বিশ্বনাৰায়ণ শাস্ত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বিশ্বনাৰায়ণ শাস্ত্ৰী
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা বাৰাণসী হিন্দু বিশ্বিবদ্যালয়ৰ পৰা সংস্কৃতত প্ৰথম স্থান আৰু ডি-লিট উপাধি লাভ
বিষয় সংস্কৃত সাহিত্য, গৱেষণা, অনুবাদক,

বিশ্বনাৰায়ণ শাস্ত্ৰী (ইংৰাজী: Biswanarayan Shastri) আছিল একাধাৰে ৰাজনীতিক, পণ্ডিত, প্ৰশাসক, শিক্ষাবিদ আদি। তেওঁ সংস্কৃতত উপন্যাস লিখা আধুনিক অসমৰ একমাত্ৰ ঔপন্যাসিক। অবিনাশী নামৰ সংস্কৃত উপন্যাসৰ বাবে তেওঁ ১৯৮৭ চনৰ সংস্কৃত ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁ ১৯৫৩-৫৮ চনলৈকে নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষও আছিল।[1] তেওঁৰ লিখা মুঠ গ্ৰন্থৰ সংখ্যা ৪০ খন। অন্যহাতে তেওঁ অনুবাদকো আছিল। ইংৰাজী সাহিত্যতো তেওঁ বহুকেইখন গ্ৰন্থ লিখি থৈ গৈছে। হাতেলিখা পাণ্ডুলিপিৰ পৰা উদ্ধাৰ কৰি কালিকাপুৰাণ, কামাখ্যাতন্ত্ৰ আৰু যোগিনীতন্ত্ৰৰ দৰে মূল্যবান সাহিত্য সম্পদ তেওঁ সম্পাদনা কৰি ইংৰাজীত আগকথা আৰু পাদটীকাসহ প্ৰকাশ কৰি থৈ গৈছে। সেইদৰে ইংৰাজীলৈ কালিকাপুৰাণৰ অনুবাদ, অসমীয়ালৈ 'বিমান আৰু হৰ্ষ'ৰ অনুবাদ, উত্তৰ-পূবাঞ্চলৰ জনজাতীয় লোককথাৰ সংকলন আদিও তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ।[1]

শিক্ষা[সম্পাদনা কৰক]

বিশ্বনাৰায়ণ শাস্ত্ৰীৰ জন্মৰ নাম হৈছে বিশ্বনাৰায়ণ গোস্বামী। তেওঁৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পানবাৰী গাঁৱত। পিতৃ আছিল পানবাৰীস্থিত দহঘৰীয়া সত্ৰৰ সত্ৰাধিকাৰ স্বৰ্গীয় বেনুকান্ত গোস্বামী। [2] শিক্ষা, সাহিত্য, গৱেষণা আৰু ৰাজনীতিত সমানে সুখ্যাতি লভা ড॰ শাস্ত্ৰীয়ে প্ৰৱেশিকা পৰীক্ষাত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হয়। সংস্কৃতত অভিলেখ নম্বৰ পোৱাৰ লগতে তেওঁ প্ৰৱেশিকাত দুটা বিষয়ত লেটাৰ নম্বৰ পাইছিল।[1] তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত সংস্কৃত আৰু অসমীয়াত অভিলেখনম্বৰসহ প্ৰথম বিভাগত আই এ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। স্নাতক পৰীক্ষাতো তেওঁ ডিষ্টিংছন আৰু সংস্কৃতত অভিলেখ নম্বৰ লাভ কৰে। তাৰ পাছত বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত সাহিত্যত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে। একে বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ সন্মানীয় ডি-লিট উপাধি লাভ কৰে।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

