ঘিণাৰাম গোহাঞিবৰুৱা
ঘিণাৰাম গোহাঞিবৰুৱা (১৮২৪ - ১৯০৭) ইংৰাজ চৰকাৰৰ অধীনৰ পুলিচ বিষয়া আছিল। পিছলৈ মৌজাদাৰ হয়। ঘিণাৰাম গোহাঞিবৰুৱাৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ জাঁজী মৰাণ গাঁৱত। তেখেতৰ পিতাকৰ নাম আছিল কিনাৰাম গোহাঞি ডেকাবৰুৱা। তেখেতসকল থাউমুং ক্লিংলুনমং বুঢ়াগোহাঞিৰ বংশৰ লোক আছিল।[1]। সৰুতে ঘাট-মউৰা হোৱা ঘিণাৰামে বৌৱেকৰ দুৰ্ব্যৱহাৰত থাকিব নোৱাৰি উত্তৰ লক্ষীমপুৰলৈ যায় আৰু তাতে পঢ়া-শুনা কৰি ১৮৪৯ চনত ইংৰাজ চৰকাৰৰ অধীনৰ পুলিচ বিভাগত সোমায়।[2]
১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত মণিৰাম দেৱানৰ লগত যোগ দিয়া মানুহক ধৰিবৰ বাবে তেখেতক নিযুক্ত কৰা হৈছিল। ইয়াৰ বাহিৰেও আবৰসকলক দমন কৰি পৰ্বতীয়া জাতিবোৰৰ সীমা নিৰ্ধাৰণৰ কামতো চৰকাৰে নিয়োগ কৰিছিল। ১৮৬২ চনত পুলিচৰ চাকৰি ইস্তফা দি কাকতীৰ কামত সোমায়। ১৮৬৪ চনত কাকতীৰ কামো বাদ দিয়ে। ইয়াৰ পাছত নকাৰী মৌজাৰ মৌজাদাৰ হয়। পাছত আৰু দুখন মৌজাৰ মৌজাদাৰ হয়। তেখেত ইংৰাজ চৰকাৰৰ বিশেষ বিশ্বাসী আছিল।[2]
ঘিণাৰাম গোহাঞিবৰুৱাৰ পত্নী আছিল লম্ভীদেৱী। তেখেত পদ্মনাথ গোহাঞিবৰুৱা আৰু নাৰায়ণী সন্দিকৈৰ পিতৃ।[2]