোমৰ ৰাজত্ব কালৰে পৰা অসমৰ এটুকুৰা বুৰঞ্জীপ্ৰসিদ্ধ ঠাই। ই তেতিয়া শোণিতপুৰ জিলাৰ কলাবাৰী অঞ্চলৈকে বিস্তৃত আছিল। বিভিন্ন বুৰঞ্জীবিদে নাৰায়ণপুৰ নামৰ উতপত্তিৰ ভিন্ন ধৰণে ব্যাখ্যা কৰিছে। ৰাজা ৰাম মোহন ৰায়ে তেওঁৰ গ্ৰন্থ “The background of Assamese Culture” ত নাৰায়ণপুৰ কলিতা ৰজা সত্যনাৰায়ণৰ অস্থায়ী ৰাজধানী আছিল বুলি উল্লেখ কৰিছে।

আন কিছুমানৰ মতে নাৰায়ণপুৰত কোচ ৰজা নৰনাৰায়ণৰ সেনা চাউনি আছিল যাৰ বাবে ঠাইখনৰ নাম পাছত নাৰায়ণপুৰ হ’ল। ১৮শ শতিকাৰ মাজভাগত টাই খাম্তি সকল(বৃহত্তৰ টাই গোষ্ঠীৰ এটা ঠাল)ৰ নাৰায়ণপুৰলৈ প্ৰৱজন ঘতে।[2] নাৰায়ণপুৰ বৰ অসমৰ এক অবিচ্ছেদ্য অংগ আছিল। কিন্তু এই অঞ্চলত আৰ্য সংস্কৃতিৰো প্ৰভাৱ অতীজৰে পৰা দেখা পোৱা গৈছিল। প্ৰাগৈতিহাসিক কালত নাৰায়ণপুৰ বাণ ৰজাৰ ৰাজ্যৰ অন্তৰ্গত আছিল। নাৰায়ণপুৰৰ বিভিন্ন স্থানত পুৰণি হিন্দু দেৱ দেৱীৰ প্ৰতিমা, মন্দিৰ আৰু বিভিন্ন ধৰণৰ ভাস্কৰ্য বিভিন্ন সময়ত আৱিস্কৃত হৈছে, ই অতীজত এই স্থানত কোনো এক সভ্য সংস্কৃতিৰ অৱস্থিতিৰ প্ৰমান বহন কৰে।

ভাৰতীয় স্বাধীনতা আন্দোলনত ভূমিকা[সম্পাদনা কৰক]

ভাৰতৰ স্বাধীনতা সংগ্ৰামত নাৰায়ণপুৰৰ অৱদান লেখত ল’বলগীয়া। মহাত্মা গান্ধীৰ নেতৃত্বৰ ভাৰতীয় স্বাধীনতা আন্দোলনত নাৰায়ণপুৰৰ বহুকেইজন নেতাই উদগণি যোগাইছিল। লীলা ভূঞা(চৰাইদলনী),থানেশ্বৰ গগৈ(মেৰমুখ), ৰাজখোৱা (ৰাইদঙীয়া), মদন চন্দ্ৰ ভূঞা (চৰাইদলনী) আছিল এই সকলৰ অন্যতম।

ঊল্লেখযোগ্য স্থানসমূহ[সম্পাদনা কৰক]

নাৰায়ণপুৰ মাধৱদেৱ, হৰিদেৱ, অনিৰুদ্ধদেৱ, বদলা পদ্ম আতাকে ধৰি বহুকেইজন বৈষ্ণৱ গুৰুৰ জন্মস্থান। নাৰায়ণপুৰৰ ঊল্লেখযোগ্য স্থান সমূহ হৈছে বেলগুৰি সত্ৰ, বদলা সত্ৰ, ফুলনি থান, বিষ্ণুবালিকুচি, দহঘৰীয়া সত্ৰ, বুদ্ধ বাপুচাঙ, মাঘনোৱা দ’ল, গোঁহাই কমল আলি, ৰাধাপুখুৰি, বুঢ়া বুঢ়ি পুখুৰি, ৰঙতি পুখুৰী, গোঁহাই পুখুৰী আদি।


মাধৱ দেৱ জন্মস্থান (ৰঙাজান-কাঁচিকটা)

