লখিমপুৰ জিলা
লখিমপুৰ জিলা | |
|---|---|
অসমত জিলাখনৰ অবস্থান | |
| দেশ | ভাৰত |
| ৰাজ্য | অসম |
| সদৰ | উত্তৰ লখিমপুৰ |
| কালি | |
• মুঠ |
২,২৭৭ বৰ্গকিমি (৮৭৯ বৰ্গমাইল) |
| জনসংখ্যা (২০১১) | |
• মুঠ |
১০,৪০,৬৪৪ |
লখিমপুৰ (পূৰ্বৰ নাম লক্ষীমপুৰ) ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ উত্তৰ-পূৱ কোণত অৱস্থিত এখন জিলা। উল্লেখ্য যে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত লক্ষীমপুৰ আৰু ডিব্ৰুগড় মহকুমা দুটাৰে তেতিয়াৰ লক্ষীমপুৰ জিলা গঠন হৈছিল। সেইসময়ত ইয়াৰ চাৰিসীমা আছিল: পূবে ব্ৰহ্মপুত্ৰ নদী, পশ্চিমে হাৱাজান নৈ, উত্তৰে নেফা আৰু দক্ষিণে লোহিত সুঁতি। [1] ১৯৭১ চনৰ ২ অক্টোবৰ তাৰিখে এই জিলাখনক লক্ষীমপুৰ আৰু ডিব্ৰুগড় জিলা হিচাপে দ্বিবিভক্ত কৰা হয়। পৰৱৰ্তী কালত লক্ষীমপুৰ জিলাৰ পৰা তেতিয়াৰ ধেমাজি মহকুমাকো আতঁৰাই সুকীয়া জিলাৰ স্বীকৃতি দিয়া হয়। বৰ্তমানৰ লখিমপুৰ জিলাৰ চাৰিসীমা হ'ল উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে মাজুলী, গোলাঘাট আৰু ব্ৰহ্মপুত্ৰ নদী, পূবে ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলা আৰু পশ্চিমে বিশ্বনাথ জিলা। জিলাখনৰ সদৰ হৈছে উত্তৰ লখিমপুৰ। মহকুমা ৩টা- উত্তৰ লখিমপুৰ নাৰায়ণপুৰ আৰু ঢকুৱাখনা।
লখিমপুৰ (লক্ষীমপুৰ) নামৰ উৎপত্তি
[সম্পাদনা কৰক]জিলাখনৰ লক্ষীমপুৰ নামকৰণৰ বিষয়ে কেইবাটাও তথ্য প্ৰচলিত হৈ আহিছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ, পৰ্বতমালালৈকে বিস্তৃত বিৰাট সমতল অঞ্চল একালত সমৃদ্ধিৰ শিখৰত আছিল।
প্ৰখ্যাত বুৰঞ্জীবিদ স্বৰ্গীয় সৰ্বেশ্বৰ বৰুৱা দেৱৰ মতে চুতীয়া নৃপতি লক্ষ্মীনাৰায়ণৰ নামেৰে লক্ষীমপুৰ হয়। তেখেতৰ মতে জিলাখনৰ নাম বৃটিছৰ দিনত বৰ্তমানৰ উত্তৰ লখিমপুৰ নগৰখনৰ নামত দিয়া হৈছিল যিখন পুৰ্বতে লক্ষ্মীনাৰায়ণ ৰজাই গঠন কৰিছিল। [2] ইয়াৰ প্ৰামাণ্য হিচাপে লক্ষ্মী নাৰায়ণ আৰু সত্য নাৰায়ণ নামৰ ৰজা দুজনে মাটি দান কৰা তামৰ ফলি দুখন ডাঙি ধৰা হয়। ঘিলামৰাৰ ওচৰৰ ধনুখনা বিলত ১৯১০ চনত আৰু ১৯৩২ চনত ঘিলামৰাৰ ওচৰৰ ন-ভাঙনী মাটিত কোৰ মাৰোতে প্ৰাপ্ত হোৱা দুখন ফলিৰ উপৰিও তৃতীয় এখন ফলিও উদ্ধাৰ হৈছিল। [3] চতুৰ্দ্দশ শতিকাৰ তামৰ ফলি অনুসৰি চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে সোৱনশিৰি নদীৰ পশ্চিমত (বৰ্তমানৰ উত্তৰ লক্ষীমপুৰ নগৰ অঞ্চলত) ব্ৰাহ্মণক ভূমি দান কৰিছিল।
