পদ্মনাথ গোহাঞি বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পদ্মনাথ গোহাঞিবৰুৱাৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
পদ্মনাথ গোহাঞি বৰুৱা
জন্ম ২৪ অক্টোবৰ ১৮৭১
নকাৰী গাঁও, উত্তৰ লক্ষীমপুৰ
মৃত্যু ৭ এপ্ৰিল ১৯৪৬
পেছা কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক

পদ্মনাথ গোহাঞি বৰুৱা (ইংৰাজী: Padmanath Gohainbaruah; ১৮৭১-১৯৪৬) একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক। তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম।[1][2]

    • অ,ভ,উ,সা সভাৰ প্ৰধান উপদেষ্টা পদ্মনাথ গোহাঞি বৰুৱা

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

গোহাঞি বৰুৱাৰ জন্ম হয় ১৮৭১ চনৰ ২৪ অক্টোবৰত (কাতি মাহৰ ৯ তাৰিখে) উত্তৰ লক্ষীমপুৰৰ (বৰ্তমানৰ উত্তৰ লখিমপুৰ) নকাৰী (বা নকাড়ী) মৌজাৰ নকাৰী গাঁৱত। তেখেতৰ পিতৃৰ নাম ঘিণাৰাম গোহাঞিবৰুৱা আৰু মাতৃৰ নাম লম্ভীদেৱী আছিল। ঘিণাৰাম গোহাঞিবৰুৱাৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ জাঁজী মৰাণ গাঁৱত। তেখেতৰ পিতৃদেৱতাৰ নাম আছিল কিনাৰাম গোহাঞি ডেকাবৰুৱা। তেওঁ থাউমুং ক্লিংলুনমং বুঢ়াগোহাঞিৰ বংশৰ লোক আছিল।

শিক্ষা[সম্পাদনা কৰক]

১৮৭৯ চনত তেখেতে উত্তৰ লক্ষীমপুৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰে। ১৮৮৪ চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত নাম লগায়। ১৮৯০ চনত এণ্ট্ৰেন্স (প্ৰৱেশিকা) পৰীক্ষা পাছ কৰাৰ পাছত উচ্চ শিক্ষাৰ বাবে কলকাতাৰ ৰিপন কলেজত ভৰ্তি হয়। এফ. এ. পঢ়োঁতে কলকাতাৰ চেণ্ট জেভিয়াৰ্চ, জেনেৰেল এচেম্লি আদি কলেজৰ মাজেৰে শেষত ওকালতিৰ শ্ৰেণীতো নাম লগাইছিল। কিন্তু পঢ়া শেষ নকৰাকৈ অসমলৈ উভতি আহে।

কৰ্মজীৱন[সম্পাদনা কৰক]

অসমলৈ আহি ক’হিমা মধ্য ইংৰাজী বিদ্যালয়ত তেখেত প্ৰধান শিক্ষক ৰূপে নিযুক্ত হয়। তেখেতৰ কৰ্মময় জীৱনত ‘তেজপুৰ নৰ্মেল স্কুল’, ‘তেজপুৰ চৰকাৰী হাইস্কুল’, ‘যোৰহাট চৰকাৰী হাইস্কুল’ আদিত কাম কৰে।

ক'হিমাত থাকোঁতে তেখেত লীলাৱতীৰ লগত বিবাহ পাশত আৱদ্ধ হয়। কিন্তু লীলাৱতীৰ অকাল মৃত্যু হোৱাত হীৰাৱতীৰ লগত দ্বিতীয় বিবাহ হয়। এখেতৰ গৰ্ভতে সাতজনী ছোৱালী আৰু এটি ল’ৰাৰ জন্ম হয়।

ক'হিমাত থাকোঁতে গোহাঞি বৰুৱাই ‘অসমীয়া ভাষা উন্নতি সাধনী সভা’ আৰু ‘ক'হিমা সাহিত্য সভা’ প্ৰতিষ্ঠা কৰে। এই দুয়োখন সভাৰে তেখেত প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেজপুৰ নৰ্মাল স্কুলত প্ৰধান শিক্ষকৰূপে থাকোঁতে তেখেত তেজপুৰ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ সম্পাদকৰূপে নিৰ্বাচিত হয়। তেখেতৰ যত্নতে তেজপুৰত ‘নামঘৰ’ আৰু ‘বাণ ৰঙ্গমঞ্চ’ স্থাপন হয়। তেখেত কিছুকাল ধৰি ‘অসম ব্যৱস্থাপক সভা’ ৰ সদস্য থকাৰ উপৰিও তেজপুৰ পৌৰসভাৰ সভাপতি আছিল। গোহাঞিৰবৰুৱা ‘অসম ৰায়ত সভা’, সদৌ অসম শিক্ষক সন্মিলনী’, আহোম সভা, অসম মণ্ডল কাননগো সন্মিলনী, জয়মতী উৎসৱ সমিতি আদিৰ লগতো জড়িত আছিল। ১৯১৮ চনত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনীৰ তৃতীয় বাৰ্ষিক অধিবেশনৰ সভাপতি আছিল।