ৰঙাজান- শংকৰদেৱৰ প্ৰিয় শিষ্য বৈষ্ণৱ গুৰু মাধৱদেৱৰ জন্মস্থান (১৪৮৯ খৃ)। ই নাৰায়ণপুৰৰ পৰা প্ৰায় ১৫ কি: মি: উত্তৰ পূবে বৰবালি নামৰ ঠাইৰ সমীপত অৱস্থিত। [3] সেই স্থানত দুখন থান অৱস্থিত, দুয়োখন থানে নিজকে গুৰুজনাৰ জন্মস্থান বুলি দাবী কৰি আহিছে। দুয়োখন থানেই বিভিন্ন বৈষ্ণৱ গ্ৰন্থ আৰু পূৰণি হাতে লিখা সাহিত্য সম্ভাৰ আৰু অসমীয়া কলা কৃষ্টিৰ বিভিন্ন সামগ্ৰীৰে চহকী। ৰঙাজান আৰু কাঁচিকটা নৈৰ মাজত অৱস্থিত উজীৰ হৰিশিঙা বৰাৰ টোলতেই মাধৱদেৱৰ জন্ম হোৱা বুলি বিশেষজ্ঞ সকলে মানি লৈছে৷

মাঘনোৱা দ’ল

মাঘনোৱা দ’ল ফুলবাৰী গাওঁত অৱস্থিত, ইয়াক ফুলবাৰী দ’ল নামেও জনা যায়। পিচলা নৈৰ পূৱে মাঘনোৱা বিলৰ পাৰত দ’লতি অৱস্থিত। এসময়ত ই শক্তিৰ অধিস্তাতি দেৱী কালিৰ এটুকুৰা মূখ্য পূজন স্থলী আছিল। আহোম ৰাজত্বত কেইবাজনো স্বৰ্গদেৱে এই ঠাই দৰ্শন কৰাৰ প্ৰমান পোৱা য়ায়। মানৰ আক্ৰমণৰ সময়ত দ’লৰ মূখ্য প্ৰতিমা ভাগ লুকুৱাই ৰখা হৈছিল কিন্তু ই দ’ললৈ পুনৰ ঘুৰি নাহিল। দ’লৰ চাৰিওফালে ৫ ফুট ওখ পুৰণি দেৱাল দেখা যায়। মূল দ’লটি প্ৰায় ৭৫ ফুট ওখ। মূল দ’লৰ ভিতৰত বুলনি ঘৰ দেখা পোৱা যায় য’ত এসময়ত মূখ্য প্ৰতিমা ভাগ ৰখা হৈছিল। দ’লৰ ভিতৰত বহুতো ভাষ্কৰ্য দেখিবলৈ পোৱা যায়। অৱশ্যে চৰকাৰ আৰু স্থানীয় মানুহৰ অৱহেলা আৰু অমনোযোগিতাৰ বাবে ইয়াৰে সৰহভাগ প্ৰতিমা আৰু আন ভাষ্কৰ্যৰ চুৰি বা আন উপায়েৰে নষ্ট সাধন হৈছে।


খাম্তি গাওঁ আৰু বাপুচাঙ

১৮৪৩ চনত ব্ৰিটিচে শদিয়াত খাম্তি আন্দোলন দমন কৰে, সেই সময়ত কিছু খাম্তি মানুহ আহি নাৰায়ণপুৰত বসবাস কৰিবলৈ লয়। বৰখাম্তি গাওঁত তেওঁলোকে এটি বুদ্ধ মন্দিৰ স্থাপন কৰে। মাত্ৰ কেইহাজাৰ মান মানুহ বাকী থকা খাম্তি জাতিৰ এটা অংশৰ বৰ্তমান বাসস্থান নাৰায়ণপুৰৰ এই অঞ্চল। তেওঁলোক বৌদ্ধ ধৰ্মালম্বী আৰু চহকী সংস্কৃতিৰ অধিকাৰী। খাম্তি সকলৰ ধৰ্মীয় উপাসনা গৃহ হৈছে বাপুচাঙ। ই আন বৌদ্ধ ধৰ্মালম্বী লোকৰ বৌদ্ধ মন্দিৰ বা বৌদ্ধ বিহাৰৰ সৈতে একে। সাধাৰণ খাম্তি ঘৰবোৰতকৈ ই কিছু পৃথক। বাপুচাঙৰ বাহিৰ ভাগ ম্যানমাৰৰ বৌদ্ধ মন্দিৰৰ সৈতে মিল থকা দেখা যায়। অন্তৰ ভাগত বুদ্ধৰ প্ৰতিমা ৰখা হয় আৰু ইয়াক বৰ পবিত্ৰ থাই হিচাপে গন্য কৰা হয়।

