উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
অৱস্থান
নকাড়ী, ৱাৰ্ড নং ৩, লখিমপুৰ[1]
লখিমপুৰ
অসম  ভাৰত, ৭৮৭০০১,
প্ৰাথমিক তথ্যসমূহ
স্কু্লৰ প্ৰকাৰ উচ্চতৰ মাধ্যমিক
নীতি নহি জ্ঞানেন সদৃশং পবিত্ৰমিহ বিদ্যতে
প্ৰতিষ্ঠাকাল ১৯১৩
বিদ্যালয় সমিতি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
বিদ্যালয়ৰ বিভাগ লখিমপুৰ
প্ৰধান শিক্ষক অনুপমা দেউৰী ভৰালী
শিক্ষক ৩৯[2]
ছাত্ৰৰ সংখ্যা ১২০০ ৰো অধিক[3]
Alumni http://www.nlghss100.in
ৱেবছাইট

উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় লখিমপুৰ জিলাউত্তৰ লখিমপুৰ মহকুমাৰ অন্তৰ্গত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন অসমৰ ভিতৰতে এখন লেখত ল'বলগীয়া বিদ্যালয়। ২০১৩ চনত শতবৰ্ষ গৰকা[4] এই বিদ্যালয়খনিৰ বৰ্তমান অধ্যক্ষা শ্ৰীমতী অনুপমা দেউৰী ভৰালী। বিদ্যালয়খনৰ চাৰিসীমাঃ

  • উত্তৰ- অসামৰিক চিকিৎসালয় আৰু নকড়ী গাঁও
  • পূৱে-নগৰ মজলীয়া বিদ্যালয়, পানীন্দ্ৰ পথ আৰু পানীন্দ্ৰ বিদ্যালয়
  • দক্ষিণে- লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়, উপায়ুক্ত কাৰ্যালয় আৰু ন্যায়াধীশৰ কাৰ্যালয়
  • পশ্চিমে- নীলকণ্ঠ গোঁহাই বৰুৱা পথ, আৱৰ্ত ভৱন, পি এন জি বি বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু জিলা পুথিভঁৰাল আৰু লখিমপুৰ চহৰ[5]

ইতিহাস[সম্পাদনা কৰক]

১৮৪০ চনত অবিভক্ত লক্ষীমপুৰ জিলাৰ সদৰ ডিব্ৰুগড়ত এখন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছিল। ১৮৪২ চনত আন এখনি উচ্চ প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা হয় উত্তৰ লক্ষীমপুৰত। ব্ৰিটিছসকলে শাসনৰ সুবিধাৰ্থে অসমৰ বিদ্যালয়সমূহত বঙালী মাধ্যম প্ৰচলন কৰাৰ সময়ত লক্ষীমপুৰৰ এইকেইখন বিদ্যালয়ৰ মাধ্যমো বঙালী হৈছিল। ১৮৮৬ চনত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাই এই বঙালী মাধ্যমৰ বিদ্যালয়খনৰ পৰাই শিক্ষা গ্ৰহণ কৰিছিল। ১৮৭১ চনত এই উচ্চ মাধ্যমিক বিদ্যালয়খন মজলীয়া বিদ্যালয়লৈ উন্নীত হয়। ১৮৮৬ চনৰ পৰা অৱশ্যে বিদ্যালয়খনি অসমীয়া মাধ্যমৰ হয় আৰু শিক্ষানুৰাগী তেতিয়াৰ সজাগ লক্ষীমপুৰবাসী ৰাইজে ইংৰাজী মাধ্যমৰ শাখা এটি খোলে। শিক্ষাব্ৰতী কাণ্ডাৰী পুৰুষ স্বৰ্গীয় ঘিণাৰাম গোহাঞি বৰুৱাই ১৮৮৯-৯০ চনত যিখন মজলীয়া ইংৰাজী বিদ্যালয়ৰ ভেঁটি স্থাপন কৰিছিল, সেইখন বিদ্যালয়েই কালক্ৰমত উচ্চতৰ মাধ্যমিকৰ ৰূপ ধাৰণ কৰিছে।[6] ১৯১৩ চনত চৰকাৰীভাৱে সপ্তম আৰু অষ্টম শ্ৰেণী দুটা খুলি এখন কনিষ্ঠ উচ্চ ইংৰাজী বিদ্যালয় হিচাপে স্বীকৃতিপ্ৰাপ্ত হয়। ১৯১৪ চনৰ বিশ্বযুদ্ধৰ সময়ত বিদ্যালয়ত প্ৰাইভেটকৈ নৱম আৰু দশম শ্ৰেণী চলি আছিল। ১৯১৮ চনৰ কোনোবা এক দিনত বিদ্যালয়ৰ খেৰ বাঁহৰ গৃহটি জুইত ভস্মীভূত হোৱাত তাৰ পিছতেই ইউ পেটাৰ্ণৰ এটি ঘৰ সজা হয়। ১৯২৩ চনত অসম চৰকাৰে নৱম আৰু দশম শ্ৰেণী দুটা ধৰি পূৰ্ণ পৰ্যায়ৰ এখন চৰকাৰী স্কুল হিচাপে স্বীকৃতি প্ৰদান কৰে। ইয়াৰ তিনি দশকৰ পাছত ২৪টা কোঠাৰ এক উন্নত অসম আৰ্হিৰ পকীঘৰ লাভ কৰে। ১৯৫৮ চনত সৰ্বভাৰতীয় নতুন নতুন শিক্ষানীতি অনুসৰি কলা আৰু বিজ্ঞান উভয় শাখাৰ একোটাকৈ শ্ৰেণী খুলি উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাৰ লগতে বিদ্যালয়খনিৰ নাম “উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়” ৰখা হয়। ১৯৭২ চনত নতুন শিক্ষানীতিৰ প্ৰৱৰ্ত্তিত পাঠ্যক্ৰম অনুসাৰে একাদশ শ্ৰেণীৰ দ্বাদশ শ্ৰেণী লগ কৰাই এক সুকীয়া গোট কৰা হ’ল।[6]