১৮ শতিকাৰ গ্ৰন্থ “আদি-চৰিত”ৰ মতে বাৰ-ভূঞা সকলৰ ধৰণী স্বৰূপা লক্ষ্মী আইৰ নামেৰে “লক্ষ্মীপুৰ” বুলি জনাজাত হয়।[4] ইতিহাসবিদ মহেশ্বৰ নেওগৰ মতে কিন্তু এই গ্ৰন্থখন জালি আৰু বিভ্ৰান্তি মূলক।[5] সি কি নহওঁক গ্ৰন্থখনৰ মতে লক্ষ্মীদেৱী হেনো সূৰ্য দেৱতাৰ পত্নী আছিল আৰু সূৰ্য দেৱতাই পত্নীক বৰদি কৈছিল,- “তোমাৰ নামত গ্ৰাম্য হৈব লক্ষ্মীপুৰ। তাহাতে বসতি প্ৰিয়া হৈবেক তোমাৰ॥ অনেক ঐশ্বৰ্যসুখ হৈবেক তথাত॥ লক্ষ্মীপুৰ নাম হৈব জগত প্ৰখ্যাত॥" (আদি চৰিত) কিন্তু উল্লেখযোগ্য যে এই ৰচনাদফাত প্ৰকৃততে দৰং জিলাৰ অন্তৰ্গত লক্ষীমপুৰ (লক্ষ্মীপুৰ) নামৰ ঠাই ডোখৰ বুজোৱা হৈছে, কাৰণ বাৰ-ভূঞা সকলকৰ বসতি সেই অঞ্চলত আছিল। গ্ৰন্থত উল্লেখ থকা মতে সেই সকল ভূঞা ৰত্নপীঠৰ আৰিমত্ত ৰজাৰ মন্ত্ৰী আছিল। যিহেতু আৰিমত্ত কমতা ৰাজ্যৰ ৰজা হৈছিল আৰু কামৰূপৰ ৰত্নপীঠ নামনি অসমৰ অঞ্চলক কোৱা হৈছিল, সেই বাবে এই সকল ভূঞাৰ ৰাজ্য নামনি অসমৰ কিছু অঞ্চলত অৱস্থিত আছিল বুলি জনা যায়। সেই কাৰণে উজনি অসমৰ লক্ষীমপুৰক উত্তৰ লক্ষীমপুৰ বুলিও কোৱা হয়। নামনি অসমৰ সেই অঞ্চলৰ পুৰণি নাম ৰঙাগাঁও বুলি উল্লেখ আছে আৰু বৰ্তমান ৰঙাগাঁও নামৰ ঠাই এডোখৰ দৰং জিলাৰ লক্ষীমপুৰ ওচৰত অৱস্থিত।
ইয়াৰ উপৰিও বুৰঞ্জীৰ পৰা জনা যায় যে ১৬ শতিকাত হে প্ৰথম বাৰৰ বাবে ভূঞা সকলৰ লখিমপুৰলৈ আগমন ঘটে। বুৰঞ্জী অনুসৰি ১৫২০ দখকত ৰাউতা-তেমনীৰ পৰা ভূঞা সকলক আহোম ৰজা চুহুংমুঙেহে উজনি অসমৰ উত্তৰ কুলত(বৰ্তমানৰ লক্ষীমপুৰ, বিশ্বনাথ জিলা) সংস্থাপন কৰাইছিল। তাৰ আগতে এই অঞ্চলত ভূঞা সকলৰ বসতি থকা একো বুৰঞ্জীমূলক প্ৰমাণ পোৱা নাযায়।
ইতিহাস
[সম্পাদনা কৰক]১৫২৪ চনৰ লৈকে জিলাখনত ভূমি চুতীয়া ৰাজ্যৰ অধীনত আছিল। লখিমপুৰৰ হাবুং (ঢকুৱাখনা আৰু সোৱণশিৰি-ব্ৰক্ষ্মপুত্ৰৰ সংগম স্থল) অঞ্চলত চুতীয়া বিষয়া হাবুঙাধিপতি বৃহৎপাত্ৰয়ে শাসন কৰিছিল বুলি জনা যায়। এই বৃহৎ পাত্ৰ জনে ডিব্ৰুগড় ৰণতো ভাগ লৈছিল। ঐতিহাসিক দৃষ্টিভঙ্গীৰে চালে দেখা যায় শদিয়াৰ চুতীয়া ৰাজ বংশৰ এটা ঠালে চহৰৰ পৰা পাঁচ মাইল নিলগৰ ধল আৰু ঘাগৰ নৈৰ মাজত এখন চহৰ প্ৰতিষ্ঠা কৰি ৰাজত্ব কৰিছিল। তাত এখন প্ৰাচীন পৰিত্যক্ত নগৰৰ চিন এতিয়াও বিৰাজমান। পৰৱৰ্তী কালত ৰজা সত্য নাৰায়ণ আৰু ৰজা লক্ষ্মীনাৰায়ণ প্ৰদত্ত দেৱোত্তৰ, ব্ৰহ্মোত্তৰ মাটি দান কৰা তামৰ ফলি উদ্ধাৰ হোৱাত ই প্ৰমাণ হয় যে ৰজা লক্ষ্মীনাৰায়ণৰ নামেৰে এই অঞ্চলৰ নাম লক্ষীমপুৰ হয়। প্ৰত্নতাত্ত্বিক, বুৰঞ্জীবিদ পণ্ডিত সৰ্ব্বেশ্বৰ বৰুৱাদেৱে এই তামৰ ফলি দুখনৰ পাঠোদ্ধাৰ কৰি যুক্তি সহকাৰে প্ৰতিপন্ন কৰিছিল যে ৰজা লক্ষ্মীনাৰায়ণৰ নামেৰেহে এই অঞ্চলৰ নাম লক্ষীমপুৰ। ১৪০২ চনৰ ভূমি দান লক্ষ্মীনাৰায়ণ ৰজাই শোৱণশিৰিৰ পশ্চিমৰ বৰ্তমান উত্তৰ লখিমপুৰ নগৰৰ ওচৰৰ পাকিমুৰি অঞ্চলত কৰিছিল। দান কৰা মাটিত পূব সীমা আছিল সোৱণশিৰি নৈ।