সাহিত্য-চৰ্চা[সম্পাদনা কৰক]

গোহাঞি বৰুৱাই লক্ষীমপুৰৰ স্কুলত পঢ়ি থকা সময়ৰ পৰা সাহিত্য-চৰ্চা আৰম্ভ কৰে। তেওঁৰ বন্ধু পানীন্দ্ৰ নাথ গগৈৰ লগত লগ লাগি দুয়ো সাহিত্য সাধনাত ব্ৰতী হয়। ১৮৮০ চনত তেওঁ কলিকতা(বৰ্তমানৰ কলকাতা)ত পঢ়াৰ সময়ত ‘জোনাকী’ ৰ সংস্পৰ্শলৈ আহে। সেই সময়তে তেখেতে বেণুধৰ ৰাজখোৱাৰ সৈতে লগ লাগি বিহু গীতৰ গ্ৰন্থ ‘ডেকা-গাভৰু’ প্ৰকাশ কৰে। এই গ্ৰন্থ খনক ‘জোনাকী’য়ে অশ্লীল বুলি অভিমত দিয়াত ৰাজখোৱা আৰু গোহাঞি বৰুৱাই ক্ষুণ্ণ হৈ ‘জোনাকী’ ত্যাগ কৰে আৰু সমান্তৰালকৈ তেওঁলোকে ‘বিজুলী’ (১৮৯০) প্ৰকাশ কৰে আৰু ‘অসম লিটাৰেৰী ক্লাৱ’ প্ৰতিষ্ঠা কৰে। ‘বিজুলী’ ৰ প্ৰথম সম্পাদক আছিল কৃষ্ণ প্ৰসাদ দুৱৰা। কৃষ্ণ প্ৰসাদ দুৱৰাই কলিকতা এৰিব লগাত হোৱাত দ্বিতীয় বছৰৰ পৰা গোহাঞি বৰুৱাই সম্পাদকৰ দ্বায়িত্ব গ্ৰহণ কৰে। পিছত তেওঁ কলিকতা এৰিব লগা হোৱাত ১৮৯০ চনত ‘বিজুলী’ৰ প্ৰকাশ বন্ধ হয়। ১৯০১ চনত তেজপুৰৰ পৰা প্ৰকাশ পায় ‘আসাম বন্তি’। এই কাকতৰ প্ৰথম সম্পাদক আছিল মথুৰা মোহন বৰুৱা। এই কাকতৰো তেওঁ সম্পাদনা আৰু পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিব লগীয়া হৈছিল। এই কাকত ১৯৪৬ চন পৰ্যন্ত প্ৰকাশ হয়। তেওঁৰ সম্পাদনাতে অসমীয়া তৃতীয়খন আলোচনী ‘ঊষা’ (১৯০৭-১৯১২) প্ৰকাশ হয়।

কবিতা

পদ্মনাথ গোহাঞি বৰুৱাই অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদান তুলনা বিহীন। ছাত্ৰাৱস্থাতে তেওঁৰ বন্ধু পানীন্দ্ৰ নাথ গগৈৰ সৈতে লগ লাগি ‘পদ্মাপাণি’ নামৰ কবিতা পুথি এখন ৰচনা কৰিছিল। তেওঁৰ পত্নী ‘লীলাৱতী’ৰ মৃত্যুত ৰচনা কৰে ‘লীলা কাব্য’। ‘জুৰণি’(১৯০১) আৰু ‘ফুলৰ চানেকি’ (১৯৪১) তেওঁৰ আন দুখন কবিতা গ্ৰন্থ।