দেওতোলা

মাঘনোৱা দ’লৰ মূখ্য প্ৰতিমা ভাগ মানৰ আক্ৰমনৰ সময়ত এটি পুখুৰিত লুকুৱাই ৰখা হৈছিল। পাছত সেই ভাগ খেৰাজখাত নামৰ ঠাইৰ গাভৰু বিলত উদ্ধাৰ কৰা হৈছিল, তেতিয়া মূৰ্তি ভাগ বৰকালীকা থানত স্থাপন কৰা হৈছিল আৰু ঠাই খিনিৰ নাম দেওতোলা হৈছিল (দেও-ভগৱান, তোলা- তোলোৱা)। দেওতোলা নাৰায়ণপুৰৰ পৰা ৮ কি:মি: দূৰত।


পেটুৱা গোসাঁনী থান


ব্ৰিটিছে অসম দখল কৰাৰ ভালেমান সময়লৈকে লখিমপুৰ অধিকাৰ কৰা নাছিল। এই খন থান কালী গোসানীৰ এখন পুৰণি পূজনস্থলী আছিল, ব্ৰিটিছ সকল লখিমপুৰলৈ অহাৰ পাছত প্ৰথমে এই থান আৱিস্কাৰ কৰে। ই ধলপুৰৰ গনকদলনীৰ ওচৰত অৱস্থিত। থানৰ গোসাঁনীক কেচাইখাতি গোসাঁনীও বোল হয়। অতীজতে অৰুনাচলৰ দফলা মানুহ সকল ইয়াত পূজাৰ বাবে আহিছিল। এতিয়াও প্ৰতিবছৰে ইয়াত দূৰ্গা পূজা উতযাপন কৰা হয়।

বেলগুৰি সত্ৰ

এইখন সত্ৰ পোন প্ৰথমে ১৬১৭ চনত মাজুলীত স্থাপন কৰা হৈছিল - য’ত দুই গুৰু শংকৰ-মাধৱৰ মিলন হৈছিল। পাছত ইয়াক নাৰায়ণপুৰলৈ স্থানান্তৰিত কৰা হয় আৰু আৰু অসমৰ বৈষ্ণৱ সমাজৰ মাজত সৰ্বজনবিদিত এই সত্ৰখন ১৪৪৭ চনত জৰাবাৰী গাওঁত প্ৰতিষ্ঠা কৰা হয়। অসমৰ সংস্কৃতিৰ এক ঊল্লেখ্যোগ্য অংগ চালি নৃত্যৰ চৰ্চা অতীজৰে পৰা সত্ৰখনত চলি আহিছে।

বদলা পদ্ম আতা সত্ৰ আৰু ফুলনি থান

মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাই ১৬৩৬ চনত নাৰায়ণপুৰত বদলা পদ্ম আতা সত্ৰ স্থাপন কৰে। প্ৰবাদ আছে যে বদলা পদ্ম আতাই মাধৱদেৱৰ অধীনত উজনি অসমত বৈষ্ণৱ ধৰ্ম চোৱা চিতাৰ ভাৰ পাইছিল, তেখেতে জমদগ্নিৰ ভূমিত এই সত্ৰখন স্থাপন কৰিছিল। এসময়ত এই স্থান বৈষ্ণৱ ধৰ্ম চৰ্চাৰ মূখ্য কেন্দ্ৰ হৈ পৰিছিল। শংকৰ-মাধৱৰ মহাপ্ৰয়ানৰ পাছত বৈষ্ণৱ ধৰ্ম প্ৰচাৰত বদলা পদ্ম আতাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সত্ৰ খন অনেক পুৰণি গ্ৰন্থৰ সংগ্ৰহেৰে সমৃদ্ধ।

ফুলনি থানো বদলা পদ্ম আতা দেৱেই ১৫৫৫ শকত প্ৰতিস্থা কৰিছিল। ই এক পুৰণি ধৰ্মীয় স্থান, এতিয়াও প্ৰতি বছৰে বহু সহস্ৰাধিক ভক্তৰ ইয়ালৈ আগমন ঘতে।

বিষ্ণু বালিকুচি সত্ৰ

নাৰায়ণপুৰৰ পৰা প্ৰায় ৮ কিমি নিলগৰ দকুৱা গাওঁত এই সত্ৰ খন অৱস্থিত। কাল সংহতি গুৰু ভবানিপ্ৰিয়া আতাৰ অনুগামী শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ ১৫৫৩ চনত দকুৱা গাওঁত জন্ম হয়। ভবানিপ্ৰিয়া আতাৰ সহ:যোগত ১৬০২ চনত তেখেতে এই সত্ৰখন স্থাপন কৰে। এই সত্ৰতে তেখেতৰ পাছত দেহাৱসান ঘতে। তেখেতে বহুতো মৰাণ আৰু মটক লোকক বৈষ্ণৱ ধৰ্মত দীক্ষিত কৰিছিল।