চুতীয়া ৰাজ্যৰ পতনৰ পাছত জিলাখনৰ ভূমি আহোম ৰাজ্যৰ অধীনলৈ যায়। ইং ১৮৩৮ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে উজনি অসমৰ কৰতলীয়া শেষ আহোম ৰজা পুৰন্দৰ সিংহৰ পৰা উজনি অসম ঘূৰাই লৈ দক্ষিণ পাৰত শিৱসাগৰ আৰু উত্তৰ পাৰত পশ্চিমে বিশ্বনাথ আৰু পূবে চিচি ধেমাজি অঞ্চল সামৰি লক্ষীমপুৰ জিলা গঠন কৰে। ইং ১৮৪২ চনত ব্ৰিটিছে শদিয়া আৰু মটক ৰাজ্য নিজ দখললৈ অনাৰ পিছত জিলাৰ আকাৰ বৃহৎ হোৱাত আৰু লক্ষীমপুৰৰ আওহতীয়া অৱস্থিতি, যাতায়াতৰ অসুবিধাৰ বাবে জিলাৰ সদৰ দক্ষিণপাৰৰ ডিব্ৰুগড় চহৰলৈ স্থানান্তৰিত কৰিলে আৰু উত্তৰ পাৰৰ ভূখণ্ডক এটা মহকুমা কৰি নাম থলে উত্তৰ লক্ষীমপুৰ। ইং ১৯৭১ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত মহেন্দ্ৰ মোহন চৌধুৰীৰ আদেশ মৰ্মে লক্ষীমপুৰ জিলাক দ্বি-খণ্ডিত কৰি ডিব্ৰুগড় জিলা আৰু লক্ষীমপুৰ জিলা গঠন কৰে। উত্তৰ লক্ষীমপুৰক নব গঠিত লক্ষীমপুৰ জিলাৰ সদৰ ঘোষণা কৰে। এই নতুন জিলাখনক পুনৰ ইং ১৯৮৯ চনত দ্বি-খণ্ডিত কৰি লক্ষীমপুৰ আৰু ধেমাজি জিলা নামকৰণেৰে দুখন পৃথক জিলাৰ সৃষ্টি কৰিলে। বৰ্তমানৰ লক্ষীমপুৰ জিলাত দুটা মহকুমা- উত্তৰ লক্ষীমপুৰ আৰু ঢকুৱাখনা।[7]
ভৌগোলিক তথ্য
[সম্পাদনা কৰক]অসমৰ উত্তৰ-পূব অংশত লখিমপুৰ জিলাৰ অৱস্থান। অক্ষাংশ ২৬° ৪৮' উত্তৰৰপৰা ২৭° ৫৩' উত্তৰলৈ; আৰু দ্ৰাঘিমাংশ ৯৩° ৪২' পূবৰপৰা ৯৪° ২০' পূবলৈ বিস্তৃত।
হিমালয় পৰ্বতৰ কাষ চুই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰে বিয়পি আৰু মাজুলী নদী দ্বীপৰ পদ স্পৰ্শ কৰি থকা লখিমপুৰ জিলা,যি নদ-নদী,খাল-বিল, জলাশয় আৰু অলেখ জলজ সম্পদেৰে আছিল অতীত মহীয়ান। এইখন জিলাৰ উত্তৰে অৰুনাচল প্ৰদেশ,পূবে ধেমাজি জিলা,দক্ষিণে খেৰকটীয়া-লোহিত (সোৱণশিৰি) সুঁতি,যাক মাজুলীক সাৱটি থকা ব্ৰহ্মপুত্ৰৰ উত্তৰাংশ বোলা হয় আৰু পশ্চিমে শোণিতপুৰ জিলাৰে পৰিৱেষ্টিত। ২২৭৭ বৰ্গ কিলোমিটাৰ মাটিকালিৰ লখিমপুৰ জিলাখন দক্ষিণ পশ্চিমৰ পৰা উত্তৰ-পূবলৈ ৮৫ কিলোমিটাৰ আৰু সোৱণশিৰি নদীৰ বুকুৱেদি উত্তৰা-দক্ষিণাকৈ প্ৰায় ৪৫ কি: মি: বহল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ শীৰ্ষভাগলৈ বিয়পি থকা এইখন জিলা গঢ় লয় ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ যেনে সোৱণশিৰি, ৰঙানৈ, ডিক্ৰং আৰু ইহঁতৰ অলেখ উপনৈয়ৈ পেলাই যোৱা পলসেৰে, যি হিমালয়ৰ পৰা বাগৰি অহা মূল্যবান গেদেৰে চহকী। ব্ৰহ্মপুত্ৰ উপত্যকাৰ উপ-তৰপামটো আছিল এখন শিলৰ বিছনা,যি ভাৰতীয় সমতলৰ আগছোৱাৰ প্ৰতিনিধি আৰু উত্তৰ-পূব মুখী প্ৰব্ৰজনত সংকুচিত হৈ আহিছে। যোৱা এক নিযুত বছৰ-জুৰি এই অঞ্চলৰ ওপৰত তৰপে তৰপে জমা হোৱা