নাটক

গোহাঞি বৰুৱাই অসমীয়া নাট্য ভাণ্ডাৰ চহকী কৰাত অগ্ৰণী ভূমিকা পালন কৰিছিল। তেখেতে স্কুলীয়া অৱস্থাতে কামাখ্যালৈ আহোঁতে বঙালী ‘অভিমন্যু বধ’ যাত্ৰাভিনয় চাই, শিৱসাগৰত মঞ্চ সাজি এই যাত্ৰাভিনয় কৰে। সেই সময়ত অসমত বঙালী নাটকৰ প্ৰভাৱ বেছি আছিল। এই অভাৱ দূৰ কৰাৰ বাবে তেখেতে অসমৰ ইতিহাসৰ ভিত্তিত কেইবাখনো নাট ৰচনা কৰে। সেই নাটকৰ ভিতৰত হ’ল – জয়মতী (১৯০০), গদাধৰ(১৯০৭), সাধনী (১৯১১), আৰু লাচিত বৰফুকন (১৯১৫) আদি। তেখেতৰ প্ৰহসনমূলক নাটক তিনিখন হ’ল গাওঁবুঢ়া (১৮৯৭), টেটোন তামুলী (১৯০৯) আৰু ভূত নে ভ্ৰম (১৯১৫)। পৌৰাণিক নাটক হ’ল – বাণৰজা (১৯৩২।

উপন্যাস

তেখেতৰ উপন্যাস দুখন হ’ল – ভানুমতী(১৮৯১) আৰু লাহৰী (১৮৯২)। আত্মজীৱনী – ‘মোৰ সোঁৱৰণী’ (১৯৭২)। ধৰ্মমূলক গ্ৰন্থ – শ্ৰীকৃষ্ণ (১৯৩০)। শ্ৰীমদ্ভাগৱত গীতাৰ আলমত ৰচনা কৰে ‘গীতাসাৰ’ (১৯৩৫)। অসমীয়া শিক্ষাৰ্থীসকলৰ পাঠ্যপুথিৰ অভাৱ দূৰ কৰিবলৈ ৰচনা কৰা পুথিসমূহ হ’ল – নীতিশিক্ষা, আদি শিক্ষা, মহাৰাণী, অসম বুৰঞ্জী, হিন্দু বুৰঞ্জী, সাহিত্য সংগ্ৰহ(১৮৯০), জীৱনী সংগ্ৰহ (১৯১৫), বুৰঞ্জীবোধ, ভূগোল দৰ্পণ, দেশী কছৰত্, শিক্ষাবিধি আদি গ্ৰন্থ।

অসমীয়া ৱিকিউৎসত পঢ়ক ভানুমতী, লাহৰী, গীতাসাৰ, বুৰঞ্জীবোধ, অসম বুৰঞ্জী

অসম সাহিত্য সভা আৰু পদ্মনাথ গোহাঞি বৰুৱা[সম্পাদনা কৰক]

১৯১৭ চনত অসম সাহিত্য সভাৰ জন্ম হয়। এই সভাৰ প্ৰথম সভাপতি নিৰ্বাচিত হয় পদ্মনাথ গোহাঞিবৰুৱা[3]। ২৬ আৰু ২৭ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত এই সভাত সভাপতিৰ আসনৰ পৰা তেখেতে কৈছিল, “জাতীয় অন্তৰম ভাৱ, চিন্তা, তেজ আৰু প্ৰতিভা বাজ ওলাবলৈ ভাষা আৰু সাহিত্যৰ বাদে সুগম বাট আন নাই। আকৌ ভাষাতকৈ সাহিত্য এখোজ আগ। সেই কাৰণে জাতীয়ত্বৰ চিনাকি দিয়াত জাতীয় সাহিত্য তাতোকৈ এখোজ আগুৱাই যায়। গতিকে মানুহৰ জাতি আৰু ধৰ্ম সাহিত্যৰ ভেঁটি হ’লেও সি সাহিত্যৰ আঁচলত ধৰিহে আগবাঢ়িব পাৰে। সাজ-পাৰ আদিয়েও এই বিষয়ত সাহিত্যক পিছ পেলাই আগবাঢ়িব নোৱাৰে। ১৯১৮ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাবে তেখেত সম্পাদক নিৰ্বাচিত হয়। এই সভাত সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা। ১৯৩৩ চনত উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত অসম সাহিত্য সভাত তেখেতক সম্বৰ্ধনা জনোৱা হয়। ১৯০৬ চনত তেখেতক ইংৰাজ চৰকাৰে সাহিত্যিক পেন্সন আগবঢ়ায়। সেই সময়ত সাহিত্যিক পেন্সন আছিল ২৫ টকা।

মৃত্যু[সম্পাদনা কৰক]

অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱক গোহাঞি বৰুৱাৰ পৰলোকপ্ৰাপ্তি হয় ১৯৪৬ চনৰ ৭ এপ্ৰিলত।

আলোকচিত্ৰ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]