পূৰ্ণানন্দ দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
পূৰ্ণানন্দ দত্ত

মাধৱদেৱ বিশ্ববিদ্যালয়ত পূৰ্ণানন্দ দত্তৰ আৱক্ষ মূৰ্তি
জন্ম ৫ মাৰ্চ, ১৯১২
ধলপুৰ, লখিমপুৰ, অসম, ভাৰত
মৃত্যু ১৪ জুলাই, ১৯৮৮ (৭৬ বছৰ)
অসম, ভাৰত
পেচা মুক্তি যুঁজাৰু
সমাজ সেৱক
বঁটা, সন্মান, পুৰস্কাৰ আদি মুক্তিযোদ্ধাৰ তাম্ৰপত্ৰ
মুক্তিযোদ্ধা পেঞ্চন

পূৰ্ণানন্দ দত্ত (১৯১২–১৯৮৮) ভাৰতৰ স্বাধীনতা আন্দোলনঅসমৰ এগৰাকী মুক্তি যুঁজাৰু, সমাজ সেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী কৰ্মী আছিল। তেওঁ লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ অঞ্চলটিত স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী কৰ্মী হোৱাৰ লগতে এই অঞ্চলৰ বিভিন্ন শৈক্ষিক আৰু সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ১৯৫০ চনত অসমত হোৱা প্ৰলয়ংকৰী ভূমিকম্পৰ সময়ত বি কে ভাণ্ডাৰীৰ সহযোগত, আৰু ১৯৬২ চনৰ চীনৰ আক্ৰমণৰ সময়ত সাহায্য আৰু পুনৰ্গঠন অভিযানতো তেওঁ আগভাগ লৈছিল।[1][2][3][4]

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

পূৰ্ণানন্দ দত্তৰ জন্ম হৈছিল ১৯১২ চনৰ ৫ মাৰ্চ তাৰিখে লখিমপুৰ জিলাৰ ধলপুৰৰ হিচিঙলীয়া গাঁৱৰ এটা সাধাৰণ কৃষক পৰিয়ালত। সৰুতেই পিতৃ মায়াৰাম দত্তক হেৰুওৱা পূৰ্ণানন্দ দত্তই ধলপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক আৰু ধলপুৰ কম্বাইনড্ মিডল্ স্কুলত এম. ই. পৰ্যায়ৰ শিক্ষা লাভ কৰাৰ পিছত লখিমপুৰ গৱৰ্ণমেণ্ট হাইস্কুলত নাম লগাই হাইস্কুলৰ অষ্টম শ্ৰেণীলৈকে পঢ়িয়েই আৰ্থিক কাৰণত শিক্ষাজীৱনৰ ইতি পেলাবলগা হয়।[5]

স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ[সম্পাদনা কৰক]

লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তত সততে পূৰ্ণ দত্ত নামেৰে পৰিচিত পূৰ্ণানন্দ দত্তই ১৯৩২ চনত কংগ্ৰেছত যোগদান কৰি সমগ্ৰ ভাৰতত চলি থকা স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় অংশীদাৰ হৈ পৰে। তেওঁৰ সমসাময়িক লখিমপুৰ জিলাৰ পশ্চিমাঞ্চলৰ আন কেইবাগৰাকী উদীয়মান যুৱকেও উত্তৰ লখিমপুৰ মহকুমাত কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ প্ৰচেষ্টা চলাইছিল। এই মুক্তিযুঁজাৰুসকলৰ ভিতৰত যোগেশ্বৰ বৰুৱা, উমাকান্ত ৰাজখোৱা, লীলাৰাম ভূঞা, থানেশ্বৰ গগৈ অন্যতম আছিল। পূৰ্ণ দত্তই আদিতে কংগ্ৰেছৰ কানি নিবাৰণৰ পিকেটিঙত যোগদান কৰি একাংশৰ ৰোষত পৰিব লগা হৈছিল। ১৯৩৬ চনত ফুলনিখাটত যোৰহাটৰ মুক্তিযোদ্ধা হৰিনাৰায়ণ দত্তবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত ধলপুৰ, নাৰায়ণপুৰ আৰু খেৰাজখাত মৌজাক লৈ গঠিত ৰায়ত সভাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ উদ্যোক্তা আছিল পূৰ্ণ দত্ত। ১৯৪০ চনত মহাত্মা গান্ধীয়ে ব্যক্তিগত একক সত্যাগ্ৰহৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ জৰিয়তে প্ৰতিখন জিলাৰ পৰা একক সত্যাগ্ৰহীৰ তালিকা বিচাৰিছিল। তদানীন্তন লখিমপুৰ জিলা কংগ্ৰেছৰ পৰা কংগ্ৰেছ আৰু স্বাধীনতা সংগ্ৰামৰ প্ৰতি আস্থাশীল ২৬জন ব্যক্তিৰ তালিকা গান্ধীজীলৈ পঠিওৱা হৈছিল। শেষত, ইয়াৰে ভিতৰত ১৮ জনে সত্যাগ্ৰহ কৰিলে। পূৰ্ণ দত্তই এই সত্যাগ্ৰহত অংশ লোৱাৰ অপৰাধত ১ বছৰ কাৰাবাস খাটিব লগা হয়।[4][5] ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত লখিমপুৰ জিলাৰ পশ্চিম অঞ্চলৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰা পূৰ্ণ দত্ত ১৯৪৩ চনৰ ২০ মাৰ্চ তাৰিখে লখিমপুৰত গ্ৰেপ্তাৰ হৈ ৬ এপ্ৰিল তাৰিখৰ পৰা তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় দুবছৰ চিকিউৰিটি প্ৰিজনাৰ হিচাপে কাৰাৰুদ্ধ হ'বলগা হয়। ১৯৪৫ চনত কাৰাগাৰৰ পৰা মুকলি হৈ তেওঁ পুনৰ কংগ্ৰেছৰ সাংগঠনিক কামত আত্মনিয়োগ কৰে। উল্লেখনীয় যে, পূৰ্ণ দত্ত আৰু যোগেশ্বৰ বৰুৱাই সেইসময়ত সভা-সমিতিৰ জৰিয়তে গ্ৰুপিঙৰ বিপক্ষে জনমত গঠন কৰাত আগভাগ লৈছিল। ইয়াৰ লগতে, উত্তৰ লখিমপুৰত সেইসময়ত গা কৰি উঠা সাম্প্ৰদায়িক ৰাজনীতি মষিমুৰ কৰাত এই দুগৰাকী ব্যক্তিৰ অৱদান স্বীকাৰ কৰা হয়।[4] কাৰাগাৰত থকাৰ সময়ত তেওঁ গোপীনাথ বৰদলৈ, মহেন্দ্ৰ মোহন চৌধুৰী, বিমলা প্ৰসাদ চলিহা, অমিয় কুমাৰ দাস, বিশ্ব নাৰায়ণ শাস্ত্ৰী, হেম ভৰালী, ফকৰুদ্দিন আলি আহমেদ, বিজয়চন্দ্ৰ ভাগৱতী আদি ব্যক্তিসকলৰ সংস্পৰ্শলৈ আহিছিল।