গেদ আৰু মাটিৰ সম্পদে গঢ়ি তুলিছে বৰ্তমানৰ সমতলভাগ। নৈ, উপনৈৰ সম্পদে এইভাগ মাটিক কৰি তুলিছে আৰু বেছি উৰ্বৰা। লখিমপুৰ জিলাৰ সমতলভাগক তিনিটা স্থলভাগত ভাগ কৰিব পাৰি,যাৰ প্ৰতিটোৰে স্বকীয় বৈশিষ্ট্য আছে। পাহাৰীয়া এলেকাটো বালি,পলসুৱা মাটি,চকমকী পাথৰ(শিলগুটি) আৰু নদীৰ শিলেৰে গঠিত হৈছে। সাগৰীয় পৃষ্ঠভাগৰ পৰা প্ৰায় ১২০ মিটাৰ উচ্চতাত এই অঞ্চল অৱস্থিত। এই উচ্চতা জিলাখনৰ মধ্যভাগত ৮৫-১০০মিটাৰলৈ আৰু দক্ষিণৰ ঢকুৱাখনা এলেকাত ৮৫ মিটাৰ,বদতিঘাটত ৮৩ মিটাৰ আৰু একেবাৰে দক্ষিণ-পূবত ৭৯ মিটাৰ নমা। যিহেতু জিলাখনৰ সাধাৰণ সমতলভাগ স্বাভাৱিকতে বহুত নিম্ন,সেয়েহে বৰ্ষাকালৰ বাহিৰে বছৰৰ অন্য সময়ত নদ-নদীৰ সোঁতৰ তীব্ৰতা সিমান প্ৰচণ্ড নহয়।
লখিমপুৰৰ মুঠ মাটিকালি ২২৭৭ বৰ্গ কিলোমিটাৰ[8]
জলবায়ু
[সম্পাদনা কৰক]হিমালয় পৰ্বতৰাশিৰ গাতে লাগি থকা এই জিলাৰ জলবায়ু তুলনামুলক ভাৱে চেঁচা আৰু সেমেকা। গড় উষ্ণতা শীতকালত ৫º ৰ পৰা ২০º ছেলছিয়াছ আৰু গ্ৰীষ্মকালত ১৮º ৰ পৰা ৩৬º ছেলছিয়াছলৈকে পৰিৱৰ্তিত হয়। আগষ্ট আৰু জানুৱাৰী মাহেই এইখন জিলাৰ ক্ৰমে আটাইতকৈ গৰম আৰু চেঁচা মাহ। বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ ২০০ ছে.মি.ৰ পৰা ২৫০ ছে.মি.। ৬০% ৰ পৰা কেতিয়াও তললৈ ননমা এই অঞ্চলৰ জলবায়ুৰ আৰ্দ্ৰতা সদায়ে উচ্চ। অসমৰ অন্যান্য এলেকাত দেখা দিয়া বালি –ধুমুহা এই জিলাত নাই।
জনগাঁথনি
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা হৈছে ১০,৪০,৬৪৪[9]। ২০০১-২০১১ চনৰ ভিতৰত জনসংখ্যাৰ হাৰ হৈছে ১৭.০৫%[10]।
অতীততে লখিমপুৰ ঘন জনবসতিৰ অঞ্চল নাছিল। হয়তো ডাঠ হাবি-জংঘল, বাৰিষা সঘনাই হোৱা বানপানী আৰু যাতায়াত ব্যৱস্থাৰ অসুবিধাৰ বাবে মানুহে এই অঞ্চলত বাস কৰিবলৈ আগ্ৰহী নাছিল। চীনা আক্ৰমণৰ ঠিক পিছতে ১৯৬৩-৬৪ চনৰ ভিতৰত জিলাখনে মিটাৰগজ ৰেললাইনৰ মুখ দেখে। ৰেল চলাচল হোৱাৰ পিছৰ পৰাই লাহে লাহে জনসংখ্যা বৃদ্ধি পাবলৈ ধৰে। লগতে ইংৰাজৰ ঔপনিৱেশিক ব্যৱস্থাই জনসংখ্যা বৃদ্ধিত অৰিহণা যোগালে। [উদ্ধৃতিৰ প্ৰয়োজন] ঊনৈশ শতিকাৰ পৰা জিলাখনত একেলগে বাইশটা জনগোষ্ঠীয়ে বাস কৰিছিল। ১৮৪৭-৪৮ চনত মুঠ জনসংখ্যা আছিল ৩৬,৭৪২ জন। ১৮৫২-৫৩ চনত কৰা জৰীপত জনসংখ্যা হয়গৈ ৪১,৭২৬ জন। তেওঁলোকৰ ভিতৰত হিন্দুলোকৰ সংখ্যা আছিল ৩৪,৬৬৫ জন। মুছলিম ২৫১ জন, জনগোষ্ঠীয় লোক আছিল ৫,৫৪৭ জন। ১৮৭২ চনত প্ৰথম চৰকাৰী লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা হয়গৈ ৩৯,১৫৪ জন। ১৯০১ চনত ৮৮.৩ শতাংশ বৃদ্ধিৰে এই জনসংখ্যা হয়গৈ ৭৩,৭৩৬ জন।