লখিমপুৰ জিলাৰ বিহপুৰীয়াস্থিত লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্বনাৰায়ণ শাস্ত্ৰীয়ে শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ উক্ত বিদ্যালয়ৰ সংস্কৃত বিষয়ৰ শিক্ষক আছিল, আৰু শিক্ষকতা ত্যাগ কৰি আন্দোলনত সহযোগিতা কৰিছিল। [2] ইয়াৰ পিছত ড॰ শাস্ত্ৰীয়ে কেবাখনো মহাবিদ্যালয়ত অসমীয়া, সংস্কৃত আৰু ভাৰতীয় ইতিহাসৰ প্ৰবক্তাৰূপে কাম কৰে। লখিমপুৰ জিলাৰ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ (১৯৫৩-৫৮) আছিল ড॰ শাস্ত্ৰী। [1] উল্লেখ্য যে বিহপুৰীয়া আৰু নলবাৰীত পৰম্পৰাগত পদ্ধতিৰে তেওঁ সংস্কৃত ভাষা-সাহিত্য আৰু ভাৰতীয় দৰ্শন তথা বৌদ্ধ দৰ্শনৰ চৰ্চা কৰিছিল আৰু তাৰ পাছতহে ক্ৰমে কলকাতা আৰু বাৰাণসীত উচ্চ শিক্ষা লাভ কৰে। তেওঁৰ পাণ্ডিত্যপূৰ্ণ অৱদানৰ স্বীকৃতিস্বৰূপে বিভিন্ন অনুষ্ঠানে সাহিত্য-শাস্ত্ৰী, ব্যাকৰণ-শাস্ত্ৰী, কাব্যতীৰ্থ আদি উপাধি প্ৰদান কৰে। ভাৰতীয় ইতিহাস, দৰ্শন আৰু সংস্কৃতিৰ বিষয়ে দেশ-বিদেশৰ ভালেমান আগশাৰীৰ আলোচনী আৰু গৱেষণা পত্ৰিকাত মূল্যবান নিবন্ধ লিখা ড॰ শাস্ত্ৰীৰ সমানে দখল আছিল অসমীয়া, সংস্কৃত আৰু ইংৰাজী ভাষাত। তেওঁৰ প্ৰকাশিত গ্ৰন্থৰ ভিতৰত ১২খন শিশু সাহিত্য পুথিকে ধৰি মুঠ ৪০খন অসমীয়া ভাষাৰ গ্ৰন্থ আছে। ইংৰাজীত তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থৰ সংখ্যা চাৰিখন। আন ভালেমান গ্ৰন্থ প্ৰকাশ পাইছে সংস্কৃত ভাষাত। তদুপৰি হাতেলিখা পাণ্ডুলিপিৰ পৰা উদ্ধাৰ কৰি কালিকাপুৰাণ, কামাখ্যাত আৰু যোগিনীতন্ত্ৰৰ দৰে মূল্যবান সাহিত্য সম্পদ তেওঁ সম্পাদনা কৰি ইংৰাজীত আগকথা আৰু পাদটীকাসহ প্ৰকাশ কৰাটো ভাৰতীয় প্ৰাচীন গ্ৰন্থ অধ্যয়নত এক বিশেষ অৱদান হিচাপে স্বীকৃত হৈছে। সংস্কৃত নীতিশিক্ষা সম্ভূত সাহিত্য দৰ্পণৰ অনুবাদো তেওঁৰ আন এক কৃতিত্বৰ পৰিচায়ক।[1] ১১ শতিকাতে কাশ্মীৰৰ পণ্ডিত সোমদেৱে প্ৰণয়ন কৰা সংস্কৃত কাহিনীগ্ৰন্থ কথাসৰি সাগৰৰ অসমীয়া অনুবাদ ড॰ শাস্ত্ৰীৰ আন এক উল্লেখনীয় অৱদান। সেইদৰে ইংৰাজীলৈ কালিকাপুৰাণৰ অনুবাদ, অসমীয়ালৈ বিমান আৰু হৰ্ষৰ অনুবাদ, উত্তৰ-পূবাঞ্চলৰ জনজাতীয় লোককথাৰ সংকলন আদিও বিশেষভাৱে উল্লেখযোগ্য।

