সাঁচিপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
সাঁচিপাতত লিখা পুথি

সাঁচিপাত হৈছে "সাঁচিগছ"(Aquilaria agallocha)ৰ ছালৰ পৰা তৈয়াৰ কৰা মধ্যযুগীয় অসমত ব্যৱহৃত এক লেখন সামগ্ৰী । মূলতঃ এইবোৰ আছিল হাতেলিখা পুথি (manuscript) । ঐতিহাসিক দৃষ্টিকোণৰে অসমত সাঁচিপাতৰ ব্যৱহাৰ প্ৰায় সপ্তম-অষ্টম খ্ৰীষ্টীয় শতিকাৰপৰাই আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে । অসমৰ সাহিত্যৰ প্ৰথম চানেকিস্বৰূপ চৰ্যাপদসমূহ এনে সাঁচিপাততেই লিখিত বুলি ঐতিহাসিকভাৱে স্বীকৃত । পৰৱৰ্তী সময়ত খ্ৰীষ্টীয় ১৫-১৬ শতিকাত মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ আৰু তেৰাসৱৰ অনুগামীসকলৰ তত্বাৱধানত অসমৰ চুকে কোণে সিঁচৰিত হৈ থা সত্ৰসমূত বিভিন্ন ধৰ্মপুথি, চৰিতপুথি আদি সাঁচিপাতত লিখিত হ'বলৈ ধৰে । এই পুথিসমূহ আজিও সত্ৰসমূহৰ সংগ্ৰহালয়ত সংগ্ৰহীত আৰু সংৰক্ষিত হৈ আছে । [1]

তৈয়াৰ কৰা প্ৰণালী[সম্পাদনা কৰক]

সাঁচিপাতৰ বাবে প্ৰথমে ১৫-১৬ বছৰ বয়সৰ সাঁচিগছ নিৰ্বাচন কৰি লোৱা হয় । এডাল পোন্ধৰ -বিশ বছৰীয়া পূৰঠ সাঁচিগছৰপৰা বহুকাল ধৰি বাকলি পাই থাকিব পাৰি । প্ৰথমে সাঁচিগছৰ বাকলিবোৰ চাৰি-পাছহাতমান ওখকৈ কাটি আনি বাকলিৰ ভিতৰৰ বগা ফালটো বাহিৰলৈ দি নুৰিয়াই বান্ধি সাদিনৰপৰা দহ বাৰদিনমানলৈ ৰ'দত শুকাবলৈ দিয়া হৈছিল । বাকলিবোৰ শুকাই পোন হোৱাৰ পাছত বাহিৰ ফালটো শিলেৰে ঘঁহি ঘঁহি নিমজ কৰি এৰাতিমান নিয়ৰত থৈ দিয়া হৈছিল । তাৰ পাছত আকৌ ঘঁহি-মাজি দুয়ো পিঠিৰ খহটা হৈ থকা অংশবোৰ মিহি কৰি তুলিছিল । তাৰপৰা দীঘলে তিনি-চাৰি বেগেতমান আৰু বহলে এক-দুই বেগেতমান জোখত এখন এখনকৈ কাটি উলিয়াইছিল ।এই এখন এখনকৈ কাটি লোৱা সাঁচিপাতবোৰ বহু সময় ফটফটীয়া চেঁচা পানীত তিয়াই পিছত ৰ'দত ভালকৈ শুকুৱাই লৈ আকৌ শিলেৰে ঘঁহি ঘঁহি নিমজ কৰা হৈছিল । পিছত বটি লোৱা মাটিমাহেৰে পাতবোৰৰ ওপৰত লেও দি বা ঘঁহি ঘঁহি মিহি আৰু বগা কৰি লোৱা হৈছিল । এই বগা সাঁচিপাতবোৰ হেঙুল আৰু হাইতালেৰ (দুবিধ বিহ) ৰঙেৰে বোলাই সোণবৰণীয়া কৰা হৈছিল । সেইবাবে এই পুথি পোকে কাটি নষ্ট কৰিব নোৱাৰিছিল । তাৰোপৰি পুথি থোৱা পেৰাও আছিল সৰল বা আগৰ কাঠৰ । মাটিমাহৰ লেও আৰু ৰং দিয়াৰ পাছত আকৌ পাতবোৰ ৰ'দত শুকুৱাই লোৱা হৈছিল ।এই সাঁচিপাত বহুকাললৈ ভালে থাকে ।[2][3]

মহী বা চিয়াঁহী তৈয়াৰ কৰা প্ৰণালী[সম্পাদনা কৰক]

কেঁচা শিলিখা , চৰুছাই, বৰা চাউলৰ ছাই, আমলখি ছাল, থেৰেজু ছাল, পাণ, কেহাৰাজ, লোৱাচুৰ, মাটিৰ চাকিৰ এঙেৰুৱা, আমছাল আৰু গৰুমুত । এইবোৰ বস্তু একেলগে গোটাই লোহাৰ কেৰাহীত সিজাই মাটিৰ চৰু এটাত নিয়ৰত থৈছিল ।এনেকৈ থোৱা চৰুটোৰ বাহিৰত ঘামি ঘামি যি ৰস ওলাইছিল সেয়ে মহী ।

কলম প্ৰস্তুত কৰা প্ৰণালী[সম্পাদনা কৰক]

কাপ ঢেকীয়া

অসমত পোৱা এবিধ বনৰীয়া ঢেকীয়াৰ পাতৰ ঠাৰিটোক জোঙা কৰি কলমৰ ৰূপত ব্যৱহাৰ কৰা হৈছিল । ঢেকীয়া বিধৰ নাম আছিল কাপ ঢেকীয়া ।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. সাঁচিপাতৰ প্ৰস্তুতকৰণ আৰু লিখন, প্ৰান্তিক ১৬-৩১ জুলাই ২০১১; লেখক-অপূৰ্বজ্যোতি হাজৰিকা
  2. বেণুধৰ শৰ্ম্মা ৰচনাৱলী
  3. লিখাৰ সঁজুলি, লেখক-কালিৰাম মেধি
  4. অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসৰ দ্বাৰা প্ৰকাশিত পাঠ্যপুথি "মহাপুৰুষ শংকৰদেৱ"


বাহ্যিক সংযোগ[সম্পাদনা কৰক]

http://www.harekrsna.com/sun/features/09-07/features782.htm