হয়তো জিলাখনৰ ঠাই বিশেষে চাহ বাগিছা স্থাপনেই আছিল জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ। বিশ-শতিকাৰ প্ৰথম দশকবোৰত পূব-বঙ্গৰ পৰা অবৈধভাৱে আহি বৰ্তমানৰ বঙালমৰা, ইছলামপুৰ, দৌলতপুৰৰ নিম্নপৃষ্ঠত থিতাপি লোৱা ভূমিহীন মুছলিম পৰিয়ালবোৰে জনসংখ্যা বৃদ্ধিত বিশেষ ভূমিকা বহন কৰিছিল। [উদ্ধৃতিৰ প্ৰয়োজন] সেই সময়তে আকৌ কিছু সংখ্যক নেপালীলোক ম’হসহ খেতি-বাতি হোৱা ঠাইত থিতাপি লৈছিল। এনেকৈ ১৯২১ চনত জিলাখনৰ জনসংখ্যা এক লাখৰো অধিক হয়গৈ। অবৈধ প্ৰবেশ চলি থাকি ১৯০১ চনৰ জনসংখ্যা তিনিগুণ হৈ ১৯৫১ চনত হ’লগৈ ২,২২,৯৬৯ জন। আচৰিতজনকভাৱে এক অৰ্ধশতিকাতে (২০০১-২০০৩) চাৰিগুণ বাঢ়ি গৈ জনসংখ্যা হয় ৮,৮৯,০১০ জন। ২০০১ চনত জিলাখনত জনজাতিলোকৰ সংখ্যা মুঠ জনসংখ্যাৰ ২৩.৪৯% হৈ এক বিশেষ স্থান লাভ কৰে, যি সময়ত ৰাজ্যখনত জনজাতিলোকৰ পৰিমাণ ১৯.৪১%। ৰাজ্যৰ অনুসূচীত জাতিৰ লোকৰ পৰিমাণ মুঠ জনসংখ্যাৰ ৬.৫৫ % হোৱাৰ বিপৰীতে লখিমপুৰত এই পৰিমাণ ৭.২৮ %।
২০০১ চনত মুঠ জনসংখ্যা ৮,৮৯,০১০ জনৰ ভিতৰত বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সংখ্যা আছিল এনে ধৰণৰ:
- হিন্দু- ৭,০২,৪৪১জন -৭৯.০৬ %,
- মুছলিম ১,৪৩,৫০৫জন -১৬.১৪ %,
- খ্ৰীষ্টিয়ান ৩৬,৬৬৭জন -৪.৪২ %।
- বৌদ্ধ ধৰ্মাৱলম্বী -১,৩৬২ জন
- জৈন ধৰ্মাৱলম্বী -১৪৮জন আৰু
- অন্যান্য ধৰ্মৰ লোক -৩,৩৭১ জন।
জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪৫৭জন[11]।
২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ সাক্ষৰতাৰ হাৰ ৭৮.৩৯%। পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমে ৮৪.৬৬% আৰু ৭১.৯১%[12]
ভাষা
[সম্পাদনা কৰক]লখিমপুৰ জিলা অঞ্চল সুবৃহৎ অসমীয়া জাতিৰ অন্তৰ্ভুক্ত প্ৰায়বিলাক ধৰ্মীয়লোকৰ উপৰিও অজনজাতি আৰু জনজাতি লোকৰ বাসস্থান। ইয়াৰ বাহিৰেও কৰ্মেসূত্ৰে নেপাল, ৰাজস্থান, মৰোৱাড়, বিহাৰ, বঙ্গ,বাংলাদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা,তামিলনাডু আদি ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ভিন্ন ভাষীলোকো এই অঞ্চলত বহুকাল থাকি লখিমপুৰত স্থায়ীভাৱে বাসকৰা অসমীয়া লোকৰ লগত মিলি ভাষা সংস্কৃতি সমন্বয়ৰ পৰম্পৰাৰে এক স্বকীয় বৈশিষ্ট্য বহন কৰি আহিছে। লখিমপুৰ জিলাত স্থায়ীভাৱে বসবাস কৰি থকা বিভিন্ন ভাষা গোষ্ঠীৰ ভিতৰত
- আৰ্য গোষ্ঠীৰ অন্তৰ্গত অসমীয়া, বঙালী, নেপালী, মাৰোৱাৰী, হিন্দী, উড়িয়া, পঞ্জাবী আদি ভাষা-ভাষীসকল অন্যতম।
- চীন-তিব্বতীয় শাখাৰ অন্তৰ্গত বড়ো ভাষা গোষ্ঠীৰ উপশাখাৰ বড়ো, সোণোৱাল কছাৰী, মিচিং, দেউৰী,ৰাভা, খামতি সকলেই প্ৰধান।
- অষ্ট্ৰীক গোষ্ঠীৰ অন্তৰ্গত-কোল বা মুণ্ডা শাখা। এই শাখাৰ উপশাখা হ’ল চাওঁতালী, মুণ্ডাৰী, শৱৰ আদি। ইয়াৰ অন্তৰ্গত বিভিন্ন ভাষা সমূহ চাহ বাগিচাৰ মজদুৰ বা বনুৱা সকলৰ মাজত প্ৰচলিত।