সামাজসেৱা[সম্পাদনা কৰক]

১৯৪৭ চনত ভাৰতৰ স্বাধীনতা লাভৰ পিছত পূৰ্ণ দত্তই সমাজসেৱাত আত্মনিয়োগ কৰে। তেওঁৰ প্ৰচেষ্টাত ধলপুৰ মৌজা কংগ্ৰেছৰ কাৰ্যালয়তে ১৯৪৮ চনত ধলপুৰ দাতৱ্য চিকিৎসালয় আৰম্ভ হয়। এই চিকিৎসালয়খনেই ১৯৬৫ চনত চৰকাৰী গ্ৰাম্য চিকিৎসালয় হিচাপে স্বীকৃত হয়। ১৯৫০ চনত স্বাধীন ভাৰতৰ চৰকাৰে ১৯৪২ চনত ব্ৰিটিছ চৰকাৰে ৰাইজৰ পৰা আদায় কৰা পাইকাৰী জৰিমণাৰ দহ হেজাৰ টকা ঘূৰাই দিয়াত সেই টকাৰে ধলপুৰত ১৯৩০ চনলৈকে বৰ্তি থকা ধলপুৰ মজলীয়া বিদ্যালয়খন হৰিপদ দত্ত আৰু পুৰ্ণ দত্তৰ উদ্যোগত পুনৰ নিৰ্মিত হয়। উল্লেখ্য যে, ১৯৪৯ চনত পূৰ্ণ দত্তই শিমলুগুৰি অঞ্চলত চৰকাৰী আবাদী মাটি সংগ্ৰহ কৰি দুখীয়া গঞাৰ মাজত সমবায় ভিত্তিত খেতি কৰাৰ উদ্দেশ্যে ধলপুৰ ফাৰ্মিং কো-অপাৰেটিভ চ'ছাইটি স্থাপন কৰিছিল। তেওঁৰ যত্নতে ধলপুৰত ১৯৫২ চনত এম. ই. শিক্ষা, ১৯৫৬ চনত ধলপুৰ হাইস্কুল স্থাপনেৰে হাইস্কুলীয়া শিক্ষা, ১৯৫৮ চনত চৰকাৰী নিয়ন্ত্ৰণৰ ৰুৰেল পঞ্চায়ত, ১৯৬১ চনত ধলপুৰ শাখা ডাকঘৰ, আৰু শিমলুগুৰি হাইস্কুল স্থাপন হয়।

নাৰায়ণপুৰ কলেজৰ প্ৰতিষ্ঠা[সম্পাদনা কৰক]