ৰাধা পুখুৰী

নগৰৰ সমীপৰ সাউকুচি গাওঁত ৰাধাপুখুৰী অৱস্থিত। ৰজা লক্ষ্মীনাৰায়নে ১৪০০ৰ পৰা ১৫০০ চনৰ ভিতৰত তেওঁৰ পত্নী ৰাধাৰ নামত এই পুখুৰিতো খন্দুৱাই। আন কিছুৰ মতে ৰাণী সৰ্বেশ্বৰীয়ে এই পুখুৰীতো খন্দুৱাইছিল। কিন্তু পুখুৰীৰ কাম আধাতে শেষ হৈছিল সেয়ে তাৰ নাম আধা পুখুৰী হৈছিল, পাছত ইয়েই ৰাধাপুখুৰীৰ নাম পায়। বৰ্তমান এই পুখুৰীতো অসম চৰকাৰৰ মীন পালন বিভাগৰ অধীনত মীন উৎপাদন আৰু প্ৰজননৰ কামত ব্যৱহৃত হয়।

ভাটৌকুচি থান

ভাটৌকুচি থান ঢলপুৰৰ সমীপৰ কাথনি গাওঁত অৱস্থিত। গুৰু কেশৱচৰণ আতাই এই সত্ৰ প্ৰতিস্থা কৰিছিল। কথাগুৰুচৰিতৰ মতে তেখেতৰ জন্ম ১৬০৫ চনত আৰু মৃত্যু ১৬৬৫ চনত হৈছিল। সত্ৰখন এতিয়াও বৈষ্ণৱ ধৰ্মৰ এখন সক্ৰিয় প্ৰচৰ থলী।

গোহাঁই-কমল আলি

১৬ শতিকাৰ আগভাগত অসমত কোচ ৰাজ্যৰ উত্থান ঘতিছিল। কৰতোৱা নদীৰ পৰা বৰনদীলৈকে এই ৰাজ্য বিস্তৃত আছিল। এই সময়চোৱাৰ ভিতৰতে আহোমৰ সৈতে হোৱা ৰণৰ সময়ত নাৰায়ণপুৰত এই আলিটো নিৰ্মাণ কৰা হয়।

আহঁতগুৰি সত্ৰ

বৰবালি চমুৱা গাওঁত আহঁতগুৰি সত্ৰ অৱস্থিত। শ্ৰী ৰাম আতাই ১৬৮৩ চনত এইখন স্থাপন কৰিছিল। ইয়াৰ সৰহ সংখ্যক অনুগামী ব্ৰাহ্মণ। ১৯৮৭ চনৰ বানত ইয়াত সংৰক্ষিত বহুতো পুৰণি গ্ৰন্থ নোহোৱা হয়। বৰ্তামানে ইয়াত ঠাকুৰ আতা আৰু শ্ৰী ৰাম আতাৰ কিছু গ্ৰন্থ (হাতেলিখা) সংৰক্ষিত হৈ আছে।

অন্যান্য আকৰ্ষণ সমূহ

নাৰায়ণপুৰ সৰ্বমুঠ বাৰ জন ধৰ্মীয় গুৰুৰ জন্মস্থান, সেয়েহে ইয়াক পবিত্ৰ ঠাই হিচাপে গণ্য কৰা হয়। মাধৱদেৱৰ সময়ত ই বৈষ্ণৱ ধৰ্মৰ প্ৰধান চৰ্চাৰ স্থলী আছিল। ধৰ্মীয় দিশৰ উপৰিও নাৰায়ণপুৰ আন আন বিভিন্ন সংস্কৃতিৰেও চহকী।

অৰ্থনীতি[সম্পাদনা কৰক]