উল্লিখিত ভাষা সমূহৰ ভিতৰত অসমীয়া ভাষীৰ বাদে আন ভাষা-ভাষী সকল হ’ল দ্বি-ভাষী। তেওঁলোক নিজ নিজ অঞ্চলত নিজৰ ভাষাভাষীৰ মাজত নিজৰ ভাষাতে কথা পাতে যদিও আনৰ লগত কথা বতৰা হওঁতে অসমীয়া ভাষাতে কথা পাতে। শিক্ষা-দীক্ষা, ব্যৱসায়িক লেনদেন, সাংস্কৃতিক অনুষ্ঠান আদিত এওঁলোকে অসমীয়া ভাষাক সংযোগী বা সহযোগী ভাষা হিচাপে প্ৰয়োগ কৰে।
লখিমপুৰৰ প্ৰধান ভাষা অসমীয়া। ইয়াৰ ৰূপ ঘাইকৈ দুটা: মান্য ৰূপ (লিখিত) আৰু কথ্য ৰূপ (মুখে মুখে প্ৰচলিত)
- মান্য ৰূপ : মান্যভাষাটো সাধাৰণতে ৰুচিমাৰ্জিত আৰু পৰিশীলিত। লিখোঁতেহে এই মান্যৰূপৰ অসমীয়াৰ প্ৰচলন হয়। অৱশ্যে বিশেষ পৰিস্থিতিত নাটক, উপন্যাসৰ কথোপকথন তথা সংলাপ আদিত কেতিয়াবা সাহিত্যিক প্ৰয়োজনত কথ্য অসমীয়া প্ৰয়োগ কৰা হয় যদিও সেয়া কৃত্ৰিম ব্যৱহাৰ।
- কথ্য ৰূপ : দৈনন্দিন জীৱনত প্ৰচলিত ভাষাৰ মাজত মানুহৰ ৰুচি অনুযায়ী মাতকথাই এটা নিৰ্দিষ্ট ৰূপ লয়। এনে কথ্যৰূপৰ প্ৰতিফলন লখিমপুৰৰ কথ্য অসমীয়াতো পোৱা যায়।
লখিমপুৰৰ উল্লেখযোগ্য
[সম্পাদনা কৰক]লখিমপুৰ জিলাৰ বৈশিষ্ট্যমূলক স্থানসমূহ
[সম্পাদনা কৰক]লখিমপুৰ জিলাৰ প্ৰশাসনিক পৰিসীমাৰ ভিতৰত বহুতো বৈশিষ্ট্যমূলক উল্লেখনীয় স্থান আছে। [1] ইয়াৰ ভিতৰত অন্যতম হৈছে নাৰায়ণপুৰত অৱস্থিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান। খেৰাজখাত মৌজাৰ কাচিকটা আৰু ৰঙাজান নৈৰ মাজত অৱস্থিত লেতেকুপুখুৰীত মাধৱদেৱৰ জন্ম হৈছিল। মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক অনিৰুদ্ধদেৱৰ ধলপুৰৰ দকুৱা গাৱঁৰ বিষ্ণু বালিকুঞ্চিত জন্ম হৈছিল, আৰু সেই স্থানতে তেওঁৰ থান অৱস্থিত। আনহাতে, অনিৰুদ্ধদেৱৰ সমাধিস্থান নাহৰআটী থান বিহপুৰীয়া নগৰৰ সমীপৰ নাহৰআটীত অৱস্থিত। নাৰায়ণপুৰ নগৰৰে সমীপৰ শক্ৰাহিত বদলা পদ্ম আতা আৰু হৰিদেৱৰ জন্মস্থান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱৰ মণিকাঞ্চন সংযোগৰ স্থান হিচাপে পৰিচিত মাজুলীৰ ধুৱাহাট বেলগুৰি সত্ৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বাবে স্থানান্তৰিত হৈ নাৰায়ণপুৰতে পুনৰ প্ৰতিষ্ঠাপিত হয়। বেলগুৰি সত্ৰৰ নাতিদূৰতে বদুলা সত্ৰ আছে। আনহাতে, পদ্ম আতাৰ দ্বাৰা প্ৰতিষ্ঠাপিত ফুলনি থান নাৰায়ণপুৰ নগৰতেই অৱস্থিত। [1] বিহপুৰীয়াৰ বদতিঘাটৰ সমীপত মহাপুৰুষ শংকৰদেৱে এবাৰ পদাৰ্পণ কৰা চাঙিনীথান, ধলপুৰৰ গণকদলনীত পেতুৱা গোসাঁনীৰ থান, ধলপুৰৰ ভাটোকুছিত কেশৱ চৰণ আতা থান, নাৰায়ণপুৰৰ ফুলবাৰীত মাঘনোৱা দ'ল, খেৰাজখাতৰ গোসাঁইবাৰী আৰু নাৰায়ণপুৰৰ বৰখামতি গাৱঁত বাপুচাং