সমললৈ যাওক

ভানুমতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ভানুমতী  
লেখক পদ্মনাথ গোহাঞিবৰুৱা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
বিষয় উপন্যাস
প্ৰকাশ ১৯০৮ চন
মিডিয়া প্ৰকাৰ মুদ্ৰণ
ৱিকিউৎসত ভানুমতীৰ সম্পূৰ্ণ পাঠ পঢ়ক

পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী (১৮৯১) আৰু লাহৰী (১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাপদুম কুঁৱৰী (১৯০৫) ৰচনাৰ পাছত আধুনিক অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ হয় বুলিব পাৰি।

ভানুমতী উপন্যাসখন বিজুলী আলোচনীত খণ্ড-খণ্ডকৈ ধাৰাবাহিক ভাৱে প্ৰকাশ হৈ থাকোঁতেই পূৰ্ণাংগ ৰূপত লাহৰী গ্ৰন্থ আকাৰত প্ৰকাশ হৈ ওলায়। সেই সূত্ৰে যদিও ভানুমতীয়ে ছপাশালৰ মুখ প্ৰথমে দেখিছিল, আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম পূৰ্ণাংগ উপন্যাস লাহৰী। ১৮৯১ চনত ভানুমতী বিজুলী আলোচনীত প্ৰকাশ হয়। গ্ৰন্থ আকাৰত প্ৰকাশ হয় ১৯০৮ চনত। উপন্যাসখন নায়িকা প্ৰধান। ভানুমতী আৰু চাৰু গোহাঞি নামৰ এহাল ডেকা-গাভৰু প্ৰণয় কাহীনীক পটভূমি হিচাপে লৈ উপন্যাসখন ৰচিত হৈছে। ভানুমতী আৰু চাৰু গোহাঞিৰ মিলনৰ দুৱাৰডলিত যুৱৰাজ (পিছলৈ ৰজা) হেঙাৰ ৰূপে থিয় দিয়াত, ঘটনাক্ৰমে চাৰু গোহাঞিক প্ৰাণদণ্ড দিয়াৰ বাবে চাওদাঙৰ হাতত অৰ্পণ কৰা হয় আৰু পৰিনতিত ভানুমতীয়েও উন্মাদিনী হৈ পুখুৰীত জাঁপ দি প্ৰাণ ত্যাগ কৰে। কাহিনীটো ঐতিহাসিক পটভূমিৰ আধাৰত ৰচিত হ’লেও তাত ইতিহাসৰ কোনো আখ্যান পাবলৈ নাই। সেই ফালৰ পৰা উপন্যাসখন সামাজিক উপন্যাস বুলিব পাৰি।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. এশ বছৰৰ অসমীয়া উপন্যাস, সম্পাদনা-নগেন ঠাকুৰ, দ্বিতীয় প্ৰকাশ, ২০১২, পৃষ্ঠা-৩২১