বৃহত্তৰ নাৰায়ণপুৰ-বিহপুৰীয়া অঞ্চলত উচ্চ শিক্ষাৰ বাবে মহাবিদ্যালয়ৰ অভাৱ অনুভৱ কৰি পূৰ্ণ দত্তই চলোৱা প্ৰচেষ্টাৰ ফলস্বৰূপে নাৰায়ণপুৰৰ পাণবাৰীত ১৯৬৪ চনত নাৰায়ণপুৰ কলেজ প্ৰতিষ্ঠাপিত হয়। এই নাৰায়ণপুৰ কলেজেই পৰৱৰ্তী পৰ্যায়ত মাধৱদেৱ মহাবিদ্যালয় হিচাপে নামাংকৃত হৈ ২০১৯ চনত মাধৱদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হয়। ১৯৭৬ চন পৰ্যন্ত পূৰ্ণ দত্ত নাৰায়ণপুৰ কলেজৰ প্ৰথমে সম্পাদক আৰু পিছলৈ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে তেওঁৰ অৱদানৰ প্ৰতি স্বীকৃতি জনাই মাধৱদেৱ মহাবিদ্যালয়ৰ বিজ্ঞান ভৱনটো 'পূৰ্ণানন্দ দত্ত বিজ্ঞান ভৱন' নামেৰে নামকৰণ কৰা হয়।

অন্যান্য ক্ষেত্ৰলৈ অৱদান[সম্পাদনা কৰক]

১৯৫৮ চনত পূৰ্ণানন্দ দত্ত ধলপুৰ পঞ্চায়তৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তেওঁ ১৯৫৯ চনত নাৰায়ণপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি, আৰু ১৯৬৯ চনত উত্তৰ লখিমপুৰ মহকুমা পৰিষদৰ সভাপতি নিৰ্বাচিত হৈছিল। ১৯৬৮ চনত তেওঁ লখিমপুৰ জিলা কংগ্ৰেছৰ সম্পাদক হিচাপেও কৰ্মৰত হৈছিল। মুক্তিযুঁজাৰু পূৰ্ণ দত্তই কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হৈ তাম্ৰপত্ৰ আৰু মুক্তিযুঁজাৰু পেঞ্চন লাভ কৰিছিল। উল্লেখনীয় যে, আশীৰ দশকত অস্তিত্ব ৰক্ষাৰ বাবে হোৱা অসম আন্দোলনৰ সমৰ্থনত পূৰ্ণ দত্তই তেওঁৰ তাম্ৰপত্ৰ ঘূৰাই দি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।[6]

মৃত্যু[সম্পাদনা কৰক]

১৯৮৮ চনৰ ১৪ জুলাই তাৰিখে পূৰ্ণানন্দ দত্তৰ মৃত্যু হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. শিৱ শৰ্মা, সম্পাদক: যোগেন তামূলী (দ্বিতীয় প্ৰকাশ (২০২০)). অক্লান্ত সমাজকৰ্মী পূৰ্ণানন্দ দত্ত, মুক্তিযোদ্ধা মাধৱদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক পূৰ্ণানন্দ দত্ত স্মাৰক গ্ৰন্থ. প্ৰকাশক ধলপুৰ: জীৱন দত্ত. পৃষ্ঠা. ১. 
  2. শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. 
  3. বিশ্ব বৰুৱা, সম্পাদক: তৰণী চৌধুৰী (১৯৯৭). মোৰ দৃষ্টিৰ মানুহজন, পূৰ্ণানন্দ দত্ত সোঁৱৰণী দিৱসৰ স্মৃতিগ্ৰন্থ, ৫ মাৰ্চ, ১৯৯৭ চন. প্ৰকাশক নাৰায়ণপুৰ: মাধৱদেৱ মহাবিদ্যালয়. পৃষ্ঠা. ৩৭. 
  4. 4.0 4.1 4.2 গুণাৰাম দত্ত (২০১৪). মুক্তিযোদ্ধা, তাম্ৰপত্ৰ প্ৰাপ্ত পূৰ্ণানন্দ দত্তদেৱৰ ৰাজনৈতিক জীৱনত এভূমুকি. প্ৰকাশক ধলপুৰ. 
  5. 5.0 5.1 শিৱপদ দত্ত, সম্পাদক: যোগেন তামূলী (দ্বিতীয় প্ৰকাশ (২০২০)). প্ৰবীণ মুক্তিযোদ্ধা, অক্লান্ত সমাজসেৱক পূৰ্ণানন্দ দত্তদেৱৰ সান্নিধ্যত, মুক্তিযোদ্ধা মাধৱদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক পূৰ্ণানন্দ দত্ত স্মাৰক গ্ৰন্থ. প্ৰকাশক ধলপুৰ: জীৱন দত্ত. পৃষ্ঠা. ২৮. 
  6. মাধৱ দত্ত, সম্পাদক: তৰণী চৌধুৰী (১৯৯৭). পূৰ্ণানন্দ দত্ত মানুহজন, পূৰ্ণানন্দ দত্ত সোঁৱৰণী দিৱসৰ স্মৃতিগ্ৰন্থ, ৫ মাৰ্চ, ১৯৯৭ চন. প্ৰকাশক নাৰায়ণপুৰ: মাধৱদেৱ মহাবিদ্যালয়. পৃষ্ঠা. ২১.