ঘাৰমৰা সত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


ঘাৰমৰা সত্ৰ
স্থান
দেশ:  ভাৰত
ৰাজ্য/অঞ্চল: অসম
জিলা: লখিমপুৰ জিলা
স্থাপনকাল: ১৮২৯ চন

ঘাৰমৰা সত্ৰ উত্তৰ লখিমপুৰ নগৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই সত্ৰ খন ১৮২৯ চনত স্থাপিত হৈছিল৷ ঘাৰমৰা সত্ৰত সংৰক্ষিত হৈ থকা মধ্যযুগৰ অলেখ মূল্যৱান সম্পদে পৰ্য্যটক সকলক বিশেষভাৱে আকৃষ্ট কৰিব পাৰে৷ এইবোৰৰ ভিতৰত সাঁচিপাতকীৰ্তন, নামঘোষা, গীতা, চিত্ৰ ভাগৱত, তন্ত্ৰ-মন্ত্ৰৰ শাস্ত্ৰ, জীৱনী, চিকিৎসাশাস্ত্ৰ, ব্যাকৰণ, নাটককে ধৰি প্ৰায় ৭৬ খন গ্ৰন্থ, পিতলৰ খৰম, প্ৰায় ২৬ চেন্টিমিটাৰ ওখ ভোগজৰা, সমজোখৰ পিকদানি, ৰূপৰ সঁফুৰা, হাতীদাঁতৰ নালৰ কটাৰী, হেঙুল হাইতাল বুলোৱা চিত্ৰখোদিত দোলা, শিৱলংগ আৰু প্ৰায় ১৫ কিলোগ্ৰাম ওজনৰ অষ্টধাতুৰ এটা ঘন্টা বিশেষভাৱে উল্লেখযোগ্য[1]

ইতিহাস[সম্পাদনা কৰক]

সত্ৰত সংৰক্ষিত হৈ থকা অসমীয়া সাঁচিপাতৰ লিপি অনুসৰি সত্ৰখন ১৩ শতিকাৰ আৰম্ভণিতে শদিয়াৰ ৰজাৰ পৃষ্ঠপোষকতাত প্রতিষ্ঠা হৈছিল। লিপিখনৰ মতে সত্ৰখন প্ৰথমতে শদিয়াৰ কোনো এখন নদীৰ পাৰত শঙ্কৰিচন নামৰ এজন ব্রাহ্মণৰ দ্বাৰা প্রতিষ্ঠিত হৈছিল।

লিপিখনত উল্লেখ কৰা মতে প্রতিষ্ঠাতা শঙ্কৰিচন মূলত গৌড়দেশৰ (বঙ্গাল) আছিল আৰু চুতীয়া ৰজাৰ দুজন ৰাজ পুত্ৰ তেওঁৰ শিষ্য আছিল। পাছত জেষ্ঠ ৰাজকুমাৰে নিজৰ ৰাজত্বকালত তেওঁক শদিয়াত বসতি স্থাপন কৰিবলৈ আমন্ত্রণ কৰিছিল আৰু সাধাৰণ জনগণক শিক্ষা প্রদান কৰিবলৈ অনুৰোধ জনাইছিল। ৰজাই লগতে তেওঁক এভাগ বিষ্ণু মূর্তি দান কৰিছিল আৰু জনজাতীয় তান্ত্রিক পৰম্পৰাৰে বিষ্ণুৰ পূজা কৰিবৰ বাবে এটা মঠ(সত্ৰ) নির্মাণ কৰাই দিছিল। ৰজাজনৰ পিতৃ বৃদ্ধ ৰজাই প্রায় এই সত্ৰ পৰিদর্শন কৰাৰ লগতে সত্ৰৰ শিষ্যসকলৰ লগত দর্শন আৰু ধর্মৰ বিষয়ে আলোচনা কৰিছিল। বৃদ্ধ ৰজাজনৰ সত্ৰত থকা সময়খিনিতে মৃত্যু হয় আৰু সেইবাবে সত্ৰখনক "ঘাই-মৰা" সত্ৰ নামেৰে নামকৰণ কৰা হয়।

লিপিত উল্লেখ কৰা অনুসৰি সত্ৰখনত জনজাতীয় তান্ত্রিক পদ্ধতিৰে বিষ্ণুক উপাসনা কৰা হৈছিল। ১৫২৪ চনত চুতীয়া-আহোম যুদ্ধৰ সময়ত সত্ৰখন প্রথমে শদিয়াৰ পৰা পাছিঘাটলৈ স্থানান্তৰিত কৰা হৈছিল আৰু পৰবৰ্তী কালত আবৰ সকলৰ নিয়মিয়া হেঁচাৰ কাৰণে পাছিঘাটৰ পৰা স্থায়ীভাবে লখিমপুৰ জিলাত প্রতিষ্ঠিত কৰা হৈছিল। ১৫৮৮ চনত এইখন এখন বৈষ্ণৱ সত্ৰলৈ ৰূপান্তৰিত হয়।

সত্ৰত এতিয়াও চুতীয়া যুগৰ পুৰণি দান সামগ্রীৰ এটা বৃহৎ সংগ্রহ আছে। সত্ৰাধিকাৰ শ্ৰী দয়াকৃষ্ণ গোস্বামীদেৱে জানিবলৈ দিয়া মতে সত্ৰত থকা চতুৰ্ভূজ বিষ্ণুমূৰ্তি, ডবা, কাঁহ-পিতলৰ প্ৰায় ২০ কিলোগ্ৰাম ওজনৰ ডাঙৰ জয় ঘণ্টা, শৰাই, কেঁকোৰা দোলা, বেৰা কাঁহী, ভোগ জৰা, পিকদান, আদি সামগ্ৰীবোৰ চুতীয়া ৰজা সত্যনাৰায়ণৰ(১৪ শতিকাত কৰা) দান আছিল। মিশ্ৰধাতুৰে নিৰ্মিত জয় ঘণ্টাটোৰ ঠাৰিডালৰ মাজভাগত "সত্যনাৰায়ণ" নামটো খোদিত আছে।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "লক্ষীমপুৰ জিলাৰ পৰ্য্যটন উদ্যোগ- সমস্যা আৰু সম্ভাৱনা" - অতনু গগৈ;'লক্ষীমপুৰ'-লক্ষীমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্বৰ্ণজয়ন্তী স্মাৰক গ্ৰন্থ, সম্পাদনা- হিৰণ্য সভাপণ্ডিত আৰু অৰবিন্দ ৰাজখোৱা;পৃষ্ঠা-২৬৯-২৭০