লখিমপুৰ লোকসভা সমষ্টিৰ পৰা ক্ৰমে ১৯৬৭ আৰু ১৯৭১ ত নিৰ্বাচিত হোৱা ড॰ শাস্ত্ৰীয়ে হ’ল প্ৰথমগৰাকী সাংসদ যি সংস্কৃত ভাষাত লোকসভাত ভাষণ দি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ১৯৪২ত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি তেওঁ কাৰাবাসো খাটিছিল আৰু ব্ৰিটিছ চৰকাৰৰ কোপদৃষ্টিৰ পৰা হাত সাৰিবলৈ আত্মগোপন কৰিবলৈ বাধ্য হৈছিল। তেওঁ লখিমপুৰ জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হোৱাৰ উপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰো সদস্য পদ অলংকৃত কৰে। তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰো সদস্য হৈছিল। তদুপৰি বিশেষ অধিকাৰ কমিটী, ৰাজহুৱা হিচাপ কমিটী আদিৰো তেওঁ আছিল সদস্য তথা আহ্বায়ক। চাহ বোৰ্ডৰ সদস্য, প্ৰদেশ কংগ্ৰেছৰ স্বাধীনতা যুঁজাৰু কোষৰ আহ্বায়ক, অসম চৰকাৰৰ মুক্তিযুঁজাৰু উপদেষ্টা। পৰিষদৰ সদস্য ৰূপেও তেওঁ সকলোৰে প্ৰিয়পাত্ৰ আছিল। তদুপৰি তেওঁ ৰাজ্যৰ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ আৰু অসম প্ৰকাশন পৰিষদৰ প্ৰথমগৰাকী সচিব আছিল। [1] উল্লেখনীয় যে, তেওঁ লক্ষীমপুৰ জিলা স্কুল ব'ৰ্ডৰ চেয়াৰমেন পদতো কাৰ্যনিৰ্বাহ কৰিছিল। [2] ৫০ৰ দশকত তেওঁ অসম চৰকাৰৰ বিশেষ শিক্ষা বিষয়াৰূপেও নিযুক্ত হৈছিল। অৱশ্যে দীৰ্ঘকাল কংগ্ৰেছৰ স’তে যুক্ত হৈ থকাৰ পাছত তেওঁ ১৯৯৮ত কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগ দিয়ে আৰু মৃত্যুৰ সময়লৈকে বিজেপিৰ হকে কাম কৰি যায়।