আৰু বুদ্ধদেৱৰ মূৰ্ত্তি থকা বৌদ্ধ মন্দিৰ, বিহপুৰীয়া হমৰা কাচিকটা গাৱঁত বদলা পদ্ম আতাৰ জিৰণিস্থান হিচাপে চিহ্নিত ৰঘূগুৰি আৰু হমৰা থান, আৰু খেৰাজখাতত ফুলবাৰী দেৱালয় হৈছে লখিমপুৰৰ পশ্চিম প্ৰান্তৰ আন উল্লেখযোগ্য স্থানসমূহৰ অন্যতম। উল্লেখনীয় যে, কালিকাপুৰাণত গৌতমস্য মহাফলা তীৰ্থ হিচাপে লখিমপুৰ জিলাৰ দক্ষিণ-পশ্চিমৰ এই অঞ্চলৰ মাজেৰে পাৰ হোৱা পিচ্ছিলা (বৰ্তমানৰ পিছলা) নদীৰ উল্লেখ আছে। নাৰায়ণপুৰৰ অনতিদূৰত হাৰমতীত একে নামৰ এগৰাকী কুৱঁৰীৰ নামেৰে হাৰমতী গড় আছে। যোগিনীতন্ত্ৰত উল্লেখ থকা সৌমাৰপীঠৰ হাৰমতীৰ ওচৰেদি অধিষ্ঠাত্ৰী দেৱী দিক্কৰ বাসিনীয়ে ডিক্ৰং নামেৰে অৰুণাচলৰ পাহাৰৰ পৰা বৈ আহি দ্বিতীয় বাসুদেৱ থানৰ কাষেদি গৈ বদতিঘাটৰ ওচৰত সোৱণশিৰি নদীত মিলিছে। উত্তৰ লক্ষীমপুৰ নগৰৰ সমীপত ঘাৰমৰা সত্ৰ আৰু বৰমাহৰা সত্ৰ অৱস্থিত। খ্ৰীষ্টীয় চতুৰ্দ্দশ শতিকাত চুতীয়া ৰাজ্যৰ ৰজা সত্যনাৰায়ণে প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ জিলাখনৰ ঢকুৱাখনা মহকুমাত থকা এক ঐতিহ্যমণ্ডিত ক্ষেত্ৰ। উক্ত সত্ৰখিনিলৈ নেপাল, ভূটান আদি ঠাইৰ পৰাও বহুলোকৰ আগমন ঘটে। ঢকুৱাখনাতে হাৰ্হি দেৱালয় আৰু বৰদলনিৰ কুমতীয়া নৈৰ পাৰত মণিপুৰীয়া গোসাঁনীৰ থান আছে। উত্তৰ লক্ষীমপুৰ নগৰত থকা পঞ্চানন দেৱালয়ত কৰ্ছন গাঁৱৰ পৰা ষোড়শী মহাবিদ্যাৰ বিগ্ৰহ আনি প্ৰতিষ্ঠা কৰা হৈছিল। [1] এই ঐতিহাসিক লক্ষীমপুৰৰ কমলাবৰিয়া মৌজাৰ ধেনুধৰিয়া গাঁৱতেই অৱস্থিত ঐতিহাসিক গৰকা "শ্ৰীশ্ৰী বঁটাৰ গঞা সত্ৰ।" যি খনি সত্ৰ শ্ৰীশ্ৰী বলোদেৱে শ্ৰীশ্ৰী দামোদৰ দেৱৰ আজ্ঞা অনুসৰি মাজুলীৰ বত্ৰগ্ৰামৰ বঁটাৰ চাপৰিত স্থাপিত কৰিছিল যি স্থান হয়টো বৰ্তমান ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। মান ভগনৰ সময়ত এই সত্ৰ খনি ফাটি আহি লখিমপুৰ অৱস্থিত হল। মাত্ৰ অসমৰ এই সত্ৰখনিতেই একমাহজুৰি হোৱা পাল নামৰ পৰম্পৰা ৰক্ষা কৰি অহা হৈছে।
লখিমপুৰ জিলাৰ নগৰ/চহৰ
[সম্পাদনা কৰক]- উত্তৰ লখিমপুৰ
- ফুলবাৰী
- বিহপুৰীয়া
- নাৰায়ণপুৰ
- ঢকুৱাখনা
- লালুক
- বান্দৰদেৱা
- ঘিলামৰা
- নাওবৈচা
- হাৰমতি
- ধলপুৰ
- বগীনদী
- ঢেকীয়াজুলি
ঐতিহাসিক স্থানসমূহ
[সম্পাদনা কৰক]• শ্ৰী শ্ৰী বঁটাৰ গঞা সত্ৰ।
|
|
|
শিক্ষানুষ্ঠান
[সম্পাদনা কৰক]
|
|
|

সাংস্কৃতিক অনুষ্ঠান
[সম্পাদনা কৰক]- পঞ্চানন নাট্য মন্দিৰ (উত্তৰ লখিমপুৰ)
- নট সৈনিক (উত্তৰ লখিমপুৰ)
- নাবিক (উত্তৰ লখিমপুৰ)
- সন্মিলিত নাট্য সমাজ (বিহপুৰীয়া)
- নাটকম (বিহপুৰীয়া)
লখিমপুৰ জিলাৰ উল্লেখযোগ্য ব্যক্তিসকল
[সম্পাদনা কৰক]
|
|
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ১.
