মুনীন ভূঞা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুনীন ভূঞা
জন্ম ২৬ জুলাই, ১৯৮৭
উত্তৰ লক্ষ্মীপুৰ
মৃত্যু ৯ ছেপ্তেম্বৰ, ২০০৪
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
পেচা নাট্যকাৰ, পৰিচালক, অনুবাদক
জনা যায় নাট্যকাৰ
উল্লেখযোগ্য কৰ্ম পৰজা

মুনীন ভূঞা (১৯৮৭-২০০৪) অসমীয়া নাট্য জগতৰ এগৰাকী নাট্যকাৰ আৰু পৰিচালক। ১৯৭৬ চনত আকাশবাণী ডিব্ৰগড় কেন্দ্ৰত তেখেতে পাণ্ডুলিপি লেখক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত সহকাৰী উপ-সঞ্চালক পদলৈকে পদোন্নতি লাভ কৰিছিল। তেখেতৰ উল্লেখযোগ্য নাটককেইখন হৈছে - জৰৌৰৌৱা পৰজা, হাতী আৰু ফান্দী আৰু সন্ধিক্ষণ। এই নাটককেইখন পৰজা নামৰ সংকলনত ২০০০ চনত একত্ৰে প্ৰকাশ কৰিছে লখিমপুৰৰ নাবিক নামৰ নাট্য গোষ্ঠীটোৱে। ইয়াৰ উপৰিও তেখেতৰ ১১খন নাটিকা লখিমপুৰ সাহিত্য সভাই একত্ৰে প্ৰকাশ কৰিছে। সেই কেইখন হল –

  1. ফ্ৰী এডভাইচ
  2. আলহী-১
  3. আলহী-২
  4. আলহী-৩
  5. গৃহকন্দল
  6. গৃহকন্দল-২
  7. ভাৰাঘৰ
  8. চখ
  9. এপ্ৰিলফুল-১
  10. এপ্ৰিলফুল-২
  11. ওফৰাজেং

অন্যান্য ৰচনা[সম্পাদনা কৰক]

নাটকৰ লগতে তেখেতে আকাশবাণীৰ বাবে বহুতো আলেখ্য ৰচনা কৰিছিল। লগতে দুখনমান ডকুমেণ্টৰী আলেখ্যৰ অনুবাদো কৰিছিল। ১৯৭৮ চনত হাতী আৰু ফান্দী নাটকৰ বাবে তেখেতে আকাশবাণীৰ শ্ৰেষ্ঠ নাট্যকাৰ বঁটা আৰু জৰৌৰৌৱা পৰজা নাটকৰ বাবে অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ নাট্যকাৰৰ বঁটা লাভ কৰে।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]