প্ৰধান শিক্ষকসকল[সম্পাদনা কৰক]

মৌঃ মফিজুৰ ৰহমান
বাবুৰজনী চন্দ্ৰ দাস
বাবু সতীশ চন্দ্ৰ দাস
বাবু নাথ দাস
ৰমনীকান্ত বৰুৱা
কমলাকান্ত ভূঞা
ইন্দ্ৰেশ্বৰ বৰঠাকুৰ
বাবু মোক্ষদা মোহন দাস
বাবু ভুবন মোহন গাংগুলী
চন্দ্ৰ নাথ দত্ত ফুকন
ৰোষেশ্বৰ শৰ্মা
দুৰ্গাপ্ৰসাদ বৰগোঁহাই
বনমালি ভট্টাচাৰ্য
কুমুদ চন্দ্ৰ বৰদলৈ
চিৰাজুল হক বৰুৱা
নৰেন্দ্ৰ নাথ গোঁহাই
ডিম্বেশ্বৰ দাস
দীন নাথ চহৰীয়া
মৌঃ নজিবুৰ ৰহমান[6]

অধ্যক্ষসকল[সম্পাদনা কৰক]

  • মৌঃ আব্দুল মান্নান
  • প্ৰমোদ চন্দ্ৰ দাস
  • নন্দেশ্বৰ কোঁৱৰ
  • মৌঃ নুৰ আহমেদ
  • জাহানাৰা বেগম বৰুৱা
  • থুলেশ্বৰ দেৱ গোস্বামী
  • জগত চন্দ্ৰ গগৈ
  • ৰাধাকান্ত দেউৰী
  • প্ৰহ্লাদ চন্দ্ৰ গগৈ
  • মাণিক চন্দ্ৰ গগৈ
  • পদ্ম শৰ্মা বৰুৱা
  • বীৰেন্দ্ৰ নাথ শৰ্মা
  • মঃ আব্দুছ চাত্তাৰ
  • বীৰেন্দ্ৰ নাথ শৰ্মা
  • পূৰ্ণকান্ত শইকীয়া
  • প্ৰফুল্ল হাজৰিকা
  • জীৱন চন্দ্ৰ দত্ত
  • অনুপমা দেউৰী ভৰালী

বিদ্যালয়ৰ গৌৰৱ[সম্পাদনা কৰক]

  • পদ্মনাথ গোহাঞি বৰুৱা
  • পানীন্দ্ৰ নাথ গগৈ
  • ড॰ বিশ্ব নাৰায়ণ শাস্ত্ৰী,
  • ড॰ মহেশ্বৰ নেওগ
  • সৰ্বেশ্বৰ বৰুৱা
  • জাহানাৰা বেগম বৰুৱা
  • দেৱ কুমাৰ চাংকাকতি
  • ড॰ সত্যেন্দ্ৰ নাথ গোস্বামী
  • হোমেন বৰগোহাঞি
  • ড॰ মহম্মদ তাহেৰ
  • টাবুৰাম টাইদ
  • ঈশ্বৰ প্ৰসন্ন হাজৰিকা
  • ড॰ পবিত্ৰ বৰগোঁহাই
  • ড॰ দুলাল চন্দ্ৰ গোস্বামী
  • গকুল শইকীয়া
  • ৰঘুনাথ পামেগাম
  • প্ৰেম বৰা
  • বৰ্গৰাম দেউৰী[7]

বিদ্যালয়ৰ মুখপত্ৰ[সম্পাদনা কৰক]

  • উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখপত্ৰ প্ৰগতিৰ শতবৰ্ষ সমাৰোহ উপলক্ষে প্ৰকাশিত বিশেষ সংখ্যা
  • উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উপলক্ষে প্ৰকাশিত স্মাৰক গ্ৰন্থ শতাব্দী

শতবৰ্ষ উদযাপন[সম্পাদনা কৰক]

বৰ্ণাঢ্য কাৰ্যসূচীৰে ২০১৫ চনৰ ২৫, ২৬ আৰু ২৭ ডিচেম্বৰত উঃ লঃ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন কৰা হয়। এই উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।[8]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://www.assams.info/yellowpages/schools/north-lakhimpur-govt-higher-secondary-school
  2. http://lakhimpur.nic.in/nlghss[সংযোগবিহীন উৎস]
  3. http://lakhimpur.nic.in/nlghss[সংযোগবিহীন উৎস]
  4. www.assamtribune.com/scripts/detailsnew.asp?id=jan2115/state051
  5. উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখপত্ৰ প্ৰগতিৰ শতবৰ্ষ সমাৰোহ উপলক্ষে প্ৰকাশিত বিশেষ সংখ্যা
  6. 6.0 6.1 6.2 [প্ৰবন্ধ লেখক শ্ৰী দিব্য গগৈ, সহকাৰী শিক্ষয়িত্ৰী, উঃ লঃ চৰকাৰী উঃ মাঃ বিদ্যালয়, পৃষ্ঠা নং ২১ ৰ পৰা ২৩]
  7. [পৃষ্ঠা নং ৯৭ ৰ পৰা ১০২]
  8. "আৰ্কাইভ কপি". Archived from the original on 2016-06-20. https://web.archive.org/web/20160620110006/http://nlghss100.in/। আহৰণ কৰা হৈছে: 2015-12-27.