আনহাতে, নতুন দিল্লীৰ সাহিত্য অকাডেমিৰ কাৰ্যবাহী কমিটীৰ সদস্যৰূপে তেওঁ ১০ বছৰ কাৰ্যনিবাহ কৰিছিল। নেছনেল বুক ট্ৰাষ্টৰ বিশেষজ্ঞ সমিতিৰ সদস্য, ৰাষ্ট্ৰীয় সংস্কৃত সংস্থানৰ কাৰ্যবাহী সদস্য, কামৰূপ অনুসন্ধান সমিতিৰ সভাপতি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী। পৰিষদৰ সদস্য, হংকঙৰ ‘এছিয়ান ৰিচাৰ্ছ ইনষ্টিটিউট’ৰ ফেলো, নতুন দিল্লীৰ ভাৰতীয় ইতিহাস গৱেষণা পৰিষদৰ ফেলো, গোৰখপুৰৰ নাগাৰ্জুন বৌদ্ধ ফাউণ্ডেছনৰ অধ্যক্ষ পদত থাকি ড॰ শাস্ত্ৰীয়ে অসামান্য বৰঙনি যোগাই গৈছে। ৰাজনীতিবিদ, প্ৰাচ্যতত্ত্ববিদ, ভাৰত বিশাৰদ, ইতিহাসবিদ, দাৰ্শনিক, গৱেষক, সাহিত্যিক আদি বিভিন্ন ভূমিকাত অৱতীৰ্ণ হৈ ড॰ শাস্ত্ৰীয়ে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি অসমৰ লগতে ভাৰতৰো গৌৰৱ বৰ্ধন কৰিছিল। গুৱাহাটী-নতুন দিল্লীৰ পৰা আৰম্ভ কৰি ফ্ৰান্স, জাপান, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰ, ফিলিপাইনছ আদিৰ ভালেমান নগৰ-চহৰত আয়োজিত সন্মিলনত তেওঁ যোগ দিয়ে। বিভিন্ন শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয় আৰু গৱেষণা কেন্দ্ৰত গৱেষণাপত্ৰ পাঠ কৰে। ভাৰত চৰকাৰৰ প্ৰতিনিধি হিচাপে আৰু বিশিষ্ট ব্যক্তি হিচাপে আমন্ত্ৰিত হৈ তেওঁ ইউৰোপৰ প্ৰায়বোৰ দেশৰ উপৰি দক্ষিণ-পূৰ্ব এছিয়া আৰু অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদি দেশে। ভ্ৰমণ কৰি বৰ্ণাঢ্য অভিজ্ঞতা আহৰণ কৰে।[1] স্মৰ্তব্য যে শিশু সাহিত্য সম্পৰ্কীয় প্ৰতিযোগিতাত ড॰ শাস্ত্ৰীয়ে দুবাৰকৈ ভাৰত চৰকাৰৰ পৰা শ্ৰেষ্ঠতাৰ বঁটা অৰ্জন কৰে।[1] অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনপ্ৰাপ্ত। লেখক হোৱাৰ উপৰি তেওঁ সংস্কৃত ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। লগতে উত্তৰ প্ৰদেশ সাহিত্য অকাডেমিয়ে প্ৰদান কৰা বাণভট্ট বঁটা, সংস্কৃত ভাষাত লিখিত অবিনাশী নামৰ উপন্যাসখনিৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, উত্তৰ প্ৰদেশ হিন্দী সংস্থানৰ বঁটা, সংস্কৃতত যোগোৱা বৰঙনিৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি সন্মানীয় চাৰ্টিফিকেট, ভাষা-সাহিত্য-সংস্কৃতিৰ আনন্দৰাম বৰুৱা প্ৰতিষ্ঠান (এবিলাক)-ৰ বঁটা আদি তেওঁ লাভ কৰা সন্মান আৰু পুস্কাৰৰ দীৰ্ঘ তালিকাত অন্যতম সংযোজন। উল্লেখ্য যে ড॰ বিশ্বনাৰায়ণ শাস্ত্ৰী অভ্যৰ্থনা সমিতি, গুৱাহাটীয়ে ১৯৯৭ত তেওঁৰ সন্মানাৰ্থে চাৰিশ পৃষ্ঠাৰ অধিক কলেবৰৰ ৯৫০ টকা দামৰ এখন সুদৃশ্য আৰু সংগ্ৰহযোগ্য সংকলনো প্ৰকাশ কৰে।[1] ভাৰতবিদ্যাসৌভম শীৰ্ষক সংস্কৃত আৰু ইংৰাজীত প্ৰণীত এই দ্বিভাষিক গ্ৰন্থখনিত দেশ-বিদেশৰ ভালেসংখ্যক গৱেষক পণ্ডিতে লিখি পঠিওৱা বিশেষ নিবন্ধ সন্নিৱিষ্ট হৈছিল।

সাহিত্যকৃতি[সম্পাদনা কৰক]

  • ভাৰতীয় সভ্যতা আৰু সংস্কৃতি (১৯৬২)
  • সাহিত্যদৰ্পণ (অনু. ১৯৬৪)
  • সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা (১৯৬৯)
  • হৰ্ষ (অনু. ১৯৭২)
  • কালিকাপুৰাণ (সম্পা. ১৯৭২)
  • ৰামসৰস্বতী (১৯৮১)
  • কথাসৰিৎসাগৰ (অনু. ১৯৮৩)
  • যোগিনীতন্ত্ৰ (সম্পা. ১৯৮৪)
  • কামাখ্যাতন্ত্ৰ (সম্পা. ১৯৮৬)
  • সময় ফাউণ্ডেশ্বন অভ ন্যায়-বৈশেষিক ফিল’ছফি (১৯৯৩)
  • মীমাংসা ফিল’ছফি এণ্ড কুমাৰিল ভট্ট (১৯৯৫)
  • সংস্কৃত ষ্টাডিজ ইন আছাম গ্লু দি এজেছ (১৯৯৮)
  • আনন্দৰাম বৰুৱা (১৯৮৪)
  • দি কালিকাপুৰাণ (১৯৯৩)
  • অবিনাশী (১৯৮৬) আদি

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 1.9 সম্পাদনা-অৰবিন্দ ৰাজখোৱা (2017). গ্ৰন্থ সৌৰভ. পৃষ্ঠা. ১২. 
  2. 2.0 2.1 2.2 শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২০৫.