নাৰায়ণপুৰৰ অৰ্থনীতি কৃষিভিত্তিক। গোটেই বছৰ ধৰি বিভিন্ন খেতি এই অঞ্চলত হোৱা দেখা যায়। বিভিন্ন ধৰণৰ উৎপাদিত শস্য সমূহ হৈছে- ধান, মাতিমাহ, আলু, পিয়াঁজ, আদা, নহৰু, বিলাহী, ফুলকবি, বন্ধাকবি, বেঙেনা আদি। বিভিন্ন ধৰনৰ ফল যেনে কল, আম, নাৰিকল, কঠাল আদিৰ উৎপাদন দেখা যায়। তামোল পান অসমৰ যিকোনো ঠাইৰ দৰে নাৰায়ণপুৰৰো অৰ্থনীতিৰ এটা অংশ। মীন পালনেও অঞ্চলটোৰ অৰ্থনীতিত বৃহৎ ভূমিকা পালন কৰে। অঞ্চলটোত বহুতো মীন পালন কৰা চৰকাৰী আৰু ব্যক্তিগত পুখুৰী (ফিচাৰি) দেখিবলৈ পোৱা যায়। দক্ষিণ দিশে বৈ যোৱা লুইত খনেও এই উদ্যোগত অৰিহণা যোগায়। [4] নাৰায়ণপুৰত অতীজৰে পৰা থলুৱা ভাবে মুগা, এৰী আৰু পাট সুতা ৰ উৎপাদন হৈ আহিছে। নাৰায়ণপুৰত অসম চৰকাৰৰ হস্ত তাত আৰু বস্ত্ৰ বিভাগৰ অধীনৰ এখন বৃহৎ মুগা পাম অৱস্থিত। [5] অৱশ্যে বিভাগীয় অমনোযোগিতাৰ বাবে পাম খনৰ অৱস্থা বৰ্তমানে সংকটজনক।

নতুনকৈ গঢ় লৈ উঠা নৰায়নপুৰ নগৰক ২০০৮ চনত আনুষ্ঠানিক ভাবে নগৰ হিচাপে স্বীকৃতি দিয়া হয়। বৰ্তমানে নাৰায়ণপুৰ নগৰত লাহে লাহে গঢ়ি উঠা ব্যৱসায়িক প্ৰতিষ্ঠান বোৰেও নাৰায়ণপুৰৰ অৰ্থনীতিত প্ৰভাব বিস্তাৰ কৰিছে।

উল্লেখযোগ্য শিক্ষানুষ্ঠান[সম্পাদনা কৰক]

  • মাধৱদেৱ মহাবিদ্যালয়
  • ভিবিৰাম হাজৰিকা মহাবিদ্যালয়
  • খেৰাজখাত মহাবিদ্যালয়
  • নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • খেৰাজখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • ফুলনি খাট উচ্চতৰ মাধ্যমিক বিদ্যালয়

  • তাতিবাহাৰ মজলীয়া বিদ্যালয়
  • দুলীয়া পথাৰ মজলীয়া বিদ্যালয়
  • নাৰয়ণপুৰ বালক মজলীয়া বিদ্যালয়
  • নামনি সোৱণশিৰি উচ্চ মাধ্যমিক বিদ্যালয়
  • হাৰমতী পিচলা উচ্চ মাধ্যমিক বিদ্যা লয়

(ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান )

  • শংকৰদেৱ শিশু নিকেতন , নাৰায়ণপুৰ
  • শংকৰদেৱ শিশু নিকেতন , ঢলপুৰ
  • এক্ৰিত আৰু এক্ৰিত একাডেমি
  • জিজ্ঞাসা জাতীয় বিদ্যালয়
  • অসম জাতীয় বিদ্যালয়, মেৰমুখ
  • জ্ঞানজ্যোতি একাডেমি
  • পিচলা নেসন্যাল একাডেমি
  • চি. ই. চি. নাৰায়ণপুৰ

প্ৰধান সাংস্কৃতিক অনুষ্ঠান[সম্পাদনা কৰক]

নাৰায়ণপুৰৰ উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

নাৰায়ণপুৰৰ উল্লেখযোগ্য ৰাজহুৱা প্ৰতিষ্ঠান[সম্পাদনা কৰক]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. "নাৰায়ণপুৰৰ ভৌগোলিক স্থানাংক". http://wikimapia.org/9180286/narayanpur. 
  2. "CIC নাৰায়ণপুৰ মূখ্য-পৃষ্টা". http://www.cic.nic.in/cicwebpages/Assam/narayanpur/myweb/index.htm. 
  3. "Historical overview of Narayanpur". http://www.cic.nic.in/cicwebpages/Assam/narayanpur/myweb/ancientmonu.htm. 
  4. "নাৰায়ণপুৰৰ ফিচাৰীসমূহ". http://www.cic.nic.in/cicwebpages/Assam/narayanpur/myweb/fisheries_at_narayanpur.htm. 
  5. "ৰেচম আয়োগ, ভাৰত". http://indiansilk.kar.nic.in/rti/MSSO_Guwahati/MSSO_Guwahati.pdf. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]