- ↑ Government of Assam (1976) (English ভাষাত). Assam District Gazetteers: Lakhimpur District. প্ৰকাশক Shillong: Government of Assam. পৃষ্ঠা. 2. ""There are other historical accounts which show that a king named Laksminarayan ruled over the area, now included in the eastern part of Lakhimpur district, who during the 14th–15th century A.D. made a land grant dated Saka 1323 (A.D. 1401). The land was donated in the village of Bakhana on the western bank of the Subansiri. His capital was at Sadhayapuri, to be identified with Sadiya, the capital of Chutiya kings. This king Laksminarayan is likely to have built a town in his kingdom and named it after him. Sri Sarbeswar Barua of North Lakhimpur strongly believes that the district took its name from the town of Lakhimpur (later known as North Lakhimpur), originally selected as its headquarters, when Lakhimpur district was first formed in 1838 by the East India Company. He points out that this is known from the original seal of the district, as found in a sanad (manuscript) dated 1839 granted to the late Maheswar Sarma Bapu Barua and the note written by the Principal Assistant Commissioner in English at the top of the sanad just below the seal where the name of Lakhimpur district is found written. The sanad was issued from North Lakhimpur. From this, Sri Barua concludes that the name of the district was derived from its first headquarters viz., Lakhimpur.""
- ↑ হৰেন্দ্ৰ দেৱ গোস্বামী (২০০৯). এয়া লখিমপুৰ (গ্ৰন্থ: লক্ষীমপুৰ দৰ্পণ). প্ৰকাশক উত্তৰ লক্ষীমপুৰ: অৰিয়েণ্ট. পৃষ্ঠা. ৬-২৩.
- ↑ অসমৰ বুৰঞ্জী গ্ৰন্থৰ মতে ৰং-গ্ৰামক পুনৰ নামকৰণ কৰি লক্ষ্মীপুৰ কৰা হৈছিল। As per Asamar Buranji, Rang-gram(Rangagaon) was renamed as Lakshmipur after their mother Lakshmi
- ↑ Maheswar Neog states that the Adi-cwita, ascribed to Madhavadeva, has created much ill feeling among the Vaisnavas of Assam, and has been denounced by the more considerate section of sattra pontiffs and literary men alike.
- ↑ https://archaeology.assam.gov.in/sites/default/files/4/menu/schemes/Scheme-Development%2520of%2520%2520Archaeological%2520sites%2520and%2520monuments%2520of%2520assam%2520annual%2520plan%25202016-17-1.pdf&ved=2ahUKEwiOnKDz8-mSAxW8VmwGHR-iHFQQFnoECGAQAQ&sqi=2&usg=AOvVaw1GJ2C3TjtqR-cn3EP91skO Assam Archeology Dept Report on Baghar Sukar Doul]
- ↑ 'লক্ষীমপুৰ'-লক্ষীমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্বৰ্ণজয়ন্তী স্মাৰক গ্ৰন্থ, সম্পাদনা- হিৰণ্য সভাপণ্ডিত আৰু অৰবিন্দ ৰাজখোৱা, পৃষ্ঠা?
- ↑ ..http://lakhimpur.nic.in/..
- ↑ ..http://lakhimpur.nic.in/profile.htm..
- ↑ ..http://lakhimpur.nic.in/profile.htm..
- ↑ ..http://lakhimpur.nic.in/profile.htm..
- ↑ ..http://lakhimpur.nic.in/profile.htm..
| ||||||||||||||||||||||||||||||||||||||||
| অৰুণাচল প্ৰদেশ | ||||
| শোণিতপুৰ জিলা | ধেমাজি জিলা ডিব্ৰুগড় জিলা | |||
| ব্ৰহ্মপুত্ৰ নদী মাজুলী জিলা |